প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৩১ ডিচেম্বৰত ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰিব

Posted On: 29 DEC 2020 3:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰয়ে ৩১ ডিচেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ ৰাজকোটত এইমছৰ আধাৰশিলা স্থাপন কৰিব। গুজৰাটৰ ৰাজ্যপাল, গুজৰাটৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকিব।

 

এই প্ৰকল্পৰ বাবে, ২০১ একৰ ভূমি আৱণ্টিত কৰা হৈছে। নিৰ্দ্ধাৰিত ১১৯৫ কোটি টকা ব্যয়েৰে ই নিৰ্মিত হ'ব, আৰু ২০২২ৰ মাজভাগত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। ষ্টেট-অফ-দ্য-আৰ্ট অনুসৰি ৭৫০খন বিছনাযুক্ত হাস্পতালৰ সৈতে এটা ৩০খন বিছনাযুক্ত আয়ুস (AAYUSH) ব্লকো থাকিব। ইয়াত ১২৫খন এমবিবিএছ আসন আৰু ৬০খন নাৰ্ছিং আসন থাকিব।

 

 ***

 

DS/AKJ/AK



(Release ID: 1684564) Visitor Counter : 164