স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সক্ৰিয় কেছল’ডৰ নিৰন্তৰ অৱনমন অব্যাহত; ১৬১ দিনৰ পাছত ৩.০৩ লাখলৈ হ্ৰাস

যোৱা ২৪ দিনে দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্যৰ সংখ্যা অধিক হৈ আছে

Posted On: 21 DEC 2020 12:03PM by PIB Guwahati

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৩.০৩ লাখ (৩,০৩,৬৩৯) লৈ অৱনমিত হৈছে। ই হৈছে ১৬১ দিনৰ ভিতৰত সৰ্বনিম্ন। ২০২০ ৰ ১৩ জুলাইত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা আছিল ৩,০১,৬০৯।

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৩.০২%। নতুন আৰোগ্যই মুঠ সক্ৰিয় ঘটনাৰপৰা ১,৭০৫ ঘটনা হ্ৰাস কৰে।

যোৱা ২৪ দিন ধৰি দেশখনত দৈনিক ঘটনাতকৈ দৈনিক নতুন আৰোগ্য লাভৰ আধিক্যই অভিলেখৰ সৃষ্টি কৰিছে। যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনাৰ সংখ্যা হয় ২৪,৩৩৭ টা। যোৱা ২৪ ঘন্টাতেই আৰোগ্য লাভৰ ঘটনা হয় ২৫,৭০৯ টা আৰু ৰোগীসকলক ডিচাৰ্জ দিয়া হৈছে।

আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা বৃদ্ধিয়ে আজি আৰোগ্য লাভৰ হাৰ ৯৫.৫৩% লৈ উন্নীত কৰে।

মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৯,৬০৬,১১১ টা। ই হৈছে বিশ্বৰ ভিতৰতে অন্যতম সৰ্বাধিক। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান দ্ৰুতগতিৰে বৃদ্ধি পাইছে আৰু বৰ্তমানে ইয়াৰ পৰিমাণ হৈছে ৯৩,০২,৪৭২ টা।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭১.৬১% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৪,৪৭১ টা নতুন আৰোগ্য লাভৰ ঘটনাৰে কেৰালাত এদিনত আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক। পশ্চিম বংগত ২,৬২৭ লোকে আৰোগ্য লাভ কৰাৰ সমান্তৰালভাৱে ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত এই পৰিমাণ হৈছে ২,০৬৪ টা।

নতুন ঘটনাৰ ৭৯.২০% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৫,৭১১ টাৰে কেৰালাত দৈনিক নতুন ঘটনাৰ সংখ্যা সৰ্বাধিক। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত নতুন ঘটনাৰ সংখ্যা হৈছে ৩,৮১১ টা। পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা হৈছে ১,৯৭৮ টা।

যোৱা ২৪ ঘন্টাত ৩৩৩ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৮১.৩৮% দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা সৰ্বাধিক ৯৮ টা। পশ্চিম বংগ আৰু কেৰালাত দৈনিক মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৪০ আৰু ৩০ টা।

বৈশ্বিকভাৱে প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ ঘটনা ভাৰতত অন্যতম সৰ্বনিম্ন হৈ আছে। বিশ্বত এই পৰিমাণ ১০৫.৭।

লক্ষ্য নিৰ্ধাৰিত টেষ্টিং, প্ৰাৰম্ভতে চিনাক্তকৰণ, সময়োচিত আইছ’লেশ্যন ও শীঘ্ৰে চিকিৎসালয়ত ভৰ্তি ও ষ্টেণ্ডাৰ্ড ট্ৰিটমেন্ট প্ৰট’কলকে ধৰি কেন্দ্ৰীভূত ব্যৱস্থাসমূহে দৈনিক মৃত্যুৰ ঘটনা ৪০০ ৰ নিম্ন হৈ থকাটো নিশ্চিত কৰিছে।

****

MV/SJ/SB



(Release ID: 1682578) Visitor Counter : 139