স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ মুঠ আৰোগ্য লাভৰ ঘটনাই অতিক্ৰম কৰিলে ৯৫ লাখ

৯৫.৪০% ৰে আৰোগ্য লাভৰ হাৰ বিশ্বৰ ভিতৰত সৰ্বাধিক

সক্ৰিয় ঘটনা ৩.১৩ লাখলৈ হ্ৰাস

Posted On: 18 DEC 2020 11:25AM by PIB Guwahati

বৈশ্বিক মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে আজি লেণ্ডমাৰ্ক সফলতা লাভ কৰে। ভাৰতৰ মুঠ আৰোগ্য লাভৰ ঘটনা বৃদ্ধিৰ প্ৰৱণতা অব্যাহত আছে। দেশখনৰ মুঠ আৰোগ্য লাভৰ ঘটনাই গুৰুত্বপূৰ্ণ শিখৰ ৯৫ লাখ (৯৫,২০,৮২৭) অতিক্ৰম কৰে।

সক্ৰিয় ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ মাজৰ ব্যৱধান অবিৰতভাৱে বৃদ্ধি হৈ গৈ আছে। ৯২ লাখৰো অধিক (৯২,০৬,৯৯৬) ব্যৱধানত আৰোগ্য লাভে সক্ৰিয় ঘটনাক অতিক্ৰম কৰিছে। আৰোগ্য লাভৰ হাৰো ৯৫.৪০% লৈ বৃদ্ধি পাইছে। ভাৰত হৈছে বৈশ্বিকভাৱে সৰ্বাধিক আৰোগ্য লাভৰ দেশসমূহৰ অন্যতম।

মুঠ আৰোগ্য লাভৰ ঘটনা সক্ৰিয় ঘটনাতকৈ ৩০ গুণ অধিক। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড ৩,১৩,৮৩১ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৩.১৪%।

নতুন দৈনিক আৰোগ্য লাভৰ ঘটনাই নতুন ঘটনাক অতিক্ৰম কৰি অহাত সক্ৰিয় ঘটনাৰ অবিৰাম হ্ৰাস নিশ্চিত কৰিছে তথা ইয়াক জৰিয়তে মুঠ আৰোগ্য লাভৰ ঘটনা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত, ভাৰতত মাত্ৰ ২২,৮৯০ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। একে সময়তে, ভাৰতত নতুন আৰোগ্য় লাভৰ সংখ্যা হৈছে ৩১,০৮৭ টা।

যোৱা ২১ দিন ধৰি নতুন আৰোগ্য লাভৰ ঘটনাই নতুন ঘটনাক অতিক্ৰম কৰি আহিছে।

দেশখনত মুঠ আৰোগ্য লাভৰ ঘটনাৰ প্ৰায় ৫২% (৫১.৭৬%) হৈছে পাঁচ ৰাজ্যৰ।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৫.৪৬% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৪,৯৭০ নতুন আৰোগ্য লাভৰ ঘটনাৰে কেৰালাত এদিনত আৰোগ্য লাভৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ৪,৩৫৮ লোকে আৰোগ্য লাভ কৰাৰ সমান্তৰালভাৱে পশ্চিম বংগত ২,৭৪৭ টা।

নতুন ঘটনাৰ ৭৬.৪৩% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৪,৯৬৯ দৈনিক নতুন ঘটনাৰে কেৰালাত এই সংখ্যা সৰ্বাধিক হৈ আহিছে। ইয়াৰ পাছতেই থকা পশ্চিম বংগ আৰু চত্তীশগড়ৰ নতুন ঘটনাৰ সংখ্যা হৈছে ক্ৰমে ২,২৪৫ আৰু ১,৫৮৪ টা।

যোৱা ২৪ ঘন্টাত ৩৩৮ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৫.১৫% দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত সংঘটিত হৈছে। ৬৫ টা মৃত্যুৰ ঘটনাৰে মহাৰাষ্ট্ৰত এই সংখ্যা সৰ্বাধিক। ইয়াৰ পাছতে পশ্চিম বংগ আৰু দিল্লীত দৈনিক মৃত্যুৰ ঘটনাৰ সংখ্যা হৈছে ক্ৰমে ৪৪ আৰু ৩৫ টা।

ভাৰতৰ মৃত্যুৰ ঘটনা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। যোৱা ১৩ দিনৰপৰা দৈনিক মৃত্যুৰ ঘটনা ৫০০ তকৈ নিম্ন হৈ আহিছে।

****

MV/SJ/SB
 



(Release ID: 1681912) Visitor Counter : 187