প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯ ডিচেম্বৰত এছ’চামৰ প্ৰতিষ্ঠা সপ্তাহ, ২০২০ত মূল ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 DEC 2020 8:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ১৯ ডিচেম্বৰ, ২০২০ ৰ পুৱা ১০:৩০ বজাত এছ’চাম (ASSOCHAM)ৰ প্ৰতিষ্ঠা সপ্তাহ, ২০২০ ত মূল ভাষণ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে তদুপৰি ‘এছ’চাম এন্টাৰপ্ৰাইজ অৱ দ্য চেঞ্চুৰী এৱাৰ্ড’ শ্ৰী ৰতন টাটালৈ আগবঢ়াব, যিয়ে টাটা গ্ৰুপৰ হৈ বঁটাটি গ্ৰহণ কৰিব।
এছ’চাম সম্পৰ্কে
ভাৰতৰ সকলো অঞ্চলক প্ৰতিনিধিত্ব কৰি ১৯২০ ত প্ৰম’টাৰ চেম্বাৰ্ছৰদ্বাৰা এছ’চাম প্ৰতিষ্ঠা কৰা হৈছিল। ৪০০ ৰোধিক চেম্বাৰ আৰু বাণিজ্য সংস্থাৰ অন্তৰ্ভুক্তিৰে আৰু সমগ্ৰ ভাৰতত ৪.৫ লাখৰো অধিক সদস্যৰে এছ’চাম ভাৰতীয় উদ্যোগৰ অৰ্থে ধাৰণাৰ বাবে মূলাধাৰলৈ পৰিগণিত হয়।
***
DS/AKJ/SB
(ৰিলিজ আই ডি : 1681686)
অতিথি কক্ষ : 136
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam