প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-বাংলাদেশ ভাৰ্চুৱেল সন্মিলনৰ যুটীয়া বিবৃতি

Posted On: 17 DEC 2020 4:07PM by PIB Guwahati

১। ভাৰত প্ৰজাতন্ত্ৰৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদী আৰু গণ প্ৰজাতন্ত্ৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেখ হাছিনাই ১৭ ডিচেম্বৰ, ২০২০ত ভাৰ্চুৱেল ফৰ্মেটত এখনি সন্মিলনত মিলিত হয়। উভয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত বিস্তৃত আলোচনা কৰে আৰু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগসমূহত মতামত আদান-প্ৰদান কৰে।


ভাৰত-বাংলাদেশ অংশীদাৰিত্ব


২। উভয় প্ৰধানমন্ত্ৰীয়ে অংশীদাৰিত্বক বৈশিষ্ট্যযুক্ত কৰা ইতিহাস, সংস্কৃতি, ভাষা আৰু আন অন্যন্য সাধাৰণতাসমূহৰ বন্ধনৰ আদান-প্ৰদানৰ ভিত্তিত দ্বিপাক্ষিক সম্পৰ্কৰ সাম্প্ৰতিক স্থিতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে এইবুলি গুৰুত্ব প্ৰদান কৰে যে বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক ভাতৃত্বপূর্ণ সম্পর্ক নিৰ্ভৰ আৰু কৌশলগত অংশীদাৰিত্বক অতিক্ৰম কৰা সাৰ্বভৌমত্ব, সমতা, বিশ্বাস আৰু বুজাবুজি নিৰ্ভৰ সৰ্বাত্মক অংশীদাৰিত্বৰ প্ৰতিফলন। তেওঁলোকে বাংলাদেশৰ মুক্তি সংগ্ৰামৰ শ্বহীদ, ১৯৭১ ত সৰ্বোচ্চ ত্যাগ কৰা মুক্তিযোদ্ধা আৰু ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। বন্ধুত্বপূৰ্ণ দেশ দুখনৰ জনসাধাৰণৰ আকাংক্ষাৰ সৈতে সংগতি ৰাখি গণতন্ত্ৰ আৰু সমতাৰ লালিত মান অক্ষুন্ন আৰু সুৰক্ষিত কৰি ৰখাৰ অংগীকাৰ কৰে।
৩। দুয়োজন নেতাই ২০১৯ ৰ অক্টোবৰত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰী কাৰ্যসূচী হিচাপে দিল্লী ভ্ৰমণৰ সময়ছোৱাত গ্ৰহণ কৰা ভিন্ন সিদ্ধান্তৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। উভয় পক্ষই ২০২০ৰ ছেপ্টেম্বৰত জইন্ট কনচালটেটিভ কমিশ্যনৰ ষষ্ঠ বৈঠকৰ সফল উদযাপনৰো পুনঃস্মৰণ কৰে।


বৈশ্বিক জন স্বাস্থ্য প্ৰত্যাহ্বানৰে মোকাবিলাত স্বাস্থ্য খণ্ডত সহযোগিতা


৪। উভয় পক্ষই তেওঁলোকৰ সংশ্লিষ্ট ৰাষ্ট্ৰ সাপেক্ষে অব্যাহত থকা ক’ভিড-১৯ মহামাৰীটোৰ পৰিস্থিতি সন্দৰ্ভত মতামত আদান-প্ৰদান কৰে আৰু চলিত সংকটৰ মাজতো দেশ দুখনৰ মাজত বাহাল থকা যোগাযোগত সন্তুষ্টি প্ৰকাশ কৰে। ভাৰতৰ নেইবাৰহুড ফাৰ্ষ্ট পলিচীৰ অধীনত বাংলাদেশক ভাৰতে উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰাৰ কথা দোহাৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিতি দিয়ে যে ভাৰতত ভেকচিন প্ৰস্তুত হোৱাৰ লগে-লগে বাংলাদেশত ই উপলব্ধ হৈ পৰিব। উভয় নেতাই তদুপৰি এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডসমূহৰ মাজত অব্যাহত থকা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কেও ভাৱ বিনিময় কৰে।
৫। তদুপৰি ভাৰতে চিকিৎসা আৰু ভেকচিন প্ৰস্তুতত অংশীদাৰিত্বত সহযোগিতা আগবঢ়াইছে। মেডিকেল প্ৰফেচনেলৰ অৰ্থে বাংলা ভাষাত কেপাচিটি বিল্ডিং ক’ৰ্ছ প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰে বাংলাদেশে।


সাংস্কৃতিক সহযোগিতা ঐতিহাসিক যোগসূত্ৰৰ যুটীয়া উদযাপন


৬। অব্যাহত থকা ‘মুজিব বৰ্ষ’ উপলক্ষে ভাৰতে ভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা কাৰ্যৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰৰদ্বাৰা প্ৰৱৰ্তন কৰা স্মাৰক প’ষ্টেল ষ্টাম্প দুয়ো প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে উন্মোচন কৰে। ২০২০ ৰ ছেপ্টেম্বৰত মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি গান্ধীজীৰ সন্মানাৰ্থে এটা ষ্টাম্প প্ৰৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
৭। এই অনুষ্ঠানত বিংশ শতিকাৰ দুই মহান নেতা মহাত্মা গান্ধী আৰু বংগবন্ধুৰ স্মৰণাৰ্থে ডিজিটেল প্ৰদৰ্শনীত এটা পৰিচয়াত্মক ভিডিঅ’ প্ৰদৰ্শন কৰা যায়। উভয় নেতাই আশা কৰে যে এই প্ৰদৰ্শনী, বাংলাদেশ আৰু ভাৰতৰ ভিন্ন মহানগৰসমূহত তথা বিশ্বখনৰ নিৰ্বাচিত মহানগৰসমূহত প্ৰদৰ্শন কৰা হওঁক তথা একেদৰে ৰাষ্ট্ৰসংঘতো, যিয়ে মূলত যুৱ সমাজকে প্ৰমুখ্য কৰি জনসাধাৰণৰ মাজত ন্যায়, সমতা আৰু অ-হিংসাৰ মূল্যবোধৰ প্ৰতি অনুপ্ৰাণিত কৰিব।
৮। উভয় পক্ষই উল্লেখ কৰে যে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক শ্য়াম বেংগলৰ পৰিচালনাত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাঅ’পিক নিৰ্মাণৰ কাম ২০২১ ৰ জানুৱাৰীত আৰম্ভ হ’ব।
৯। উভয় নেতাই ২০২১ বৰ্ষটো ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ঐতিহাসিক হ’ব বুলি অভিহিত কৰে। কিয়নো মুক্তি সংগ্ৰাম আৰু ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পঞ্চাশতম বাৰ্ষিকী পালন আৰু কৰা হ’ব, ইয়াৰ অৰ্থে ভাৰত, বাংলাদেশ আৰু তৃতীয় ৰাষ্ট্ৰসমূহত উভয়ে যুটীয়াভাৱে এই দুই উপলক্ষৰ স্মৰণ কৰাত সন্মতি প্ৰকাশ কৰিছে।
১০। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক এই অনুৰোধ কৰে যে বাংলাদেশ-ভাৰত সীমান্তৰ মুজিব নগৰৰপৰা নদিয়ালৈ ঐতিহাসিক পথটো “স্বাধীনতা চড়ক” হিচাপে নামকৰণৰ বাংলাদেশৰ প্ৰস্তাৱটো বিবেচনা কৰিব লাগে। বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সময়ছোৱাত এই পথটোৰ ঐতিহাসিক তাৎপৰ্য্যৰ স্মৰণাৰ্থেই বাংলাদেশে এই প্ৰস্তাৱ জনাইছে।
১১। উভয় পভই সংস্কৃতি, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, যুৱ আৰু ক্ৰীড়া আৰু গণ মাধ্যমক প্ৰোৎসাহনৰ অৰ্থে গ্ৰুপসমূহৰ নিয়মীয়া একচেঞ্জ অব্যাহত ৰখাৰ অংগীকাৰ কৰে।


সীমান্ত ব্যৱস্থাপনা আৰু সুৰক্ষা সহযোগিতা


১২। উভয় পক্ষই জইন্ট বাউণ্ডেৰী কনফাৰেন্সৰ এখনি বৈঠক সোনকালে অনুষ্ঠিত কৰাত সন্মতি প্ৰকাশ কৰে। ইয়াত ষ্ট্ৰিপ মেপৰ নতুন ছেট যুগুত কৰি উলিওৱা হ’ব। তদুপৰি ১ নং মূল স্তম্ভৰপৰা লেণ্ড বাউণ্ডেৰী টাৰ্মিনাছলৈ ইছামাটি, কালিন্দী, ৰায়মংগল আৰু হাৰিভাংগা নৈৰ প্ৰসাৰণ সন্দৰ্ভতো আলোচনা কৰা হ’ব। কুশিয়াৰা নৈৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তক স্থায়ী সীমান্তলৈ ৰূপান্তৰিত কৰাৰ বাবে যাৱতীয় কাম সম্পন্ন কৰাত সন্মতি প্ৰকাশ কৰা হয়।
১৩। বাংলাদেশ পক্ষই ৰাজস্বাহী জিলাৰ সমীপৱৰ্তী পদ্মা নৈৰ সৈতে থকা নদী পথেদি ১.৩ কিঃমিঃ ইন’চেন্ট পাছেজৰ অনুৰোধো দোহাৰে। ভাৰতীয় পক্ষই এই অনুৰোধ বিবেচনা কৰি চোৱাৰ নিশ্চিতি প্ৰদান কৰে।
১৪। উভয় নেতাই ত্ৰিপুৰা (ভাৰত)ৰপৰা আৰম্ভ হৈ বাংলাদেশ খণ্ডত শেষ হোৱা উভয় ৰাষ্ট্ৰৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতি সোনকালে যিসমূহ খণ্ডত বাকী আছে তাত ব’ৰ্ডাৰ ফেন্সিং সম্পূৰ্ণ কৰি তোলাত সন্মতি প্ৰকাশ কৰে। উভয় নেতাই তদুপৰি এই সন্মতি প্ৰকাশ কৰে যে সীমান্তটোত নাগৰিকৰ মৃত্যু হোৱা ঘটনাক গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হ’ব আৰু সীমান্তত ঘটনা এনে ঘটনা শূন্য কৰি তুলিবলৈ সীমান্ত বাহিনীসমূহক ঐক্যবদ্ধভাৱে কাম কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হয়। নেতা দুজনে অব্যাহত থকা ক’অৰ্ডিনেটেড ব’ৰ্ডাৰ মেনেজমেন্ট প্লেনৰ সম্পূৰ্ণ ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। উভয় পক্ষই দুই সীমান্ত সুৰক্ষা বাহিনীসমূহে অস্ত্ৰ-শস্ত্ৰৰ চোৰাং কাৰবাৰ, নাৰ্ক’টিক্স আৰু ভুৱা নোটৰ বিৰুদ্ধে শেহতীয়াভাৱে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজি আৰু মহিলা আৰু শিশুকে প্ৰমুখ্য কৰি মানৱ সৰবৰাহ প্ৰতিৰোধত লাভ কৰা সফলতাত সন্তুষ্টি প্ৰকাশ কৰে।
১৫। বাংলাদেশ আৰু ভাৰতে সততে প্ৰাকৃতিক দুৰ্যোগসমূহৰ সন্মুখীন হৈ অহা কথাটোত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়ো নেতাই উভয় পক্ষৰ বিষয়া-বৰ্গক দুৰ্যোগ ব্যৱস্থাপনা সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তি সম্পন্ন কৰাৰ নিৰ্দেশনা প্ৰদান কৰে।
১৬। বিশ্ব শান্তি আৰু সুৰক্ষাৰ প্ৰতি সন্ত্ৰাসবাদ ভীতি হৈ অহাৰ কথাত গুৰুত্ব প্ৰদান কৰি, উভয় পক্ষই সকলো ধৰণৰ সন্ত্ৰাসবাদ দমনৰ অৰ্থে তেওঁলোকৰ শক্তিশালী অংগীকাৰৰ কথা দোহাৰে।
১৭। উভয় পক্ষই ৰাষ্ট্ৰ দুখনৰ মাজত জনসাধাৰণৰ চলাচল সহজতৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰে। বাংলাদেশ পক্ষই ভাৰতক এই অনুৰোধ জনাই যে ভাৰতৰ ভূমি বন্দৰসমূহৰপৰা প্ৰৱেশ/প্ৰস্থানত অব্যাহত থকা বাধ্যবাধকতাসমূহ নোহোৱা কৰিবলৈ ভাৰতে যি অংগীকাৰ কৰিছিল, তাৰ শীঘ্ৰেই ৰূপায়ণ কৰিব লাগে। যাৰ জৰিয়তে বাংলাদেশৰ নাগৰিকে পৰ্যায়ক্ৰমে বৈধ নথি-পত্ৰৰে ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব। উল্লেখযোগ্য যে আখাউৰা (ত্ৰিপুৰা) আৰু ঘোজাদাংগা (পশ্চিম বংগ)ত এই চেকপইন্টসমূহ অৱস্থিত।


বিকাশৰ বাবে বাণিজ্য অংশীদাৰিত্ব


১৮। ২০১১ ৰপৰা এছএএফটিএ ৰ অধীনত ভাৰতলৈ বাংলাদেশী ৰপ্তানিত প্ৰদান কৰা বিনামূলীয়া ডিউটি আৰু কোটাত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শলাগ লয়। উভয় ৰাষ্ট্ৰই এছএএফটিএ ৰ নমনীয়তাৰ পূৰ্ণ উপযোগিতা গ্ৰহণ কৰিব পৰাকৈ বন্দৰ বাধ্যবাধকতা, প্ৰচিডিউৰেল বটলনেক আৰু কোৱাৰেন্টাইন বাধ্যবাধকতাসমূহকে প্ৰমুখ্য কৰি নন-টেৰিফ বেৰিয়াৰ আৰু ট্ৰেড ফেচিলিটেশ্যনৰ সমস্যাৰাজি সমাধান কৰাত উভয় প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। বাংলাদেশ পক্ষই ভাৰতক এই অনুৰোধ জনাই যে বাংলাদেশলৈ ৰপ্তানি কৰা ভাৰতৰ নিত্যব্যৱহাৰ্য্য সা-সামগ্ৰীসমূহ হৈছে গাংলাদেশৰ ঘৰুৱা বজাৰক প্ৰভাৱিত কৰা এটি গুৰুত্বপূৰ্ণ কাৰক। সেয়েহে ভাৰত চৰকাৰৰ ৰপ্তানি-আমদানি নীতিৰ যিকোনো সংশোধনীৰ কথা আগতীয়াকৈ অৱগত কৰিব লাগে। ভাৰতীয় পক্ষই এই অনুৰোধটো টুকি ৰাখে।
১৯। উভয় নেতাই বাণিজ্য আৰু ৰেলৱেৰ বিষয়া-বৰ্গক বৰ্তমানে থকা ৰেল পথ, চাইড-ড’ৰ কন্টেইনাৰ আৰু পাৰ্চেল ট্ৰেইনৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্যক সহজতৰ কৰাকে প্ৰমুখ্য কৰি ক’ভিড-১৯ৰ সময়ছোৱাত যোগান শৃংখল ব্যাহত হৈ নোযোৱাটো নিশ্চিত কৰিবলৈ সহযোগিতা প্ৰদৰ্শনৰ নিৰ্দেশনা প্ৰদান কৰে।
২০। দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ অপাৰ সম্ভাৱনাৰ কথা দোহাৰি, উভয় প্ৰধানমন্ত্ৰীয়ে বিষয়া-বৰ্গক এই নিৰ্দেশনা প্ৰদান কৰে যে দ্বিপাক্ষিক কম্প্ৰিহেনছিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট (CEPA) ত সূত্ৰবদ্ধ হ’বলৈ প্ৰত্যাশাৰ অব্যাহত থকা যুটীয়া অধ্যয়ন শীঘ্ৰেই সম্পন্ন কৰিব লাগে।
২১। এই বৰ্ষৰ আৰম্ভণিতে ভাৰত-বাংলাদেশ টেক্সটাইল ইণ্ডাষ্ট্ৰী ফৰামৰ প্ৰথম বৈঠকক আদৰণি জনাই, নেতাদুজনে টেক্সটাইল খণ্ডটোত লিংকেজ আৰু সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে আৰু বিষয়া-বৰ্গক এই নিৰ্দেশনা প্ৰদান কৰে যে ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ টেক্সটাইল আৰু জুট মন্ত্ৰালয়ৰ মাজৰ প্ৰস্তুত হৈ থকা বুজাবুজিৰ চুক্তি অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ কয়। তেওঁলোকে শেহতীয়াকৈ সম্পন্ন হোৱা বাংলাদেশৰপৰা ভাৰতলৈ ৰপ্তানি হোৱা মৰাপাটৰ পণ্য সন্দৰ্ভত এন্টি ডাম্পিং/এন্টি-চাৰ্কুমভেনশ্যন ডিউটি সম্পৰ্কত আলোচনাক আদৰণি জনায় আৰু এডিডি সম্পৰ্কীয় সমস্যাৰ্জি শীঘ্ৰেই নিষ্পত্তি হোৱাৰ আশা প্ৰকাশ কৰে।


সমৃদ্ধিৰ বাবে যোগাযোগ


২২। উভয় ৰাষ্ট্ৰৰ মাজত প্ৰাক-১৯৬৫ ৰেলৱে লিংকেজৰ পুনঃ প্ৰতিষ্ঠাৰ অৰ্থে লাভ কৰা অগ্ৰগতিত দুয়ো প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে যুটীয়াভাৱে হালদিবাৰী (ভাৰত) আৰু চিলাহাটি (বাংলাদেশ)ৰ মাজত নতুনকৈ পুনঃ প্ৰতিষ্ঠা কৰা ৰেলৱে লিংক উদ্বোধন কৰে আৰু এই ৰেল লিংকে অনাগত দিনসমূহত দুই পক্ষৰ মাজত বাণিজ্য আৰু জনসাধাৰণৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি কয়। ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে-লগে ট্ৰেইন চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২৩। দুয়ো নেতাই অব্যাহত থকা দ্বিপাক্ষিক যোগাযোগ ব্যৱস্থাৰ বুজ লয় আৰু শেহতীয়াভাৱে গ্ৰহণ কৰা ব্যৱস্থা ৰাজিক আদৰণি জনায়। সেইসমূহৰ ভিতৰত আছেঃ প্ৰট’কল অন ইনলেণ্ড ৱাটাৰ ট্ৰেনজিট এণ্ড ট্ৰেড (PIWTT)ৰ অৰ্থে দ্বিতীয় সংযোজনত স্বাক্ষৰ, চট্টগ্ৰাম হৈ কলকাতাৰপৰা আগৰতলালৈ ভাৰতীয় পণ্যৰ ট্ৰান্স-শ্বিপমেন্টৰ ট্ৰায়েল চলাচল আৰু পিআইডব্লিউটিটিৰ অধীনত সোনামূৰা-ডাউদকান্দি প্ৰট’কল ৰাউটক কাৰ্যক্ষম কৰি তোলা। উভয় নেতাই চট্টগ্ৰাম আৰু মংলা বন্দৰেদি ভাৰতীয় পণ্যৰ ট্ৰান্স-শ্বিপমেন্টক বিশালভাৱে কাৰ্যক্ষম কৰি তোলাত সন্মতি প্ৰকাশ কৰে।
২৪। ৰাষ্ট্ৰ দুখনৰ মাজত যাত্ৰী আৰু মাল-বস্তুৰ চলাচল আৰু যোগাযোগ সহজতৰ কৰি তুলিবলৈ, উভয় নেতাই বিবিআইএন মটৰ ভেহিকল এগ্ৰিমেন্টৰ শীঘ্ৰেই কাৰ্যকৰীকৰণত সন্মতি প্ৰকাশ কৰে। ইয়াৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে বাংলাদেশ, ভাৰত আৰু নেপালে পণ্য আৰু যাত্ৰীৰ চলাচল আৰম্ভ কৰিব পৰাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত ভূটানৰ বাবে সুবিধা ৰাখি থোৱা যাব।
২৫। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে অব্যাহত থকা ভাৰত ম্য়ানমাৰ থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্পৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আৰু এই প্ৰকল্পৰ সৈতে বাংলাদেশক সংযোগ কৰিবলৈ ভাৰতৰ সমৰ্থন বিচাৰে। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ অঞ্চলসমূহৰ মাজত যোগাযোগৰ বৰ্ধনৰ অৰ্থেই বাংলাদেশে ইয়াৰ সৈতে সংযোজিত হ’ব খুজিছে। একেই উদ্দীপনাৰে, ভাৰতীয় পক্ষই বাংলাদেশক এই অনুৰোধ জনাই যে পশ্চিম বংগ (হিল্লি)ৰপৰা মেঘালয় (মহেন্দ্ৰগঞ্জ) লৈ বাংলাদেশৰ মাজলৈ যোগাযোগৰ অনুমতি প্ৰদান কৰিব লাগে।
২৬। ভাৰতে বাংলাদেশ চৰকাৰক কৰা অনুৰোধ দোহাৰি কয় যে আগৰতলা- আখাউৰাৰে আৰম্ভ হোৱা প্ৰতি চুবুৰীয়া ৰাষ্ট্ৰ ভাৰত আৰু বাংলাদেশৰ মাজত অতিকমেও এটা মিনিমেল নিগেটিভ লিষ্টসহ লেণ্ড প’ৰ্ট থাকিব লাগে। বাংলাদেশ পক্ষই প্ৰস্তাৱ জনাই যে ফেনী ব্ৰিজ সম্পূৰ্ণ হোৱাৰ লগে-লগে বাংলাদেশী ট্ৰাকসমূহে ইয়াৰ সুবিধা লাভ কৰিব, ইয়াৰ জৰিয়তে চট্টগ্ৰাম বন্দৰেদি ভাৰতৰ উত্তৰ পূবলৈ পণ্যাদিৰ সৰবৰাহ কৰিব পৰা যাব।
২৭। ৰাষ্ট্ৰ দুখনৰ মাজত স্পন্দনশীল উন্নয়ন অংশীদাৰিত্ব স্বীকাৰ কৰি, উভয় পক্ষই শেহতীয়াকৈ গঠন কৰা হাই লেভেল মনিটৰিং কমিটিৰ সক্ৰিয় কাৰ্যক্ষমতাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ নেতৃত্বত আছে বাংলাদেশৰ অৰ্থনৈতিক সম্পৰ্ক শাখাৰ সচিব আৰু ঢাকাস্থিত ভাৰতৰ উচ্চায়ুক্ত। যিয়ে এলঅ’চি প্ৰকল্পৰ ক্ষীপ্ৰ সম্পূৰ্ণৰ অৰ্থে অগ্ৰগতিৰ নিয়মীয়া পৰ্যবেক্ষণ কৰি আছে।
২৮। উভয় পক্ষই ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত উভয় পক্ষৰ যাত্ৰীসকলৰ জৰুৰী প্ৰয়োজনীয়তা সহজতৰ কৰি তুলিবলৈ উভয় পক্ষৰ মাজত অস্থায়ী বিমান সেৱা প্ৰৱৰ্তন কৰাত সন্তুষ্টি প্ৰকাশ কৰে। বাংলাদেশ পক্ষই তদুপৰি ভাৰতীয় পক্ষক শীঘ্ৰেই ভূমি বন্দৰৰ জৰিয়তে নিয়মীয়া যাতায়াত ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়।


জল সম্পদ, বিদ্যুৎ আৰু শক্তিত সহযোগিতা


২৯। ২০১১ ত উভয় চৰকাৰে প্ৰকাশ কৰা সন্মতি অনুসৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তিস্তাৰ পানী আদান-প্ৰদানৰ অৰ্থে অন্তৱৰ্তী চুক্তিত শীঘ্ৰেই স্বাক্ষৰৰ আৱশ্যকতা সন্দৰ্ভত ব্যক্ত কৰে। এই ক্ষেত্ৰত ভাৰতৰ সু অংগীকাৰ আৰু ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণৰ কথা দোহাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৩০। নেতা দুজনে ছয় যুটীয়া নৈ যথাঃ মনু, মুহুৰি, খোৱাই, গুমটি, ধাৰলা আৰু দুধকুমাৰৰ পানীৰ আদান-প্ৰদানৰ অৰ্থে অন্তৱৰ্তী চুক্তিৰ ফ্ৰেমৱৰ্কৰ শীঘ্ৰেই সমাপ্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
৩১। বাংলাদেশ পক্ষই ভাৰতীয় পক্ষক এই অনুৰোধ জনাই যে জলসিঞ্চনৰ উদ্দেশ্যৰে কুশিয়াৰা নৈৰ পানী ব্যৱহাৰৰ অৰ্থে ৰহিমপুৰ খালৰ অৱশিষ্ট অংশৰ খনন কাৰ্যৰ অনুমতি প্ৰদান কৰিবলৈ ভাৰতে ইয়াৰ সংশ্লিষ্ট সীমান্ত কৰ্তৃপক্ষক অনুমতি জনাব লাগে। তদুপৰি ভাৰতীয় পক্ষয়ো এই অনুৰোধ জনাই যে উভয় পক্ষৰদ্বাৰা কুশিয়াৰা নৈৰ পানী প্ৰত্যাহাৰ কৰিবলৈ নিৰীক্ষণৰ অৰ্থে ৰাষ্ট্ৰ দুখনৰ মাজত হোৱা প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি শীঘ্ৰেই স্বাক্ষৰিত হ’ব লাগে। একেদৰে কুশিয়াৰা নৈৰ পানী আদান-প্ৰদান সম্পৰ্কীয় চুক্তিৰ পলম হোৱা স্বাক্ষৰ কাৰ্যসূচী শীঘ্ৰেই সম্পন্ন হ’ব লাগে। দুয়ো নেতাই জইন্ট ৰিভাৰ কমিশ্যনৰ ইতিবাচক বৰঙণিৰ কথা দোহাৰে আৰু শীঘ্ৰেই সচিব পৰ্যায়ৰ পৰৱৰ্তী জেআৰচি বৈঠক অনুষ্ঠিত কৰাৰ মতপোষণ কৰে।
৩২। উভয় পক্ষই ব্যক্তিগত খণ্ডসমূহকে ধৰি বিদ্যুৎ আৰু শক্তি খণ্ডত বলিষ্ঠ সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে। ইয়াত ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন, মৈত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট তথা আন প্ৰকল্পসমূহকে ধৰি প্ৰকল্পসমূহৰ ক্ষীপ্ৰ ৰূপায়ণত সন্মতি প্ৰকাশ কৰা হয়। উভয় পক্ষই হাইড্ৰ’কাৰ্বন খণ্ডত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ ফ্ৰেমৱৰ্কত স্বাক্ষৰক আদৰণি জনাই যিয়ে পৰৱৰ্তী সময়ত বিনিয়োগৰ বৰ্ধন, প্ৰযুক্তিৰ হস্তান্তৰ, যুটীয়া অধ্যয়ন আৰু প্ৰশিক্ষণৰ জৰিয়তে শক্তি লিংকেজৰ বৰ্ধন ঘটাব আৰু হাইড্ৰ’কাৰ্বন যোগাযোগক প্ৰোৎসাহিত কৰিব। ইয়াত তদুপৰি সন্মতি প্ৰকাশ কৰা হয় যে বাঅ’ ফুৱেলকে ধৰি শক্তি সক্ষমতা আৰু স্বচ্ছ শক্তিত সহযোগিতা বৃদ্ধি কৰা হ’ব। শক্তিৰ সেউজ, স্বচ্চ আৰু নৱীকৰণযোগ্য উৎসৰ প্ৰতি উভয় ৰাষ্ট্ৰৰ অংগীকাৰৰ সৈতে সংগতি ৰাখি, নেপাল আৰু ভূটানৰ সৈতেও উপআঞ্চলিক সহযোগিতা সুদৃঢ়কৰণত সন্মতি প্ৰকাশ কৰা হয়। উভয় পক্ষই তদুপৰি বিদ্যুৎ আৰু শক্তি যোগাযোগৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ়কৰণৰ সন্মতি প্ৰকাশ কৰে।


ম্যানমাৰৰ ৰাখিনে প্ৰদেশৰপৰা বলপূৰ্বকভাৱে স্থানচ্যুত লোকসকল


৩৩। ম্যানমাৰৰ ৰাখিনে প্ৰদেশৰপৰা বলপূৰ্বকভাৱে স্থানচ্যুত ১.১ নিযুত লোকক আশ্ৰয় আৰু মানৱীয় সাহাৰ্য্য প্ৰদানত বাংলাদেশে প্ৰদৰ্শন কৰা মহানুভৱতাৰ শলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উভয় প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সুৰক্ষিত, ক্ষীপ্ৰ আৰু বহনক্ষম প্ৰত্যাৱৰ্তনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ভাৰতক অভিনন্দন জ্ঞাপন কৰে। তেওঁ বাংলাদেশৰ প্ৰত্যাশা ব্যক্ত কৰি কয় যে বলপূৰ্বকভাৱে স্থানচ্যুত ৰোহিংগীয়াসকলক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনত ভাৰতৰ সহযোগিতা বাংলাদেশে কামনা কৰিছে।


অঞ্চল আৰু বিশ্বখনত অংশীদাৰিত্ব


৩৪। ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদৰ নিৰ্বাচনত ভাৰতক সমৰ্থন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদৰ আশু সংস্কাৰ সাধন, জলাবায়ু পৰিৱৰ্তন প্ৰতিৰোধ, বহনক্ষম উন্নয়ন লক্ষ্য (SDG) আৰু অভিবাসীসকলৰ অধিকাৰ ৰক্ষাৰ্থে একেলগে কাম কৰাত উভয় পক্ষই সন্মতি প্ৰকাশ কৰে। উভয় প্ৰধানমন্ত্ৰীয়ে পুনৰ দোহাৰে যে ২০৩০ ত নিৰ্ধাৰিত কৰা লক্ষ্য অনুসৰি এছডিজিৰ ৰূপায়ণ নিশ্চিত কৰি তুলিবলৈ গ্ল’ৱেল পাৰ্টনাৰশ্বিপৰ অধনীত উন্নত ৰাষ্ট্ৰসমূহে তেওঁলোকৰ অংগীকাৰ পূৰ্ণ কৰাটো প্ৰয়োজনীয়।
৩৫। উভয় নেতায়ে ক’ভিড ১৯ ৰ প্ৰাদুৰ্ভাৱৰ পাছত আঞ্চলিক আৰু বৈশ্বিক অৰ্থনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত আলোকপাত কৰে। ইয়াত চাৰ্ক (SAARC) আৰু বিমছটেক (BIMSTEC)ৰ দৰে আঞ্চলিক সংস্থাসমূহৰ ভূমিকা অপৰিসীম বুলি ব্যক্ত কৰা হয়। ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ আৰম্ভণিতে ২০২০ৰ মাৰ্চত চাৰ্ক নেতৃবৃন্দৰ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীৰ শলাগ লয় বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে। তদুপৰি তেওঁ দক্ষিণ এছিয়া অঞ্চলটোত বৈশ্বিক মহামাৰীটোৰ প্ৰভাৱসমূহ নিৰ্মূল কৰিবলৈ ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চাৰ্ক ইমাৰ্জেন্সী ৰেচপন্স ফাণ্ড গঠনৰ প্ৰস্তাৱ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে তদুপৰি চাৰ্ক মেডিকেল আৰু পাব্লিক হেল্থ ৰিচাৰ্ছ ইনষ্টিটিউট প্ৰতিষ্ঠাৰ প্ৰস্তাৱৰ কথা পুনৰ এবাৰ দোৰাহে আৰু এই ক্ষেত্ৰত সমৰ্থন বিচাৰে। উল্লেখযোগ্য যে ২০২১ ত বাংলাদেশে আয়’ৰা (IORA)ত অধ্যক্ষতা কৰিব আৰু বৃহত্তৰ সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তাৰ অৰ্থে কাম কৰিবলৈ ভাৰতৰ সহযোগিতা কামনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষত ক্লাইমেট ভালনাৰেবল ফৰামত বাংলাদেশে কৰা অধ্যক্ষতাৰ শলাগ লয়।
৩৬। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিউ ডেভলপমেন্ট বেংকৰ কাৰ্যৰ শলাগ লয় আৰু এই প্ৰতিষ্ঠানৰ সৈতে জড়িত হ’বলৈ বাংলাদেশক আমন্ত্ৰণ কৰাৰ বাবে ভাৰতৰ শলাগ লয়। আন্তঃগাঁথনি উন্নয়নকে ধৰি ভিন্ন ক্ষেত্ৰত বেংকটোৰ কাৰ্যক আদৰণি জনাই আৰু এই পদক্ষেপৰ এটি অংশ হ’বলৈ বাংলাদেশৰ আগ্ৰহৰ কথা ব্যক্ত কৰে।


দ্বিপাক্ষিক নথিৰ স্বাক্ষৰ আৰু প্ৰকল্পৰ উদ্বোধন


৩৭। এই কাৰ্যসূচীত, নিম্ন উল্লেখিত দ্বিপাক্ষিক নথিসমূহ স্বাক্ষৰিত হয় আৰু ভাৰত চৰকাৰ আৰু বাংলাদেশৰ বিষয়াসকলৰদ্বাৰা আদান-প্ৰদান কৰা যায়ঃ
হাইড্ৰ’কাৰ্বন খণ্ডত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ ফ্ৰেমৱৰ্ক (FOU);
আন্তঃসীমা হাতী সংৰক্ষণ সন্দৰ্ভত প্ৰট’কল;
স্থানীয় নিকায় আৰু আন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ জৰিয়তে হাই ইমপেক্ট কমিউনিটি ডেভলপমেন্ট প্ৰজেক্ট (HICDP)ৰ ৰূপায়ণৰ অৰ্থে ইণ্ডিয়ান গ্ৰান্ট এচিটেন্স সন্দৰ্ভত বুজাবুজিৰ চুক্তি (MOU);
বৰিশাল মহানগৰ নিগমৰ অৰ্থে লামচৰি অঞ্চলত জাঁৱৰ/গোটা আৱৰ্জনা নিষ্পত্তি ক্ষেত্ৰৰ সা-সঁজুলিৰ যোগান আৰু উন্নয়নৰ অৰ্থে বুজাবুজিৰ চুক্তি (MOU);
ভাৰত-বাংলাদেশ চিইএঅ’ ফৰামৰ টাৰ্মছ অৱ ৰেফাৰেন্স;
জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমান স্মাৰক সংগ্ৰহালয়, ঢাকা, বাংলাদেশ আৰু ৰাষ্ট্ৰীয় সংগ্ৰহালয়, নতুন দিল্লী, ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি (MoU); আৰু
কৃষিৰ ক্ষেত্ৰখনত সহযোগিতাৰ বুজাবুজিৰ চুক্তি (MoU)।
নিম্ন উল্লেখিত দ্বিপাক্ষিক উন্নয়ন অংশীদাৰিত্ব প্ৰকল্পসমূহো উদ্বোধন কৰা হয়ঃ
• ৰাজশ্বাহী মহানগৰত সৌন্দৰ্য্যবৰ্ধন আৰু মহানগৰ উন্নয়ন প্ৰকল্প;
• খুলানাত খালিশপুৰ কলেজিয়েট বালিকা বিদ্যালয় নিৰ্মাণ;

৩৮। এই নতুন স্বাভাৱিক অৱস্থাৰ মাজতে উক্ত ব্যৱস্থা কৰাৰ বাবে উভয় প্ৰধানমন্ত্ৰীয়ে পৰস্পৰে-পৰস্পৰক ধন্যবাদ জ্ঞাপন কৰে।
৩৯। বাংলাদেশৰ স্বাধীনতাৰ ৫০ বছৰ পূৰ্তি আৰু বাংলাদেশ-ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিতব্য কাৰ্যসূচীত অংশগ্ৰহণৰ নিমিত্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ মাৰ্চত সোশৰীৰে বাংলাদেশ ভ্ৰমণৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে তেখেতক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

***

DS/SH/AK/SB



(Release ID: 1681684) Visitor Counter : 426