স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ আধিক্যই আৰোগ্য লাভৰ হাৰৰ উৰ্ধমুখী গতি নিশ্চিত কৰিছে

Posted On: 17 DEC 2020 11:11AM by PIB Guwahati

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰখনৰ কেন্দ্ৰীভূত কৌশল আৰু অতিশয় সক্ৰিয় তথা ক্ৰমাংকিত ব্যৱস্থাই, ভাৰতে অধিক আৰোগ্য লাভৰ হাৰৰ ধাৰা বৰ্তাই ৰখাৰ সমান্তৰালভাৱে সক্ৰিয় ঘটনা আৰু মৃত্যুৰ হাৰ দ্ৰুতভাৱে হ্ৰাস হৈ পৰিছে।

দৈনিক ভিত্তিত নতুন ঘটনাতকৈ আৰোগ্য লাভৰ আধিক্যই ৰোগীসকলৰ মাজত অধিক আৰোগ্য লাভৰ হাৰ নিশ্চিত কৰি তুলিছে। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা প্ৰায় ৯৫ লাখ (৯৪,৮৯,৭৪০) হৈছে। আজি আৰোগ্য লাভৰ হাৰ ৯৫.৩১% লৈ উন্নীত হয়। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান একেৰাহে বৃদ্ধি পাই আহিছে আৰু বৰ্তমানে ৯১,৬৭,৩৭৪ হৈছে।

আৰোগ্য লাভৰ বৰ্ধনে তদুপৰি ভাৰতৰ সক্ৰিয় কেছল’ড অবিৰামভাৱে হ্ৰাস কৰি আহিছে। ই নিশ্চিত কৰিছে যে ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড ৩,২২,৩৬৬ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৩.২৪%।

ভাৰতৰ আৰোগ্য লাভৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম সৰ্বাধিক। বিশ্বৰ আৰোগ্য লাভৰ হাৰ ৭০.২৭% হোৱাৰ বিপৰীতে ভাৰতৰ আৰোগ্য লাভৰ হাৰ হৈছে ৯৫.৩১%। আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ৰাছিয়া আৰু ইটালীৰ আৰোগ্য লাভৰ হাৰ নিম্ন হৈয়ে ৰৈছে।

ৰাষ্ট্ৰীয় ধাৰা অনুসৰণ কৰি, ১৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

যোৱা ২৪ ঘন্টাত ভাৰতত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩৩,২৯১ টা।

এই নতুন আৰোগ্য লাভৰ ঘটনাসমূহৰ ৭৫.৬৩% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ক’ভিডৰপৰা ৫,৭২৮ জন লোকৰ আৰোগ্য লাভেৰে, কেৰালাত আৰোগ্য লাভৰ পৰিমাণ সৰ্বাধিক। মহাৰাষ্ট্ৰত দৈনিক আৰোগ্যৰ সংখ্যা ৩,৮৮৭ ৰ বিপৰীতে পশ্চিম বংগত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ২,৭৬৭ টা।

যোৱা ২৪ ঘন্টাত নতুন দৈনিক ঘটনাৰ সংখ্যা হৈছে ২৪,০১০ টা।

নতুন ঘটনাৰ ৭৮.২৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত কেৰালাত নতুন ঘটনাৰ সংখ্যা হয় ৬,১৮৫ টা। পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা ২,২৯৩ ৰ সমান্তৰালভাৱে চত্তীশগড়ত নতুন ঘটনাৰ সংখ্যা হয় ১,৬৬১ টা।

যোৱা ২৪ ঘন্টাত সংঘটিত ৩৫৫ টা মৃত্যুৰ ঘটনাৰ ৭৯.১৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৯৫ টা মৃত্যুৰ ঘটনাৰে মহাৰাষ্ট্ৰত নতুন মৃত্যুৰ ঘটনাৰ ২৬.৭৬% সংঘটিত হয়। পশ্চিম বংগত ৪৬ টা মৃত্যুৰ ঘটনাৰ বিপৰীতে দিল্লীত নতুন মৃত্যুৰ ঘটনাৰ সংখ্যা হয় ৩২ টা।

ভাৰতত দৈনিক মৃত্যুৰ ঘটনা ক্ষীপ্ৰতাৰে হ্ৰাস হৈছে। বৰ্তমানে মৃত্যুৰ ঘটনাৰ হাৰ ১.৪৫% লৈ অৱনমিত হৈছে। ভাৰতত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে অন্যতম সৰ্বনিম্ন।

****

MV/SJ/SB
 



(Release ID: 1681445) Visitor Counter : 154