স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ সক্ৰিয় চিকিৎসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাই আজি ৩.৩২ লাখ হৈছে
যোৱা ১৭ দিনত ভাৰতত দৈনিক ৪০হাজাৰতকৈ কম লোক সংক্ৰমিত হৈছে
যোৱা ১১ দিনত দৈনিক মৃত্যুৰ সংখ্যা ৫০০তকৈ কম
পোষ্ট কৰা হৈছে:
16 DEC 2020 12:55PM by PIB Guwahati
ভাৰতত মুঠ চিকিৎসাধীন সংক্রমিত লোকৰ সংখ্যা ক্রমশঃ হ্ৰাস পাইছে। আজি ভাৰতৰ সক্ৰিয় ঘটনাৰ সংখ্যা ৩,৩২,০০২। মুঠ সক্ৰিয় ঘটনাৰ মাত্র ৩.৩৪ শতাংশ এই মুহূর্তত চিকিৎসাধীন হৈ আছে।
যোৱা ২৪ ঘন্টাত ২৬,৩৮২ জন লোক কভিডত সংক্রমিত হৈছে। ভাৰতত এই একেখিনি সময়ত ৩৩,৮১৩ জনলোক সুস্থ হৈ উঠিছে । ইয়াৰ ফলত সক্রিয় সংক্রমিতৰ সংখ্যা ৭,৮১৮ হ্ৰাস পাইছে।
বিগত ১৭ দিনত ভাৰতত নতুনকৈ দৈনিক ৪০,০০০তকৈ কম লোক সংক্রমিত হৈছে।
বিশ্বৰ ভিতৰত ভাৰতত যোৱা ৭ দিনত প্রতি ১০ লাখ লোকৰ মাজত আটাইতকৈ কম লোক সংক্রমিত হৈছে আৰু এই সংখ্যা ১৪৭।
মুঠ কভিড আৰোগ্যৰ সংখ্যা ৯৪,৫৬,৪৪৯ আৰু আৰোগ্যৰ হাৰ ৯৫.২১ শতাংশ।
১০ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত ৭৬.৪৩ শতাংশ লোক সুস্থ হৈ উঠিছে।
কেৰালাত এদিনত সৰ্বাধিক ৫,০৬৬ জন লোক সুস্থ হৈ উঠিছে। মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত ৪,৩৯৫ জন আৰু পশ্চিমবংগত ২,৯৬৫ জন লোক সুস্থ হৈ উঠিছে।
নতুন সংক্ৰমিত লোকৰ ৭৫.৮৪ শতাংশ ১০ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ।
কেৰালাত সৰ্বাধিক ৫,২১৮জন, মহাৰাষ্ট্ৰত ৩,৪৪২জন আৰুপশ্চিম বংগত ২,২৮৯ জন নতুনকৈ সংক্ৰমিত হৈছে।
বিগত ২৪ ঘন্টাত ৩৮৭জন ৰোগীৰ মৃত্যু হৈছে। নতুন মৃত্যুৰ ৭৫.১৯ শতাংশ ইয়াৰ ১০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত বাস কৰা।
মহাৰাষ্ট্রত সৰ্বাধিক ৭০, পশ্চিম বংগত ৪৫ আৰু দিল্লীত ৪১ জনৰ মৃত্যু হৈছে। দেশত কভিডত মৃত্যুৰ হাৰ ক্রমশঃ নিম্নগামী হৈছে। বিগত ১১ দিনত দৈনিক ৫০০ জনৰ কম লোকৰ মৃত্যু হৈছে। সমগ্ৰ দেশত বিগত সাতদিন ধৰি প্রতি ১০ লাখ লোকৰ মাজত ২ জন কভিডত মৃত্যু হৈছে, যি সংখ্যা বিশ্বৰ ভিতৰত সর্বনিম্ন।
*********
MV/SG/KG
(ৰিলিজ আই ডি : 1681355)
অতিথি কক্ষ : 225
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam