প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ অধিষ্ঠিত শ্বেইখ চাবাহ অল-খালেদ অল-হামাদ অল-চাবাহক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 08 DEC 2020 10:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ অধিষ্ঠিত হোৱা মহামহিম শ্বেইখ চাবাহ অল-খালেদ অল-হামাদ অল-চাবাহক অভিনন্দন জনাইছে।

এলানি টুইটত, শ্ৰী মোদীয়ে কয়, "৫ ডিচেম্বৰত সফলপূৰ্ণ ৰাষ্ট্ৰীয় সভাৰ নিৰ্বাচনৰ পাছত কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ অধিষ্ঠিত হোৱা শ্বেইখ চাবাহ অল-খালেদ অল-হামাদ অল-চাবাহক আন্তৰিক অভিনন্দন আৰু শুভ কামনা জনাইছো।

মই বিশ্বাসী যে কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ নাৱাফ অল-আহমেদ অল-জাবেৰ অল-চাবাহৰ দূৰদৰ্শী নেতৃত্বত আমাৰ সু দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ধন ঘটিব আৰু সমৃদ্ধ হৈ পৰিব।"

***

DS/SH/SB


(रिलीज़ आईडी: 1679573) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam