স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

লক্ষ্যণীয় মাইলৰ খুঁটি অতিক্ৰম ভাৰতৰ- ১৪০ দিনৰ পাছত সক্ৰিয় কেছল’ড ৪ লাখৰ তললৈ অৱনমিত

প্ৰতি নিযুত জনসংখ্যাত ঘটনা আৰু মৃত্যু বিশ্বৰ ভিতৰতে অন্যতম সৰ্বনিম্ন

১৫৭ দিনৰ পাছত দৈনিক মৃত্যুৰ ঘটনা ৪০০ ৰ তললৈ অৱনমিত

Posted On: 07 DEC 2020 11:06AM by PIB Guwahati

আজি ভাৰতে এটা উল্লেখযোগ্য সফলতা লাভ কৰিছে। আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৪ লাখৰ সীমাৰ তললৈ অৱনমিত হৈ ৩,৯৬,৭২৯ হৈ পৰিছে। এই পৰিমাণ হৈছে মুঠ ঘটনাৰ মাত্ৰ ৪.১%। এয়া ১৪০ দিনৰ পাছত সৰ্বনিম্ন। ২০ জুলাই, ২০২০ত মুঠ সক্ৰিয় ঘটনাৰ পৰিমাণ আছিল ৩,৯০,৪৫৯ টা।

যোৱা ১০ দিনৰ প্ৰৱণতা অব্যাহত ৰাখি, যোৱা ২৪ ঘন্টাত ভাৰতত দৈনিক নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভ বৃদ্ধি হৈছে।

যোৱা ২৪ ঘন্টাত দেশখনত ৩২,৯৮১ টা নতুন পজিটিভ ঘটনা লাভ কৰাৰ বিপৰীতে, নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩৯,১০৯ টা। নতুন ঘটনা আৰু নতুন আৰোগ্য লাভৰ মাজৰ পাৰ্থক্য ৬,১২৮ হোৱাত যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ৬,৫১৯ টা ঘটনা হ্ৰাস হোৱাত অৰিহণা যোগায়।

ভাৰতৰ প্ৰতি নিযুত জনসংখ্যাত নতুন ঘটনাই যোৱা সাতটা দিনত অভিলেখ ৰচনা কৰিছে যি বিশ্বৰ ভিতৰতে অন্যতম সৰ্বনিম্ন; যোৱা সাত দিনত এই সংখ্যা আছিল ১৮২ টা।

ভাৰতত প্ৰতি নিযুত জনসংখ্যাত ঘটনাৰ সংখ্যাও নিম্ন হৈ পৰিছে। বিশ্বৰ ৮,৪৩৮ গড়ৰ বিপৰীতে ভাৰতৰ প্ৰতি নিযুতত ঘটনাৰ সংখ্যা হৈছে ৬,৯৮৮ টা।

নতুন ঘটনাতকৈ নতুন আৰোগ্য লাভৰ ঘটনাৰ ব্যৱধানো বৃদ্ধি পাইছে। যাৰ পৰিপ্ৰেক্ষিতত আজি আৰোগ্য লাভৰ হাৰ হয় ৯৪.৪৫%।

সম্প্ৰতি মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হয় ৯১,৩৯,৯০১ টা। আজি আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধানে ৮৭ লাখ (৮৭,৪৩,১৭২) অতিক্ৰম কৰে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৮১.২০% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৭,৪৮৬ নতুন আৰোগ্য লাভৰ ঘটনাৰে মহাৰাষ্ট্ৰত এদিনতে আৰোগ্য লাভৰ পৰিমাণ সৰ্বাধিক। ইয়াৰ পাছতেই থকা কেৰালাত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৫,২১৭ টা। দিল্লীত নতুন আৰোগ্য লাভৰ ঘটনা ৪,৬২২ টা।

নতুন ঘটনাৰ ৭৬.২০% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

কেৰালাত দৈনিক নতুন ঘটনাৰ সংখ্যা সৰ্বাধিক ৪,৭৭৭ টা। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰৰ নতুন ঘটনাৰ সংখ্যা হৈছে ৪,৭৫৭ টা। পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা হৈছে ৩,১৪৩ টা।

যোৱা ২৪ ঘন্টাত ৩৯১ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৫.০৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। দিল্লীত সৰ্বাধিক ৰোগীৰ মৃত্যু (৬৯) হৈছে। পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰত দৈনিক মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৪৬ আৰু ৪০ টা।

বিশ্বৰ তুলনাত যোৱা সপ্তাহটোত প্ৰতি নিযুত জনসংখ্যাত দৈনিক মৃত্যুৰ ঘটনা তুলনা কৰি চালে দেখা পোৱা যায় যে ভাৰতত ইয়াৰ সৰ্বনিম্ন ধাৰা অব্যাহত আছে। ইয়াত প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ ঘটনা হৈছে ৩ টা।

বিশ্বত প্ৰতি নিযুত জনসংখ্যাত মৃত্যুৰ ঘটনা হৈছে ১০১ টা।

****

MV/SJ/SB
 



(Release ID: 1679014) Visitor Counter : 202