প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইআইটি-২০২০ গ্ল’ৱেল ছামিটত মূল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

ক’ভিড-১৯ পৰৱৰ্তী ক্ৰম হ’বঃ ৰি-লাৰ্ণিং, ৰি-থিংকিং, ৰি-ইন’ভেটিং আৰু ৰি-ইনভেন্টিং: প্ৰধানমন্ত্ৰী

Posted On: 04 DEC 2020 10:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পেন আইআইটি ইউএছএয়ে অনুষ্ঠিত কৰা আইআইটি-২০২০ গ্ল’ৱেল ছামিটত মূল ভাষণ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰখন সম্পূৰ্ণভাৱে “ৰিফৰ্ম, পাৰ্ফম, ট্ৰেন্সফৰ্ম” নীতিৰ প্ৰতি সমৰ্পিত। তেখেতে গুৰুত্ব প্ৰদান কৰি কয় যে কোনো এটা খণ্ডই সংস্কাৰৰ আউটিৰপৰা বাদ পৰি ৰোৱা নাই। তেখেতে চৰকাৰখনৰদ্বাৰা ভিন্ন খণ্ডত সাধন কৰা অভূতপূৰ্ব সংস্কাৰৰ কথা উল্লেখ কৰি কয়ঃ ৪৪ কেন্দ্ৰীয় শ্ৰম আইনক সংকুচিত কৰি ৪ সংহিতা প্ৰৱৰ্তন কৰা হৈছে। ইয়াত বিশ্বৰ ভিতৰতে কৰ্প’ৰেট কৰৰ হাৰ সৰ্বনিম্ন। দহটা মূল খণ্ডত প্ৰডাকশ্যন লিংকড ইনছেনটিভ আঁচনিয়ে ৰপ্তানি বৃদ্ধি কৰাৰ সমান্তৰালভাৱে মেনুফেক্সাৰিঙৰো বৰ্ধন ঘটাব। তেখেতে উল্লেখ কৰে যে ক’ভিড-১৯ৰ এই পৰীক্ষণৰ সময়তো, ভাৰতত অভিলেখসংখ্যক বিনিয়োগ হৈছে আৰু এই বিনিয়োগৰ গৰিষ্ঠসংখ্যকেই টেক খণ্ডত হৈছে।

তেখেতে কয়, আমাৰ আজিৰ কাৰ্যই কালিৰ আমাৰ গ্ৰহটোৰ আকৃতি নিৰ্ধাৰণ কৰিব। তেখেতে গুৰুত্ব প্ৰদান কৰি কয় যে ’ভিড-১৯ পৰৱৰ্তী ক্ৰম হ’বঃ ৰি-লাৰ্ণিং, ৰি-থিংকিং, ৰি-ইন’ভেটিং আৰু ৰি-ইনভেন্টিং। তদুপৰি, প্ৰায় সকলো ক্ষেত্ৰতে এলানি অৰ্থনৈতিক সংস্কাৰৰ জৰিয়তে আমাৰ গ্ৰহটোক পুনৰায় শক্তি প্ৰদান কৰিব। তেখেতে কয়, ই ‘ইজ অৱ লিভিং’ নিশ্চিত কৰিব আৰু দৰিদ্ৰ তথা উপান্তসকলৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে কয়, উদ্যোগ আৰু শৈক্ষিক মহলৰ মাজত সহযোগিতাৰপৰা মহামাৰীৰ সময়ত বহু উদ্ভাৱন কৰা হ’ল। তেখেতে কয়, আজি বিশ্বখনে নিউ নৰ্মেলৰ সৈতে সহবাস কৰিবলৈ যথোচিত সমাধান বিচাৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পেন আইআইটি ম’ভমেন্টৰ সমন্বিত শক্তিয়ে আত্মনিৰ্ভৰ ভাৰতৰ সপোনত অৰিহণা যোগাব। তেখেতে প্ৰৱাসী, ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰসকলক আহ্বান জনাই কয় যে বিশ্বখনে ভাৰতৰ দৃষ্টিকোণ সঠিকভাৱে বুজি উঠিবলৈ তেওঁলোকৰ কণ্ঠই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

২০২২ ত ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী সন্দৰ্ভত উল্লেখ কৰি, শ্ৰী মোদীয়ে পেন আইআইটি ম’ভমেন্টক “গিভিং বেক টু ইণ্ডিয়া” ক এটা উচ্চ শিখৰত আৰোহণ কৰাবলৈ আহ্বান জনায়। আমি কিদৰে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিম সেই সন্দৰ্ভত তেওঁলোকক তেওঁলোকৰ ধাৰণা আৰু ইনপুটসমূহ শ্বেয়াৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।আপোনালোকে আপোনালোকৰ মতামতসমূহ মাইগভত শ্বেয়াৰ কৰিব পাৰে বা নৰেন্দ্ৰ মোদী এপত আপোনালোকে ইয়াক মোৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰিব পাৰেতেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বিগত সময়ছোৱাত ভাৰতত এটা হেকাথনৰ সংস্কৃতিয়ে গঢ় লৈ উঠিছে আৰু এই হেকাথনত যুৱ সমাজে ৰাষ্ট্ৰীয় আৰু বৈশ্বিক সমস্যাসমূহৰ প্ৰতি অতুলনীয় সমাধান আগবঢ়াইছে। তেখেতে লগতে কয় যে আমাৰ যুৱ প্ৰজন্মই যাতে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ এখন আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম লাভ কৰে আৰু বৈশ্বিকভাৱে উত্তম অনুশীলন শিকিব পাৰে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰখনে দক্ষিণ পূব এছিয়া আৰু ইউৰোপৰ বহু দেশৰ সৈতে কাম কৰি আছে। তেখেতে কয়, ভাৰতে বৈভৱ সন্মিলন অনুষ্ঠিত কৰিছে, যিয়ে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ উচ্চ-মানৰ প্ৰতিভাসমূহক একত্ৰিত কৰিছে। তেখেতে লগতে কয় যে এই সন্মিলনে বিজ্ঞান আৰু উদ্ভাৱনত ভৱিষ্য সহযোগিতাত এটা মাত্ৰা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে কৰা কৰ্ম পন্থাৰ সাগৰসদৃশ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। তেখেতে পূৰ্বে কয়, যেতিয়া আইআইটিয়ে এৰ’-স্পেছ ইঞ্জিনিয়াৰ গঢ়ি তুলিছিল, তেতিয়া তেওঁলোকক নিয়োগ কৰিবলৈ শক্তিশালী ঘৰুৱা ঔদ্যোগিক বাতাবৰণ নাছিল। আজি, মহাকাশ খণ্ডত ঐতিহাসিক সংস্কাৰ সাধনৰ জৰিয়তে, অন্তিম প্ৰান্ততো ভাৰতীয় প্ৰতিভাসমূহে স্থান লাভ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে, ভাৰতত প্ৰতিদিনে নতুন মহাকাশ টেক ষ্টাৰ্টআপ আহি আছে। তেখেতে বিশ্বাস প্ৰদৰ্শন কৰি কয় যে ইয়াৰে একাংশই পূৰ্বে কেতিয়া নোযোৱা স্থানত পদাৰ্পণ কৰিবগৈ। ভাৰতৰ বহু খণ্ডত উন্নত মানৰ আৰু উদ্ভাৱনীমূলক কাৰ্য সমাধা হৈছে।

আজি, উদ্যোগ, শৈক্ষিক মহল, কলা, চৰকাৰত বৈশ্বিক নেতৃত্ব স্থানত বহু সংখ্যক আইআইটিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অধিষ্ঠিত হৈ আছে। সেয়ে তেখেতে এইসকলক সমাধান সূত্ৰ নিৰ্ণয়ৰ বাবে তৰ্ক, আলোচনা আৰু বৰঙণি যোগানৰ আহ্বান জনায়।

***

DS/AK/SB



(Release ID: 1678510) Visitor Counter : 212