PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 DEC 2020 5:40PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত চিকিৎসধীন ৰোগীৰ সংখ্যা হ্ৰাস পাইছে, মুঠ আক্ৰান্তৰ বিপৰীতে চিকিৎসাধীন ৰোগী ৪.৫%ৰ তলত আছে

বিগত ২৪ ঘণ্টাত দৈনিক আক্ৰান্ত লোকতকৈ আৰোগ্যৰ হাৰ অধিক হৈছে৷ সেই অনুসৰি এই সময়ছোৱাত ৪০,৭২৬গৰাকী ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে ৩৫,৫৫১জন লোক৷ বিগত ২৪ ঘণ্টাত মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫,৭০১জন ৰোগী হ্ৰাস পাইছে৷ এই হাৰ একেৰাহে ৬দিন ধৰি ব্ৰতী আছে৷ আজি ভাৰতৰ মুঠ চিকিৎসাধীন ৰোগীৰ হাৰ ৪.৫%ৰ নিম্নগামী হৈ ৪.৪৪% হৈছে৷ দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪,২২,৯৪৩জন৷ আজি আৰোগ্যৰ হাৰ ৯৪.১১%লৈ উন্নীত হৈছে৷ আজি মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ৮৯,৭৩,৩৭৩জন হৈছে৷ বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৰোগীৰ ৭৭.৬৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ এই সময়ছোৱাত কেৰালাত সৰ্বাধিক ৫,৯২৪জন ৰোগী আৰোগ্য হৈছে৷ ইফালে, বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত লোক ৭৫.৫%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিক ৬,৩১৬জন লোক আক্ৰান্ত হৈছে৷ দেশত বিগত ২৪ ঘণ্টাত ৫২৬জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১১১জনৰ মৃত্যু হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1677931

 

আন্তঃৰাষ্ট্ৰীয় প্রতিৱন্ধী দিৱসত প্রধানমন্ত্রীৰ বার্তা

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আন্তঃৰাষ্ট্ৰীয় প্রতিৱন্ধী দিৱস উপলক্ষে কয়,বিশেষভাৱে সক্ষম লোকসকলবাবে ক’ভিডৰ পাছত বিশ্বত সমন্বিত, আয়ত্ত্বাধীন আৰু সুস্থি পৰিৱেশৰ বাবে সুন্দৰ ভৱিষ্যৎ গঢ় দিয়া-ৰাষ্ট্রসংঘৰ এ বছচিন্তাধাৰা সৈতে সংগতি ৰাখি আমাৰ বিশেষভাৱে সক্ষম (দিব্যাংগ) ভাই-ভনীসকলৰ বাবে সুযোগ আৰুকলো স্থানলৈ যোৱাৰ ব্যস্থা কৰাৰ বাবে আহককেলগে কাৰো৷ বিশেষভাৱে সক্ষম ভাই-ভনীসকলৰ প্রাণন্ত স্বভা আৰু মনোবলেমাক অনুপ্রাণিত কৰেসুগম ভাৰৰ উদ্যোগত যথেষ্ট পদক্ষেপ লোৱা হৈছে, যিবোৰে আমাৰ বিশেষভাৱে সক্ষম (দিব্যাংগ) ভাই-ভনীসকল জীৱনত ইতিবাচক পৰিৱর্তন সাধন কৰিব৷

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1677913

 

ড০ কালামৰ পৰা অনুপ্ৰাণিত হৈ এখন শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু অন্তৰ্ভূক্তিমূলক ভাৰত গঢ় দিবলৈ তৰুণ প্ৰজন্মক আহ্বান জনালে উপ-ৰাষ্ট্ৰপতিয়ে

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে তৰুণ প্ৰজন্মক ড০ এপিজে আব্দুল কালামৰ পৰা অনুপ্ৰাণিত হৈ এখন শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু অন্তৰ্ভূক্তিমূলক ভাৰত গঢ় দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে যুৱ প্ৰজন্মই ড০ কালামৰ দৰে ভাৰত বিশাল সংখ্যক জনসাধাৰণক আৰ্থিক আৰু সামাজিক প্ৰত্যাহ্বানৰ বিপৰীতে প্ৰভাৱিত কৰিব পৰাকৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ কয়৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1677959

জটিলতাপূৰ্ণ সময়তো ভাৰতে অন্যান্য অভাৱী দেশক সহায় কৰিবলৈ পাহৰা নাইঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে আজি ক’ভিড-১৯ মহামাৰীৰ বাবে নিজৰ জনসাধাৰণৰ তত্বাৱধানত সন্মুখীন হোৱা প্ৰত্যাহ্বান সত্ত্বেও ভাৰতে অন্যান্য অভাৱী দেশসমূহৰ সহায় কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে৷ তেওঁ কয় যে এই জটিল সময়তো ভাৰতে সেইসমূহ দেশক সহায় কৰিবলৈ পাহৰা নাই, যিসমূহে আমাৰ দেশত প্ৰস্তুত কৰা ঔষধৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1677732

 

এছচিঅ’ যুৱ বিজ্ঞানী সমাৰোহত বিভিন্ন ক্ষেত্ৰত উদ্ভাৱনী ধাৰণা শ্বেয়াৰ কৰিলে যুৱ বিজ্ঞানীসকলে

পাঁচদিনীয়াকৈ অনুষ্ঠিত সদ্যসমাপ্ত এছচিঅ’ যুৱ বিজ্ঞানী সমাৰোহত যুৱ বিজ্ঞানীসকলে বিভিন্ন ক্ষেত্ৰত বহুতো উদ্ভাৱনী ধাৰণা শ্বেয়াৰ কৰে৷ সেইবোৰৰ ভিতৰত কৃষি আৰু খাদ্য সংসাধন; বহনক্ষম শক্তি আৰু শক্তি সঞ্চয়; জৈৱপ্ৰযুক্তি আৰু বায়’ইঞ্জিনিয়াৰিং; গৱেষণা আৰু উদ্ভাৱনৰ জৰিয়তে ক’ভিড-১৯ৰ আৰু মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ সৈতে যুঁজ দিয়া; পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা উল্লেখযোগ্য৷ মুঠ ২২গৰাকী যুৱ বিজ্ঞানীক তেওঁলোকৰ প্ৰশংসনীয় উদ্ভাৱনী কাম-কাজৰ বাবে প্ৰশংসা পত্ৰও প্ৰদান কৰি হয়৷ এই যুৱ বিজ্ঞানীসকলে এছচিঅ’ সদস্যভূক্তি দেশৰ সৈতে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1678026

 

ক’ভিড-১৯ৰ দৰে পৰিস্থিতি ভৱিষ্যতে মোকাবিলা কৰাৰ বাবে এছটিআইপি, ২০২০এ কিদৰে সহায় কৰে সেই বিষয়ে আলোচনা কৰে বিশেষজ্ঞসকলে

ডিএছটিয়ে আয়োজন কৰা এখনি ৱেবিনাৰত নিটী আয়োগৰ সদস্য ড০ ভি. কে. সৰস্বতে ক’ভিড-১৯এ কিদৰে দীৰ্ঘকালীন সূযোগ সৃষ্টি কৰে সেইবিষয়ে আলোকপাত কৰাৰ বিপৰীতে ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই নতুন বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন নীতি, ২০২০এ ক’ভিড-১৯ৰ দৰে পৰিস্থিতি ভৱিষ্যতে মোকাবিলা কৰাৰ বাবে কিদৰে সহায় কৰে সেই বিষয়ে উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1678025

বাংলাদেশ নেশ্যনেল ডিফেন্স কলেজত আয়োজিত কভিড ১৯ জনিত অতিমাৰীৰ পৰৱর্তী পৰিস্থিতিত সুৰক্ষা ব্যৱস্থা সম্পর্কে সেনাবাহিনীৰ উপপ্রধানৰ ভাষণ

সেনাবাহিনীৰ উপপ্ৰধান লেফটেনেন্ট জেনেৰেল এছ কে ছাইনীয়ে আজি ভাৰ্চুৱেল মাধ্যমেৰে বাংলাদেশৰ নেশ্যনেল ডিফেন্স কোৰ্ছৰ দ্বাৰা আয়োজিত কৰোনাৰ পৰৱৰ্তী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণিতে ২০১১ চনত বাংলাদেশৰ নেশ্যনেল ডিফেন্স কলেজত তেওঁ যোগ দিছিল। তেওঁ তেওঁৰ ভাষণত সমগ্ৰ বিশ্বজুৰি কৰোনা অতিমাৰীৰ পৰিপ্ৰেক্ষিতত সামৰিক বাহিনীত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে। তেওঁ কয়, কৰোনা ভাইৰাছৰ মোকাবিলাত সমগ্ৰ বিশ্বতে স্বাস্থ্য ব্যৱস্থাৰ ওপৰত ধন বিনিয়োগ কৰা হৈছে।তেওঁ লগতে কয়, সামৰিক বাহিনীত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল যোগাযোগৰ বিকাশেৰেই কৰোনা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হব। বাংলাদেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে।

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1677719

 

ডিজিপি/আইজিপিসকলৰ বাৰ্ষিক সন্মিলনৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ভাষণ

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কালি ৫৫সংখ্যক আৰক্ষী সঞ্চালক প্ৰধান/আৰক্ষী মহাপৰিদৰ্শকসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়ায়৷ কাৰ্যসূচীত বিভিন্ন ৰাজ্যৰ ডিজিপি আৰু আইজিপিসকলে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে৷ এই উপলক্ষে তেওঁ আৰক্ষীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৫০গৰাকী আৰক্ষীক তেওঁলোকৰ কৃতিত্বৰ বাবে পদক প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবেhttps://pib.gov.in/PressReleasePage.aspx?PRID=1677841

ক’ৰোনা ভাইৰাছ প্ৰাদূৰ্ভাৱৰ পাছত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰেষ্টলিং ৱৰ্ল্ড কাপত ৰবি কুমাৰ, দীপক পুনিয়াসহ ২৪গৰাকী মল্লযুঁজাৰুৱে প্ৰতিনিধিত্ব কৰিব ভাৰতক

১২ৰ পৰা ১৮ ডিচেম্বৰ, ২০২০লৈকে অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ একক শাখাৰ বিশ্ব কাপত অংশগ্ৰহণ কৰাৰ বাবে ২৪গৰাকী মল্লযুঁজাৰু, ৯গৰাকী প্ৰশিক্ষক, ৩গৰাকী কৰ্মী আৰু ৩গৰাকী ৰেফাৰীসহ ৪২জনীয়া ভাৰতীয় দলে ছাৰ্বিয়াৰ বেলগ্ৰেডলৈ যাত্ৰা কৰিব৷ ক’ৰোনা ভাইৰাছ প্ৰাদূৰ্ভাৱত পাছত এয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, য’ত ভাৰতীয় মল্লযুঁজাৰুসকলে অংশগ্ৰহণ কৰিব৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1678035

 

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

  • মহাৰাষ্ট্ৰঃ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ তুলনাত নৱেম্বৰ মহাৰাষ্ট্ৰত ক’ভিড-১৯ৰ আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে ৫০শতাংশ হ্ৰাস পাইছে৷ অক্টোবৰত মহাৰাষ্ট্ৰত ২,৯৩,৯৬০জন লোক আক্ৰান্তৰ বিপৰীতে নৱেম্বৰত এই সংখ্যা ১,৪৫,৪৯০জন হয়৷ অক্টোবৰত মৃত্যুৰ সংখ্যা ৭,২৪৯জনৰ বিপৰীতে নৱেম্বৰত ৪৯.০৯শতাংশ হ্ৰাস পাই ৩,৬৯০হয়৷ ৰাজ্যখনত বৰ্তমান ৮৮,৫৩৭জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • গুজৰাটঃ বুধবাৰে গুজৰাটত ১,৫১১জন লোক নতুন আক্ৰান্তৰ বিপৰীতে ১,৫৭০জন ৰোগী আৰোগ্য হৈছে৷ ৰাজ্যখনত ক’ভিড পজিটিভিৰ হাৰ ২.৯৮%লৈ হ্ৰাস পাইছে৷ বৰ্তমান ৰাজ্যখনত ১৪,৮১৩জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • মধ্যপ্ৰদেশঃ বুধবাৰে ১,৪৩৯জন নতুন আক্ৰান্তসহ মধ্যপ্ৰদেশৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ২,০৮,৯২৪জন হৈছে৷ কালি ৰাজ্যখনত ১,৮৩৮জন লোক আৰোগ্য আৰু ১৭জন ক’ভিড ৰোগীৰ মৃত্যুৰ পাছত বৰ্তমান ১৪,০১৯জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • গোৱাঃ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ক’ভিড টিকাকৰণৰ কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত গোৱাৰ জিলা উপাযুক্তসকলে বুধবাৰৰ পৰা স্বাস্থ্যকৰ্মীসকলৰ তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰিছে৷
  • অসমঃ কালি অসমত ১৭৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩৮জন ৰোগী ডিছচাৰ্জড দিয়া হৈছে৷ মুঠ ২,১৩,১৭১জন লোক আক্ৰান্ত হোৱা অসমত বৰ্তমালৈকে ২,০৮,৬৬৬জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৩,৫১৯জন ৰোগী চিকিৎসাধীন হৈ আছে৷ অসমত ৯৮৩জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • কেৰালাঃ বুৰেভী ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে হাই এলাৰ্ট জাৰি কৰিছে৷ ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে৷ কালি নতুনকৈ ৬,৩১৬জন লোক আক্ৰান্ত হোৱাৰ লগতে ২৮জন ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ১১.০৮শতাংশ৷
  • তামিলনাডুঃ দীৰ্ঘ বিৰতিৰ পাছত মহাবিদ্যালয়সমূহ খুলিলেও ৰাজ্যখনৰ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বহু শিক্ষাৰ্থীয়ে পাঠদানত অংশগ্ৰহণ কৰা হৈছে৷ ২০২১ৰ জানুৱাৰীত ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কৰা অভিনেতা ৰজনীকান্তই ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সেয়া বিলম্ব হোৱা বুলি উল্লেখ কৰে৷
  • কৰ্ণাটকঃ কৰ্ণাটক চৰকাৰে ক্লিনট্ৰেক ইণ্টাৰনেচনেলৰ সৈতে সহযোগিতাৰে ক’ভিড ভেকচিন পৰীক্ষণ, ক’ভিড চিকিৎসাৰ বাবে ১,০০০গৰাকী স্বেচ্ছাসেৱকসহ ৩০০কোটি টকা মুকলি কৰি দিছে৷
  • অন্ধ্ৰপ্ৰদেশঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰথম পৰ্যায়ত ইষ্ট গোডাৱৰী জিলাৰ প্ৰায় ৩৫,০০০ চিকিৎসা কৰ্মীক ক’ভিড-১৯ ভেকচিন প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে উপাযুক্ত ডি মুৰুলীধৰ ৰেড্ডিয়ে৷ এই টিকাকৰণক লৈ প্ৰচাৰিত যিকোনো ধৰণৰ জনৰৱ বিৰুদ্ধে দোষী সাব্যস্ত হ’লে, টাস্ক ফৰ্চে আইনী পদক্ষেপ হাতত ল’ব৷ এই ক্ষেত্ৰত ১ ডিচেম্বৰৰ পৰা ১৯জানুৱাৰীলৈকে ৫০দিনীয়া সজাগতা কাৰ্যসূচী লোৱাৰ সন্দৰ্ভতো উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে৷
  • তেলেংগানাঃ তেলেংগানাত সদ্যসমাপ্ত জিএইচএমচি নিৰ্বাচনৰ পাছত সম্ভাৱ্য দ্বিতীয় পৰ্যায়ৰ ক’ভিড ঢৌৰ আশংকা কৰি ৰাজ্যখনত জনস্বাস্থ্য সঞ্চালকে সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীক নিজকে এসপ্তাহৰ বাবে আছুতীয়াকৈ থাকিবলৈ কয়৷ বুধবাৰে ৰাজ্যখনত ৬০৯জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷

FACT CHECK

Image

Image

*******

YB



(Release ID: 1678154) Visitor Counter : 116