PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 02 DEC 2020 5:34PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

১৩২ দিনৰ পাছত ভাৰতৰ সক্ৰিয় কেছলড ৪.২৮ লাখলৈ অৱনমিত, যোৱা তিনি দিন ধৰি দৈনিক নতুন ঘটনা প্ৰায় ৩০ হাজাৰ হৈ ৰৈছে

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছলড লক্ষ্যণীয়ভাৱে ৪.২৮ লাখ (৪,২৮,৬৪৪) লৈ অৱনমিত হৈ পৰে। এই পৰিমাণ ১৩২ দিনৰ পাছত সৰ্বনিম্ন। ২৩ জুলাই, ২০২০ ত মুঠ সক্ৰিয় ঘটনাৰ পৰিমাণ আছিল ৪,২৬,১৬৭। তেতিয়াৰপৰা সক্ৰিয় ঘটনাৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছলড হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৪.৫১% দৈনিক নতুন ঘটনাৰ এই সংখ্যাই যোৱা তিনি দিনে দেশৰ কভিড সংখ্যা প্ৰায় ৩০ হাজাৰ কৰি ৰাখিছে।

অধিক বিৱৰণৰ বাবেঃ

 

বজাৰত কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে স্বাস্থ্য মন্ত্ৰালয়ৰ এছঅপি জাৰি

দেশখনত কভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (এছঅপি) জাৰি কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে লক্ষ্য কৰিছে যে বজাৰসমূহলৈ দৈনিক বৰ্ধিত পৰিমাণৰ লোকৰ আহ-যাহ হয়। যাৰ বাবে ইয়াত কভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই আৱশ্যকীয়। কভিড-১৯ মহামাৰীৰ মাজতে অৰ্থনৈতিক কাম-কাজসমূহ ক্ৰমান্বয়ে আৰম্ভ হোৱাত, বজাৰসমূহতো সঘন আহ-যাহৰ পৰিপ্ৰেক্ষিততে মন্ত্ৰালয়ে এই এছঅপি জাৰি কৰিছে। এনে জনসমাগম হোৱা স্থানত কভিড-১৯ৰ যথোচিত আচৰণ বিধি অবিহনে প্ৰাণঘাতী ভাইৰাইছটোৰ সংক্ৰমণৰ থল আছে।

অধিক বিৱৰণৰ বাবেঃ

 

স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন সেৱা ই সঞ্জীৱনীয়ে ৯ লাখ কনচালটেশ্যন সম্পূৰ্ণ কৰিলে

এক লেণ্ডমাৰ্ক সফলতা হিচাপে, স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় টেলিমেডিচিন ব্যৱস্থা ই সঞ্জীৱনীয়ে আজি ৯ লাখ কনচালটেশ্যন সম্পূৰ্ণ কৰে। ই সঞ্জীৱনী আৰু ই সঞ্জীৱনী অপিডিৰ জৰিয়তে সৰ্বাধিক কনচালটেশ্যন সম্পন্ন কৰা শীৰ্ষ দহ ৰাজ্য হৈছেঃ তামিল নাডু (২,৯০,৭৭০), উত্তৰ প্ৰদেশ (২,৪৪,২১১), কেৰালা (৬০,৪০১), মধ্য প্ৰদেশ (৫৭,৫৬৯), গুজৰাট (৫২,৫৭১), হিমাচল প্ৰদেশ (৪৮,১৮৭), অন্ধ্ৰ প্ৰদেশ (৩৭,৬৮১), উত্তৰাখণ্ড (২৯,১৪৬), কৰ্ণাটক (২৬,৯০৬) আৰু মহাৰাষ্ট্ৰ (১০,৯০৩) টেলিমেডিচিন বৰ্তমান হৈছে এটা ইন্টাৰনেটৰ জৰিয়তে ৰোগীৰ ৰিমট ডায়েগনচিছ আৰু ট্ৰিটমেন্টৰ এটা নতুন মডেলিটি। ই সঞ্জীৱনীয়ে ভৌগলিকভাৱে বিচ্ছুৰিত স্থানৰপৰা সঠিক সময়ত অনুষ্ঠিত হোৱা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে ৰোগী আৰু ডাক্তৰ ও বিশেষজ্ঞৰ মাজত ভাৰ্চুৱেল বৈঠকৰ সুবিধা আগবঢ়ায়। এই আলোচনা সম্পন্ন হোৱাৰ পাছত, ই সঞ্জীৱনীয়ে এখন ব্যৱস্থা-পত্ৰ আগবঢ়াই যাৰ জৰিয়তে ঔষধৰ ব্যৱস্থা কৰিব পাৰি।

অধিক বিৱৰণৰ বাবেঃ 

 

ডব্লিউএইচঅ বিশ্ব মেলেৰিয়া ৰিপৰ্ট: মেলেৰিয়া সমস্যা হ্ৰাসত অগ্ৰগতি অব্যাহত ভাৰতৰ

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্ব মেলেৰিয়া ৰিপৰ্ট (WMR) ২০২০ প্ৰকাশ কৰিছে, ত গাণিতিক অনুমানৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বৰ মেলেৰিয়াৰ বাবে আনুমানিক ঘটনাসমূহৰ তথ্য আগবঢ়োৱা যায়। ইয়াত ভাৰতে মেলেৰিয়া সমস্যা হ্ৰাসত লক্ষ্যণীয় অগ্ৰগতি লাভ কৰা দেখা যায়। ২০১৮ তকৈ ২০১৯ত ১৭.৬% হ্ৰাস হোৱা ভাৰত হৈছে একমাত্ৰ উচ্চ স্থানীয় দেশ। ২০১৭ ৰ তুলনাত ২০১৮ ত এনুৱেল পেৰাচিটিক ইনচিডেন্স (API) ২৭.৬% হ্ৰাস পাইছে আৰু ২০১৮ ৰ তুলনাত ২০১৯ ত ১৮.৪% হ্ৰাস পাইছে। ২০১২ বৰ্ষৰপৰা ভাৰতৰ এপিআই একৰ কম হৈ আছে। ভাৰতত ঘটনাৰ হ্ৰাসৰ ক্ষেত্ৰটো সৰ্বাধিক অৱনমন প্ৰত্যক্ষ কৰা যায়। প্ৰায় ২০ নিযুতৰপৰা প্ৰায় ৬ নিযুতলৈ এই সংখ্যা হ্ৰাস পাইছে। ২০০০ ৰপৰা ২০১৯ লৈকে মেলেৰিয়া ঘটনা ৭১.৮% হ্ৰাস পাইছে। ঠিক সেইদৰে, মৃত্যুৰ ঘটনা ৭৩.৯% হ্ৰাস পায় ২০০০ (২০,৩১,৭৯০ ঘটনা, ৯৩২ মৃত্যু) আৰু ২০১৯ (৩,৩৮,৪৯৪ ঘটনা, ৭৭ মৃত্যু) বৰ্ষৰ ভিতৰত ভাৰতত মেলেৰিয়াজনিত অসুস্থতা ৮৩.৩৪% আৰু মেলেৰিয়াজনিত মৃত্যু ৯২% হ্ৰাস পাইছে। যাৰ জৰিয়তে ভাৰতে মিলেনিয়াম ডেভলপমেন্ট গ’ল (২০০০ আৰু ২০১৯ ৰ মাজত ঘটনা ৫০-৭৫% হ্ৰাস)ৰ গ’ল ৬ লাভ কৰিছে। বছৰভিত্তিক পৰিসংখ্যাতো মেলেৰিয়া ঘটনা হ্ৰাস পাই আহিছে। ২০১৮ (৪,২৯,৯২৮ ঘটনা, ৯৬ মৃত্যু) ৰ তুলনাত ২০১৯ (৩,৩৮,৪৯৪ ঘটনা, ৭৭ মৃত্যু) বৰ্ষত ঘটনা আৰু মৃত্যু লক্ষণীয়ভাৱে ২১.২৭% আৰু ২০% হ্ৰাস পাইছে। ২০১৯ (২,৮৬,০৯১)ৰ অক্টোবৰৰ তুলনাত ২০২০ ৰ অক্টোবৰ পৰ্যন্ত (১,৫৭,২৮৪) মেলেৰিয়া ঘটনাৰ মুঠ সংখ্যা ৪৫.০২ শতাংশ হ্ৰাস পাইছে। দেশখনত ২০১৫ ত মেলেৰিয়া নিৰ্মূল প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰদ্বাৰা ২০১৬ ত নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ মেলেৰিয়া এলিমিনেশ্যন (NFME)ৰ শুভাৰম্ভৰ পাছত ই তীব্ৰতৰ হৈ পৰে। ২০১৭ৰ জুলাইত স্বাস্থ্য মন্ত্ৰালয়ৰদ্বাৰা নেশ্যনেল ষ্ট্ৰেটেজিক প্লেন ফৰ মেলেৰিয়া এলিমিনেশ্যন (২০১৭-২২) আৰম্ভ কৰা যায়, ইয়াৰ জৰিয়তে অহা পাঁচ বছৰৰ বাবে পন্থা সূত্ৰবদ্ধ কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আয়ুস ডে কেয়াৰ থেৰাপী চেন্টাৰত অনুমোদন

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আয়ুৰ্বেদ, যোগ আৰু নেছাৰপেথী ব্যৱস্থাৰ অধীনত ডে কেয়াৰ থেৰাপী চেন্টাৰৰ সুবিধা সম্পৰ্কীয় এটা প্ৰস্তাৱত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অনুমোদন জনাইছে। শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (CGHS)ৰ অধীনত আয়ুৰ্বেদ, যোগ আৰু নেছাৰপেথীৰ প্ৰাইভেট ডে কেয়াৰ থেৰাপী চেন্টাৰ অন্তৰ্ভুক্ত কৰা হব। একে ধৰণৰেই চিজিএইচএছে ডে কেয়াৰ থেৰাপী চেন্টাৰ অৱ কনভেনশ্যনেল (এলপেথী) ইতিমধ্যেই অন্তৰ্ভুক্ত কৰিছে। কেন্দ্ৰৰ এই লাভ-লাভ অৰ্জন কৰিবলৈ সকলো চিজিএইচএছ হিতাধিকাৰী তথা পেঞ্চনাৰসকল সক্ষম হৈ পৰিব। গৰিষ্ঠসংখ্যক লোক আৰু সকলো চিজিএইচএছ হিতাধিকাৰীসকলৰ মাজত আয়ুস ঔষধৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মন্ত্ৰালয়টোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

শ্ৰী লংকা অৰ্থনৈতিক সন্মিলন, ২০২০ ৰ উদ্বোধনত বিত্তমন্ত্ৰীৰ মূল ভাষণ প্ৰদান

কালি ভাৰ্চুৱেল ফৰ্মেটত কেন্দ্ৰীয় বিত্ত ও কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০ সংখ্যক শ্ৰী লংকা অৰ্থনৈতিক সন্মিলন (SLES), ২০২০ উদ্বোধনত মূল ভাষণ প্ৰদান কৰে। চেলন চেম্বাৰ অৱ কমাৰ্ছ (CCC) এ বছৰি অনুষ্ঠিত কৰি অহা এছএলইএছ হৈছে অৰ্থনৈতিক আৰু বাণিজ্যিক প্ৰসংগ আলোচনা কৰিবলৈ শ্ৰী লংকাৰ আগশাৰীৰ সন্মিলন। এই বৰ্ষৰ বিষয়বস্তু আছিলঃআৰম্ভণিৰ ৰোডমেপঃ জন-কেন্দ্ৰিক অৰ্থনৈতিক পুনৰুত্থানৰ চালিতকৰণ উদ্বোধনী অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে ভাগ লয় শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি, মহামহিম শ্ৰী গোটাবায়া ৰাজাপাকছাই। বিত্তমন্ত্ৰীগৰাকীয়ে মহামাৰী সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ অৱলোকন কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

শ্ৰী প্ৰধানে কয়, খনিজাত পদাৰ্থৰ যুক্তিসংগত আৰু নিৰ্ভৰযোগ্য মূল্যৰ বাবে ভাৰতেই সকলো

পেট্ৰলিয়াম ও প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে খনিজাত পদাৰ্থৰ যুক্তিসংগত আৰু নিৰ্ভৰযোগ্য মূল্যৰ বাবে ভাৰতেই হৈছে সকলো। আজি আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত স্বৰাজ্য ৱেবিনাৰ কাৰ্যসূচীত ভাষণ আগবঢ়াই তেওঁ কয় যে একনায়কত্ববাদৰ দিনসমূহৰ অৱসান ঘটিছে। উৎপাদকে উপভোক্তাৰ মতামতক বিবেচনা কৰি চোৱা উচিত। মন্ত্ৰীজনে কয় যে ভাৰতে বৈশ্বিক শক্তি চাহিদাত বিকাশ চালিত কৰিব। ইয়াৰ ২০৪০ লৈকে বছৰি শক্তি ব্যয় ৩ শতাংশ বৃদ্ধিৰ অনুমান কৰা হৈছে। যি বিশ্বৰ মূল অৰ্থনীতিসমূহতকৈ অধিক।

অধিক বিৱৰণৰ বাবেঃ

 

২০২০ ত ৰেলৱে ফ্ৰেইটৰ সৰ্বাধিক লডিঙৰ অভিলেখ আৰু যোৱা বৰ্ষৰ একে সময়ৰ তুলনাত এই বৰ্ষৰ নৱেম্বৰত ৯% বৃদ্ধি

ভাৰতীয় ৰেলৱেৰ বাবে ২০২০ৰ নৱেম্বৰ মাহত উপাৰ্জন আৰু লডিঙৰ ক্ষেত্ৰত মালৰ পৰিমাণে উচ্চ গতি বজাই ৰাখিছে। ২০২০ৰ নৱেম্বৰত ভাৰতীয় ৰেলৱেৰ ফ্ৰেইট লডিঙে যোৱা বৰ্ষৰ একে সময়ৰ লডিং আৰু উপাৰ্জনৰ পৰিমাণ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ২০২০ ৰ নৱেম্বৰ মাহত, ভাৰতীয় ৰেলৱেৰ লডিঙৰ পৰিমাণ হয় ১০৯.৬৮ নিযুত টন। যোৱা বৰ্ষৰ একেই সময়ছোৱাত লডিঙৰ পৰিমাণ আছিল ১০০.৯৬ নিযুত টন। এয়া বৃদ্ধিৰ হাৰ হৈছে ৯% এই সময়ছোৱাত ভাৰতীয় ৰেলৱেয়ে ফ্ৰেইট লডিঙৰপৰা ১০৬৫৭.৬৬ কোটি টকা উপাৰ্জন কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

ভিড-১৯ মহামাৰীজনিত পৰিস্থিতিৰ বাবে দিব্যাংগ সৱলীকৰণৰ অৰ্থে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বাছনিৰ ৰাষ্ট্ৰীয় বাছনি সমিতিৰ সভা স্থগিত

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসত ৰাষ্ট্ৰীয় দিব্যাংগ সৱলীকৰণ বঁটা আগবঢ়োৱা হয়। ইয়াৰ অৰ্থে দিব্যাংগ সৱলীকৰণ বিভাগে ২০২০ৰ ২৫ জুলাইত বিজ্ঞাপনৰ জৰিয়তে ২০২০ বৰ্ষৰ এই ৰাষ্ট্ৰীয় বঁটাটিৰ অৰ্থে আৱেদন আহ্বান কৰে। সেই অনুসৰি বিভাগটোৱে আৱেদন তথা মনোনয়নো লাভ কৰিছিল। একেদৰে আৱেদনকাৰীসকলে দাখিল কৰা নথি-পত্ৰ আৰু ৰেকৰ্ডসমূহ পৰীক্ষণৰদ্বাৰা বিস্তৃতভাৱে বাছনি প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছিল। ইয়াৰ পাছত, এয়া ৰাষ্ট্ৰীয় বাছনি সমিতিৰ হাতত অৰ্পণ কৰাটো প্ৰয়োজনীয়। ইয়াৰ অৰ্থেই ০১-১২-২০২০ত ৰাষ্ট্ৰীয় বাছনি সমিতিৰ বৈঠকৰো আয়োজন কৰা হৈছিল।

অধিক বিৱৰণৰ বাবেঃ

 

 

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত কভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ হৈছে ৯২.৪৯ শতাংশ আৰু মৃত্যুৰ হাৰ হৈছে ২.৫৮ শতাংশ। ইয়াত সক্ৰিয় ঘটনাৰ পৰিমাণ হৈছে ৮৯,০৯৮ টা।
  • গুজৰাটঃ মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ে ইয়াৰ ৰাজ্য চৰকাৰখনক নিৰ্দেশনা প্ৰদান কৰিছে। ৰাজ্যখনত কভিড-১৯ আৰটি-পিচিআৰ টেষ্টৰ বাবে সৰ্বাধিক ৮০০ টকা ধাৰ্য্য কৰা হৈছে। ইয়াত সক্ৰিয় ঘটনাৰ পৰিমাণ হৈছে ১৪,৮৮৫ টা।
  • ৰাজস্থানঃ আজি জয়পুৰত এটি কেন্দ্ৰীয় টীম উপস্থিত হৈ ৰাজস্থানৰ কভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই কেন্দ্ৰীয় টীমটোক নেতৃত্ব প্ৰদান কৰিছে নিটি আয়োগৰ সদস্য ডঃ বিনোদ কুমাৰ পালে। টীমটোৱে পৰ্যালোচনা কৰা ৰাজ্যিক পৰ্যায়ৰ বৈঠকখনিত স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকলে ভাগ লয়। টীমটোৱে বিশেষকৈ জয়পুৰ আৰু যোধপুৰৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
  • অসমঃ অসমত কালি আৰু ২২২ জন লোকৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰে আৰু একে সময়তে ১৩৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰে। ৰাজ্য়খনত মুঠ ঘটনাৰ সংখ্যা ২১২৯৯৮ লৈ বৃদ্ধি পাইছে। ঠিক সেইদৰে ডিচাৰ্জ লাভ কৰা ৰোগীৰ মুঠ সংখ্যা হৈছে ২০৮৫২৮, সক্ৰিয় ঘটনাৰ সংখ্যা ৩৪৮৬ আৰু মুঠ মৃত্যুৰ ঘটনা হৈছে ৯৮১ টা।
  • কেৰালাঃ কেৰালা ৰাজ্য চৰকাৰে কভিড-১৯ অনুসন্ধান নীতি-নিৰ্দেশনাৰ সংশোধনী ঘটাইছে। সেই অনুসৰি, ৬০ বছৰ উৰ্ধ লোক, গৰ্ভৱতী, অপুষ্টিত ভোগা শিশুৰ ক্ষেত্ৰত আৰটিপিচিআৰ টেষ্ট কৰা হব। তদুপৰি, বৃদ্ধাশ্ৰমৰ আৱাসীসকলক মাহত এবাৰ আৰটিপিচিআৰ টেষ্ট কৰা হব। ইফালে অহা সপ্তাহত অনুষ্ঠিতব্য স্থানীয় নিকায়ৰ নিৰ্বাচনত ব্যৱহাৰৰ অৰ্থে কেৰালা ৰাজ্যিক ড্ৰাগছ আৰু ফাৰ্মাচিউটিকেল লিমিটেডে ২.৫ লাখ লিটাৰৰো অধিক ছেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে।
  • তামিল নাডুঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি তামিল নাডুৰ ঘূৰ্ণী সন্দৰ্ভত অনুষ্ঠিত এখনি পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ইডাপ্পাডী পলানিস্বামীয়ে পৌৰহিত্য কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীজনে কয় যে মাদুৰাই, কন্যাকুমাৰীকে ধৰি চাৰিখন জিলাত নটা এনডিআৰএফ বাহিনী নিয়োজিত কৰা হৈছে। ইফালে, ক্ষতিগ্ৰস্ত হব পৰা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰৰ অৰ্থে বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি তেওঁ কয়।
  • কৰ্ণাটকঃ কৰ্ণাটক স্বাস্থ্য ও মেডিকেল শিক্ষা মন্ত্ৰী ডাঃ কে. সুধাকৰে কয় যে ৰাজ্যখনত কভাক্সিনৰ ট্ৰায়েল সফল হবলৈ গৈ আছে আৰু কভিড-১৯ৰ ভেকচিন বিতৰণৰ অৰ্থে ৰাজ্যখন সম্পূৰ্ণৰূপে সাজু। বিদেহী ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স এণ্ড ৰিচাৰ্ছ চেন্টাৰত ভাৰত বাঅটেকৰ কভাক্সিনৰ ৩য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ শুভাৰম্ভ কৰিয়েই মন্ত্ৰীজনে এইদৰে কয়। কভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত ষ্টেট টেকনিকেল এডভাইচৰী কমিটিয়ে নৱ বৰ্ষৰ ৰাজহুৱা উদযাপন বাৰণ আৰু ২৬ ডিচেম্বৰৰপৰা ১ জানুৱাৰীলৈকে নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
  • অন্ধ্ৰ প্ৰদেশঃ ২০২১ ৰ ফেব্ৰৱাৰীত স্থানীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে। ইয়াত পঞ্চায়তী ৰাজ বিভাগৰ প্ৰধান সচিব গোপাল কৃষ্ণ দ্বিবেদীয়ে উল্লেখ কৰে যে এইটো এটা একপক্ষীয় সিদ্ধান্ত। প্ৰধান সচিবজনে উচ্চ ন্যায়ালয়ক যথোচিত আলোচনা অবিহনে নিৰ্বাচন অনুষ্ঠিত কৰাত ৰাজ্যিক নিৰ্বাচন আয়োগক বাধা প্ৰদানৰ আহ্বান জনায়।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৫৬৫ জন লোকৰ দেহত কভিড-১৯ ধৰা পৰিছে। একে সময়ছোৱাত আৰোগ্য লাভ কৰিছে ৯২৫ জন ৰোগীয়ে ও মৃত্যু হৈছে এজন ৰোগীৰ। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা হৈছে ২,৭০,৮৮৩ টা। সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৯,২৬৬ টা, মৃত্যুৰ ঘটনা ১৪৬২ টা, ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২,৬০,১৫৫ জন। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ হৈছে ৯৬.০৩ শতাংশ। যি হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯৪ শতাংশ।

 

ফেক্ট চেক

Image

Image

*******

YB



(Release ID: 1677901) Visitor Counter : 135