স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১৩২ দিনৰ পাছত ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪.২৮লাখলৈ হ্ৰাস পাইছে

বিগত ৩দিনত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা প্ৰায় ৩০হাজাৰকৈ হৈছে

Posted On: 02 DEC 2020 11:30AM by PIB Guwahati

ভাৰতৰ চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা উল্লেখযোগ্যভাৱে আজি ৪,২৮,৬৪৪জনলৈ হ্ৰাস পাইছে৷ এয়া ১৩২দিনৰ ভিতৰতে নিম্ন হৈছে৷ ২০২০ৰ ২৩ জুলাইত মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪,২৬,১৬৭জন আছিল৷

চিকিৎসাধীন ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাই বৰ্তমান ভাৰতত মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে ৪.৫১%হে আছে৷

WhatsApp Image 2020-12-02 at 10.32.49 AM.jpeg

বিগত ৩দিনত দেশত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ৩০হাজাৰকৈ হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩৬,৬০৪জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৩,০৬২জন ৰোগী আৰোগ্য হৈছে৷ বিগত পাঁচ দিন একেৰাহে নতুন আক্ৰান্ত লোকতকৈ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা অধিক হৈছে৷

WhatsApp Image 2020-12-02 at 10.36.03 AM.jpeg

আজি দেশত মুঠ আৰোগ্যৰ হাৰ ৯৪.০৩%লৈ উন্নীত হৈছে৷

দেশত মুঠ আৰোগ্য ক’ভিড ৰোগীৰ সংখ্যা ৮৯,৩২,৬৪৭জন হৈছে৷ মুঠ চিকিৎসাধীন আৰু আৰোগ্য হোৱা লোকৰ মাজৰ ব্যৱধান আজি ৮৫,০৪,০০৩লৈ বৃদ্ধি পাইছে৷

নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৮.৩৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

এদিনত আৰোগ্য ৰোগীৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৬,২৯০জনৰ লগতে কেৰালা আৰু দিল্লীত ক্ৰমে ৬,১৫১ আৰু ৫,০৩৬জন হৈছে৷

WhatsApp Image 2020-12-02 at 10.26.55 AM.jpeg

নতুন আক্ৰান্ত লোকৰ ভিতৰত ৭৭.২৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাত সৰ্বাধিক ৫,৩৭৫ আৰু মহাৰাষ্ট্ৰত ৪,৯৩০জন নতুনকৈ আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-12-02 at 10.26.51 AM.jpeg

দেশত বিগত ২৪ ঘণ্টাত ৫০১ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷

ইয়াৰে ৭৯.৮৪%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৯৫জনৰ মৃত্যু হৈছে৷ দিল্লী আৰু পশ্চিমবংগত ক্ৰমে ৮৬ আৰু ৫২জন ৰোগীৰ মৃত্যু হৈছে৷

WhatsApp Image 2020-12-02 at 10.26.54 AM.jpeg

****

MV/SJ/DB



(Release ID: 1677694) Visitor Counter : 196