প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘জেন্নোৱা বায়’ফাৰ্মা’, ‘’ল’জিকেল ই’ আৰু ‘ড০ ৰেড্ডী’ৰ দলৰে কাইলৈ বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
29 NOV 2020 6:19PM by PIB Guwahati
ক’ভিড-১৯ৰ প্ৰতিষেধক বিকশিত কৰা অভিযানৰে জড়িত থকা ‘জেন্নোৱা বায়’ফাৰ্মা’, ‘বায়’ল’জিকেল ই’ আৰু ‘ড০ ৰেড্ডী’ৰ দলৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে কাইলৈ এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হ’ব।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “কাইলৈ, ৩০ নৱেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ক’ভিড-১৯ৰ প্ৰতিষেধক বিকশিত কৰা কাৰ্যৰে জড়িত তিনিটা দলেৰে বাৰ্তালাপ কৰিব। তেওঁ বাৰ্তালাপ কৰিবলগীয়া দলকেইটা হৈছে জেন্নোৱা বায়’ফাৰ্মা, বায়’ল’জিকেল ই আৰু ড০ ৰেড্ডীৰ প্ৰতিনিধি গোট”।
***
DS/SH
(ৰিলিজ আই ডি : 1677111)
অতিথি কক্ষ : 198
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam