স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক নতুন ঘটনাৰ ৬৯% হৈছে আঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ মহাৰাষ্ট্ৰ, দিল্লী, কেৰালা, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু চত্তীশগড়ৰ

প্ৰতি নিযুত জনসংখ্যাত টেষ্টে অতিক্ৰম কৰিলে ১ লাখৰ সীমা

২৩ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুত জনসংখ্যাত টেষ্টৰ পৰিমাণ ৰাষ্ট্ৰীয় গড়তকৈ অধিক

Posted On: 28 NOV 2020 11:32AM by PIB Guwahati

আজি ভাৰতত সক্ৰিয় কেছল’ডৰ পৰিমাণ হৈছে ৪,৫৪,৯৪০ টা। বৰ্তমান উক্ত সক্ৰিয় কেছল’ড ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ ৪.৮৭%।

দেশখনত যোৱা ২৪ ঘন্টাত নতুন নিশ্চিত ক’ভিড ঘটনাৰ পৰিমাণ হৈছে ৪১,৩২২ টা।

দৈনিক নতুন ঘটনাৰ ৬৯.০৪% হৈছে আঠ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ মহাৰাষ্ট্ৰ, দিল্লী, কেৰালা, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু চত্তীশগড়ৰ।

মহাৰাষ্ট্ৰত নতুন ক’ভিড ঘটনাৰ সংখ্যা সৰ্বাধিক ৬,১৮৫ টা। দিল্লীত এই ঘটনাৰ পৰিমাণ ৫,৪৮২ টাৰ বিপৰীতে ইয়াৰ পাছতে থকা কেৰালাৰ নতুন ঘটনাৰ সংখ্যা হৈছে ৩,৯৬৬ টা।

আজি প্ৰতি নিযুত জনসংখ্যাত টেষ্টে ১ লাখৰ সীমা অতিক্ৰম কৰে। ভাৰতত প্ৰতি নিযুত জনসংখ্যাত কৰা টেষ্টৰ পৰিমাণ হৈছে ১০০,১৫৯.৭।

যোৱা ২৪ ঘন্টাত ১১,৫৭,৬০৫ টা টেষ্ট সম্পন্নৰে, মুঠ সম্পন্ন টেষ্টৰ পৰিমাণ হৈছে ১৩.৮২ কোটি (১৩,৮২,২০,৩৫৪)

টেষ্টিং আন্তঃগাঁথনিৰ বৰ্ধিত আৰু প্ৰগতিশীল সম্প্ৰসাৰণে টেষ্টিঙৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১১৭৫ টা চৰকাৰী লেবৰেটৰী আৰু ৯৮৬ টা ব্যক্তিগত লেবৰেটৰীৰে দেশখনত ২,১৬১ টা টেষ্টিং লেবে দৈনিক টেষ্টিং ক্ষমতা বৃদ্ধি কৰি তুলিছে।

ৰাষ্ট্ৰীয় প্ৰৱণতা অনুসৰণ কৰি, ২৩ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুত জনসংখ্যাত টেষ্টৰ পৰিমাণ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

১৩ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুত জনসংখ্যাত টেষ্টৰ পৰিমাণ ৰাষ্ট্ৰীয় গড়তকৈ কম হৈ আছে।

ভাৰতত মুঠ আৰোগ্য লাভৰ ঘটনাৰ পৰিমাণ হৈছে ৮৭.৫৯ লাখ (৮,৭৫৯,৯৬৯)। আজি ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ ৯৩.৬৮% হয়।

দেশখনত যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪১,৪৫২ টা।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৬.৫৫% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

৫,৯৩৭ নতুনকৈ ডিচাৰ্জ লাভৰ ঘটনাৰে দিল্লীত সৰ্বাধিক ৰোগীয়ে এদিনতে আৰোগ্য লাভ কৰিছে। কেৰালাত ৪,৫৪৪ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪,০৮৯ টা।

যোৱা ২৪ ঘন্টাত সংঘটিত ৪৮৫ টা মৃত্যুৰ ঘটনাৰ ৭৮.৩৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

দিল্লীত সৰ্বাধিক ৯৮ টা নতুনকৈ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনা ৮৫ ৰ বিপৰীতে ইয়াৰ পাছতেই থকা পশ্চিম বংগৰ মৃত্যুৰ ঘটনাৰ সংখ্যা হৈছে ৪৬ টা।

****

MV/SJ/SB



(Release ID: 1676905) Visitor Counter : 127