প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত – লাক্সেমবাৰ্গ ভাৰ্চুৱেল সন্মিলনত যৌথ বিবৃতি

Posted On: 19 NOV 2020 8:24PM by PIB Guwahati

১) প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেণ্ড ডাচি অৱ লাক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ জেভিয়াৰ বেট্টেলৰ মাজত ১৯ নৱেম্বৰ তাৰিখে ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত প্ৰথম শীৰ্ষ সন্মিলন ভাৰ্চুৱেলি অনুষ্ঠিত হয়।


২) উভয় প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰৰ পাৰস্পৰিক মূল্যবোধ, স্বাধীনতা, আইনৰ শাসন আৰু মানৱাধিকাৰ ৰক্ষাৰ ওপৰত ভিত্তি কৰি ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত দৃঢ় সম্পৰ্কৰ বিষয়ে গুৰুত্ব দিয়ে।


৩) দুই নেতাই ১৯৪৮ চনত কূটনৈতিক সম্পৰ্ক গঢ়ি উঠাৰ পিছত সুদীৰ্ঘ সাত দশক ধৰি দুয়ো দেশৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ বিষয়ে সন্তোষ প্ৰকাশ কৰে। এই সময়ত বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট দৃঢ় হৈছে, কিন্তু তেওঁলোকে মন কৰে যে পুনৰ্নবীকৰণযোগ্য ইন্ধন, জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে সংগ্ৰাম, ব্যৱসায়-বাণিজ্য, অৰ্থনীতি, তীখা, মহাকাশ, আইচিটি, উদ্ভাৱন, উৎপাদন ক্ষেত্ৰ, বাহন নিৰ্মাণ শিল্প আৰু স্থিতিশীল উন্নয়নৰ বিভিন্ন বিষয়ক এই সম্পৰ্কই আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিবোৰ সুযোগ কামত লগাব লাগিব, সেইবোৰক কামে-কাজে লগাব লাগিব।


৪) ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনাত তেওঁ সন্তোষ প্ৰকাশ কৰে। ক’ভিড-১৯ মহামাৰীৰ কাৰণে গ্ৰেণ্ড ডিউকৰ এইবছৰৰ ভাৰত ভ্ৰমণ বাতিল হৈছে। পাৰস্পৰিক সুবিধাজনক সময়ত মহামাৰীৰ পৰিস্থিতি আঁতৰ হ’লে এই ভ্ৰমণ পৰৱৰ্তী সময়ত কৰা হ’ব।


৫) পাৰস্পৰিক স্বাৰ্থত সংশ্লিষ্ট আন্তৰ্জাতিক বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু লাক্সেমবাৰ্গৰ মধ্যে অভিন্ন চিন্তাধাৰাৰ বিষয়ে উভয় নেতাই সহমত পোষণ কৰিছে। দুয়োখন দেশৰ মাজত সহযোগিতা আৰু বুজাপৰা আৰু দৃঢ় কৰাৰ বিষয়ে তেওঁ অঙ্গীকাৰ কৰিছে। ভাৰতৰ বিদেশ মন্ত্ৰালয় আৰু লাক্সেমবাৰ্গৰ বিদেশ আৰু ইউৰোপীয় বিষয়ক মন্ত্ৰালয়ৰ মাজত প্ৰতিষ্ঠানিক পৰ্যায়ত নিয়মিত দ্বিপাক্ষিক আলোচনাৰ উদ্যোগক তেওঁ স্বাগতম জনাইছে।
অৰ্থনৈতিক সম্পৰ্ক


৬) ভাৰত আৰু লাক্সেমবাৰ্গে দুয়োখন দেশতে পাৰস্পৰিক উপস্থিতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু উভয় দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি পোৱাৰ প্ৰৱণতাক দুই প্ৰধানমন্ত্ৰীয়ে স্বাগতম জনাইছে। বাণিজ্যিক সহযোগিতাৰ নতুন নতুন সুযোগ বিচাৰি পোৱাৰ ক্ষেত্ৰত তেওঁলোক একমত হৈছে। ভাৰতীয় আৰু লাক্সেমবাৰ্গৰ কোম্পানীবোৰৰ মাজত পাৰস্পৰিক বাণিজ্য সহযোগিতা বৃদ্ধি আৰু ইনভেষ্ট ইণ্ডিয়া আৰু লুকছিমনোভিশ্যনৰ মাজত সহযোগিতা সংক্ৰান্তীয় চুক্তি স্বাক্ষৰ হোৱাত উভয় প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে।


৭) ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত তীখা ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ বিষয়টোৰ কথা উল্লেখ কৰি উভয় নেতাই ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ আৰু নতুন উদ্যোগক আৰ্থিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত নতুন নতুন সুযোগ কামত লগোৱাৰ আহ্বান জনাইছে। লাক্সেমবাৰ্গৰ কোম্পানীবোৰে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত যেনে পৰিৱেশ, পৰিৱেশ অনুকূল ইন্ধন, স্থিতিশীল প্ৰযুক্তি আৰু পৰিচ্ছন্ন গঙ্গা মিশ্যনৰ দৰে প্ৰকল্পত উৎসাহ যোগোৱাৰ বিষয়টোকো তেওঁলোকে স্বাগতম জনাইছে।


৮) সপ্তদশ যৌথ আৰ্থিক কমিশ্যনে ভাৰত আৰু বেলজিয়াম – লাক্সেমবাৰ্গ আৰ্থিক ইউনিয়নৰ মাজত অৰ্থনৈতিক আৰু ব্যৱসায়-বাণিজ্য সম্পৰ্কৰ পৰ্যালোচনাৰ বিষয়ে দুয়োগৰাকী নেতাই আগ্ৰহ প্ৰকাশ কৰিছে।


৯) সৰবৰাহ শৃঙ্খলাক আৰু প্ৰাণৱন্ত, বৈচিত্ৰ্যময়, দায়িত্বশীল আৰু স্থিতিশীল কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন উদ্যোগৰ বিষয়ে দুয়োগৰাকী নেতাই মত বিনিময় কৰিছে। তেওঁলোকে বিশ্বজুৰি বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ ব্যৱসায়-বাণিজ্য আৰু পাৰস্পৰিক নিৰ্ভৰতা আৰু বিভিন্ন ক্ষেত্ৰত জটিলতাৰ ফলত সৰবৰাহ শৃঙ্খলাত বিগত এক দশক ধৰি সৃষ্টি হোৱা পৰিস্থিতিক লৈ আলোচনা কৰিছে। সংশ্লিষ্টসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰি পাৰস্পৰিক নিৰ্ভৰতা আৰু প্ৰাণৱন্ত সম্পৰ্ক নিশ্চিত কৰি ভৱিষ্যতে সৰবৰাহ শৃঙ্খলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰতো সহমত পোষণ কৰিছে।


আৰ্থিক বিষয়


১০) পৰিৱেশ অনুকূল উন্নয়ন আৰু স্থিতিশীল উন্নয়নৰ ক্ষেত্ৰত আৰ্থিক সহায়তাৰ গুৰুত্বৰ কথা বিবেচনা কৰি লাক্সেমবাৰ্গ ষ্টক এক্সচেঞ্জেৰ সৈতে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইণ্ডিয়া ইণ্টৰনেশ্যনেল ষ্টক এক্সচেঞ্জৰ মাজত সহযোগিতা সংক্ৰান্তীয় চুক্তি স্বাক্ষৰ হোৱাক দুয়োগৰাকী নেতাই স্বাগতম জনাইছে। কমিশ্যন দ্য ছাৰভেইলেন্স দ্যু ছেক্টুৰ ফিনাৰছিয়েৰ (চিএছএছএফ) আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)-ৰ মাজত চুক্তিৰ বিষয়ে দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰিছে। ইয়াৰ ফলত আৰ্থিক ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পাব। এই প্ৰসঙ্গত আৰ্থিক ক্ষেত্ৰত সহযোগিতাৰ সম্পৰ্কক  আৰু দৃঢ় কৰাৰ বিষয়ে উভয় প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰী বেট্টেলে কয়, লাক্সেমবাৰ্গ হ’ল ইউৰোপত আন্তৰ্জাতিক আৰ্থিক কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ স্থান। লাক্সেমবাৰ্গ ভাৰতৰ আৰ্থিক সেৱা শিল্পক আন্তৰ্জাতিক বজাৰত আৰু অধিক সমৃদ্ধশালী ইউৰোপীয় আৰু আন্তৰ্জাতিক বিনিয়োগকাৰীসকলৰ কাষলৈ যোৱাত সহায় কৰিব।


১১) দুয়োগৰাকী নেতাই আন্তৰ্জাতিক পৰিৱৰ্তনত আৰ্থিক শিল্পৰ সহযোগিতাৰ বিষয়টোক স্বীকৃতি দিছে আৰু স্থিতিশীল আৰু পৰিৱেশ অনুকূল অৰ্থনীতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছে। এই প্ৰসঙ্গতে তেওঁলোকে স্থিতিশীল আৰ্থিক ব্যৱস্থাৰ উন্নয়নত বিভিন্ন ক্ষেত্ৰক চিহ্নিত কৰি যৌথ উদ্যোগৰ মাধ্যমেৰে সেয়া আগুৱাই লৈ যোৱাৰ ওপৰত একমত হৈছে। আৰ্থিক ক্ষেত্ৰৰ উদ্ভাৱন, ডিজিটাইজেশ্যনৰ গুৰুত্বৰ বিষয়ে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত পোষণ কৰিছে। তেওঁলোকে আৰ্থিক প্ৰযুক্তি আৰু নতুন নতুন উদ্যোগৰ সম্ভাৱনাৰ দিশবোৰ চিহ্নিত কৰি পৰস্পৰৰ সৈতে যোগাযোগ বৃদ্ধি কৰাৰ ওপৰত জোৰ দিছে।


মহাকাশ আৰু ডিজিটেল সহযোগিতা


১২) মহাকাশ ক্ষেত্ৰত ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত সহযোগিতাৰ বিষয়টোক ইতিবাচক বুলে দুয়োগৰাকী নেতাই মন কৰে। কৃত্ৰিম উপগ্ৰহৰ মাধ্যমেৰে বেতাৰ আৰু টেলিভিশ্যনৰ অনুষ্ঠানৰ সম্প্ৰচাৰ আৰু লাক্সেমবাৰ্গভিত্তিক মহাকাশ সংস্থাবোৰে ভাৰতত সিঁহতৰ কৃত্ৰিম উপগ্ৰহবোৰ উৎক্ষেপণৰ বিষয়ে সহযোগিতাৰ ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰিছে। ইছৰোৱে ৭ নৱেম্বৰ তাৰিখে পিএচএলভি-চি৪৯ মিশ্যনত লাক্সেমবাৰ্গৰ যি চাৰিটা কৃত্ৰিম উপগ্ৰহ সফলভাৱে উৎক্ষেপণ কৰিছে দুয়োগৰাকী নেতাই সেই বিষয়টোও উল্লেখ কৰিছে। ভৱিষ্যতে বহিৰ্বিশ্বত শান্তিপূৰ্ণ উদ্দেশ্যে এই সহযোগিতা  আৰু বৃদ্ধি পাব আৰু দুয়োখন দেশৰ চৰকাৰৰ মাজত ইয়াকে লৈ আলাপ আলোচনা চলিছে।


১৩) ক’ভিড-১৯ মহামাৰীৰ ফলত ডিজিটেল ব্যৱস্থাপনাৰ দ্ৰুতগতিত ব্যৱহাৰ বৃদ্ধি পোৱাৰ বিষয়টোত দুয়োগৰাকী নেতাই ভৱিষ্যৎ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত জোৰ দিছে। ডিজিটেল ইণ্ডিয়া আৰু ডিজিটেল লাক্সেমবাৰ্গ কাৰ্যসূচীৰ মাধ্যমেৰে ডিজিটেলাইজেশ্যনৰ প্ৰক্ৰিয়াক দুয়ো দেশে আগুৱাই নিছে, এই ক্ষেত্ৰত সাম্ভাৱ্য সহযোগিতাৰ বিষয়টোত দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰিছে।


উচ্চ শিক্ষা আৰু গৱেষণা


১৪) স্নায়ুৰোগৰ চিকিৎসাৰ বাবে ভাৰতৰ নেশ্যনেল ব্ৰেইন ৰিচাৰ্চ চেণ্টাৰ আৰু লাক্সেমবাৰ্গৰ দুটা সংস্থা ক্ৰমে লাক্সেমবাৰ্গ ইন্সটিটিউট অৱ হেল্থ আৰু লাক্সেমবাৰ্গ চেণ্টাৰ ফৰ চিষ্টেম বায়’-মেডিচিনৰ মাজত সহযোগিতা সন্দৰ্ভত দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰিছে। দুখন দেশৰ উচ্চশিক্ষাত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে তেওঁলোকে সহমত পোষণ কৰিছে আৰু বোম্বে, কাণপুৰ আৰু মাদ্ৰাজ আইআইটি আৰু নেশ্যনেল ল-স্কুল অৱ ইণ্ডিয়াৰ সৈতে লাক্সেমবাৰ্গ বিশ্ববিদ্যালয়ৰ সহযোগিতা আৰু বৃদ্ধি কৰাৰ বিষয়ে গুৰুত্ব দিছে।


সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত যোগাযোগ


১৫) দুয়োগৰাকী নেতাই বৰ্তমান আন্তৰ্জাতিক পৰিৱেশত ভাৰত আৰু লাক্সেমবাৰ্গে যে অহিংসা নীতি অনুসৰণ কৰে সেই বিষয়টো উল্লেখ কৰিছে। মহাত্মা গান্ধীৰ ১৫০ তম জন্মবাৰ্ষিকী উপলক্ষে ২০১৯ চনত লাক্সেমবাৰ্গত যি স্মাৰক ডাক টিকট প্ৰকাশ কৰিছে তাক লৈ শ্ৰী মোদীয়ে ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰী বেট্টেলে কয়, এই স্মাৰক ডাক টিকটত লাক্সেমবাৰ্গ চহৰৰ পৌৰ উদ্যানত থকা মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ মূৰ্তিৰ ছবি আছে। ভাৰতীয় শিল্পী অমৰ নাথ ছেহগল, যিয়ে ভাৰত আৰু লাক্সেমবাৰ্গত দুটা দশক ধৰি অহা-যোৱা কৰিছে, উল্লেখ্য যে তেৱেই সেই ব্ৰঞ্জৰ মূৰ্তিটো নিৰ্মাণ কৰিছিল।


১৬) দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়েই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক দৃঢ় কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিছে। ইয়াৰ বাবে জনসাধাৰণৰ মাজত যোগোযোগ বৃদ্ধি কৰিব লাগিব। লাক্সেমবাৰ্গত বসবাস কৰি থকা ভাৰতীয়সকলৰ ইতিবাচক অৱদানৰ কথা তেওঁলোকে স্বীকাৰ কৰিছে। লাক্সেমবাৰ্গত ভাৰতীয়সকলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন দেশৰ মাজত যোগাযোগ বৃদ্ধি কৰিবৰ বাবে অভিবাস আৰু যোগাযোগ সংক্ৰান্তীয় চুক্তি ক্ষীপ্ৰতাৰে সম্পন্ন কৰা আৰু ভাৰত তথা বেনেলুক্সৰ মাজত কূটনৈতিক আৰু বিষয়াসকলৰ ভিছাৰ ক্ষেত্ৰত বিশেষ ৰেহাই সংক্ৰান্তীয় চুক্তিখনো ক্ষীপ্ৰতাৰে বাস্তৱায়িত কৰাৰ ওপৰত জোৰ দিয়া হৈছে।


ক’ভিড-১৯ মহামাৰী


১৭) ক’ভিড-১৯ মহামাৰীত স্বাস্থ্য আৰু আৰ্থ-সামাজিক বিষয়ত যি প্ৰভাৱ পৰিছে তাক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰিছে। তেওঁলোকে এই মহামাৰীৰ মোকাবিলাৰে বিশ্বজুৰি মিত্ৰজোঁট সৃষ্টিৰ ওপৰত গুৰুত্ব দিছে। ক’ভিডৰ পিছৰ সময়ছোৱাত আৰ্থ-সামাজিক ক্ষেত্ৰত স্থিতিশীলতা আনিবলৈ আৰু অৰ্থনৈতিক উন্নয়ন আৰু আৰ্থিক ক্ষেত্ৰত প্ৰাণৱন্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ তেওঁলোক ৰাজি হৈছে। ভাৰত-ইউৰোপীয় ইউনিয়নে অংশীদাৰীত্বৰ পৰিকাঠামোৰ মাজত সহযোগিতা বৃদ্ধি, মুক্ত, স্বচ্ছ আৰু দ্ৰুত তথ্যৰ আদান-প্ৰদানৰ ওপৰত তেওঁলোকে জোৰ দিছে। বিশ্ব স্বাস্থ্য সংস্থাসহ বিভিন্ন আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ প্ৰাসঙ্গিকতাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।


ইউৰোপীয় ইউনিয়ন-ভাৰত সম্পৰ্ক


১৮) গণতান্ত্ৰিক মূল্যবোধ, স্বাধীনতা, আইনৰ শাসন, মানৱাধিকাৰক সন্মান, নিৰাপদ, পৰিৱেশ বান্ধৱ আৰু স্থিতিশীল পৃথিবীৰ বাবে ভাৰত আৰু ইউৰোপীয় ইউনিয়নে (ইইউ) যি কৌশলগত অংশীদাৰীত্বত বিশ্বাস কৰে, দুয়োগৰাকী নেতাই তাক স্বীকৃতি দিছে। এই প্ৰসঙ্গতে তেওঁলোকে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত ১৫ জুলাই তাৰিখে ভাৰ্চুৱেলি যি সফলতম শীৰ্ষ বৈঠক হৈছিল তাত সন্তোষ প্ৰকাশ কৰিছে দুয়োগৰাকী  নেতাই। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অভিন্ন স্বাৰ্থ, সৰ্বাঙ্গীন স্থিতিশীল আৰু আইন অনুসৰি যোগাযোগ বৃদ্ধি কৰিবলৈ দুয়োগৰাকী নেতাই সহমত পোষণ কৰিছে। ইউৰোপীয় ইউনিয়নৰ প্ৰতিষ্ঠাতা সদস্য হিচাপে লাক্সেমবাৰ্গৰ ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত সম্পৰ্কক অধিক মজবুত কৰিবলৈ গঠনমূলক ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী বেট্টেলে ভাৰত আৰু EU-ৰ মাজৰ সম্পৰ্কক  আৰু বৈচিত্ৰ্যপূৰ্ণ আৰু দৃঢ় কৰাৰ ওপৰত জোৰ দিছে আৰু একেধাৰে নিৰাপত্তা, সমৃদ্ধি আৰু স্থিতিশীল উন্নয়নৰ অংশীদাৰ হোৱাৰ বিষয়ত অভিন্ন স্বাৰ্থ মানি চলে বুলি জনাইছে।


১৯) ভাৰত আৰু EU ৰ মাজৰ আৰ্থিক সম্পৰ্কৰ উন্নয়নৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই কয় যে ক’ভিডৰ পিছৰ সময়খিনিত আৰ্থিক উন্নয়নৰ নিৰিখৰ বাবে এই সম্পৰ্ক অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁলোকে সুসমভাৱে উচ্চাকাঙ্খী এক পাৰস্পৰিক সুবিধাযুক্ত মুক্ত বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ লক্ষ্যৰে কাম কৰাৰ বিষয়ে ঐক্যমতত উপনীত হৈছে।


বহুস্তৰীয় সহযোগিতা


২০) ফলপ্ৰসু আৰু সংস্কাৰমুখী বহুস্তৰীয়বাদ আৰু ৰাষ্ট্ৰসংঘ তথা বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম দুয়োখন দেশেই মানি চলিব বুলি দুয়োগৰাকী নেতাই জনাইছে। স্থিতিশীল উন্নয়নৰ লক্ষ্যৰে পৰিৱেশ ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত তেওঁলোকে তেওঁলোকৰ সহযোগিতাৰ অঙ্গীকাৰ পুৰ্নব্যক্ত কৰিছে।


২১) এই প্ৰসঙ্গতে পেৰিছ চুক্তি ৰূপায়ন কৰা সংক্ৰান্তত তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা জনাইছে। এই চুক্তি অনুসৰি দুয়োখন দেশেই বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অঙ্গীকাৰ অনুযায়ী কাম কৰিব। পৰিৱেশ অনুকূলতাৰ ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগ বৃদ্ধি কৰিবলৈ ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম অন ছাষ্টেটেইনেবল ফিনান্স আৰু আৰ্ন্তজাতিক সৌৰজোটত দুয়োখন দেশে একত্ৰিত হৈ কাম কৰিব। আন্তৰ্জাতিক সৌৰজোঁটত লাক্সেমবাৰ্গে যোগ দিব বুলি প্ৰধানমন্ত্ৰী বিট্টেলে ঘোষণা কৰিছে।


২২) ছেণ্ডাই ফ্ৰেমৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন চুক্তিখন বাস্তৱায়নৰ বাবে দুয়ো দেশেই সহযোগিতাৰ কথা জনাইছে। ইয়াৰ ফলত বিপৰ্যয়ৰ সময়ত ক্ষয়ক্ষতি পৰিহাৰ কৰিব পৰা যাব। কোৱেলিশ্যন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত সহযোগিতা আৰু বৃদ্ধি কৰাৰ বিষয়ে দুয়োগৰাকী নেতাই সহমত পোষণ কৰিছে।

 

২৩) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ২০২১-২২ বৰ্ষত অস্থায়ী সদস্য হিচাপে ভাৰত নিৰ্বাচিত হোৱাক প্ৰধানমন্ত্ৰী বেট্টেলে স্বাগতম জনাইছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধিৰ লগতে ইয়াৰ সংস্কাৰত লাক্সেমবাৰ্গৰ সমৰ্থনৰ কথা তেওঁ পুৰ্নব্যক্ত কৰিছে। আন্তঃচৰকাৰী আলাপ-আলোচনা চলাই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৫তম অধিবেশনত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া বাস্তৱায়নৰ বাবে দুয়োগৰাকী নেতাই একমত পোষণ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত স্থায়ী সদস্য হোৱা বিষয়টোক প্ৰধানমন্ত্ৰী বেট্টেলে তেওঁৰ দেশৰ সমৰ্থনৰ কথা জনাইছে। মিছাইল টেকন’লজী কণ্ট্ৰ’ল ৰেজিম, নিউক্লিয়াৰ ছাপ্লায়াৰ্ছ গ্ৰুপত ভাৰতৰ অন্তৰ্ভুক্তিক লাক্সেমবাৰ্গে সমৰ্থন কৰে। ৰাষ্ট্ৰসংঘত লাক্সেমবাৰ্গ সদস্য হোৱাৰ বিষয়ে আৰু ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত ২০২২-২৪ বৰ্ষত লাক্সেমবাৰ্গৰ প্ৰাৰ্থীপদক ভাৰতে সমৰ্থন জনাইছে। প্ৰধানমন্ত্ৰী বেট্টেলে ইয়াৰ বাবে ভাৰতৰ প্ৰশংসা কৰিছে।


২৪) আন্তৰ্জাতিক সন্ত্ৰাসবাদ আৰু সীমান্তৰ অন্য প্ৰান্তৰ পৰা সন্ত্ৰাসবাদক সাহায্য দিয়াৰ দৰে উদ্বেগজনক বিষয়ত দুয়োগৰাকী নেতাই শংকা প্ৰকাশ কৰিছে। যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ তেওঁলোকে বিৰোধিতা কৰে। ৰাষ্ট্ৰসংঘত বিভিন্ন আন্তৰ্জাতিক উদ্যোগসহ ফিনান্সিয়েল একশ্যন টাস্ক ফ’ৰ্ছে সন্ত্ৰাসবাদৰ মোকাবিলাত ভাৰত আৰু লাক্সেমবাৰ্গে সহযোগিতা বজায় ৰাখিব বুলে জনাইছে।


পৰিসমাপ্তি

২৫) ভাৰত আৰু লাক্সেমবাৰ্গৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ এক নতুন অধ্যায় সৃষ্টি হ’ল প্ৰথম শীৰ্ষ সন্মিলনত, এই বুলি কয় দুয়োগৰাকী নেতাই। এই দ্বিপাক্ষিক সম্পৰ্কক আৰু  প্ৰসাৰিত আৰু দৃঢ় কৰাৰ বাবে তেওঁলোকে তেওঁলোকৰ অঙ্গীকাৰ ব্যক্ত কৰিছে আৰু আন্তৰ্জাতিক, আঞ্চলিক আৰু বহুপাক্ষিক বিভিন্ন বিষয়ত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত জোৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰী বেট্টেলে প্ৰধানমন্ত্ৰী মোদীক লাক্সেমবাৰ্গ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে।
                                                                                      

 

*********


DS/SH/AK/RD



(Release ID: 1675550) Visitor Counter : 192