PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 NOV 2020 5:55PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

 

Image

৪খন ৰাজ্যলৈ কেন্দ্ৰই প্ৰেৰণ কৰিছে উচ্চস্তৰীয় দল; অচিনাক্ত অথবা ৰৈ যোৱা ৰোগীসকলৰ পৰীক্ষণৰ বাবে পৰীক্ষণৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ কেন্দ্ৰ চৰকাৰ পৰামৰ্শ, উচ্চ পৰ্যায়ৰ পৰীক্ষণৰ দ্বাৰা পজিটিভিটিৰ হাৰ নিম্নগামী হোৱাৰ নিশ্চিতি প্ৰদান হৈছে, সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ৰোগীৰ ৫%ৰ তলত আছে

কেন্দ্ৰীয় চৰকাৰে হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰলৈ উচ্চস্তৰীয় দল প্ৰেৰণ কৰিছে৷ ভাৰতত এই পৰ্যন্ত ১২,৯৫,৯১,৭৮৬ টা পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪  ঘণ্টাত ১০ লাখতকৈও অধিক (১০,৮৩,৩৯৭টা) পৰীক্ষণ সম্পন্ন হৈছে৷ মুঠ ৰাষ্ট্ৰীয় পজিটিভিটীৰ হাৰ ৬.৯৫% হৈছে৷ বিগত ২৪ ঘণ্টাত ৪৫,৮৮২ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ভাৰতত বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪,৪৩,৮৮২ জন৷ বিগত ২৪ ঘণ্টাত ৪৪,৮০৭ জন লোকে আৰোগ্য লাভ কৰাৰ লগতে আৰোগ্যৰ হাৰ হৈছে ৯৩.৬০%৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত অভিলেখসংখ্যক ৫০,০০০ত কৈও অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ  কাৰ্যকৰী হৈছে

এক নতুন সফলতাৰ দিশত ভাৰত চৰকাৰ ৷ প্ৰায় ৫০,০০০ আয়ুষ্মান ভাৰত  স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা হব ভাৰতত ৷ আয়ুষ্মান ভাৰত আচঁনি স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত গৃহীত কৰা হৈছে  ৷ মহামাৰী ক’ৰোনাক আগত ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷  ইয়াৰ জৰিয়তে প্ৰায় ২৫ কোটি লোকক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত ৫০,০০০ কেন্দ্ৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰত চৰকাৰে ৷ ইতিমধ্যে তিনিভাগৰ এভাগ স্থাপন কৰা হৈছে ৷ উল্লেখ্য, ২০১৮ চনতেই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু স্বাস্থ্য কেন্দ্ৰই  এই আঁচনিৰ জৰিয়তে সম্পুৰ্ণ স্বাস্থ্য সেৱা আগত ৰাখি উক্ত আঁচনিৰ প্ৰণয়ন কৰিছিল৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য মন্ত্ৰালয়ৰ ই-সঞ্জীৱনীয়ে সম্পূৰ্ণ কৰিলে  ৮ লাখ কনছালটেচন

ভাৰতত ডিজিটেল স্বাস্থ্য পদক্ষেপে এক উল্লেখযোগ্য স্থান লাভ কৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ই-সঞ্জীৱনী সেৱাই আজি ৮ লাখ কনছালনটেচন সম্পূৰ্ণ কৰিছে৷ ২৭খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত প্ৰায় ১১,০০০ত কৈও অধিক ৰোগীয়ে স্বাস্থ্য সেৱা গ্ৰহণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

 

আয়ুষ-ডিবিটি সহযোগিতাই ক’ভিড-১৯ৰ বৈজ্ঞানিক গৱেষণাক উন্নীত পৰ্যায়লৈ লৈ গৈছে

SARS-CoV-2ৰ ভাইৰাছৰ পশুৰ ওপৰত প্ৰথমটো পৰীক্ষা আয়ুষ মন্ত্ৰালয় আৰু ডিবিটিৰ অধীনত সম্পন্ন কৰা হৈছে আৰু ই অন্তিম পৰ্যায়ত উপনীত হৈছে৷ এই অধ্যয়নৰ জৰিয়তে দেশত SARS-CoV-2/ক’ভিড-১৯ৰ গৱেষণাৰ এক উল্লেখযোগ্য পৰ্যায়ত উপনীত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতে ভৱিষ্যতৰ বাবে ব্যয় সংকোচনী আৰু উদ্ভাৱনমূলক স্বাস্থ্যসেৱা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ শ্ৰী পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে এছি য়া হেল্থ ২০২০ সন্মিলনত ভাষণ প্ৰদান কৰি কয় যে চিকিৎসক আৰু ক’ৰোনা যোদ্ধাসকলৰ প্ৰয়াস অথলে নাযায়৷ ক’ভিড প্ৰতিষেধকৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশতে প্ৰস্তুত প্ৰতিষেধক নিৰ্মাণৰ কাম দ্ৰুত গতিত সম্পন্ন হ’বলৈ ধৰিছে৷

অধিক বিৱৰণৰ বাবে

 

এনচিচিআইআইত ভাষণ প্ৰদান কৰিলে  ডাঃ হৰ্ষৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে নেচনেল কাউন্সিল অব্ কনফেডাৰেচন অব্ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

 

প্ৰধানমন্ত্ৰীয়ে ২২ নৱেম্বৰত উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল ক্ষেত্ৰত গ্ৰামীণ খোৱাপানী যোগান পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ নৱেম্বৰত ১১:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল ক্ষেত্ৰৰ মিৰ্জাপুৰ আৰু সোণভদ্ৰ জিলাত গ্ৰামীণ খোৱাপানী যোগান পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে গাঁৱৰ জল তথা স্বচ্ছতা সমিতি/পানী সমিতিৰ সদস্যৰ সৈতেও কথা পাতিব। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব।এই পৰিকল্পনাৰ জৰিয়তে ২,৯৯৫খন গাঁৱৰ সকলো পৰিয়ালক নলীৰ পানীৰ সংযোগ দিয়া হ'ব। ইয়াৰ ফলত এই জিলা দুখনৰ ৪২ লাখ জনসাধাৰণ লাভবান হ'ব। এই সকলো গাঁৱত গ্ৰাম জল তথা স্বচ্ছতা সমিতি আৰু পানী সমিতি বনোৱা হৈছে যাৰ ওপৰত সঞ্চালন আৰু চোৱাচিতাৰ দায়িত্ব আছে। পৰিকল্পনাৰ মুঠ আনুমানিক ব্যয় ৫,৫৫৫.৩৮কোটি টকা। পৰিকল্পনা ২৪ মাহত সম্পূৰ্ণ কৰা হ'ব।

অধিক বিৱৰণৰ বাবে

 

নৱেম্বৰ ২১ -২২, ২০২০ তাৰিখে ১৫তম জি২০ নেতৃত্বৰ সন্মিলন

ছৌদি আৰৱৰ ৰজা ছালমান বিল আব্দুল আজিজ আল ছাউদৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-২২ নৱেম্বৰ ২০২০ তাৰিখে ১৫তম জি২০ সন্মিলনত অংশগ্ৰহণ কৰিব৷

অধিক বিৱৰণৰ বাবে

 

২১ নৱেম্বৰত গান্ধীনগৰ স্থিত ‘পণ্ডিত দীনদয়াল পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’ৰ ‘অষ্টম সমাৱৰ্তন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২১ নৱেম্বৰ, ২০২০ত গান্ধীনগৰ স্থিত ‘পণ্ডিত দীনদয়াল পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’ৰ ‘অষ্টম সমাৱৰ্তন’ত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। সেইদিনা পুৱা ১১.০০বজাত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিবলগা সমাৱৰ্তনত প্ৰায় ২৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী/ডিপ্লোমা প্ৰদান কৰা হ’ব। সমাৱৰ্তনৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা ৪৫ মেগাৱাট উত্পাদনক্ষম ‘মন’ক্ৰিষ্টেলাইন ছ’লাৰ ফ’টো ভল্টিক পেনেল’ আৰু ‘জল প্ৰযুক্তি’ সম্পৰ্কীয় এটা উত্কৰ্ষতাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই সমাৰোহৰ মাজতে প্ৰধানমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ চৌহদত স্থাপন কৰা ‘ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেণ্টাৰ- টেকন’লজী বিজনেছ ইনকিউবেশ্যন’, ‘ট্ৰেন্সলেশ্যন ৰিছাৰ্চ চেণ্টাৰ’ আৰু এটা ‘স্প’ৰ্টছ কমপ্লেক্স’ৰো শুভাৰম্ভ ঘোষণা কৰিব।

অধিক বিৱৰণৰ বাবে

‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ সৈতে আজি মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ দৰে বৈশ্বিক মহামাৰীত মৃত্যু আকোৱালি লোৱা লাক্সেমবাৰ্গৰ নাগৰিকসকলৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে এই সংকটৰ সময়ত দেশখনত প্ৰদান কৰা কুশলী নেতৃত্বৰ বাবে মহামহিম জেভিয়াৰ বেট্টেলক ভূয়সী প্ৰশংসা কৰে। ক’ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰত-লাক্সেমবাৰ্গৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পক্ষত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত ব্যক্ত কৰে। বিশেষকৈ বিত্তীয় প্ৰযুক্তি, সেউজ বিত্তীয় সহযোগিতা, মহাকাশ কাৰ্যক্ৰম, ডিজিটেল উদ্ভাৱন আৰু ষ্টাৰ্টআপ-ৰ দৰে প্ৰসংগত দুয়ো দেশৰ সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে নেতাদ্বয়ে। বিত্তীয় বজাৰ, ষ্টক এক্সেঞ্জ, আৰু ইন’ভেশ্যন সংস্থাসমূহৰ নিয়ন্ত্ৰণকে ধৰি দুয়োখন দেশৰ মাজত স্বাক্ষৰিত বিভিন্ন চুক্তিৰ সিদ্ধান্তসমূহক তেওঁলোকে আদৰণি জনায়। ক’ভিড-১৯ৰ দৰে মহামাৰী, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি অন্যান্য বৈশ্বিক প্ৰত্যাহ্বানসমূহক প্ৰতিহত কৰাৰ লগতে এক প্ৰভাৱশালী বহুপক্ষীয় ব্যৱস্থা গঢ়ি তোলাৰ বাবে সহযোগিতা শক্তিশালী কৰি তোলাৰ পক্ষতো তেওঁলোকে ঐকমত্য প্ৰকাশ কৰে। ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা’-‘আইএছএ’-ত লাক্সেমবৰ্গে অংশগ্ৰহণ কৰিম বুলি কৰা ঘোষণাক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। আৰু  ‘কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ’(চিডিআৰআই)-ত অংশগ্ৰহণ কৰাৰ বাবেও তেওঁ লাক্সেমবাৰ্গক আমন্ত্ৰণ জনায়। ক’ভিড-পৰিস্থিতি সাম কাটিলেই আৰু সামগ্ৰিক পৰিৱেশ উন্নত হ’লেই লাক্সেমবাৰ্গৰ ‘গ্ৰেণ্ড ডিউক’ আৰু প্ৰধানমন্ত্ৰী বেট্টেল ভাৰত ভ্ৰমণলৈ আহিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ইফালে প্ৰাধনমন্ত্ৰী বেট্টেলেও প্ৰধানমন্ত্ৰী মোডীক লাক্সেমবাৰ্গলৈ নিমন্ত্ৰণ জনায়।

অধিক বিৱৰণৰ বাবে

ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল সন্মিলনৰ যুটীয়া বিবৃতি

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি কোড, ২০২০ সন্দৰ্ভত খচৰা নীতি প্ৰণয়ন কৰিছে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ে পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি কোড ২০২০ সন্দৰ্ভত খচৰা নীতি প্ৰণয়ন কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • অসমঃ অসমত কালি ১৭৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১১০৪০ জন৷ ২০৬৮৭৫ জন লোকক মুকলি কৰি দিয়া হৈছে, সক্ৰিয়া ৰোগীৰ সংখ্যা হ’ল ৩১৯৩ জন আৰু ৯৬৯ জনৰ মৃত্যু হৈছে৷
  • ছিক্কিমঃ ছিক্কিমত ২৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ১ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৬৩২ জন৷ আৰোগ্য লাভ কৰিছে ৪১৮৬ জনে আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৫ জন৷
  • মহাৰাষ্ট্ৰঃ ৩১ ডিচেম্বৰ ২০২০ তাৰিখৰ পৰা মুম্বাইৰ পৌৰ নিগমৰ অধীনৰ বিদ্যালয়সমূহ বন্ধ থাকিব৷ বৰ্তমানে ৰাজ্যখনত প্ৰায় ৮০,০০০ জন সক্ৰিয় ৰোগী আছে৷
  • গুজৰাটঃ আজি নিশা ৯ বজাৰ পৰা  সপ্তাহান্তিকৰ সময়ছোৱাত আহমেদাবাদত সম্পূৰ্ণ কাৰ্ফিউৰ ঘোষণা কৰিছে৷ এই কাৰ্ফিউ আজি ৯ বজাৰ পৰা সোমবাৰৰ পুৱা ৬ বজালৈ অব্যাহত থাকিব৷
  • ৰাজস্থানঃ বিগত ২৪ ঘণ্টাত ২৫৪৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৮০০ জন৷ ভূপালত ৩০০ ৰো অধিক লোক পুনৰ ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত ১৯,৪০০ত কৈও অধিক সক্ৰিয় ৰোগী আছে৷
  • গোৱাঃ বৃহস্পতিবাৰে এজনো লোক ৰোগত আক্ৰান্ত হোৱা নাই৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৪৩ জন৷ দিনটোত ১৬২১ টা নমুনা পৰীক্ষণ কৰা হয়৷
  • কেৰালাঃ কালি ৫৭২২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়কে মুঠ ৰোগীৰ সংখ্যা হ’ল ৫,৪৫,৬৪১ জন৷ ৪,৭৫,৩২০ জন লোকে আৰোগ্য লাভ কৰিছে৷  ৬৮,২২৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে৷
  • তামিলনাডুঃ মুখ্যমন্ত্ৰী কে পালানিস্বামীয়ে জনায় যে ১২৩.৫৩ কোটি টকাৰ ৮৬টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ৪৬.৩২ কোটি টকা হিতাধিকাৰীসকললৈ আৱণ্টিত কৰা হৈছে৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিডৰ প্ৰাদুৰ্ভাৱ হ্ৰাস হৈছে, বিশেষজ্ঞসকলে এইদৰে জানিবলৈ দিয়ে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত পুষ্কৰালু উৎসৱ পৰম্পৰাগত আৰু বৈজ্ঞানিক পদ্ধতিৰে পালন কৰা হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৮৯৪ জন লোক ৰোগত আক্ৰান্ত হৈছে, ১০৫৭ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৪ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬১,৭২৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৫১৫ জন৷ মৃত্যু হৈছে ১৪২৩ জনৰ৷ আৰোগ্য লাভ কৰিছে ২,৪৭,৭৯০ জনে৷
  •  

ফেক্ট চেক

Image

**********



(Release ID: 1674594) Visitor Counter : 142