প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত ‘গ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গ’ৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 19 NOV 2020 6:55PM by PIB Guwahati

ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলনগ্ৰেণ্ড ডিউচী অব লাক্সেমবাৰ্গৰ প্ৰধানমন্ত্ৰী মহামহিম জেভিয়াৰ বেট্টেলৰ সৈতে আজি মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে

প্ৰধানমন্ত্ৰীয়ে কভিড-১৯ দৰে বৈশ্বিক মহামাৰীত মৃত্যু আকোৱালি লোৱা লাক্সেমবাৰ্গৰ নাগৰিকসকলৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে এই সংকটৰ সময়ত দেশখনত প্ৰদান কৰা কুশলী নেতৃত্বৰ বাবে মহামহিম জেভিয়াৰ বেট্টেলক ভূয়সী প্ৰশংসা কৰে।

ভিড-১৯-উত্তৰ পৰিস্থিতিত ভাৰত-লাক্সেমবাৰ্গৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ পক্ষত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত ব্যক্ত কৰে। বিশেষকৈ বিত্তীয় প্ৰযুক্তি, সেউজ বিত্তীয় সহযোগিতা, মহাকাশ কাৰ্যক্ৰম, ডিজিটেল উদ্ভাৱন আৰু ষ্টাৰ্টআপ-ৰ দৰে প্ৰসংগত দুয়ো দেশৰ সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে নেতাদ্বয়ে। বিত্তীয় বজাৰ, ষ্টক এক্সেঞ্জ, আৰু ইনভেশ্যন সংস্থাসমূহৰ নিয়ন্ত্ৰণকে ধৰি দুয়োখন দেশৰ মাজত স্বাক্ষৰিত বিভিন্ন চুক্তিৰ সিদ্ধান্তসমূহক তেওঁলোকে আদৰণি জনায়।

ভিড-১৯ৰ দৰে মহামাৰী, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি অন্যান্য বৈশ্বিক প্ৰত্যাহ্বানসমূহক প্ৰতিহত কৰাৰ লগতে এক প্ৰভাৱশালী বহুপক্ষীয় ব্যৱস্থা গঢ়ি তোলাৰ বাবে সহযোগিতা শক্তিশালী কৰি তোলাৰ পক্ষতো তেওঁলোকে ঐকমত্য প্ৰকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চা-আইএছএ-ত লাক্সেমবৰ্গে অংশগ্ৰহণ কৰিম বুলি কৰা ঘোষণাক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়আৰু  কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকশ্যাৰ(চিডিআৰআই)-ত অংশগ্ৰহণ কৰাৰ বাবেও তেওঁ লাক্সেমবাৰ্গক আমন্ত্ৰণ জনায়
ভিড-পৰিস্থিতি সাম কাটিলেই আৰু সামগ্ৰিক পৰিৱেশ উন্নত হলেই লাক্সেমবাৰ্গৰ গ্ৰেণ্ড ডিউকআৰু প্ৰধানমন্ত্ৰী বেট্টেল ভাৰত ভ্ৰমণলৈ আহিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ইফালে প্ৰাধনমন্ত্ৰী বেট্টেলেও প্ৰধানমন্ত্ৰী মোডীক লাক্সেমবাৰ্গলৈ নিমন্ত্ৰণ জনায়।

 

******

DS/SH/KB



(Release ID: 1674293) Visitor Counter : 141