প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 07 NOV 2020 4:51PM by PIB Guwahati

PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) আৰু ভাৰতৰ মহাকাশ উদ্যোগক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, আজি PSLV-C49/EOS-01 অভিযানৰ সফল উত্ক্ষেপনৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) আৰু ভাৰতৰ মহাকাশ উদ্যোগক মই অভিনন্দন জনাইছোঁ। কভিড-১৯ৰ সময়ত আমাৰ বিজ্ঞানীসকলে বহু বাধা অতিক্ৰম কৰি সময়সীমাত উপনীত হবলৈ সক্ষম হৈছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু লুক্সেমবৰ্গৰ প্ৰত্যেকৰে চাৰিটাকৈ আৰু লিথুৱেনিয়াৰ এটাকে ধৰি ৯টা ছেটেলাইটো এই অভিযানত উত্ক্ষেপন কৰা হয়।

 

 *******************************************************

DS/SH/KG



(Release ID: 1671104) Visitor Counter : 205