প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আইআইটি দিল্লীৰ দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 07 NOV 2020 2:42PM by PIB Guwahati

নমস্কাৰ,

মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান ৰমেশ পখৰিয়াল নিশাংক ডাঙৰীয়া, শ্ৰীমান সঞ্জয় ধত্ৰে ডাঙৰীয়া, বৰ্ড অব্ গভৰ্ণৰৰ অধ্যক্ষ ড০ আৰ চিদাম্বৰম মহোদয়, আইআইটি দিল্লীৰ সঞ্চালক অধ্যাপক বি ৰামগোপাল ৰাও মহোদয়, ব’ৰ্ড আৰু ছিনেটৰ সদস্যগণ, শিক্ষকমণ্ডলী, অভিভাৱক, যুৱ সহযোগী, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল!!!

আজি বিশ্বৰ বাবে প্ৰযুক্তি অতিশয় গুৰুত্বপূৰ্ণ৷ আজি আইআইটি দিল্লীৰ জৰিয়তে দেশৰ দুই হাজাৰতকৈ অধিত প্ৰযুক্তিৰ বিশাৰদ দেশে লাভ কৰিছে৷ যিসকল শিক্ষাৰ্থীয়ে আজি ডিগ্ৰী লাভ কৰিছে সেই সকলো সতীৰ্থক, তেওঁলোকৰ অভিভাৱকক বিশেষকৈ, তেওঁলোকৰ গাইড, শিক্ষক, সকলোকে আজিৰ এই মহত্বপূৰ্ণ দিনটোত মোৰ তৰফৰ পৰা অনেক শুভকামনা জনালো৷

আজি আইআইটি দিল্লীৰ ৫১তম দীক্ষান্ত সমাৰোহ আৰু চলিত বৰ্ষৰ পৰা এই মহান সংস্থাই হীৰক জয়ন্তীও পালন কৰিছে৷ আইআইটি দিল্লীয়ে এই দশকৰ বাবে নিজৰ বীক্ষণ তথ্যাৱলীও প্ৰস্তুত কৰিছে৷ মই হীৰক জয়ন্তী বৰ্ষ আৰু এই দশকৰ আপোনালোকৰ লক্ষ্যসমূহৰ বাবেও মই অনেক শুভকামনা জনাইছো আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতাৰ আস্থাও প্ৰদানো কৰিছো৷

আজি  মহান বৈজ্ঞানিক ড০ চি ভি ৰমণৰো জয়ন্তী৷ আজিৰ এই শুভক্ষণত তেওঁৰ জন্মদিনৰ সৈতে জড়িত হোৱাৰ অৱকাশো লাভ কৰা হৈছে৷ মই তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছো৷ তেওঁৰ উত্তম কাম শতিকাজুৰি আমাক সকলোকে, বিশেষকৈ মোৰ যুৱ বৈজ্ঞানিকসকলকো অনুপ্ৰেৰিত কৰিছে৷

বন্ধুসকল,

ক’ৰোনাৰ এই সংকট কালত এই বিশ্বত বহুখিনি পৰিৱৰ্তন সাধন হৈছে৷ পচ্ছাদ ক’ভিদ বিশ্ব অতিশয় পৃথক হ’ব আৰু ইয়াত সবাতোকৈ ডাঙৰ ভূমিকা প্ৰযুক্তিৰ হ’ব৷ এবছৰ আগলৈও কোনেও ভবা নাছিল যে মিটিঙেই হওক অথবা পৰীক্ষাই হওক, ভাইভাই হওক অথবা দীক্ষান্ত সমাৰোহেই হওক, ইয়াৰ স্বৰূপ সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈ পৰিব৷ ভাৰ্চুৱেল ৰিয়েলিটীয়েই ৱৰ্কিং ৰিয়েলিটীৰ স্থান লৈছে৷

আপোনালোকে হয়তো ভাবিছে যে আপোনালোকৰ বেটচটো সৌভাগ্যৱান নহয়৷ মই নিশ্চিত যে আপোনালোকে নিজকে সুধিছে যে এই সকলোবোৰ আমাৰ স্নাতক বৰ্ষতেই হ’বলগীয়া আছিল নে? কিন্তু আপোনালোকে অলপ ভিন্ন ধৰণে চিন্তা কৰকচোন৷ আপোনালোকে অধ্যয়নৰ বাবে যথেষ্ট সময়ো লাভ কৰিছে৷ সেয়ে ইয়াৰ অধিকাংশ লাভ উঠাওক৷ ইয়াৰ ভাল দিশটোৰ বিষয়েও চিন্তা কৰক৷ আপোনালোকৰ বেটচটো সৌভাগ্যৱানো৷ আপোনালোকে চূড়ান্ত বৰ্ষটো প্ৰতিষ্ঠানৰ প্ৰাংগনত কটোৱাৰ অৱকাশ লাভ কৰিছে৷ বিগত বৰ্ষৰ অক্টোবৰ আৰু এই বৰ্ষৰ অক্টোবৰ মাহটোৰ পাৰ্থক্যসমূহ অনুভূত কৰক৷ আপোনালোকে দেখা পাবঃ গোটেই নিশা পুথিভঁৰালত কটোৱা আৰু পৰীক্ষাৰ ঠিক আগেয়ে আগেয়ে পঢ়া, নৈশ মেচত শেষ ৰাতি পৰঠা খোৱা, লেকচাৰৰ মাজত কফী আৰু মাফিন খোৱা৷ মোক কোৱা হৈছে যে আইআইটি দিল্লীত দুই ধৰণৰ বন্ধু আছেঃ মহাবিদ্যালয়ৰ বন্ধু আৰু হোষ্টেল ভিডিঅ’ গেমৰ বন্ধু৷ আপোনালোকে নিশ্চয়কৈ ইয়াৰ অভাৱ অনুভূত কৰিব৷

বন্ধুসকল,

ইয়াৰ পূৰ্বে মই আইআইটি মাদ্ৰাছ, আইআইটি বম্বে আৰু আইআইটি গুৱাহাটীৰ দীক্ষান্ত অনুষ্ঠানতো এইদৰে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছো৷ এই আটাইবোৰ ঠাইত এটাই সাদৃশ্য দেখিবলৈ পোৱা গৈছে যে ক’ৰবাত নহয় ক’ৰবাত উদ্ভাৱনৰ কাম চলি আছে৷ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সফলতাৰ বাবে ই বৃহৎ শক্তি হিচাপে বিবেচিত হৈছে৷ ক’ভিড-১৯ই বিশ্ববাসীক এটা কথা শিকাইছে আৰু সেয়া হ’ল বিশ্বায়ন গুৰুত্বপূৰ্ণ কিন্তু ইয়াৰ সৈতে স্ব-নিৰ্ভৰশীলতাও সিমানেই গুৰুত্বপূৰ্ণ৷

বন্ধুসকল,

আত্মনিৰ্ভৰ ভাৰত অভিযান আজি দেশৰ যুৱচামক, টেকন’ক্ৰেটক, টেক-এণ্টাৰপ্ৰাইজ নেতৃত্বক অনেক নতুন অৱকাশ প্ৰদানৰ অভিযান হিচাপে বিবেচিত হৈছে৷ তেওঁলোকৰ যি চিন্তাধাৰা, উদ্ভাৱন, সেইসমূহ যাতে তেওঁলোকে মুক্তভাৱে প্ৰণয়ন কৰিব পাৰে, পৰিমাপ কৰিব পাৰে, বিপণন কৰিব পাৰে, তাৰ বাবে আজি সৰ্বাধিক অনুকূল বাতাৱৰণ তৈয়াৰ কৰা হৈছে৷ আজি ভাৰত নিজৰ তৰুণচামক ইজ অব্ ডুয়িং বিজনেছ প্ৰদান কৰাৰ বাবে সম্পূৰ্ণ দায়ৱদ্ধ যাতে যুৱচামে নিজৰ উদ্ভাৱনৰ দ্বাৰা কোটি কোটি দেশবাসীৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে৷ দেশে আপোনালোকক ইজ অব্ ডুয়িং বিজনেছ প্ৰদান কৰিব, মাত্ৰ আপোনালোকে এটা কাম কৰক, আপোনালোকে নিজৰ প্ৰতিভাৰ দ্বাৰা, সিদ্ধিৰ দ্বাৰা এই দেশৰ দৰিদ্ৰতম নাগৰিকক ইজ অব্ লিভিং প্ৰদান কৰা বাবে নতুন নতুন উদ্ভাৱন লৈ আহক, নতুন নতুন সামগ্ৰী লৈ আহক৷

শেহতীয়াকৈ প্ৰতিটো খণ্ডত যিবোৰ বৃহৎ সংস্কাৰ সাধন কৰা হৈছে, সেইসমূহৰ পিছতো এয়াই এটা চিন্তাধাৰা প্ৰতিফলিত হৈছে৷ প্ৰথম বাৰলৈ কৃষি খণ্ডত উদ্ভাৱন আৰু নতুন ষ্টাৰ্ট-আপৰ বাবে অসংখ্য সম্ভাৱনাৰ সৃষ্টি হৈছে৷ প্ৰথমবাৰ মহাকাশ খণ্ডত ব্যক্তিগত বিনিয়োগৰ পথ মুকলি হৈছে৷ দুদিন পূৰ্বে বিপিঅ’ খণ্ডৰ ইজ অব্ ডুয়িং বিজনেছৰ বাবেও এক নতুন সংস্কাৰ সাধন কৰা হৈছে৷ চৰকাৰে Other Service Provider- OSP নিৰ্দেশনাৱলীৰ সৰলীকৰণ কৰিছে, ইয়াৰ বাধাসমূহ প্ৰায়েই আঁতৰাই দিয়া হৈছে৷ এক প্ৰকাৰে এতিয়া চৰকাৰৰ অৱস্থিতি অনুভৱ কৰা নহয়৷ এতিয়া সকলোতে বিশ্বাস স্থাপন হৈছে৷  ইয়াৰ জৰিয়তে বিপিঅ’ উদ্যোগসমূহৰ বাবে অনুপালনৰ যি বোজা আছে, সেয়া কমি গৈছে৷ ইয়াৰোপৰি বেংক গেৰাণ্টীসহিতে আন আন আৱশ্যকতাসমূহৰ পৰাও বিপিঅ’ উদ্যোগক মুক্ত কৰা হৈছে৷ এয়াই নহয়, এনে ব্যৱস্থা য’ত প্ৰযুক্তি উদ্যোগক ৱৰ্ক ফ্ৰম হোম অথবা ৱৰ্ক ফ্ৰম এনিহোৱেৰ আদিৰ সুবিধাসমূহক যি আইনে বাধা প্ৰদান কৰিছিল, সেই আইনসমূহো বিলোপ কৰা হৈছে৷ ই দেশৰ তথ্য প্ৰযুক্তিখণ্ডক বিশ্বজনীনভাৱে অধিক প্ৰতিদ্বন্ধী কৰি তুলিব আৰু আপোনালোকৰ দৰে তৰুণ প্ৰতিভাক অধিক সুযোগ প্ৰদান কৰিব৷

বন্ধুসকল,

আজি দেশত আপোনালোকৰ এটা এটা প্ৰয়োজনীয়তা অনুধাৱন কৰি, ভৱিষ্যতৰ আৱশ্যকতাসমূহ অনুধাৱন কৰি এটাৰ পিছত এটাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, পুৰণি নিয়মসমূহ পৰিৱৰ্তন কৰা হৈছে আৰু মই জানো যে প্ৰাচীন নিয়মেৰে ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰি৷ নতুন শতাব্দী, নতুন সংকল্প৷ নতুন শতাব্দী,  নতুন নীতি৷ নতুন শতাব্দী, নতুন আইন৷ আজি ভাৰত সেইসমূহ দেশৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিছে য’ত ঔদ্যোগিক কৰ সবাতোকৈ কম৷ এই অভিযানৰ পিছৰ পৰা ভাৰতত ৫০ সহস্ৰাধিক ষ্টাৰ্ট-আপ আৰম্ভ হৈছে৷ চৰকাৰৰ প্ৰয়াসসমূহৰ প্ৰভাৱ এয়াই যে বিগত পাঁচ বছৰত দেশত পেটেণ্টৰ সংখ্যা চাৰি গুণ অধিক বৃদ্ধি হৈছে৷ ট্ৰেডমাৰ্ক পঞ্জীয়নৰ সংখ্যা পাঁচ গুণলৈ বৃদ্ধি হৈছে৷ বিগত বৰ্ষসমূহত ২০ত কৈও অধিক ইউনিকৰ্ণ ভাৰতীয়সকলে ভাৰতত নিৰ্মাণ কৰিছে৷ যিধৰণে দেশ প্ৰগতিৰ পথত আগবাঢ়িছে, মোৰ বিশ্বাস যে আগন্তুক বৰ্ষসমূহত ইয়াৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব আৰু হ’ব পাৰে যে আজি ইয়াৰ পৰা ওলোৱাৰ পিছত আপোনালোকৰ দৰে তৰুণৰ হৃদয়ত নতুন শক্তিৰ সঞ্চাৰ হ’ব পাৰে৷

বন্ধুসকল,

ইনকিউবেচনৰ পৰা আৰম্ভ কৰি বিত্তপোষণলৈ আজি ষ্টাৰ্ট-আপক অনেক প্ৰকাৰে সহায় কৰা হৈছে৷ বিত্তপোষণৰ বাবে ১০ হাজাৰ কোটি টকাৰ ফাণ্ড অব্ ফাণ্ড নিৰ্মাণ কৰা হৈছে৷ ৩ বছৰৰ বাবে কৰ ৰেহাই, স্ব-স্বীকৃতকৰণ, সহজ প্ৰস্থানৰ দৰে অনেক সুবিধা ষ্টাৰ্ট আপক প্ৰদান কৰা হৈছে৷ আজি আমি ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অধীনত ১ লাখ কোটি টকাতকৈও অধিক টকাৰ বিনিয়োগৰ প্ৰস্তুতিৰ দিশত আগবাঢ়িছো৷ ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে ষ্টেট অব্ দা আৰ্ট আন্তঃগাঁথনিৰ নিৰ্মাণ হ’ব যি বৰ্তমান আৰু ভৱিষ্যত দুয়োৰে প্ৰয়োজন পূৰণ কৰিব৷

বন্ধুসকল,

আজি দেশৰ প্ৰতিটো ক্ষেত্ৰৰ অধিকতম সম্ভাৱনা লাভ কৰাৰ বাবে নতুন প্ৰক্ৰিয়াৰে কাম হ’বলৈ ধৰিছে৷ আপোনালোক যেতিয়া ইয়াৰ পৰা যাব, নতুন ঠাইত কাম কৰিব, আপোনালোকেও এটা নতুন মন্ত্ৰ লৈ কাম কৰিব লাগিব৷ এই মন্ত্ৰটো হ’ল- Focus on quality; never compromise. Ensure scalability; make your innovations work at a mass scale. Assure reliability; build long-term trust in the market. Bring in adaptability; be open to change and expect un-certainty as way of life. যদি আমি এই মূলমন্ত্ৰৰ ওপৰত কাম কৰিম তেতিয়া ইয়াৰ চমকনি আপোনালোকৰ পৰিচয়ৰ সৈতে ব্ৰেণ্ড ইণ্ডিয়াতো চমকি উঠিব৷ মই সেইবাবে আপোনালোকক কৈছো, কিয়নো ব্ৰেণ্ড ইণ্ডিয়াৰ সবাতোকৈ ডাঙৰ ব্ৰেণ্ড এম্বেচেদৰ আপোনালোকেই৷ আপোনালোকে যি কাম কৰিব, তাৰ দ্বাৰা দেশৰ উৎপাদনে বিশ্বত পৰিচয় লাভ কৰিব৷ ইয়াৰ দ্বাৰা দেশৰ প্ৰয়াসসমূহেও গতি লাভ কৰিব৷ গাঁৱৰ দুখীয়াসকলে দেশৰ বাবে যি প্ৰয়াস কৰিছে. সেই প্ৰয়াসো আপোনালোকৰ উৎসৰ্গিত মনোভাৱ, আপোনালোকৰ উদ্ভাৱনৰ দ্বাৰা সিদ্ধ হ’ব৷      

বন্ধুসকল,

প্ৰযুক্তিয়ে কিদৰে আমাৰ শাসন ব্যৱস্থাক দৰিদ্ৰৰ পৰা দৰিদ্ৰতম ব্যক্তিৰ কাষ চপোৱাৰ সশক্ত মাধ্যম হ’ব পাৰে সেয়া বিগত বৰ্ষতে দেশে কৰি দেখুৱাইছে৷ আজি লাগিলে ঘৰেই হওক, বিদ্যুতেই হওক, টয়লেটেই হওক, গেছ সংযোগেই হওক অথবা পানীয়েই হওক, এনেকুৱা সকলো সুবিধা ডাটা আৰু মহাকাশ প্ৰযুক্তিৰ মাধ্যমেৰে লৈ যোৱা হৈছে৷ আজি জন্মৰ প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি জীৱন প্ৰমাণ পত্ৰৰ সুবিধা ডিজিটেলী উপলব্ধ কৰোৱা হৈছে৷  জন-ধন আধাৰ ম’বাইলৰ ত্ৰিনিটী জেএমএম, ডিজিলকাৰৰ দৰে সুবিধাসমূহ আৰু এতিয়া ডিজিটেল স্বাস্থ্য আইডিৰ বাবে প্ৰয়াস, সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তোলাৰ বাবে দেশে এটাৰ পিছত আন এটা পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰযুক্তিয়ে লাষ্ট মাইল ডেলিভাৰীক সক্ষম কৰি তুলিছে আৰু দুৰ্নীতিৰ সুবিধা হ্ৰাস কৰিছে৷ ডিজিটেল লেনদেনৰ বিষয়তো ভাৰত বিশ্বৰ বহু দেশতকৈ আগবাঢ়ি গৈছে৷ ভাৰতত প্ৰস্তুত ইউপিআইৰ দৰে প্লেটফ’ৰ্মক এতিয়া বিশ্বৰ বৃহৎ বৃহৎ দেশসমূহেও আঁকোৱালি লৈছে৷

বন্ধুসকল,

শেহতীয়াকৈ চৰকাৰে আৰু এটা নতুন যোজনা প্ৰস্তুত কৰিছে য’ত প্ৰযুক্তিয়ে বৃহৎ ভূমিকা পালন কৰিছে৷ এই যোজনা হ’ল- স্বামীত্ব যোজনা৷ ইয়াৰ অধীনত প্ৰথমবাৰ ভাৰতৰ গাঁৱত ভূমি আৰু সম্পত্তি, ঘৰৰ সম্পত্তিৰ মেপিং কৰা হৈছে৷ প্ৰথমে এই কাম মানুহৰ দ্বাৰা কৰা হৈছিল আৰু সেইবাবে পক্ষপাতৰ আশংকাও দেখা গৈছিল৷ আপোনালোকে জানি সুখী হ’ব, কাৰণ আপোনালোক প্ৰযুক্তি জগতৰ মানুহ, আজি ড্ৰোণৰ জৰিয়তে গাঁৱে গাঁৱে এই মেপিং হৈছে, আৰু গাঁৱৰ লোকেও ইয়াত সম্পূৰ্ণ সন্তুষ্টি প্ৰকাশ কৰিছে৷ ভাৰতৰ সাধাৰণতম লোকো প্ৰযুক্তিৰ ওপৰত কিমান আস্থা প্ৰকাশ কৰে সেয়া ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছে৷

বন্ধুসকল,

প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰতি ভাৰতীয়ৰ আস্থা, এয়াই আপোনাৰ ভৱিষ্যতক প্ৰকাশোজ্বল কৰে৷ সমগ্ৰ দেশত আপোনালোকৰ বাবে অপাৰ সম্ভাৱনা আছে, অপাৰ প্ৰত্যাহ্বান আছে, যাৰ সমাধান আপোনালোকেহে দিব পাৰে৷ বানপানী আৰু ধুমুহাৰ মাজত পচ্ছাদ দুৰ্যোগ ব্যৱস্থাপনাই হওক, ভূমি জল পৰ্যায় কিদৰে বাহাল ৰাখিব পাৰি, তাৰ বাবে প্ৰভাৱী প্ৰযুক্তিয়েই হওক, সৌৰ শক্তি প্ৰস্তুত আৰু বেটেৰীৰ সৈতে জড়িত প্ৰযুক্তিয়েই হওক, টেলিমেডিচিন আৰু ৰিমোট ছাৰ্জাৰীৰ প্ৰযুক্তিয়েই হওক, বিগ ডাটা বিশ্লেষণেই হওক, এনে ক্ষেত্ৰসমূহত বহুত কাম কৰা হৈছে৷

বন্ধুসকল,

মই এটাৰ পিছত এটা দেশৰ এনে অনেক প্ৰয়োজনীয়তা আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিছো৷ এই প্ৰয়োজনীয়তা নতুন উদ্ভাৱনৰ দ্বাৰা পূৰণ হ’ব, আপোনালোকৰেই নতুন চিন্তাধাৰা, আপোনালোকৰেই শক্তি, আপোনালোকৰ প্ৰয়াসৰ দ্বাৰাই পূৰণ হ’ব পাৰে৷ সেইবাবে মই আপোনালোকক বিশেষভাৱে আহ্বান জনাইছো যে আজি দেশৰ প্ৰয়োজনীয়তাসমূহ আপোনালোকে অনুধাৱন কৰক৷ আত্মনিৰ্ভৰ ভাৰতৰ সৈতে জড়িত সাধাৰণ মানুহৰ যি আশা-আকাংক্ষা, তাৰ সৈতে জড়িত কাম কৰক, মই আপোনালোকক নিমন্ত্ৰণ জনাইছো৷

বন্ধুসকল,

আপোনালোকৰ বাবে এলুমনি সমাৰোহ অনুষ্ঠিত কৰাটো অতিশয় সহজ৷ আন মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে নিজৰ এলুমনি সমাৰোহৰ বাবে দীৰ্ঘ যাত্ৰা কৰিব লাগে, মহাবিদ্যালয়লৈ যাব লাগে৷ কিন্তু আপোনালোকৰ ওচৰত এক সৰল বিকল্প আছে৷ আপোনালোকে নিজৰ এলুমনি সমাৰোহ সপ্তাহান্তিকত বে’ এলেকাতো অনুষ্ঠিত কৰিব পাৰে, ছিলিকন ভেলীতো অনুষ্ঠিত কৰিব পাৰে, ৱাল ষ্ট্ৰীটতো অনুষ্ঠিত কৰিব পাৰে অথবা কোনো চৰকাৰী সচিবালয়তো অনুষ্ঠিত কৰিব পাৰে৷ ভাৰতৰ ষ্টাৰ্ট-আপ কেপিটেল মুম্বায়েই হওক, অথবা পুণে বাবে বেংগালুৰুৱেই হওক, সকলোতে আইআইটিৰ শক্তিশালী নেটৱৰ্ক উপলব্ধ৷ এয়াই আপোনালোকৰ সফলতা, এয়াই আপোনালোকৰ প্ৰভাৱ৷

বন্ধুসকল,

আপোনালোকৰ সামৰ্থ অনবদ্য৷ আপোনালোকে ১৭-১৮ বছৰ বয়সতে জেইইৰ দৰে কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ আৰু আইআইটিলৈ আহিছে৷ কিন্তু আন দুটা কথাইও আপোনালোকৰ দক্ষতা অধিক বৃদ্ধি কৰিছে৷ এটা হ’ল নমনীয়তা আৰু আনটো মানৱতা৷  আপোনালোকৰ নিজৰ সফলতাত গৌৰৱান্বিত হোৱাৰ অধিকাৰ আছে৷ খুব কম মানুহেহে অৰ্জন কৰিব পৰা সাফল্য আপোনালোকে লাভ কৰিছে৷  

বন্ধুসকল,

নিজকে প্ৰত্যাহ্বানৰ মুখামুখি কৰোৱাটো অতিশয় আৱশ্যকীয়৷ আপোনালোকে নিজকে জীৱনৰ শিক্ষাৰ্থী হিচাপে বিবেচনা কৰাটো অতিশয় আৱশ্যকীয়৷ আপোনালোকে যি জানে সেয়াই যথেষ্ট বুলি কেতিয়াও নাভাবিব৷ 

আমাৰ শাস্ত্ৰত কোৱা হয়- সত্যং জ্ঞানং অনন্তঃ ব্ৰহ্ম৷

অৰ্থাৎ জ্ঞান আৰু সত্য ব্ৰহ্মৰ দৰেই অনন্ত, অসীম৷ যিমানেই নতুন উদ্ভাৱন আপোনালোকে কৰিব, তাৰ দ্বাৰা সত্য আৰু জ্ঞানৰ বিস্তাৰ হ’ব৷ সেইবাবে আপোনালোকৰ উদ্ভাৱনত দেশৰ বাবে, দেশবাসীৰ বাবে, গাঁও-দৰিদ্ৰৰ বাবে,আত্মনিৰ্ভৰ ভাৰতৰ বাবে অপাৰ সম্ভাৱনা আছে৷

আপোনালোকৰ জ্ঞান, আপোনালোকৰ বিশেষত্ব, আপোনালোকৰ সামৰ্থ দেশৰ কামত আহক, এই বিশ্বাসৰ সৈতে পুনৰ বাবে আপোনালোক সকলোলৈ অশেষ অভিনন্দন জনালো৷ আপোনালোকৰ পিতৃ-মাতৃৰ আশা-অপেজ্ঞাৰ অনুকূলে আপোনালোকৰ জীৱনৰ নতুন যাত্ৰা আৰম্ভ হওক, আপোনালোকৰ গুৰুজনে যি শিক্ষা প্ৰদান কৰিছে সেয়া আপোনালোকৰ জীৱনত সফল হোৱাৰ বাবে, পদে পদে কামত অহাৰ বাবে প্ৰদান কৰিছে আৰু য’ত ভাৰত চৰকাৰৰ কথা আহে, ভাৰতে গৰ্বেৰে সৈতে নিজৰ ভৌগোলিকতাৰ বাবে গৰ্ব অনুভৱ কৰে আৰু আমাৰ ভৌগোলিকতা যেতিয়া আইআইটিয়ানসকলৰ সৈতে পূৰ্ণ হয় তেতিয়া বিশ্বতো মূল্য সংযোজিত হয়৷ এই সামৰ্থৰ সৈতে আজি এক নতুন জীৱন যাত্ৰাৰ আৰম্ভ কৰিছে আপোনালোকে, মোৰ তৰফৰ পৰা আপোনালোকক ,আপোনালোকৰ পৰিয়ালক, আপোনালোকৰ গুৰুজনক অনেক ধন্যবাদৰ সৈতে মোৰ ভাষণ সামৰিছো৷

অশেষ শুভকামনা থাকিল! 

***

DS/SH/AK/AKV/MANN



(Release ID: 1671067) Visitor Counter : 275