স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতে চিকিৎসাধীন ৰোগীৰ নিম্নগামী প্ৰৱণতা বজাই ৰাখিবলৈ সক্ষম হৈছে

২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০,০০০তকৈ কম চিকিৎসাধীন ৰোগী আছে

মুঠ চিকিৎসাধীন ৰোগীৰ ৭৮%ই ১০খন ৰাজ্যৰ

Posted On: 05 NOV 2020 11:52AM by PIB Guwahati

ভাৰতে চিকিসাধীন ৰোগীৰ নিম্নগামীতা বজাই ৰাখিবলৈ সক্ষম হৈছে৷ বিগত ৭দিন একেৰাহে চিকিসাধীন ৰোগীৰ সংখ্যা ৬লাখতকৈ কম হৈছে আৰু এই সংখ্যা ৫,২৭,৯৬২জন হৈছে৷ এতিয়া দেশত মুঠ আক্ৰান্তৰ ৬.৩১%হে চিকিসাধীন হৈ আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001I8PZ.jpg

ৰাষ্ট্ৰীয় হাৰৰ তুলনাত ২৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত্ অঞ্চলৰ ২০,০০০তকৈ কম চিকিসাধীন ৰোগী আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002D2KB.jpg

দেশৰ মুঠ চিকিসাধীন ৰোগীৰ ৭৮% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী আৰু পশ্চিমবংগতে মুঠ চিকিসাধীন ৰোগীৰ ৫১% আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003APEX.jpg

দৈনিক চিকিসাধীন ৰোগীৰ হ্ৰাস হোৱাৰ মুলতে হৈছে দেশত বৰ্ধিত আৰোগ্য ৰোগীৰ সংখ্যা৷ এতিয়ালৈকে দেশত ৭৭,১১,৮০৯জন ৰোগী আৰোগ্য হৈছে৷ আৰোগ্য আৰু চিকিসাধীন কভিড ৰোগীৰ মাজৰ ব্যৱধান ৭১,৮৩,৮৪৭জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯২.২০%লৈ উন্নীত হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৫৫,৩৩১জন কভিড ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৫০,২১০জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

ইয়াৰে নতুনকৈ আৰোগ্য হোৱাসকলৰ ৮২%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰ, কেৰালা আৰু কৰ্ণাটকতে এদিনত ৮,০০০তকৈ অধিক ৰোগী আৰোগ্য গৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image0040XGN.jpg

ইফালে বিগত ২৪ ঘণ্টাত নতুন আক্ৰান্তৰ ৭৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

কেৰালা আৰু দিল্লীত সৰ্বাধিক ক্ৰমে ৮,০০০ আৰু ৬,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image005VVE9.jpg

দেশত বিগত ২৪ ঘণ্টাত ৭০৪জন ৰোগীৰ মৃত্যু হৈছে৷

ইয়াৰে ৮০%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰতে কালি ৩০০জন ৰোগীৰ মৃত্যু হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image006IC3B.jpg

****

MV/SJ/DB



(Release ID: 1670546) Visitor Counter : 185