স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

৭৫লাখতকৈ অধিক আৰোগ্যৰে সৰ্বাধিক আৰোগ্যৰ বিশ্বৰ শীৰ্ষ ৰেংকিং অক্ষুণ্ণ ৰাখিছে ভাৰতে

বিগত ২ মাহত চিকিৎসাধীন ৰোগীৰ হাৰ ৩গুণতকৈ অধিক হ্ৰাস পাইছে

ভাৰতে মুঠ ১১ কোটি নমূনা পৰীক্ষাৰ মাইলৰখুঁটি অতিক্ৰম কৰিছে

Posted On: 02 NOV 2020 11:39AM by PIB Guwahati

সৰ্বাধিক আৰোগ্যৰে বিশ্বৰ শীৰ্ষ ৰেংকিং অক্ষুণ্ণ ৰাখিছে ভাৰতে৷ মুঠ আৰোগ্যৰ সংখ্যা আজি ৭৫,৪৪,৭৯৮জন হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য ৰোগীৰ সংখ্যা ৫৩,২৮৫জন হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001N0KH.jpg

চিকিসাধীন ৰোগীৰ সংখ্যা একেৰাহে নিম্নগামী হৈ আছে৷ আজি ভাৰতৰ চিকিসাধীন ৰোগীৰ সংখ্যা ৫,৬১,৯০৮জন হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002JBQD.jpg

দেশত মুঠ আক্ৰান্তৰ বিপৰীতে চিকিসাধীন ৰোগীৰ হাৰ মাত্ৰ ৬.৮৩%৷ বিগত ২ মাহত চিকিসাধীন ৰোগীৰ হাৰ ৩গুণতকৈ অধিক হ্ৰাস পাইছে৷ ৩ ছেপ্টেম্বৰ চিকিসাধীন ৰোগীৰ হাৰ আছিল ২১.১৬%৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003414G.jpg

ভাৰতে ক’ভিডৰ নমূনা পৰীক্ষাৰ হাৰ জানুৱাৰী, ২০২০ৰ পৰা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিছে৷ আজি নমূনা পৰীক্ষাৰ সংখ্যা দেশত ১১ কোটিৰ সীমা অতিক্ৰম কৰিলে৷

দেশত বৰ্তমান চৰকাৰী/বেচৰকাৰীসহ মুঠ ২,০৩৭টা পৰীক্ষাগাৰ আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image004IKC8.jpg

ইফালে, দেশত আৰোগ্যৰ হাৰ ৯১.৬৮%লৈ উন্নীত হৈছে৷

বিগত ২৪ ঘণ্টাৰ আৰোগ্যৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালা আৰু কৰ্ণাটকত ৮,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image005OUM8.jpg

ইফালে, নতুনকৈ আক্ৰান্ত হোৱা ৪৫,৩২১জন ৰোগীৰ ভিতৰত ৮০%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিক ৭,০২৫ আৰু দিল্লী আৰু মহাৰাষ্ট্ৰত ৫,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image006HXQ4.jpg

বিগত ২৪ ঘণ্টাত দেশত ৪৯৬জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ১১৩ৰোগীৰ লগতে পশ্চিমবংগত ৫৯জন ৰোগীৰ মৃত্যু হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image007NGS2.jpg

 

****

MV/SJ/DB



(Release ID: 1669610) Visitor Counter : 161