স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

১০ কোটি মুঠ টেষ্টৰ লেণ্ডমাৰ্ক অতিক্ৰম ভাৰতৰ

যোৱা ৯ দিনত ১ কোটি টেষ্ট সম্পন্ন

যোৱা ২৪ ঘন্টাত প্ৰায় ১৪.৫ লাখ ক’ভিড টেষ্ট সম্পন্ন

Posted On: 23 OCT 2020 12:18PM by PIB Guwahati

২০২০ৰ জানুৱাৰীৰপৰা কভিড-১৯ৰ মুঠ টেষ্টৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰগতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি ই ১০ কোটি (১০,০১,১৩,০৮৫) মুঠ টেষ্টৰ লেণ্ডমাৰ্ক অতিক্ৰম কৰে।

আন এটা সফলতা হৈছে, যোৱা ২৪ ঘন্টাত ১৪,৪২,৭২২ টেষ্ট সম্পন্ন কৰা হয়।

দেশখনৰ টেষ্টিং সামৰ্থ্য বহুগুণে বৃদ্ধি পাই সমগ্ৰ দেশখনত প্ৰায় ২০০০ লেব হৈ পৰিছে। কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত চৰকাৰৰ সন্মিলিত প্ৰচেষ্টাৰ ফলশ্ৰুতিত টেষ্টিং ক্ষমতাৰ ক্ষেত্ৰত এই চমকপ্ৰদ সফলতা লাভ কৰা হয়। প্ৰতি দিনে ১৫ লাখৰো অধিক নমুনা টেষ্ট কৰিব পৰা হৈছে।

টেষ্টিঙৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত দেশজোৰা টেষ্টিং আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে এটা মূল ভূমিকা পালন কৰিছে। দেশখনত ১৯৮৯ টেষ্টিং লেবৰ ভিতৰত ১১২২ চৰকাৰী লেবৰেটৰী আৰু ৮৬৭ ব্যক্তিগত লেবৰেটৰী। ইয়াৰ পৰিপ্ৰেক্ষিতত দৈনিক টেষ্টিং সামৰ্থ্য ক্ৰমান্বয়ে বৃদ্ধি পাই আছে।

নিৰন্তৰভাৱে বিস্তৃত টেষ্টিঙৰ উচ্চ হাৰে ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ নিম্ন কৰি ৰখাত সহায় আগবঢ়াইছে। ইয়ে সংক্ৰমণ বিয়পাৰ মাত্ৰা ফলপ্ৰসূতাৰে প্ৰতিৰোধ কৰাটোকে সূচিত কৰিছে। মুঠ টেষ্টে ১০ কোটি অতিক্ৰম কৰাৰ বিপৰীতে পজিটিভিটি হাৰ হ্ৰাস হৈ পৰিছে। আজি ৰাষ্ট্ৰীয় পজিটিভিটি হাৰ ৭.৭৫% হয়।

কেন্দ্ৰীয় চৰকাৰখনৰ টেষ্ট, ট্ৰেক, ট্ৰেচ, ট্ৰিট আৰু টেকনজি কৌশল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ফলপ্ৰসূতাৰে পালন কৰাতেই এই সফলতা লাভ কৰা যায়।

বিস্তৃত অঞ্চলত অধিক পৰিমাণে টেষ্টিঙৰ জৰিয়তে পজিটিভ ঘটনাসমূহৰ ক্ষীপ্ৰ চিনাক্তকৰণ সম্ভৱ হৈ পৰে। কাৰ্যক্ষম নিৰীক্ষণ আৰু ট্ৰেচিঙৰ অধিক সক্ৰিয় ট্ৰেকিং আৰু তীব্ৰ ঘটনাসমূহৰ কাৰণে ঘৰ/ব্যৱস্থা আৰু চিকিৎসালয়সমূহত সময়োচিত ও ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰা হয়। এই ব্যৱস্থাৰাজিৰ বাবেই মৃত্যুৰ হাৰ নিম্ন হৈ থাকে।

যোৱা ৯ দিনত ১ কোটি টেষ্ট সম্পন্ন কৰা হয়।

ৰাষ্ট্ৰীয় পৰিমাণতকৈ ১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পজিটিভিটি হাৰ অধিক দেখা গৈছে। সেয়ে এই অঞ্চলসমূহত বিস্তৃত টেষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

****

MV/SJ/SB

HFW/COVID 10 cr tests/23October2020/2


(Release ID: 1667092) Visitor Counter : 173