স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা তিনিদিনত মুঠ আক্ৰান্তৰ বিপৰীতে ভাৰতৰ চিকিৎসাধীন ৰোগীৰ ১০%ৰ তলত আছে

যোৱা তিনিদিনত দৈনিক পজিটিভিটিৰ হাৰ ৫%তকৈ কম হৈছে

Posted On: 22 OCT 2020 11:44AM by PIB Guwahati

ভাৰতত দ্ৰুতগতিত চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাসৰ ধাৰা অব্যাহত আছে৷ যোৱা তিনিদিনত মুঠ আক্ৰান্তৰ বিপৰীতে ভাৰতৰ চিকিসাধীন ৰোগীৰ ১০%ৰ তলত আছে৷ সেই হিচাপে দেশত প্ৰতি ১০জনৰ এজন লোক ক’ভিডত চিকিসাধীন হৈ আছে৷ বৰ্তমান দেশত মুঠ আক্ৰান্তৰ ৭,১৫,৮১২জন অৰ্থাপ্ৰায় ৯.২৯% ৰোগী চিকিসাধীন হৈ আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image0019UW6.jpg

 

আন এক সফলতা অনুসৰি বিগত তিনিদিনত দেশত পজিটিভিটিৰ হাৰ ৫%তকৈ কম হৈছে৷ আজি দিনটোত পজিটিভিটিৰ হাৰ ৩.৮% হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image002PROU.jpg

 

দৈনিক পজিটিভিটিৰ হাৰৰ নিম্নগামীতাই দেশত বৰ্তমান ৭.৫লাখতকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে৷ ইফালে দেশত আৰোগ্য ৰোগী সংখ্যা ৬৮,৭৪,৫১৮জনলৈ বৃদ্ধি পাইছে৷ মুঠ আৰোগ্য আৰু চিকিৎসাধীন ৰোগীৰ মাজৰ ব্যৱধান আজিৰ দিনটোত ৬১,৫৮,৭০৬জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭৯,৪১৫জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৫৫,৮৩৯জন৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৯.২০%লৈ উন্নীত হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image003Z8UE.jpg

 

নতুনকৈ আৰোগ্য হোৱা ৮১% ৰোগী ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্টত সৰ্বাধিক ২৩,০০০ ৰোগী আৰোগ্য হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image004NJ9M.jpg

 

ইফালে, নতুনকৈ আক্ৰান্ত হোৱা ৫৫,৮৩৯জন ৰোগীৰ ভিতৰত ৭৮%ই  ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ আৰু কেৰালাত সৰ্বাধিক ৮,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image0051DMY.jpg

 

বিগত ২৪ ঘণ্টাত দেশত ৭০২জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১৮০ৰোগীৰ মৃত্যু হৈছে৷

 

http://static.pib.gov.in/WriteReadData/userfiles/image/image006IL3H.jpg

 

*******

MV/SJ/DB



(Release ID: 1666927) Visitor Counter : 136