স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ধাৰা অব্যাহত ৰাখি ভাৰতত দ্ৰুতগতিত কমিছে সক্ৰিয় ৰোগীৰ সংখ্যা
এমাহৰ পিচত এই প্ৰথমবাৰৰ বাবে ৯ লাখৰ তললৈ নামিল সক্ৰিয় আক্ৰান্তৰ সংখ্যা
একেৰাহে তৃতীয়টো সপ্তাহৰ বাবে নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাক অতিক্ৰম কৰিছে নতুন আৰোগ্যৰ সংখ্যাই
प्रविष्टि तिथि:
09 OCT 2020 11:12AM by PIB Guwahati
ধাৰা অব্যাহত ৰাখি ভাৰতত দ্ৰুতগতিত কমিছে সক্ৰিয় ৰোগীৰ সংখ্যা। এমাহৰ পিচত এই প্ৰথমবাৰৰ বাবে ৯ লাখৰ তললৈ নামিল সক্ৰিয় আক্ৰান্তৰ সংখ্যা। যোৱা ৯ ছেপ্টেম্বৰত ৮.৯৭ লাখ সক্ৰিয় ৰোগীৰ নাম পঞ্জীয়ণ হোৱাৰ পিচত আজি পঞ্জীয়ণভুক্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৮.৯৩ বুলি তথ্য লাভ কৰা হৈছে।
এই মুহূৰ্তত সক্ৰিয় ৰোগীৰ সংখ্যা ৮,৯৩,৫৯২ হোৱাৰ বিপৰীতে মুঠ আক্ৰান্তৰ তুলনাত সক্ৰিয় ৰোগীৰ হাৰ মাত্ৰ ১২.৯৪% বুলি ঠাৱৰ কৰা হৈছে।

সক্ৰিয় ৰোগীৰ % হাৰৰ অৱনমিত ধাৰাক সমৰ্থন আগবঢ়াইছে আৰোগ্য লাভ কৰা ব্যক্তিৰ ক্ৰমবৰ্দ্ধমান %ৰ হাৰে।
এই মুহূৰ্তত দেশত আৰো্গ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছেগৈ ৫৯,০৬,০৬৯গৰাকী। ইফালে, আৰোগ্য লাভ কৰা আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধানে ৫০লাখ(৫০,১২,৪৭৭)ৰ সীমা অতিক্ৰম কৰিছে।
আৰোগ্য লাভ কৰোতা ব্যক্তিৰ সংখ্যা বৃদ্ধিৰ ক্ৰমবৰ্দ্ধমান ধাৰাই এই ব্যৱধান অধিকৰ পৰা অধিকতৰ কৰি ৰাখিছে।
আৰোগ্য লাভ কৰোতাৰ উচ্চ হাৰে আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় হাৰ ৮৫.৫২%লৈ উন্নীত কৰিছে। শেহতীয়া ২৪ ঘণ্টাত ৭৮,৩৬৫গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ লগতে চিকিত্সালয়ৰ পৰা ওভতাৰ অনুমতি লাভ কৰাৰ বিপৰীতে ৭০,৪৯৬গৰাকী লোকৰ দেহত ক’ভিডৰ উপস্থিতি নিশ্চিত কৰা হৈছে।
দেশত একেৰাহে তৃতীয়টো সপ্তাহৰ বাবে নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাক অতিক্ৰম কৰিছে নতুন আৰোগ্যৰ সংখ্যাই।
দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদত আক্ৰান্তৰ সংখ্যা দিনে দিনে কমিবলৈ ধৰিছে। ৰোগ নিৰ্ণয়ৰ বাবে সম্পন্ন কৰা পৰীক্ষাৰ হাৰ বৃদ্ধি পোৱাৰ ফলত পোণতে আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল যদিও শেহতীয়া ভাবে এই হাৰ দ্ৰুত গতিত অৱনমিত হোৱা দেখা গৈছে।

নতুনকৈ আৰোগ্য হোৱা ব্যক্তিৰ ৭৫%ই মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তামিল নাডু, উত্তৰ প্ৰদেশ, ওড়িশা, দিল্লী, চত্তিশগড় আৰু পশ্চিম বংগকে ধৰি ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
কেৱল মহাৰাষ্ট্ৰতে এটা দিনত প্ৰায় ১৫,০০০লোকে আৰোগ্য লাভ কৰা বুলি তথ্য উপলব্ধ হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৭০,৪৯৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
নতুনকৈ আক্ৰান্তৰ ৭৮%ই ১০খন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
১৩,০০০তকৈ অধিক আক্ৰান্তৰে মহাৰাষ্ট্ৰই নতুনকৈ আক্ৰান্তৰ তালিকাত এতিয়াও শীৰ্ষ স্থান অধিকাৰ কৰি আছে। ইয়াৰ পিচতে ১০,০০০ৰৰো অধিক আক্ৰান্তৰে কৰ্ণাটকে স্থান লাভ কৰিছে।

শেহতীয়া ২৪ ঘণ্টাত ৯৬৪গৰাকী লোকে মৃত্যু সাৱটিবলগীয়া হৈছে।
ইয়াৰে ৮২%ই মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিল নাডু, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, চত্তিশগড়, দিল্লী আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
৩৭% মৃতকেই মহাৰাষ্ট্ৰ(৩৫৮ গৰাকী)ৰ বুলি তথ্য নিশ্চিত কৰা হৈছে।

উদ্যান আৰু এনেধৰণৰ ৰাজহুৱা স্থানসমূহত অৱসৰ বিনোদনৰ বাবে বহু সংখ্যক লোকৰ সমাগম হয়। সেয়ে এনে স্যানসমূহৰ পৰা যাতে কভিড-১৯ৰ সংক্ৰমণ হব নোৱাৰে সেই কথা নিশ্চিত কৰিবলৈকে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কেতবোৰ বিধি নিৰ্দেশনা মানি চলাৰ পৰামৰ্শ আগবঢ়াইছে। এই সম্পৰ্কীয় তথ্যৰ বাবে তলৰ লিংকটোৰে সংযুক্ত হব পাৰিব।
https://www.mohfw.gov.in/pdf/SOPonpreventivemeasurestobefollowedinEntertainmentParksandsimilarplacestocontainspreadofCOVID19.pdf
****
MV/SJ/KB
(रिलीज़ आईडी: 1662999)
आगंतुक पटल : 250
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam