প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক (বৈভৱ) সন্মিলন, ২০২০ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

Posted On: 02 OCT 2020 10:00PM by PIB Guwahati

নমস্কাৰ!

এই বাৰ্তালাপত অংশগ্ৰহণ কৰাৰ বাবে আপোনালোকক সম্ভাষণ আৰু অভিনন্দন জনাইছো। এই মঞ্চই প্ৰবাসী আৰু ভাৰতীয় দুয়োৰে এক বিশেষ প্ৰতিভা একত্ৰিত কৰিছে। বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক (বৈভৱ) সন্মিলন ২০২০ ই ভাৰত আৰু বিশ্বৰ পৰা বিজ্ঞান আৰু উদ্ভাৱন উদযাপন কৰে। মই ইয়াক প্ৰকৃত মিলন, বা মহান মনৰ সংমিশ্ৰণ হিচাপে অভিহিত কৰিম। এই অনুষ্ঠানৰ যোগেদি, আমি ভাৰত আৰু আমাৰ পৃথিৱীক শক্তিশালী কৰাৰ বাবে এক দীৰ্ঘম্যাদী প্ৰতিষ্ঠান গঠন কৰিবলৈ বিচাৰিছো।

 

বন্ধুসকল,

মই আজি বিজ্ঞানীসকলক তেওঁলোকৰ মন্তব্য, পৰামৰ্শ আৰু ধাৰণা আগবঢ়োৱা বাবে ধন্যবাদ জনাইছো। আপোনালোকে আপোনালোকৰ হস্তক্ষেপেৰে বহুতো বিষয় প্ৰৌজ্জ্বলভাৱে আৱৰি ৰাখিছে। তাৰ বেছিভাগেই তেওঁলোকৰ বিদেশী সমৰ্থকৰ সৈতে ভাৰতীয় শৈক্ষিক আৰু গৱেষণা পৰিৱেশৰ মাজত অধিক সহযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। নিশ্চিতভাৱে, এইখন সন্মিলনৰ এয়াই মৌলিক লক্ষ্য। আপোনালোকে সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৈজ্ঞানিক গৱেষণা চলোৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঠিকভাৱে নিৰ্দেশ কৰিছেআপোনালোকে ভাৰতৰ গৱেষণা পৰিণতিউন্নত কৰাৰ বাবে কিছু ভাল পৰামৰ্শ দিছিল। মই আপোনালোকৰ মতামতৰ বাবে, সুপৰামৰ্শৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আপোনালোকৰ কথা শুনি, মই দেখিবলৈ পাইছো বা অনুধাৱন কৰিছো যে এই বৈভৱ সন্মিলন এক সমৃদ্ধ আৰু ফলপ্ৰসু বিনিময়ত পৰিণত 'ব।


বন্ধুসকল,

বিজ্ঞান মানৱ প্ৰজাতিৰ প্ৰগতিৰ মূল ভেটি হিচাপেই আছে। যেতিয়া আমি পিছলৈ চাওঁ, মানুহৰ অস্তিত্বৰ শতিকাবোৰলৈ চাওঁ, আমি সেই সময়বোৰ কেনেদৰে বিভক্ত কৰিম? প্ৰস্তৰ যুগ, তাম্ৰ যুগ, লৌহ যুগ, ঔদ্যোগিক যুগ, মহাকাশ যুগ আৰু ডিজিটেল যুগ। এইবোৰ হৈছে ব্যৱহৃত কিছুমান শব্দ। স্পষ্টভাৱে, প্ৰতিটো পৰ্যায় কিছুমান গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত অগ্ৰগতিৰ দ্বাৰা ইয়াক আকাৰ দিয়া হৈছে। প্ৰযুক্তিৰ পৰিৱৰ্তনে আমাৰ জীৱনশৈলীলৈ পৰিৱৰ্তন আনিছে। ই বৈজ্ঞানিক কৌতূহলো বৃদ্ধি কৰে।

 

বন্ধুসকল,

বিজ্ঞান, গৱেষণা আৰু উদ্ভাৱন বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে অজস্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিজ্ঞান আৰ্থ-সামাজিক পৰিৱৰ্তনৰ বাবে আমাৰ প্ৰচেষ্টা মূল। আমি পদ্ধতিগতভাৱে জড়তা ভাঙিছো। ভেকচিন প্ৰৱণতাৰ দীঘলীয়া বিৰতি ভাঙিছো২০১৪ চনত, আমাৰ টীকাকৰণ কাৰ্য্যসূচীত চাৰিটা নতুন ভেকচিন প্ৰচলন কৰা হৈছিল। ইয়াত এখন দেশত বিকশিত ৰোটাভাইৰাছ ভেকচিন অন্তৰ্ভুক্ত কৰা হৈছিল। আমি বিদেশী ভেকচিন উৎপাদনতো উদগনি দিওঁ। শেহতীয়াকৈ, আমি এটা দেশীয়ভাৱে বিকশিত নিউমোকোকেল ভেকচিনৰ বাবে বজাৰকৰ্তৃত্ব প্ৰদান কৰিছো। এই টীকাকৰণ কাৰ্য্যসূচী আৰু আমাৰ পোষণ অভিযানে আমাৰ শিশুৰ স্বাস্থ্য আৰু পুষ্টিক ইয়াৰ যোগ্য আৰু গুৰুৰ স্তৰলৈ লৈ যায়। এই মহামাৰীৰ সময়ছোৱাত আমাৰ ভেকচিন উন্নয়নকাৰীসকল সক্ৰিয় আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক। আমি বুজি পাইছো যে সময়েই হৈছে মুখ্য বিষয়

 

আমি ২০২৫ চনৰ ভিতৰত ভাৰতত যক্ষ্মা আঁতৰাবলৈ এক উচ্চ পৰ্যায়ৰ অভিযান আৰম্ভ কৰিছো। এয়া বিশ্বব্যাপী লক্ষ্যৰ পাঁচ বছৰ পূৰ্বেই কৰিছো

বন্ধুসকল,

ইয়াৰ উপৰিও আন আন প্ৰচেষ্টাও আছে। আমি চুপাৰকম্পিউটিং আৰু ছাইবাৰ-ভৌতিক প্ৰণালীৰ ওপৰত গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰিছো। এইবোৰে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স, ছেন্সৰ, আৰু বিগ ডাটা এনালেটিকছৰ দৰে ক্ষেত্ৰত মৌলিক গৱেষণা আৰু প্ৰয়োগৰ ওপৰত সম্প্ৰসাৰিত হৈছে। ই ভাৰতীয় নিৰ্মাণত যথেষ্ট উদগনি প্ৰদান কৰিব। ই দক্ষ যুৱ মানৱ সম্পদ সৃষ্টি কৰাত সহায় কৰিব। ষ্টাৰ্ট আপ খণ্ডটো সফল হ'ব। এই অভিযানৰ অধীনত ২৫ টা প্ৰযুক্তি উদ্ভান হাব ইতিমধ্যে আৰম্ভ কৰা হৈছে।

বন্ধুসকল,

আমি আমাৰ কৃষকসকলক সহায় কৰিবলৈ শীৰ্ষ শ্ৰেণীৰ বৈজ্ঞানিক গৱেষণা বিচাৰো। আমাৰ কৃষি গৱেষণা বিজ্ঞানীসকলে আমাৰ কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। আজি আমি আমাৰ শাখাৰ কেৱল এটা অতি সৰু ভগ্নাংশ আমদানি কৰো। আমাৰ খাদ্য-শস্য উৎপাদনৰ অভিলেখো উন্নত হৈছে।

বন্ধুসকল,

শেহতীয়াকৈ, ভাৰতে এক ৰাষ্ট্ৰীয় শিক্ষা নীতি লাভ কৰিছে। তিনিদশকৰ অধিক পিছত, ভাৰতে এনে নীতি লাভ কৰিছে। এই আঁচনিখন নিৰ্মাণত কেবামাহৰ বিস্তৃত আলোচনা অন্তৰ্ভুক্ত হৈছে। এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উদ্দেশ্য হৈছে বিজ্ঞানৰ প্ৰতি কৌতুহল বৃদ্ধি কৰা। ই গৱেষণা আৰু উদ্ভাৱনক যথেষ্ট প্ৰয়োজনীয় প্ৰসাৰতা প্ৰদান কৰে। বহু অনুসৰ্গমূলক অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ বিষয়ে মই বিশেষভাৱে আগ্ৰহী। খোলা আৰু বিস্তৃতি আধাৰিত শৈক্ষিক পৰিৱেশে যুৱ প্ৰতিভা ৰক্ষা কৰিব।

আজি, বৈশ্বিক স্তৰত বিভিন্ন বৈজ্ঞানিক গৱেষণা আৰু বিকাশপ্ৰচেষ্টাত ভাৰত এক মুখ্য অৱতাৰক আৰু অংশীদাৰ। ইয়াৰে কিছুমান হৈছে: লেজাৰ ইণ্টাৰফেৰোমিটাৰ মাধ্যাকৰ্ষণিক -ৱেভ অৰ্জাৰী (LIGO), ফেব্ৰুৱাৰী ২০১৬ -ত অনুমোদিত; ইউৰোপীয় নিউক্লিয় গৱেষণা সংগঠন (CERN), 'ত ভাৰতে জানুৱাৰী ২০১৭ ৰ পৰা সহযোগী সদস্য হৈ আছে; আৰু, আন্তৰ্জাতিক থাৰ্মোনিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়াম (I-TER)এই সহায়ক গৱেষণাৰ বাবে মোৰ গৃহ ৰাজ্য গুজৰাটত প্লাজমা গৱেষণা প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছে।

বন্ধুসকল,

সময়ৰ আহ্বান যে, অধিক যুৱতীয়ে অৰ্থাৎ নাৰীয়ে বিজ্ঞানৰ প্ৰতি আগ্ৰহ বিকাশ কৰাটো নিশ্চিত কৰা। তাৰ বাবে, আমি ভালদৰে প্ৰস্তুতি চলাব লাগিব, সাজু হ’ব লাগিব। আমাক লাগিব - ইতিহাসৰ বিজ্ঞান আৰু বিজ্ঞানৰ ইতিহাস। যোৱা শতিকাত, বিজ্ঞানৰ সহযোগত অগ্ৰণী ঐতিহাসিক প্ৰশ্নবোৰ সমাধান কৰা হৈছে। এতিয়া তাৰিখ নিৰ্ধাৰণ কৰা আৰু গৱেষণাত সহায় কৰাত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হয়।

আমি ভাৰতীয় বিজ্ঞানৰ সমৃদ্ধ ইতিহাস ক'ব লাগিব। দু:খজনকভাৱে, বহু মানুহে দীৰ্ঘদিন ধৰি মিছা কথা কৈ আহিছে যে আধুনিকতাৰ পূৰ্বে সকলোবোৰ অন্ধবিশ্বাস আৰু অন্ধকাৰ যুগ আছিল। আজি কম্পিউটাৰ, প্ৰ'গ্ৰামিং, 'বাইল আৰু এপ্লিকেচনৰ বয়স। কিন্তু, এই কম্পিউটিংৰ আধাৰত কি আছে? হৈছে বাইনাৰি কোড আৰু

বন্ধুসকল,

যেতিয়া এজনে শূন্যৰ কথা ক'লে, এজনে ভাৰতৰ কথা কেনেদৰে ক'ব নোৱাৰিব? শূন্য গণিতৰ অধিকাংশ নিৰ্মাণ কৰিছে, আৰু বাণিজ্য, সকলোৰে বাবেই ই উপলব্ধ। আমাৰ যুৱসকলে জানিব লাগিব - আধুনিক যুগত বধ্যায়ানা, ভাস্কৰ, বৰামিহিৰা, নাগাৰ্জন, সুশ্ৰুতা আৰু আন বহুতো, যেনে সত্যেন্দ্ৰ নাথ বসু আৰু ছাৰ চি ভি ৰমণ। এই তালিকাখন দীঘলীয়া!

বন্ধুসকল,

আমাৰ মহান অতীতৰ দ্বাৰা অনুপ্ৰাণিত আৰু বৰ্তমানত আমাৰ প্ৰাপ্তিৰ দ্বাৰা শক্তিপ্ৰাপ্ত হৈ আমি অতি আশাৰে আগবাঢ়ি আহিছো। আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুৰক্ষিত ভৱিষ্যত গঢ়াৰ বাবে আগ্ৰহী। ভাৰতৰ আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ অন্তৰালত বিশ্বব্যাপী কল্যাণৰ এক দৃষ্টিভঙ্গী অন্তৰ্ভুক্ত আছে। এই স্বপ্নটো উপলব্ধি কৰিবলৈ, মই আপোনাক সাদৰ আমন্ত্ৰণ জনাইছো আৰু আপোনাৰ সমৰ্থন বিচাৰিছো। অলপতে ভাৰতে অগ্ৰণী স্থান সংস্কাৰ আৰম্ভ কৰিছিল। এই সংস্কাৰে উদ্যোগ আৰু শিক্ষা দুয়োৰে বাবে সুযোগ প্ৰদান কৰে। আপুনি ভাৰতৰ সকলো স্পৰ্শকাতৰ ষ্টাৰ্ট-আপ প্ৰেক্ষাপটৰ বিষয়ে অৱগত। বিজ্ঞানী, গৱেষক আৰু শিক্ষাৰ্থীসকলে সৃষ্টি কৰা বিভিন্ন প্ৰকাৰ অবিহনে এই আগ্ৰাসী চিন্তাবোৰ কেতিয়াও সম্পূৰ্ণ নহ'ব। আমাৰ ষ্টাৰ্ট আপ খণ্ডই আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিব।

বন্ধুসকল,

প্ৰবাসী ভাৰতীয়সকল সমগ্ৰ বিশ্বতে ভাৰতৰ উৎকৃষ্ট এম্বেছেদৰ। তেওঁলোক য’লৈকে গৈছে, তেওঁলোকে তেওঁলোকৰ সৈতে ভাৰতৰ লোকাচাৰ গ্ৰহণ কৰিছে। তেওঁলোকে তেওঁলোকৰ নতুন ঘৰবোৰৰ সংস্কৃতিও গ্ৰহণ কৰিছে। প্ৰবাসী ভাৰতীয়সকল বহু ক্ষেত্ৰত সফল হৈছে। শিক্ষাৰ্থীসকল হৈছে ইয়াৰ এক উদাহৰণ। বেছিভাগ শীৰ্ষ বিশ্বস্তৰীয় বিশ্ববিদ্যালয়, আৰু বিশ্বৰ বহুতো শীৰ্ষ প্ৰযুক্তিগত নিগমে ভাৰতীয় প্ৰতিভাৰ উপস্থিতিৰ পৰা যথেষ্ট উপকৃত হৈছে।

 

বৈভৱ মাধ্যমেৰে, আমি আপোনালোকলৈ এক মহান সুযোগ উপস্থাপন কৰৰিছো। সংযোগ আৰু অৱদানৰ সুযোগ। আপোনালোকৰ প্ৰচেষ্টাই ভাৰত আৰু বিশ্বক সহায় কৰিব। ইয়াৰ পিছত, যেতিয়া ভাৰত সফল হ’ব, বিশ্বও আগবাঢ়ি আহিব। এই বিনিময়বোৰ নিশ্চিতভাৱে উপযোগী হ'ব। আপোনাৰ প্ৰচেষ্টাই এক আদৰ্শ গৱেষণা পৰিণতি সৃষ্টি কৰাত সহায় কৰিব। ই ঐতিহ্যক আধুনিকতাৰ সৈতে একত্ৰিত কৰিব। ই ভাৰতক আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ বাবে গৃহ-নিৰ্ভৰ সমাধান প্ৰদান কৰিব। ই আনৰ বাবে সাৰাংশৰ সৃষ্টি কৰিব। ই ভাৰতক নিত্যনতুন প্ৰযুক্তি সৃষ্টি কৰাত সহায় কৰিব।

বন্ধুসকল,

আমি মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকী লৈ সভা কৰি আছো। মই এনে এটা কথা মনত পেলাওঁ যে থিনিৱন্তপুৰমৰ মৰ্জা কলেজত কথা পাতি থাকোঁতে গান্ধীজীয়ে প্ৰায় ১০০ বছৰ আগতে কৈছিল, ১৯২৫ চনত। তেওঁ বৈজ্ঞানিক প্ৰগতিৰ ফলবোৰ গ্ৰাম্য ভাৰতলৈ যোৱাটো বিচাৰিছিল, 'ত আমাৰ বেছিভাগ লোক বাস কৰে। বাপুৱেও বিজ্ঞানৰ ওপৰত বিস্তৃত ভিত্তি স্থাপনত বিশ্বাস কৰিছিল। ১৯২৯ চনত তেওঁ অনন্য কিবা এটা কৰাৰ চেষ্টা কৰিছিল। তেওঁ ক্ৰীড-ছ'ৰ্ছ কৰাৰ চেষ্টা কৰিছিল। তেওঁ পাতল ওজনৰ ঘূৰা চকা এটা ডিজাইন কৰাৰ উপায় বিচাৰিছিল। গাওঁ, যুৱ, নাৰী, আৰু বৃহৎসংখ্যক জনসাধাৰণক বিজ্ঞানৰ সৈতে একত্ৰিত কৰাৰ বাবে তেওঁৰ দৃষ্টিশক্তিয়ে আমাক অনুপ্ৰাণিত কৰে। আজি, তেওঁৰ জন্মজয়ন্তীত ভাৰতৰ আন এক গৌৰৱী সন্তানক আমাৰ মনত আছে। তেওঁ হৈছে আমাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীজী। আমি তেওঁৰ নম্ৰতা, সৰলতা আৰু মহান নেতৃত্বৰ কথা মনত ৰাখিছো।

বন্ধুসকল,

মই আপোনাক আপোনালোকৰ আলোচনাৰ বাবে শুভেচ্ছা জনাইছো আৰু আপোনালোকক আশ্বাস দিছো যে আমি বৈভৱ, আৰু ইয়াৰ ফলাফল এক বৃহৎ সফলতা হিচাপে মনত ৰাকিব পাৰিম। শেষ কৰাৰ আগতে, মই আপোনাক আপোনাৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'বলৈ, সকলো সাৱধানতা অৱলম্বন কৰিবলৈ, আৰু সুৰক্ষিত থাকিবলৈ পৰামৰ্শ দিওঁ।

ধন্যবাদ, সকলোকে অশেষ ধন্যবাদ।

********

 

 

VRRK/VJ/RD



(Release ID: 1661204) Visitor Counter : 233