স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চিকিৎসাধীন ৰোগীৰ নিম্ন ৰখাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ভাৰতে

একেৰাহে দশম দিনাও চিকিৎসাধীন ৰোগীৰ সংখ্যা ১০ লাখতকৈ কম আছে

ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা প্ৰায় ৫৩লাখ হৈছে

শেষৰ ১০লাখ আৰোগ্য মাত্ৰ ১২ দিনত যোগ হৈছে

Posted On: 01 OCT 2020 11:42AM by PIB Guwahati

ভাৰতে একেৰাহে চিকিসাধীন ৰোগীৰ সংখ্যা ১০ লাখতকৈ কম কৰি ৰাখিবলৈ সক্ষম হৈছে৷ একেৰাহে দশম দিনাও চিকিসাধীন ৰোগীৰ ১০লাখতকৈ কম হৈ আছে৷

WhatsApp Image 2020-10-01 at 10.48.12 AM.jpeg

 

দৈনিক ক’ভিড আক্রান্ত ৰোগীৰ আৰোগ্য লাভৰ সংখ্যাত উচ্চ হাৰ অব্যাহত আছে৷ দেশত বিগত ২৪ ঘণ্টাত ৮৫,৩৭৬ জন লোকে আৰোগ্য লাভ কৰিছে৷

আজিলৈকে ভাৰতৰ আৰোগ্য লোকৰ সংখ্যা বৃদ্ধি পাই ৫২,৭৩,২০১ জন হৈছে৷ উচ্চ হাৰত আৰোগ্য লাভৰ প্ৰৱণতা অব্যাহত থকাত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৩.৫৩ শতাংশলৈ বৃদ্ধি পাইছে৷

ইফালে, বিগত ১২ দিনত দেশত ১০ লাখতকৈ অধিক ক’ৰোনা আক্রান্ত ৰোগী সুস্থ হৈছে৷

এই মুঠ আৰোগ্য ৰোগীৰ ৭৭ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক আৰোগ্যৰ প্ৰৱণতা অব্যাহত আছে। অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুয়েও এই ধাৰা অক্ষুণ্ন ৰাখিছে৷

 

 

ভাৰতত বৰ্তমান ক’ৰোনাত আক্রান্ত হৈ চিকিসাধীন ৰোগীৰ সংখ্যা ৯,৪০,৭০৫জন৷ দেশত ১১ ছেপ্টেম্বৰৰ আগলৈকে ক’ৰোনাত আক্রান্তৰ সংখ্যা আছিল ৯.৪০ লাখ৷

 

WhatsApp Image 2020-10-01 at 10.50.01 AM.jpeg

 

দেশত বিগত ২৪ ঘণ্টাত ৮৬,৮২১ জন লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ ক’ৰোনাত আক্রান্তৰ ৭৬ শতাংশই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে সর্বাধিক ১৮তকৈ অধিক আক্রান্ত মহাৰাষ্ট্ৰ৷ ইফালে, কর্ণাটক আৰু কেৰালাতো ৮,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

 

WhatsApp Image 2020-10-01 at 10.48.44 AM.jpeg

দেশত বিগত ২৪ ঘণ্টাত ১,১৮১ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। এই মৃত্যুৰ ৮২ শতাংশই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মৃত ৰোগীৰ ভিতৰত সর্বাধিক ৪৮১ জনেই মহাৰাষ্ট্রৰ৷ কর্ণাটকটো বিগত ২৪ ঘণ্টাত ৮৭ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷

 

WhatsApp Image 2020-10-01 at 10.47.56 AM (1).jpeg

 

***********

 

MV/SJ/DB



(Release ID: 1660831) Visitor Counter : 147