স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
দৈনিক পৰীক্ষাৰ ক্ষেত্ৰত ভাৰত সৰ্বকালৰ সৰ্বাধিক পৰ্যায়ত উপনীত
প্ৰথমবাৰৰ বাবে মাত্ৰ এদিনতে প্ৰায় ১৫ লার ক’ভিড পৰীক্ষা সম্পন্ন
সৰ্বমুঠ পৰীক্ষাৰ সংখ্যা প্ৰায় ৭ কোটি
प्रविष्टि तिथि:
25 SEP 2020 11:16AM by PIB Guwahati
ক’ভিড-১৯ ৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজখনত শীৰ্ষত আৰোহন কৰিবলৈ সক্ষম হৈছে দেশখন। দেশে প্ৰথমবাৰৰ বাবে এদিনতে প্ৰায় ১৫ লাখ ক’ভিড-১৯ ৰ পৰীক্ষা সম্পন্ন কৰিছে।
বিগত ২৪ ঘণ্টাত দেশত ১৪,৯২,৪০৯ টা পৰীক্ষা সম্পন্ন হৈছে, যাৰ ফলত বৰ্তমানলৈ এই পৰীক্ষাৰ সংখ্যা প্ৰায় ৭ কোটি হৈছেগৈ (৬,৮৯,২৮,৪৪০)।
এই বৃহৎ সংখ্যক দৈনিক পৰীক্ষাই দেশত থকা ক’ভিড সংক্ৰান্তীয় আন্তঃগাঁথনিৰ শক্তিৰ কথাই প্ৰতীয়মান কৰে।
উল্লেখ্য যে সংশ্লিষ্ট ৭ কোটি পৰীক্ষাৰ ভিতৰত ৭ম কোটি পৰীক্ষা সম্পন্ন হৈছে মাত্ৰ ৯ দিনত।

ইফালে প্ৰতি দহ লাখৰ ভিতৰত পৰীক্ষাৰ ক্ষেত্ৰত আজি উপনীত হৈছে ৪৯,৯৪৮ ত।

এই কথা ইতিমধ্যেই প্ৰমাণ হৈছে যে প্ৰতিদিনে হোৱা বৃহৎ সংখ্যক পৰীক্ষাৰ বিপৰীতে ক’ভিড-১৯ পজিটিভৰ সংখ্যা নিম্নমুখী হৈছে। ইয়াৰ উপৰিও যিবোৰ ৰাজ্যত পৰীক্ষাৰ সংখ্যা বৃদ্ধি পাইছে, তেনেবোৰ ৰাজ্যতো পজিটিভ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে।
সম্প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত পজিটিভ ৰোগীৰ হাৰ হৈছেগৈ ৮.৪৪%।

পৰীক্ষাৰ আন্তঃগাঁথনিৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যসমূহৰো দৈনিক পৰীক্ষাৰ সংখ্যা বৃদ্ধি পাইছে। ২৩ খন ৰাজ্যৰ বৰ্তমানৰ প্ৰতি মিলিয়নত পৰীক্ষাৰ হাৰ ৰাষ্ট্ৰীয় গড় ৪৯.৯৪৮ তকৈও অধিক হৈছে।

পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ স্বাভাৱিকতে পৰীক্ষাৰ সংখ্যাও বৃদ্ধি পাইছে।
আজি এই টেষ্টিং নেটৱৰ্ক ১৮১৮ টা পৰীক্ষাগাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১০৮৪ টা চৰকাৰী খণ্ডৰ পৰীক্ষাগাৰ আৰু ৭৩৪ টা ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ। ইয়াৰ ভিতৰত সন্নিৱিষ্ট আছ -
• ৰিয়েলটাইম আৰটি পিচিআৰ ভিত্তিক পৰীক্ষাগাৰ – ৯২৩ টা (চৰকাৰী ৪৭৮+ ব্যক্তিগত ৪৪৫)
• ট্ৰুনেট ভিত্তিক পৰীক্ষাগাৰ - ৭৬৯ টা (চৰকাৰী ৫৭২+ ব্যক্তিগত ১৯৭)
• CBNAATভিত্তিক পৰীক্ষাগাৰ - ১২৬ টা (চৰকাৰী ৩৪+ ব্যক্তিগত ৯২)
****
MV/SJ/RD
(रिलीज़ आईडी: 1659018)
आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam