প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 16 JUN 2020 4:33PM by PIB Guwahati

নমস্কাৰ বন্ধুসকল!

আনলক-১ ঘোষণা কৰা দুসপ্তাহ হ’ল৷ এই সময়ছোৱাত আমাৰ যিবোৰ অভিজ্ঞতা হৈছে সেইবোৰৰ সমীক্ষা আৰু আলোচনা কৰাটো অতি আৱশ্যক৷ আজিৰ এই আলোচনাত মইও আপোনালোকৰ পৰা বিভিন্ন কথা জনাৰ লগতে বুজাৰ সুযোগ পাম৷ আজিৰ এই আলোচনাৰ পৰা যিবোৰ বিষয় জানিব পৰা যাব, সেই ক্ষেত্ৰত আপোনালোকৰ পৰামর্শই দেশৰ ভবিষ্য ৰণনীতি প্ৰস্তুত কৰাত সহায়ক হ’ব৷

বন্ধুসকল,

যিকোনো সংকট মোকাবিলা কৰাত ক্ষেত্ৰত সময়ৰ গুৰুত্ব অপৰিসীম। সঠিক সময়ত, সঠিক সিদ্ধান্তগ্ৰহণে দেশত ক’ৰোনা সংক্ৰমণ নিয়ন্ত্ৰণত অনুকূল পৰিৱেশৰ সূচনা কৰিছে৷

ভৱিষ্যতে যেতিয়া ভাৰতৰ ক’ৰোনা প্ৰতিৰোধী যুঁজক লৈ গৱেষণা হ’ব তেতিয়া এই সময়ছোৱা ইয়াৰ বাবে মনন ৰাখিব লাগিব যে কিদৰে আমি এই সময়ত একেলগে মিলি কাম কৰিছো সহযোগিতামূলক যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ সর্বোকৃষ্ট উদাহৰণ প্ৰস্তুত কৰিছো৷

বন্ধুসকল,

যেতিয়া ক’ৰোনা সম্পৰ্কে বিশ্বৰ বহু দেশত আলোচনাই হোৱা নাছিল, তেতিয়া ভাৰতে ইয়াৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণো আৰম্ভ কৰি দিছিল। আমি প্ৰতিগৰাকী ভাৰতবাসীৰ জীৱন ৰক্ষাৰ বাবে দিনে-ৰাতি পৰিশ্ৰম কৰিছো৷

বিগত সপ্তাহসমূহত হাজাৰ হাজাৰ ভাৰতীয়ক বিদেশৰ পৰা নিজৰ দেশলৈ ঘূৰাই আনিছো৷ বিগত কেইবা সপ্তাহত লক্ষ লক্ষ প্ৰব্ৰজিত শ্ৰমিক নিজৰ গাঁৱলৈ ঘূৰি আহিছে৷ ৰে’লপথ, স্থল পথ, বিমানপথ আৰু সমুদ্ৰপথ আদি সকলো পথ খুলি দিয়া হৈছে কিন্তু সত্ত্বেও, আমাৰ ইমান বিপুল জনসংখ্যা থকা সত্ত্বেও, ভাৰতত ক’ৰোনা সংক্ৰমণ অন্যান্য দেশৰ দৰে ধ্বংসাত্মক প্ৰভাৱ পৰা দেখা নাই৷ আজি বিশ্বৰ ডাঙৰ ডাঙৰ বিশেষজ্ঞ, স্বাস্থ্য বিশেষজ্ঞই লকডাউন আৰু ভাৰতৰ জনগণে প্ৰদর্শন কৰা অনুশাসনৰ প্ৰশংসা কৰিছে৷

আজি ভাৰতত ক’ৰোনা ৰোগত আক্রান্তৰ আৰোগ্যৰ হাৰ ৫০ শতাংশতকৈ অধিক৷ আজি ভাৰতে বিশ্বৰ সেই দেশসমবহৰ মাজত অগ্ৰণী য’ত ক’ৰোনা সংক্ৰমিত ৰোগীৰ জীৱন ৰক্ষা হৈছে৷ ক’ৰোনাত যিকোনো লোকৰ মৃত্যু অতি দুঃখজনক। আমাৰ বাবে যিকোনো ভাৰতীয়ৰ মৃত্যু অতি দুঃখজনক। কিন্তু এয়াও সত্য যে আজি ভাৰত বিশ্বৰ সেই দেশসমূহৰ অন্যতম য’ত ক’ৰোনা সংক্ৰমণত আটাইতকৈ কম লোকৰ মৃত্যু হৈছে৷

এতিয়া বহু ৰাজ্যৰ অভিজ্ঞতাই আমাৰ আত্মবিশ্বাসক আৰু অধিক সুদৃঢ় কৰি তুলিছে, ভাৰতে এই ক’ৰোনা সংকটত নিজৰ লোকচান সীমিত ৰাখি আগুৱাই যাব পাৰে, নিজৰ অর্থনীতিক দ্রুত গতিতে নিয়ন্ত্ৰণ কৰিব পাৰে৷

বন্ধুসকল,

বিগত দুসপ্তাহেৰ আনলক-ৱানে আমাক এক ডাঙৰ শিক্ষা দিছে। সেয়া হ’ল আমি যদি উপযুক্ত নিয়ম পালন কৰো, সকলো নির্দেশ পালন কৰি চলো তেতিয়া হ’লে ক’ৰোনা সংকটৰ পৰা ভাৰতৰ লোকচান কম হ’ব৷

সেইবাবে মাস্ক বা মুখাৱৰণত পৰিধানত অতিশয় গুৰুত্ব দিয়া প্ৰয়োজন। মুখ নঢকাকৈ ধৰৰ পৰা বাহিৰ হোৱাটো কল্পনাও কৰিব নালাগে৷ মুখ নঢকাকৈ ঘৰৰ পৰা বাহিৰ হোৱা সেই ব্যক্তিৰ বাবে যিমান ক্ষতিকাৰক, সিমানেই তেওঁৰ চৌপাশৰ লোকসকলৰ বাবেও বিপজ্জনক৷

সেইবাবে আমি দুই গজ দূৰত্বৰ মন্ত্ৰ, দিনৰ ভাগত কেইবাবাৰো ২০ ছেকেণ্ড ধৰি চাবোনেৰে হাত ধোঁৱা, নিয়মীয়াকৈ ছেনিটাইজাৰ ব্যৱহাৰ ইত্যাদি কেতবোৰ নিয়ম মানি, সেইবোৰ কঠোৰ ভাবে পালন কৰা উচিত। নিজৰ নিৰাপত্তাৰ বাবে, পৰিয়ালৰ নিৰাপত্তাৰ বাবে বিশেষকৈ ঘৰৰ শিশু আৰু জ্যেষ্ঠ লোকসকলৰ সুৰক্ষাৰ বাবে এই নিয়মবোৰ মানি চলাটো অতি প্ৰয়োজন৷

ইতিমধ্যে প্রায় সকলো কাৰ্যালয় খোৱা হৈছে। ব্যক্তিগত খণ্ডত কর্মৰত লোকসকলে কাৰ্যালয়লৈ যোৱা আৰম্ভ কৰিছে৷ বজাৰত, বাটে-পথে, ঘাইপথত ভিৰ বাঢ়িছে। এনে পৰিস্থিতত ওপৰোক্ত নিয়মবোৰ পালন কৰিলে সেয়া দ্রুতগতিত ক’ৰোনা সংক্ৰমণ ৰোধত কার্যকৰী ভূমিকা পালন কৰিব৷ সামান্য দায়িত্বজ্ঞানহীনতা, নিয়ম পালনত অৱহেলা, অনুশাসনহীনতা, ক’ৰোনাৰ বিৰুদ্ধে আমাৰ সকলোৰে যুঁজক দুর্বল কৰি পেলাব৷

আমি সদায় এই কথা মানিব লাগিব যে আমি ক’ৰোনাক যিমান আৱদ্ধ কৰিব পাৰিম, যিমান ইয়াৰ সংক্ৰমণক প্ৰতিৰোধ কৰিব পাৰিম, সিমানেই আমাৰ অর্থনীতি খোলা থাকিব, আমাৰ কাৰ্যালয়, আদালত, বজাৰ, পৰিবহন ব্যৱস্থা চলি থাকিব, সিমাৱেই কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ’ব৷

বন্ধুসকল,

অনাগত দিনবোৰ বিভিন্ন ৰাজ্যত অর্থনৈতিক কাম-কাজ যিদৰে বিস্তাৰ লাভ কৰিব, তাৰ অভিজ্ঞতাই অন্যান্য ৰাজ্যসমূহকো উপকৃত কৰিব৷ বিগত কেইবা সপ্তাহৰ চেষ্টাৰ ফলত আমাৰ অর্থনীতিত সেউজ ৰেখা পৰিলক্ষিত হৈছে৷ বিদ্যু ব্যৱহাৰ যিমান কমি গৈছিল সেয়া এতিয়া বাঢ়িবলৈ আৰম্ভ কৰিছে৷ এইবছৰৰ মে’ মাহত সাৰৰ বিক্রী যোৱা বছৰৰ মে’ মাহৰ তুলনাত দুগুণ হৈছে৷

এই বছৰ খাৰিফ শস্যৰ ৰোপণ বিগত বছৰৰ তুলনাত প্রায় ১২-১৩ শতাংশ অধিক হৈছে৷ দুচকীয়া বাহনৰ পাদন লকডাউনৰ পূৰ্বৰ সময়ৰ তুলনাত প্রায় ৭০ শতাংশ অধিক হৈছে৷ খুচুৰা খণ্ডত ডিজিটেল লেনদেনো লকডাউন পূর্বৰ সময়ৰ দৰে হৈছে৷

কেৱল ইমানেই নহয় মে’ মাহত টোল কালেকশ্যন বৃদ্ধিয়ে দেশত অর্থনৈতিক কাম-কাজ বৃদ্ধিকে প্ৰমাণিত কৰিছে৷ একেৰাহে তিনিমাহ ধৰি ৰপ্তানি হ্রাস পোৱাৰ পাছত জুন মাহত ৰপ্তানি আকৌ যথেষ্ট বৃদ্ধি পাই বিগত বছৰৰ ক’ভিডৰ পূৰ্বৰ সময়ৰ দৰে হৈ গৈছে। এই সকলো সংকেটে আমাক সাহিত কৰাৰ লগতে আগুৱাই যোৱাত প্রেৰণা যোগাইছে৷

বন্ধুসকল,

আপোনালোকৰ মাজত অধিকাংশ ৰাজ্যত কৃষি, উদ্যান শস্য, মীন পালন আৰু অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগেৰ অংশ বৃদ্ধি পাইছে। আত্মনির্ভৰ ভাৰত অভিযানৰ জৰিয়তে বিগত দিনকেইটাত এই সকলো খণ্ডৰ বাবে যথেষ্ট সাহায্যৰ ব্যৱস্থা কৰা হৈছে৷

অতিক্ষুদ্ৰ, লঘূ, আৰু মজলীয়া উদ্যোগসমূহক সহায়ৰ বাবে বৰ্তমান বহু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ নির্ধাৰিত সময়ৰ ভিতৰত অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক বেংকৰ পৰা ঋণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ ১০০ কোটি টকালৈকে বার্ষিক লেনেদেন সম্পন্ন কৰা উদ্যোগসমূহত ২০ শতাংশ অতিৰিক্ত ঋণৰস্বয়ংক্ৰিয়বৃদ্ধিৰ সুবিধা প্ৰদান কৰা হৈছে৷

আমি যদি বেংকাৰ্ছ কমিটীসমূহৰ জৰিয়তে এইটো সুনিশ্চিত কৰো যাতে উদ্যোগসমূহে দ্রুতগতিতে ঋণ লাভ কৰে, তেতিয়াহ’লে তেওঁলোকে দ্রুতগতি কাম আৰম্ভ কৰিব পাৰিব, মানুহক কর্মসংস্থাপন দিব পাৰিব৷

বন্ধুসকল,

আমাৰ ইয়াত যিবোৰ সৰু সৰু কাৰখানা আছে সেইবোৰক সঠিক পথ দেখুওৱাৰ লগতে তেওঁলোকৰ কাষত থিয় দিয়াটোৰ প্ৰয়োজন৷ মই জানো আপোনালোকৰ নেতৃত্বত এই দিশত যথেষ্ট কাম হৈছে৷ বাণিজ্য আৰু উদ্যোগসমূহে যাতে নিজৰ পুৰণি গতি ঘূৰাই আনিব পাৰে, তাৰ বাবে মূল্যবোধ সম্পন্ন যোগান শৃংখল পুনৰুদ্ধাৰৰ ক্ষেত্রটো আমি মিলিজুলি কাম কৰিব লাগিব৷ ৰাজ্যসমূহত য’তেই নির্দিষ্ট অর্থনৈতিক কাম-কাজ ক্ষেত্ৰ আছে, তাত যাতে ২৪ ঘণ্টাই কাম কৰিব পাৰে, সামগ্ৰী উঠোৱা-নমোৱা দ্রুতগতিত হয়, এখন চহৰৰ পৰা অন্য এখন চহৰলৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্রত স্থানীয় পৰ্যায়ত যাতে কোনো প্ৰতিবন্ধকতা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ দেশৰ অর্থনৈতিক কাম-কাজ আৰ অধিক ত্বৰান্বিত কৰিব লাগিব৷

বন্ধুসকল,

কৃষকসকলৰ ৎপাদিত শস্য বাণিজ্যিকৰণৰ ক্ষেত্রত শেহতীয়াভাৱে যি সংস্কাৰ কৰা হৈছে তাৰ ফলত কৃষকসকল যথেষ্ট লাভান্বিত হ’ব৷ ইয়াত জৰিয়তে কৃষকসকলে নিজৰ শস্য বিক্রী কৰাৰ বাবে নতুন বিকল্পৰ সন্ধান কৰিব পাৰিব৷ তেওঁলোৰৰ আয় বৃদ্ধি পাব আৰু বেয়া পৰিৱেশৰ ফলত, উপযুক্ত মজুতগৃহৰ অভাৱত তেওঁলোকৰ যি লেকচান হৈছিল, সেয়া এতিয়া হ্ৰাস কৰিব পাৰিব৷

কৃষকসকলৰ আয় যেতিয়া বৃদ্ধি পাব, তেতিয়া নিশ্চিতভাৱে তেওঁলোকৰ চাহিদাও বৃদ্ধি পাব আৰু প্ৰতিখন ৰাজ্যৰ অর্থনীতিও গতিশীল হ’ব। বিশেষকৈ উত্তৰপূব ভাৰত আৰু আমাৰ অন্যান্য জনজাতি বসতিপ্ৰধান এলেকাসমূহত কৃষি আৰু উদ্যান শস্যৰ বাবে যথেষ্ট সুযোগ গঢ় লৈ উঠিব৷ জৈৱিক কৃষিৰ পৰা পন্ন শস্য, বাঁহজাতীয় সামগ্ৰী, অন্যান্য জনজাতিসকলৰ হস্তশিল্প আৰু অন্যান্য পাদিত সামগ্ৰীৰ বাবে নতুন বজাৰৰ দুৱাৰ মুকলি হ’ব৷ স্থানীয় সামগ্ৰীৰ বাবে যি ক্লাষ্টাৰ ভিত্তিক ৰণনীতি ঘোষণা কৰা হৈছে তাৰ দ্বাৰা প্ৰতিখন ৰাজ্য লাভান্বিত হ’ব৷ সেইবাবে আমাৰ প্ৰতিটো ব্লকত, প্ৰতিখন জিলাত এইধৰণৰ সামগ্ৰীক চিহ্নিত কৰি সেইবোৰৰ উপযুক্ত সংসাধন আৰু বাণিজ্যিকৰণৰ জৰিয়তে এক উন্নত সামগ্ৰীৰূপে দেশ আৰু বিশ্বৰ বজাৰলৈ উলিয়াই অনাটো অতি প্ৰয়োজনীয়৷

বন্ধুসকল,

বৰ্তমান আত্মনির্ভৰ ভাৰত অভিযানৰ জৰিয়তে যিমানবোৰ ঘোষণা কৰা হৈছে, সেইবোৰে এক নির্দিষ্ট সময়সীমাৰ মাজেৰে বাস্তবায়িত কৰাৰ বাবে আমি সকলো একেলগ হৈ কাম কৰিব লাগিব৷ এই ক্ষেতত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ আৰু অর্থনৈতিক কাম-কাজ সম্পর্কত আপোনালোকৰ যিমান পৰামর্শ আছে, আপোনালোকে যিমান প্ৰস্তুতি চলাইছে, সেই সম্পৰ্কে জানিবলৈ মই অতি আগ্ৰহী হৈ আছো৷

মই কেন্দ্রীয় গৃহমন্ত্রীক পৰৱর্তী আলোচনা সঞ্চালনা কৰিবলৈ অনুৰোধ জনাইছো৷

***

 

VRRK/SH/IG/MG/AK/DB



(Release ID: 1655361) Visitor Counter : 137