প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘হাইপাৰ্ছনিক পৰীক্ষণ প্ৰদৰ্শন যান’ৰ উৰণ সাফল্যৰ বাবে ‘ডিআৰডিঅ’-ক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 07 SEP 2020 8:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে হাইপাৰ্ছনিক পৰীক্ষণ প্ৰদৰ্শন যানৰ  উৰণ সাফল্যৰ বাবে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণ সংস্থা (ডিআৰডিঅ)-ক অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইট বাৰ্তাত আজি প্ৰধানমন্ত্ৰীয়ে কয়, হাইপাৰ্ছনিক পৰীক্ষণ প্ৰদৰ্শন যানৰ  উৰণ সাফল্যৰ বাবে ডিআৰডিঅ-লৈ অভিনন্দন জনালো। আমাৰ বিজ্ঞানীসকলে বিকশিত কৰা স্ক্ৰেমজেট ইঞ্জিনে যানখনক শব্দতকৈয়ো ৬গুণ বেগত উৰাৰ সামৰ্থ্য প্ৰদান কৰিলে! আজিৰ তাৰিখত তেনেই কেইখনমান দেশৰহে এনে সামৰ্থ্য আছে।  

 

***

VRRK/SH/KB



(Release ID: 1652149) Visitor Counter : 158