স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        দ্ৰুত উথ্থান, ভাৰতে সম্পন্ন কৰিলে ৪.২৩ কোটিৰো অধিক পৰীক্ষণ
                    
                    
                        ৪৩শতাংশ আক্ৰান্তই ৩ ৰাজ্য- মহাৰাষ্ট্ৰ, অন্ধ্ৰ আৰু কৰ্ণাটকৰ
                    
                
                
                    Posted On:
                31 AUG 2020 12:24PM by PIB Guwahati
                
                
                
                
                
                
                ক’ভিড-১৯ৰ পৰীক্ষণৰ পৰিসৰ বৃদ্ধিৰ বাবে ভাৰতে দৃঢ় মনোভাৱৰ প্ৰদৰ্শন কৰি পৰীক্ষাগাৰৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত দিনটোৰ ভিতৰতে বিপুল সংখ্যক পৰীক্ষা সম্পন্ন কৰাৰ সামৰ্থ্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০২০চনৰ জানুৱাৰী মাহত পুনেত থকা এটা মাত্ৰ পৰীক্ষাগাৰত সম্পন্ন কৰা এটা পৰীক্ষাৰ বিপৰীতে আগষ্ট ২০২০ত ভাৰতে দিনটোৰ ভিতৰতে ১০ লাখৰো অধিক নমুনা পৰীক্ষা কৰিব পৰা হৈছেহি।
শেহতীয়া ২৪ ঘণ্টাত সম্পন্ন হোৱা ৮,৪৬,২৭৮টা নমুনা পৰীক্ষণকে ধৰি দেশত সম্পন্ন হোৱা সৰ্বমুঠ পৰীক্ষাৰ সংখ্যাই আজি ৪.২৩ কোটিৰ সীমা অতিক্ৰম কৰিলে।
ইফালে শেহতীয়া ২৪ ঘণ্টা(দেওবাৰ ৩০ আগষ্ট)ত ভাৰতত ৭৮,৫১২গৰাকী নতুন আক্ৰন্তৰ নাম পঞ্জীভুক্ত কৰা হৈছে। সেয়ে সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ দৰে যোৱা ২৪ ঘণ্টাত ৮০,০০০আক্ৰান্তৰ তথ্য কেতিয়াও সত্য নহয়। 
শেহতীয়া ২৪ ঘণ্টাত নতুনকৈ সংযোজিত হোৱা আক্ৰান্তৰ ভিতৰৰ ৭০ শতাংশই মাত্ৰ ৭খন ৰাজ্যৰ। ইয়াৰে সৰ্বাধিক ২১শতাংশই মহাৰাষ্ট্ৰৰ। ইয়াৰ পিচতে স্থান লাভ কৰিছে অন্ধ্ৰ প্ৰদেশ(১৩.৫শতাংশ), কৰ্ণাটক(১১শতাংশ), তামিল নাডু(৮.২৫শতাংশ), উত্তৰ প্ৰদেশ(৮.২৭শতাংশ), পশ্চিম বংগ(৩.৮৫শতাংশ) আৰু ওড়িশা(৩.৮৪শতাংশ)ই। বাকী অংশৰ অৰিহণা আগবঢ়াইছে দেশৰ আন ৰাজ্যসমূহে।

ইফালে, শেহতীয়া ভাবে হোৱা দেশৰ সৰ্বমুঠ আক্ৰান্তৰ ৪৩শতাংশই মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ। মুঠ আক্ৰান্তৰ ১১.৬৬শতাংশ হ’ল তামিল নাডুৰ।

সেইদৰে, বিগত ২৪ ঘণ্টাত মৃত্যু হোৱা ৰোগীৰ ৫০শতাংশই মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ। ইয়াৰে মহাৰাষ্ট্ৰই ৩০.৪৮শতাংশৰে শীৰ্ষত অৱস্থান কৰিছে। 

দৃঢ় মনোভৱৰে লক্ষ্য নিৰ্দিষ্ট কৰি নেৰানেপেৰাকৈ আৰু সু-সমন্বিত ভাবে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শসিত অঞ্চলৰ চৰকাৰসমূহে কৰা প্ৰয়াসৰ সুবাদত ভাৰতে আজি সাফল্যৰ নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। 
ক’ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।
কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in  আৰু অন্যান্য তথ্যৰ বাবে  ncov2019[at]gov[dot]in and @CovidIndiaSeva .
অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .
****
MV/KB
                
                
                
                
                
                (Release ID: 1650242)
                Visitor Counter : 284
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Malayalam 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada