প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আন্দামান নিকোবৰত ছাবমেৰিন কেবল সংযোগ ব্যৱস্থাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 10 AUG 2020 12:23PM by PIB Guwahati

ভাৰতৰ স্বাধীনতাৰ তপোভূমি আন্দামান নিকোবৰৰ ভূমি আৰু ইয়াত বসবাস কৰা সকলো জনসাধাৰণক মোৰ নমস্কাৰ!

আজিৰ দিনটো আন্দামান নিকোবৰৰ কেইবা ডজন দ্বীপত বসবাস কৰা লাখ লাখ বন্ধুসকলৰ লগতে সমগ্ৰ দেশৰ বাবেও অতি গুৰুত্বপূর্ণ৷

বন্ধুসকল, নেতাজী সুভাষচন্দ্ৰ বসুক প্ৰণাম জনাই প্রায় ডেৰ বছৰ পূৰ্বে এইছাবমেৰিন অপ্টিকেল ফাইবাৰ কেবল সংযোগ প্ৰকল্প উদ্বোধন কৰাৰ সৌভাগ্য মোৰ ’ল মই এতিয়া এই কাম সম্পূর্ণ হোৱাৰ বাবে অতিশয় আনন্দিত হৈছো আৰু আজি এই প্ৰকল্প দেশবাসীক সর্গা কৰাৰ সৌভাগ্য মোৰ ল। চেন্নাইৰ পৰা পোর্ট ব্লেয়াৰ, পোর্ট ব্লেয়াৰৰ পৰা লিটল আন্দামান আৰু পোর্ট ব্লেয়াৰৰ পৰা স্বৰাজ দ্বীপলৈকে আন্দামান নিকোবৰৰ এক বৃহ অংশত এই সেৱা আজিৰ পৰাই আৰম্ভ হৈছে৷

এই সেৱাৰ জৰিয়তে আন্দামান নিকোবৰত বসবাস কৰা লোকসকলৰ বাবে অপৰিসীম সুযোগ সৃষ্টিৰ সম্ভাৱনা আছে৷ এই সম্ভাৱনাময় যোগাযোগ ব্যৱস্থাৰ বাবে বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছো৷ এইবছৰ স্বাধীনতা দিৱসৰ পূৰ্বে আন্দামানৰ জনসাধাৰণৰ বাবে এই যোগাযোগ ব্যৱস্থাক মই ১৫ আগষ্টৰ আন্তৰিক উপহাৰ হিচাপে প্ৰত্যক্ষ কৰিছো৷

বন্ধুসকল, সমুদ্রৰ মাজত প্রায় ২৩০ কিলোমিটাৰ কেবল স্থা এই কাম নির্ধাৰিত সময়ৰ পূৰ্বে সম্পূর্ণ কৰা এক অতি প্ৰশংসীয় সাফল্য। গভীৰ সমুদ্রত পর্যবেক্ষণ কৰা, কেবলৰ কর্ষ বজাই ৰখা, বিশেষ জাহাজৰ জৰিয়তে কেবল স্থাপন কৰা ইমান সহজ কাম নহয়৷ ওপৰত সুউচ্চ ঢৌ, ধুমুহা আৰু বিভিন্ন ঋতুকালীন বিপত্তি। এই প্ৰকল্প যিমান ডাঙৰ আছিল ইয়াৰ সমস্যাৱলীও সিমানেই বিচিত্ৰ আৰু বিৰাট আছিল। এই কাৰণসমূহৰ বাবেই বহু বছৰ ধৰি এই সেৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা সত্ত্বেও এই কাম সম্পূৰ্ণ হোৱা নাছিল৷ কিন্তু মই অতিশয় আনন্দিত যে এইবাৰ সকলো বিপত্তি জয় কৰি এই কাম সম্পূৰ্ণ হৈছে৷ আনকি ’ৰোনাৰ দৰে দুৰ্যোগ, যি প্রায় সকলো কাম-কাজক স্তব্ধ কৰি দিছে তাৰ পিছতো এই কাম সম্পূর্ণ হোৱাত ৰখাব নোৱাৰিলে৷

বন্ধুসকল, দেশৰ ইতিহাস, বর্তমান আৰু ভৱিষ্যতৰ বাবে এই গুৰুত্বপূর্ণ দ্বীপসমূহক আৰু ইয়াৰ পৰিশ্ৰমী নাগৰিকসকলৰ আধুনিক টেলিকম যোগাযোগ ব্যৱস্থাত সমৃদ্ধ কৰাই আছিল দেশৰ দায়িত্ব। এক অতি সমর্পিত দলৰ জৰিয়তে, দলীয় ভাৱনাৰে কাম কৰি আজি এক পুৰণি সপোন বাস্তবায়িত হৈছে৷ মই এই প্ৰকল্পৰ সৈতে জড়িত প্ৰতিগৰাকী বন্ধুক বহুত বহুত শুভেচ্ছা জনাইছো, প্ৰণাম জনাইছো৷

বন্ধুসকল, এই চৰম প্ৰতিকূল কাম তেতিয়াই বাস্তবায়িত ’ব পাৰে, যেতিয়া সম্পূর্ণ সক্ষমতাৰে, সম্পূর্ণ দায়বদ্ধতাৰ সৈতে এদল মানুহে কাম কৰে৷ আমি দেশৰ প্ৰত্যেক নাগৰিকৰ প্ৰতি, দিল্লী আৰু আমাৰ হৃদয়ৰ পৰা দেশৰ প্ৰত্যেক অঞ্চলৰ দূৰত্ব কম কৰাৰ দায়বদ্ধতাৰ প্ৰতি সমৰ্পিত৷ আমি দেশৰ প্ৰতিগৰাকী নাগৰিক, প্ৰতিটো অঞ্চলত আধুনিক সেৱা প্ৰদান কৰা, তেওঁলোকৰ জীৱন সহজ কৰাৰ প্ৰতি সমৰ্পিত৷ আমি দেশৰ নিৰাপত্তাৰ সৈতে জড়িত সীমান্ত এলেকা আৰু উপকূলত বসবাস কৰা অঞ্চলসমূহৰ দ্রুত উন্নয়নৰ প্ৰতি সমৰ্পিত৷

বন্ধুসকল, আন্দামান নিকোবৰক দেশ আৰু বিশ্বৰ সৈতে অপ্টিকেল ফাইবাৰৰ জৰিয়তে যুক্ত কৰাটোও সহজ জীৱন যাপনৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতীক। এতিয়া আন্দামান নিকোবৰৰ জনসাধাৰণেও ’বাইল সংযোগ আৰু কম দামত দ্রুত ইণ্টাৰনেট সেৱা পাব, এই ক্ষেত্রত ভাৰতে আজি সমগ্ৰ বিশ্বত অগ্ৰণী ভূমিকা পালন কৰিছে। এতিয়া আন্দামান নিকোবৰৰ জনসাধাৰণ, মোৰ ভনীসকল, শিশুসকল, যুৱ বন্ধুসকল, ব্যৱসায়ী আৰু উদ্যোগীসকলেও ডিজিটেল ইণ্ডিয়াৰ সেই সকলো সুবিধা পাব, যি দেশৰ অন্যান্য প্রান্তৰ লোকসকলে পায়৷ অনলাইন পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি পর্যটনৰ জৰিয়তে ৰোজগাৰ, বেংকিং সেৱা, কিনা-বেচা, ঔষুধ-পাতি ক্ৰয় কৰা আদি কামত এতিয়া আন্দামান নিকোবৰৰ হাজাৰ হাজাৰ পৰিয়ালে এই অনলাইন সেৱা ব্যৱহাৰ কৰিব পাৰিব৷

বন্ধুসকল, আজি আন্দামান যি সেৱাৰে সমৃদ্ধ ’ল, তাৰ দ্বাৰা ইয়ালৈ অহা পর্যটকসকল যথেষ্ট লাভবান ’ব৷ উন্নত ইণ্টাৰনেট যোগাযোগ আজি যিকোনো পর্যটনস্থলীৰ বাবে আটাইতকৈ ডাঙৰ অগ্রাধিকাৰ হৈ পৰিছে। আজি দেশ আৰু বিশ্বৰ পর্যটকসকলে ’লৈকে নাযাওক কিয়, ’বাইল আৰু ইণ্টাৰনেট যোগাযোগ ব্যৱস্থাৰ অভাৱে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। ইমানদিন আন্দামানলৈ অহা বাহিৰৰ পর্যটকসকলৰ প্রায়েই তেওঁলোকৰ পৰিয়াল আৰু ব্যৱসায়ৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আহিছিল৷ এতিয়া সেই অসুবিধাৰ অন্তৰ পৰিল৷ এতিয়া তেওঁলোকে সকলো সময়ত ভাল ইণ্টাৰনেট পাব আৰু মোৰ দৃঢ় বিশ্বাস ইয়াৰ ফলত পর্যটকসকলে এতিয়া পূৰ্বৰ তুলনা অধিক সময়ৰ বাবে আহিব৷ তেওঁলোক যদি আহি বেছি দিন থাকে, আন্দামান নিকোবৰৰ সমুদ্ৰ, ইয়াৰ খাদ্যাভাস, ইয়াৰ পৰিৱেশ আৰু প্ৰকৃতিৰ সকলো আনন্দ উপভোগ কৰিব, ইয়াৰ বৃহ প্ৰভাৱ এই অঞ্চলৰ লোকসকলৰ ৰোজগাৰ বৃদ্ধি পাব, কর্মসংস্থাপনৰ বহুত নতুন নতুন দিশ খোল খাব৷

বন্ধুসকল, আন্দামান আৰু নিকোবৰ ক্ৰমে ভাৰতৰ অর্থনৈতিক-কৌশলগত সহযোগিতা আৰু সমন্বয়ৰ গুৰুত্বপূর্ণ কেন্দ্ৰ হৈ উঠিছে। ভাৰত মহাসাগৰ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ বাণিজ্যিক আৰু সামৰিক সামর্থৰ কেন্দ্ৰ৷ আজি যেতিয়া ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় বাণিজ্যিক লেনদেন আৰু সহযোগিতাৰ নতুন নীতি লৈ আগুৱাই গৈছে, সেই সময়ত আন্দামান নিকোবৰকে ধৰি আমাৰ সকলো দ্বীপৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে৷ আমাৰএক্ট ইষ্ট পলিচি জৰিয়তে পূব এছিয়া দেশসমূহ আৰু সমুদ্রৰ সৈতে জড়িত অন্যান্য দেশসমূহৰ সৈতে ভাৰতৰ সম্পর্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্রত আন্দামান নিকোবৰৰ ভূমিকা অধিক৷ নতুন ভাৰতত আন্দামান আৰু নিকোবৰ দ্বীপপুঁঞ্জৰ এই ভূমিকা দৃঢ়তৰ কৰিবলৈ তিনি বছৰ পূৰ্বেদীপপুঞ্জ উন্নয়ন সংস্থাগঠন কৰা হৈছিল৷ আজি আপোনালোকে দেখিছে আন্দামান নিকোবৰত যিবোৰ প্ৰকল্প বহুত বছৰ ধৰি সম্পূর্ণ নোহোৱাকৈ আছিল, সেইবোৰ এতিয়া দ্রুত গতিত সম্পূর্ণ হৈছে৷

বন্ধুসকল, আন্দামান আৰু নিকোবৰৰ ১২টা দ্বীপতউচ্চ প্ৰভাৱিত প্ৰকল্প বিস্তাৰ কৰা হৈছে৷ ’বাইল আৰু ইণ্টাৰনেট যোগাযোগ ব্যৱস্থাৰ এক ডাঙৰ সমস্যা আজি সমাধান ’ল। তদুপৰি, স্থল পথ, বিমান পথ আৰু জল পথৰ জৰিয়তেফিজিকেলযোগাযোগ ব্যৱস্থাও শক্তিশালী কৰা হৈছে৷ উত্তৰ আৰু মধ্য আন্দামানৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে দুখন বৃহ দলং আৰু ৰাষ্ট্ৰীয় ঘাইপথ-৪ৰ প্ৰশস্তিকৰণ দ্রুতগতিত অগ্ৰসৰ হৈছে। পোর্ট ব্লেয়াৰ বিমানবন্দৰত একেলগে ১২০০ যাত্রী নিয়ন্ত্ৰণৰ ক্ষমতা অহা কেইটামান মাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব৷

তদুপৰি, দিগলীপুৰ, কাৰ নিকোবৰ আৰু কেম্পবেল বেটো নতুন বিমানবন্দৰ, বিমান অৱৰতণৰ বাবে প্ৰস্তুত হৈছে৷ স্বৰাজ দ্বীপ, শ্বহীদ দ্বীপ আৰু লং দ্বীপতযাত্ৰী টার্মিনাল’, ‘ভাসমান জেটিআৰুৱাটাৰ এৰোদ্ৰমআন্তঃগাঁথনি অহা কেইটামান মাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব৷ তাৰপাছত ইয়াতউড়ান যোজনা জৰিয়তেচি প্লেনসেৱা আৰম্ভ ’ব৷ তেতিয়া এটা দ্বীপৰ পৰা আন এটা দ্বীপৰ যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী হ’ব৷ আপোনালোকৰ অহা-যোৱাৰ সময় বহুত ৰাহি ’ব৷য

বন্ধুসকল, দ্বীপসমূহৰ মাজত পাৰস্পৰিক জলপথ আৰু অন্যান্য দেশৰ সৈতে সমুদ্ৰ পথত যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে কোচি শ্বিপয়ার্ডত যি চাৰিখন জাহাজ নির্মাণ কৰা হৈছে সেইবোৰৰ ডেলিভাৰিও অহা কেইটামান মাহৰ ভিতৰতে হৈ যাব৷ অহা এবছৰৰ ভিতৰত আমি ডাঙৰ ডাঙৰ জাহাজৰ মেৰামতিৰ সুবিধা এই দ্বীপসমূহৰ ভিতৰতে আৰম্ভ কৰাৰ চেষ্টা কৰিছো৷ ইয়াৰ ফলত আপোনালোকৰ সময় ৰাহি, খৰচ ৰাহি আৰু কর্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব৷ মীনপালনৰ ক্ষেত্ৰটো ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত ’ব৷

বন্ধুসকল, অনাগত দিনসমূহত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ সমুদ্ৰ বন্দৰকেন্দ্রিক উন্নয়নৰ হাব ৰূপে বিকশিত হোৱাগৰ দিশত অগ্ৰসৰ হৈছে। আন্দামান আৰু নিকোবৰ বিশ্বৰ বহুত বন্দৰৰ তুলনাত প্ৰতিযোগিতামূলক দূৰত্বত অৱস্থিত। আজি সমগ্ৰ বিশ্বই এইটো স্বীকাৰ কৰিছে যে দেশত সমুদ্ৰবন্দৰ নেটৱর্ক আৰু সেইবোৰৰ পাৰস্পৰিক যোগাযোগ ব্যৱস্থা উন্নত ’ব আৰু সেইবোৰেই একবিংশ শতিকাত বাণিজ্যক গতি প্ৰদান কৰিব৷ এই ক্ষেত্রত আন্দামান আৰু নিকোবৰত যি আন্তঃগাঁথনিমূলক কাম হৈছে সেইবোৰ সম্পূৰ্ণ ’লেই এই বন্দসমূহে ভাৰতৰ উন্নয়নক নতুন উচ্চতাত উপনীত কৰিব৷

বন্ধুসকল, আজি যেতিয়া ভাৰত আত্মনির্ভৰতাৰ সংকল্প লৈ আগুৱাই গৈছে,বিশ্বৰ নিৰ্মাণৰ কেন্দ্ৰস্থলৰূপে সমগ্ৰ বিশ্বত যোগান আৰু মূল্য শৃংখলৰ এক গুৰুত্বপূর্ণ প্ৰতিদ্বন্দ্বী ৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যক্ষে আগুৱাই গৈছে, সেই সময়ত আমাৰ জল পথসমূহ আৰু আমাৰ সমুদ্ৰ আৰু নদী বন্দৰসমূহৰ নেটৱর্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে৷ বিগত ৬-৭ বছৰত বন্দৰ উন্নয়ন আৰু বন্দৰভিত্তিক উন্নয়নক লৈ যিবোৰ কাম হৈছে সেইবোৰৰ জৰিয়তে দেশে নতুন শক্তি লাভ কৰিছে৷

আজি আমি নদী জলপথৰ এক বৃহ নেটৱৰ্ক গঢ় দিছো, যি ডাঙৰ সমুদ্ৰ বন্দৰসমূহৰ সৈতে দেশৰ সমুদ্ৰতীৰৰ পৰা দূৰৱর্তী ৰাজ্যসমূহক সংযুক্ত কৰিছে। বন্দৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত যিবোৰ আইনী বাধা আছিল, সেইবোৰো ক্ৰমে দূৰ কৰা হৈছে৷ চৰকাৰৰ লক্ষ্য সমুদ্রতইজ অফ বিজনেছ উন্নত কৰা আৰুসামূদ্ৰিক লজিষ্টিক্স সৰলীকৰণ কৰি তোলাৰ প্ৰতি গুৰুত্ব দিয়া৷ সেইবাবে বিশ্বৰ সর্ববৃহ একক খিড়িকী মঞ্চ গঢ় দিয়াৰ কামৰো অগ্ৰগতি লাভ কৰিছে৷

বন্ধুসকল, এনে বহুত প্ৰচেষ্টাৰ ফলত এতিয়া দেশৰ সমুদ্ৰ বন্দৰ নেটৱর্কৰক্ষমতাআৰুসক্ষমতাদুয়োটাই বিস্তাৰ কৰা হৈছে৷ তিনি দশক অপেক্ষাৰ অন্তত পশ্চিম সমুদ্ৰতীৰত ভাৰতৰ প্ৰথমডিপ ড্রাফট গ্রিনফিল্ডছি পোর্ট সিদ্ধান্তক্ৰমে অনুমোদন জনৱা হৈছে৷ এইদৰেই পূবতীৰতডিপ ড্রাফট ইনাৰ হাৰবাৰনির্মাণৰ কামো দ্রুতগতিত আগুৱাই গৈছে। এতিয়া গ্রেট নিকোবৰত প্রায় ১০,০০০ কোটি টকা সম্ভাব্য বিনিয়োগৰ জৰিয়তেট্রান্স শ্বিপমেণ্ট পোর্টনির্মাণৰ প্ৰস্তাৱ উত্থাপন হৈছে৷ অহা ৪-৫ বছৰৰ ভিতৰত ইয়াৰ প্ৰথম পর্যায় সম্পূর্ণ কৰাৰ চেষ্টা কৰা ’ব৷ এবাৰ যেতিয়া সমুদ্ৰ বন্দৰ গঢ়ি তোলা হ’ব, তেতিয়া ইয়াত বহুত ডাঙৰ ডাঙৰ জাহাজো আহি লংগৰ পেলাব, ৰ’ব পাৰিব৷ ইয়াৰ জৰিয়তে সামুদ্রিক বাণিজ্যত ভাৰতৰ অংশগ্ৰহণ বৃদ্ধি পাব, আমাৰ যুৱ সম্প্ৰদায়ে নতুন নতুন সুযোগ লাভ কৰিব৷

বন্ধুসকল, আজি আন্দামান আৰু নিকোবৰত ’ত আধুনিক আন্তঃগাঁথনি গঢ়ি উঠিছে সেইবোৰে আমাৰ নীল অর্থনীতিকো গতি প্ৰদান কৰিব৷ নীল অর্থনীতিৰ এক গুৰুত্বপূর্ণ অংশ মীনপালৱ, একুৱা কালচাৰ আৰু সমুদ্ৰগুটিকা বা চি উইডৰ খেতি৷ চি উইডৰ গুণাগুণক লৈ আজি সমগ্ৰ পৃথিৱীত আলোচনা হৈছে৷ বহু দেশে ইয়াৰ সম্ভাৱনা বিভিন্ন ধৰণে তুলি ধৰিছে। মই অতি আনন্দিত যে আন্দামান নিকোবৰত চি উইডৰ সম্ভাৱনা বিচাৰ কৰাৰ বাবে পোর্ট ব্লেয়াৰত যি পাইলট প্ৰজেক্ট আৰম্ভ হৈছে তাৰ ফলাফল অতি সাহজনক৷এতিয়া এইবোৰ খেতিৰ জৰিয়তে এই দ্বীপপুঞ্জৰ উন্নয়নৰ কামত লগোৱাৰ সম্ভাৱনাক লৈ যথেষ্ট গৱেষণা হৈছে৷ এই ফলাফল যদি ব্যাপক হাৰত সফল হয়, তেতিয়াহ’লে এইবোৰক দেশৰ অন্যান্য স্থানতো প্ৰেৰণ কৰি দিয়া হ’ব৷ আমাৰ মীনপালক ভাই-ভনীসকল যথেষ্ট পৰিমাণে লাভবান ’ব৷ মোৰ দৃঢ় বিশ্বাস, আমাৰ আজিৰ প্ৰচেষ্টাই এই দশকত আন্দামান নিকোবৰক ইয়াৰ জনসাধাৰণক কেবল নতুন স্বস্তি আনি দিয়াই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ পর্যটন মানচিত্র এক গুৰুত্বপূর্ণ স্থান হিচাপে প্ৰতিষ্ঠা কৰিব৷

পুনৰবাৰ আন্দামান নিকোবৰত বসবাস কৰা লোকসকলক ইণ্টাৰনেট যোগাযোগ ব্যৱস্থাৰ এই আধুনিক সেৱাৰ বাবে মই বহুত বহুত শুভেচ্ছা জনালো৷ আজি যেতিয়া কৰোনা সংক্ৰমণৰ বিৰুদ্ধে আমি সকলোৱে যুঁজ দিছো, সেয়েহে মই বিশেষভাৱে আপোনালোক সকলোৰ বাবে প্রার্থনা কৰিছো যে আপোনালোক সকলো সুস্থ থাকক, নিৰাপদে থাকক৷ আপোনালোকৰ পৰিয়ালৰ লোকসকল সুস্থ হৈ থাকক। ’ৰোনাৰ এই কঠিন সময়ত ইয়াৰ প্ৰতিৰোধত সকলো সময়তে দুই গজ দূৰত্ব যিদৰে পালন কৰি আহিছে সেই কাম অব্যাহত ৰাখক৷ এনেকৈয়ে আগুৱাই যাওক৷

এই প্রার্থনাৰে স্বাধীনতাৰ এই তপভূমিক আৰু আপোনালোক সকলোকে ১৫ আগষ্টৰ পূৰ্বে আজি মোৰ প্ৰণাম জনোৱাৰ সৌভাগ্য ল। মই আপোনালোকৰ সকলোকে ১৫ আগষ্টৰ পূৰ্বে, স্বাধীনতা দিৱসৰ পূৰ্বে এই ডাঙৰ সুযোগৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷ আজি উজ্জ্বল ভৱিষ্যতৰ নতুন জাপৰ বাবে আপোনালোকক আগুৱাই আহিবলৈ আমন্ত্ৰণ জনালো৷

বহুত বহুত ধন্যবাদ৷

*****



(Release ID: 1648454) Visitor Counter : 219