স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত আৰোগ্যৰ হাৰ ক্ৰমে ৭৫%লৈ ঊৰ্ধগামী হৈছে

সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাই ১৬ লাখৰ সংখ্যা অতিক্ৰম কৰিছে

বিশ্বৰ ভিতৰতে সবাতোকৈ নিম্ন, ভাৰতত মৃত্যুৰ হাৰ ক্ৰমান্বয়ে নিম্ন দিশলৈ গতি কৰিছে

Posted On: 23 AUG 2020 2:50PM by PIB Guwahati

ভাৰতত ক’ভিড-১৯ৰ ৰোগীসকলৰ মাজত আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই বৰ্তমানে ইয়াৰ হাৰ ৭৫% হৈছে৷ 

বিগত ২৪ ঘণ্টাত ৫৭,৯৮৯ জন ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰি আজি পৰ্যন্ত মুঠ ২২,৮০,৫৬৬ জন লোকে আৰোগ্য লাভ কৰিছে৷

ভাৰতত সক্ৰিয় ৰোগী (৭,০৭,৬৬৮)ৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাই প্ৰায় ১৬ লাখৰ (১,৫৭২,৮৯৮) সীমা স্পৰ্শ কৰিছে৷ গ্ৰাফত দেখুওৱা অনুসৰি গড়ে দৈনিক আৰোগ্য হোৱা সংখ্যা ১৫,০১৮ (১-৭ জুলাই ২০২০)ৰ পৰা ৬০,৫৫৭ (১৩-১৯ আগষ্ট ২০২০)লৈ ঊৰ্ধগামী হৈছে৷

সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস হৈ বৰ্তমানে ই মুঠ ৰোগীৰ ২৩.২৪%হে হৈছে৷ ঠিক সেইদৰে মৃত্যুৰ হাৰো অৱনমিত হৈছে৷ বৰ্তমানে মৃত্যুৰ হাৰ ১.৮৬% হৈছে৷ বিশ্বৰ ভিতৰতে ভাৰতত মৃত্যুৰ হাৰ সবাতোকৈ কম৷

 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

MV/SJ/MANN

 



(Release ID: 1648126) Visitor Counter : 151