PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 19 AUG 2020 6:21PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে))

Image

উচ্চ পৰীক্ষণৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে ভাৰতেঃ একেৰাহে দ্বিতীয় দিনাও ৮লাখতকৈ অধিক নমূনা পৰীক্ষা; প্ৰতি ১০ লাখৰ বিপৰীতে পৰীক্ষাৰ সংখ্যা ২৩,০০২লৈ বৃদ্ধিৰ বিপৰীতে আক্ৰান্তৰ হাৰ প্ৰায় ৮%তে সুস্থিৰ হৈ আছে

 

ভাৰতে একেৰাহে দ্বিতীয় দিনাও ৮লাখতকৈ অধিক ক’ভিড-১৯ৰ নমূনা পৰীক্ষা কৰিছে৷ প্ৰতিদিনে ১০লাখকৈ নমূনা পৰীক্ষা লক্ষ্যৰ সংকল্প গ্ৰহণ কৰা ভাৰতত বিগত ২৪ ঘণ্টাত ৮,০১,৫১৮টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে সৰ্বমুঠ ৩,১৭,৪২,৭৮২টা নমূনা পৰীক্ষা কৰা হৈছে৷ জনুৱাৰীত ১টা পৰীক্ষাগাৰে আৰম্ভ হোৱা ভাৰতত আজিলৈকে দেশত ১৪৮৬ পৰীক্ষা স্থাপন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে


আন এক বৃহ সাফল্য অৰ্জন ভাৰতৰঃ মুঠ আৰোগ্যৰ সংখ্যা ২০লাখৰ সীমা অতিক্ৰম; বিগত ২৪ ঘণ্টাত ৬০,০৯১ ৰোগীৰে এটা দিনত সৰ্বাধিক আৰোগ্য হৈছে, ভাৰতৰ আৰোগ্যৰ হাৰো ৭৩%লৈ উন্নীত

 

ভাৰতে ক্ষিপ্ৰতাৰে ৩ কোটি নমূনা পৰীক্ষাৰে ভাৰতে আন এক অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে৷ আজি দেশত মুঠ আৰোগ্য ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২০লাখৰ সীমা অতিক্ৰম কৰে৷ বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক ৬০,০৯১গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইফালে, দেশত মৃত্যুৰ হাৰ ১.৯১%লৈ অৱনমিত হৈছে৷ আজি দিনটোত আৰোগ্য হাৰ ৭৩.৬৪%হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ডিজিটেল ইণ্ডিয়াৰ বৃহ জয়ঃ স্বাস্থ্য মন্ত্ৰালয়ৰ ‘ই-সঞ্জীৱনী’ টেলিমেডিতিন সেৱাৰ জৰিয়ে ২ লাখ টেলি পৰামৰ্শ প্ৰদান অভিলেখ

 

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় ডিজিটেল মঞ্চ ‘ই’সঞ্জীৱনী’য়ে ২ লাখ লোকক টেলি পৰামৰ্শ প্ৰদানৰ কাম সম্পূৰ্ণ কৰিছে৷ ৯ আগষ্টত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে ১,৫লাখ পৰামৰ্শদান কাৰ্য সম্পূৰ্ণ হোৱা উপলক্ষে সভাপতিত্ব কৰা বৈঠক ১০ৰ দিনৰ ভিতৰতে এই সাফল্য অৰ্জন কৰিছে৷ এই ব্যৱস্থাই প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া প্ৰচেষ্টাক সাৰ্থক কৰি তুলিছে৷ বৰ্তমানলৈকে দেশৰ ২৩খন ৰাজ্যত এই টেলিমেডিচিন সেৱা ৰূপায়ণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবেhttps://www.pib.gov.in/PressReleseDetail.aspx?PRID=1646913

 

 

ক’ভিড-১৯ ফলত প্ৰভাৱিত শক্তিখণ্ডত পাবলগীয়া ধন আদায় দিয়াৰ বাবে সকলো ধৰণৰ নগদী ব্যৱস্থাত অনুমোদন কেবিনেটৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেন্দ্ৰীয় কমিটীয়ে উজ্জ্বল ডিছকম এছুৰেন্স যোজনা(উদয়)ৰ অধীনত যোৱাৰ বছৰৰ ৰাজহৰ ২৫% ৱৰ্কিং কেপিটেলৰ সীমাৰ ওপৰত শক্তি বিত্ত নিগম(পিএফচি) আৰু গ্ৰাম্য বিদ্যুতীকৰণ নিগমক বিতৰণ কোম্পানীক ঋণ প্ৰদানৰ বাবে এককালীন ৰেহাই প্ৰদানত অনুমোদন জনাইছে৷ বিশ্বজুৰি ক’ভিড-১৯ৰ প্ৰাদূভাৱৰ ফলত লগতে ঘোষণা কৰা লকডাউনে শক্তিখণ্ডত বিৰূপ প্ৰভাৱ পেলোৱা পৰিপ্ৰেক্ষিততে এই সিদ্ধান্তত অনুমোদন জনোৱা হয়৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1646945

 

ধনন্তৰী ৰথে দিল্লী আৰক্ষীৰ পৰিয়ালৰ ঘৰে ঘৰে প্ৰদান কৰি আয়ুৰ্বেদিক ঔষধ, এআইআইএ আৰু দিল্লী আৰক্ষী মাজত বুজাবুজু চুক্তি স্বাক্ষৰ

দিল্লী আৰক্ষীৰ আৱাসিক কলনিসমূহত আয়ুৰ্বেদিনক প্ৰতিষেধকৰ ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে কালি সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান(এআইআইএ) আৰু দিল্লী আৰক্ষীৰ মাজত  এখন বুজাবুজি চুক্তি স্বাক্ষৰ হয়৷ এই সেৱা ধনন্তৰী ৰথ শীৰ্ষক এখন ম’বাইল ভান আৰু আৰক্ষী আৰোগ্য কেন্দ্ৰৰ জৰিয়তে এআইআইএৰ তত্বাৱধানত আয়ুষ মন্ত্ৰালয়ৰ সমৰ্থনত ঘৰে ঘৰে উপলব্ধ হ’ব৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1646768

 

প্ৰব্ৰজিতসকলৰ বাবে আত্মনিৰ্ভৰ ভাৰত আঁচনি-এক উকৰ্ষমূলক লক্ষ্য

দেশত ন’ভেল ক’ৰোনা ভাইৰাছ(ক’ভিড-১৯)ৰ প্ৰাদূৰ্ভাৱৰ মাজতে ভাৰত চৰকাৰে প্ৰব্ৰজিত শ্ৰমিকসকলৰ  বাবে ২০২০ৰ মে’ মাহৰ মাজভাগত আত্মনিৰ্ভৰ ভাৰত পেকেজ শীৰ্শ বিভিন্ন অৰ্থনৈতিক পদক্ষেপৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে এই প্ৰব্ৰজিত লোকসকলৰ বাবে সকলো ৰা্জ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ আৱণ্টন দিয়া এই আঁচনিৰ অধীনত ১৫ মে’ৰ পৰা ৮লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleasePage.aspx?PRID=1646801

 

পদপথৰ দোকানীসকলৰ ঋণ আৱেদনৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ ম’বাইল এপৰ শুভাৰম্ভ

গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে ৰাজ্যসমূহৰ নগৰ উন্নয়ন মন্ত্ৰী, মুখ্য সচিব, নগৰ উন্নয়ন সচিব, প্ৰধান সচিব, ডিজিপি, উপায়ুক্ত/এছপি/এছএছপি/১২৫খন চহৰৰ পৌৰ আয়ুক্তৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰী পথ পথৰ দোকানী আত্মনিৰ্ভৰ নিধি(পিএম স্বনিধি)ৰ আঁচনিৰ অধীনত পদপথৰ দোকানীসকলক তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কাৰৰ বাবে ঋণ আগবঢ়াই আহিছে৷ এই ব্যৱসায়ীসকলে ঋণ আৱেদনৰত সুবিধা হোৱাকৈ এক এপ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠান মন্ত্ৰালয়ৰ সচিব দুৰ্গা শংকৰ মিশ্ৰও উপস্থিত থাকে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1646908

 

ক’ভিড-১৯ৰ বাবে পৰ্টেবল হাস্পতাল আন্তঃগাঁথনি স্থাপনৰ ষ্টাৰ্ট-আপ প্ৰস্তুত এছচিটিআইএমএছটি আৰু আইআইটি মাদ্ৰাজৰ

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান শ্ৰী চিত্ৰ ট্ৰিবুনেল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’ল’জি(এছচিটিআইএমএছটি) আইআইটি মাদ্ৰাজৰ সহযোগত ‘মডিউলাছ হাউছিং’ শীৰ্ষদ এক ষ্টাৰ্ট আপ প্ৰস্তুত কৰিছে, যাৰ জৰিয়তে স্থানীয় সমূদায়ৰ মাজত এক পৰ্টেবল আন্তঃগাঁথনিৰে ক’ভিড-১৯ ৰোগীক চিনাক্তকৰণ, ব্যৱস্থাপনা আৰু চিকিসা প্ৰদানৰ বিকেন্দ্ৰীকৃত দৃষ্টিভংগীৰ সমাধান দিব৷ এই ব্যৱস্থাটোৰ নাম ‘মেডিকেব’, য’ত এটা চিকিসকৰ কোঠা, এক আইছ’লেচন কোঠা, এক চিকিসা সেৱাৰ কোঠা আৰু দুখন বিছনাৰ আইচিইউ আছে৷ ইয়াক চাৰিজন লোকে সহজে ইঠাইৰ পৰা সিঠাইলৈ নিব পাৰে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1646970

 

মিলেনিয়াম এলায়েন্স ৰাউণ্ড ৬ আুৰুক’ভিড-৯১ উদ্ভাৱনী চেলেঞ্জ বঁটাত ৫ ক্ষেত্ৰৰ ৪৯টা উদ্ভাৱনে লাভ কৰিছে স্বীকৃতি

মিলেনিয়াম এলায়েন্স ৰাউণ্ড ৬ আৰু ক’ভিড-৯১ উদ্ভাৱনী চেলেঞ্জ বঁটা প্ৰদান অনুষ্ঠানত ৫ ক্ষেত্ৰৰ ৪৯টা উদ্বাৱনে স্বীকৃতি লাভ কৰিছে৷ এই উদ্ভাৱনে ভাৰতৰ উদ্ভাৱনী পৰিস্থিতিতন্ত্ৰৰ আলোকপাত কৰিছে৷ ডিএইছটি পুনৰ এনে এক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সচিব আশুতোষ শৰ্মাই সদৰি কৰে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1646963

এফএছএছএআইৰ ইট ৰাইট চেলেঞ্জ অৰিয়েণ্টেচন ৱৰ্কশ্বপত জিডিলেট ব্যৱস্থাৰে ভাষণ আগবঢ়ালে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (এফএছএছএআই)ৰ দ্বাৰা আয়োজিত ইট ৰাইট চেলেঞ্জ শীৰ্ষক কৰ্মশালীত অনলাইযোগে সভাপতিত্ব কৰে৷ এই উপলক্ষে তেওঁ এফএছএছএআইৰ ‘ইট ৰাইট ইণ্ডিয়া’ শীৰ্ষক এক হাত পুথি আৰু website eatrightindia.gov.in ৱেবচাইট শুভাৰম্ভ কৰে, যাতে দেশত বিভিন্ন অংশীদাৰে ‘ইট ৰাইট ইণ্ডিয়া’ কাৰ্যসূচীত ব্যাপক ৰূপত অংশগ্ৰহণ কৰিব পাৰে৷ ড০ হৰ্ষ বৰ্ধনে ভাষণ প্ৰসংগত সুষম আহাৰ আৰু পুষ্টিয়ে ৰোগৰ বিৰুদ্ধে যুঁজাত কিদৰে সহায় কৰে সেই বিষয়ে কয়৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1646991

 

পিআইবি ক্ষেত্ৰত কাৰ্যালয়সমূহৰ ইনপুট

 

  • চণ্ডীগড়ঃ কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসকে ক’ভিড-১৯ত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে জ্যেষ্ঠ ব্যক্তি আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলক আগতীয়াকৈ চিনাক্তকৰণত অধিক গুৰুত্ব আৰোপ কৰিছে৷ ইয়াৰ বাবে জিএমএছএইচ-১৬ৰ ম’বাইল টেষ্টিং দল আৰম্ভ কৰাৰো নিৰ্দেশ দিছে৷
  • কেৰালাঃ ক’ভিড ৰোগীৰ চিডিআৰ সংগ্ৰহৰ বিষয়ক লৈ ৰাজ্য চৰকাৰে কেৰালা উচ্চ ন্যায়ালয়ক কয় যে এই ব্যৱস্থা কমকৈ ক’ভিড ৰোগী থকা এলেকাতহে সম্ভৱ৷ চৰকাৰে বৰ্তমান চিডিআৰ সংগ্ৰহ কৰা হোৱা নাই বুলিও লগতে অৱগত কৰে৷ ৰাজ্যখনত বৰ্তমানলৈকে ক’ভিডত ১৭৪গৰাকী ৰোগীৰ মৃত্যু হৈছে৷ কালি চিনাক্ত ১,৭৫৮গৰাকী ৰোগীসহ ৰাজ্যখনত বৰ্তমান ১৬,২৭৪গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • তামিলনাডুঃ  ৰাজ্য চৰকাৰে কেন্দ্ৰক বিভিন্ন পানী প্ৰকল্প ক্ষিপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে৷ ইফালে, ই-পাছ ব্যৱস্থাৰ সংশোধনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ ঘাইপথ আৰু টোলপ্লাজা সমূহত ব্যাপক যাঁনজট সৃষ্টি হৈছে৷ ৰাজ্যখনত কালি ৫৭০৯গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২১জনৰ মৃত্যু হৈছে৷ তামিলনাডুত বৰ্তমান ৩,৪৯,৬৫৪গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • কৰ্ণাটকঃ ৰাজ্য চৰকাৰে গণেশ চতুৰ্থী উদযাপনৰ নিৰ্দেশনা সংশোধন কৰি গণেশ চতুৰ্থী উপলক্ষে বাহিৰ কৰা শোভাযাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ৯ আগষ্টত সংঘটিত বিজয়ৱাড়া স্বৰ্ণ পেলেচ হোটেলৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যখনত ক’ভিড কেয়াৰ চেণ্টাৰসমূহত বিশেষ ধ্যান দিছে৷ কালি দিনটোত ৯,৬৫২গৰাকী নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৮জনৰ মৃত্যু হৈছে অন্ধ্ৰপ্ৰদেশত৷ বৰ্তমান ৮৫,১৩০গৰাকী চিকিসাধীনত হৈ আছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১,৭৬৩গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান মুঠ ২০,৯৯০ গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷
  • অৰুণাচলপ্ৰদেশঃ অৰুণাচলত একেদিনাই সৰ্বাধিক ১৩৩গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷
  • অসমঃ তেজপুৰ মেডিকেল কলেজত আজি আয়োজিত প্লাজমা দান শিৱিৰত ৪০গৰাকী সাহসী ক’ভিডমুক্ত ৰোগীয়ে প্লাজমা দান কৰা বুলি অসমৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে সদৰি কৰিছে৷
  • মনিপুৰঃ বিগত ২৪ ঘণ্টাত মনিপুৰত ৭৮গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ১৯৫৮গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ এতিয়ালৈকে ১৮ জন ৰোগী ক’ভিডত মৃত্য হৈছে৷
  • মিজোৰামঃ ৰাজ্যখনত কালি ৪৫গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ বৰ্তমান ৪৮১জন চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ ৰাজ্যখনৰ পেৰেন জিলাত কেইবাগৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতে প্ৰশাসনে আথিবুং মহকুমাৰ ৫টা গৃহ ছীল কৰিছে৷ মন জিলাৰ আবৈত মহকুমাত লকডাউন প্ৰত্যাহাৰ কৰা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ভাৰত ১০খন সৰ্বাধিক ক’ভিড টেষ্ট পজিটিভিটি জিলাৰ ৭খনেই মহাৰাষ্ট্ৰ৷ এইটোৱে  ৰাজ্যখনত ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰণকে সূচাইছে৷ সেই জিলা কেইখন হৈছে-ৰাইগড়, থানে, নাছিক, ধূলে, পূনে, জলগাঁও আৰু ছাটাৰা৷ বাকী তিনিখন জিলা বিহাৰৰ৷ মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক ক’ভিড ৰোগীৰ চিকিসাৰ ক্ষেত্ৰত ব্যক্তিগত চিকিসালয়সমূহে যাতে অধিক মাছুল আৰোপ নকৰে সেইটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে৷
  • গুজৰাটঃ গুজৰাটত কালি নতুনকৈ ১,১২৬গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ ক’ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৭৮.৭১%লৈ উন্নীত হৈছে৷
  • ৰাজস্থানঃ ৰাজ্য চৰকাৰে সকলো জিলা হাস্পতাল আৰু মেডিকেল কলেজৰ সৈতে সংলগ্ন হাস্পতালত অক্সিজেন সুবিধাযুক্ত বিছনা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ৰাজ্যখনৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ছুপাৰ স্প্ৰেডাৰৰ ৰূপত সংক্ৰমণ বৃদ্ধি কৰিছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সুত্ৰত প্ৰকাশ৷
  • মধ্যপ্ৰদেশঃ দেশত আক্ৰান্ত ৰোগীৰ স্থিতিৰ হিচাপে মধ্যপ্ৰদেশ ষষ্ঠদশ স্থানত আছে৷ ৰাজ্যখনতো জ্যেষ্ঠ ব্যক্তিসকলক বিশেষ গুৰুত্ব আৰোপ কৰি ‘এক সংকল্প-জ্যেষ্ঠসকলৰ নাম’ত শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইয়াৰ জৰিয়তে আৰক্ষীয়ে এই জ্যেষ্ঠ ব্যক্তিসকলক খাদ্য আৰু স্বাস্থ্যৰ তত্বাৱধান লৈছে৷

ফেক্ট চেক

 



(Release ID: 1647142) Visitor Counter : 224