প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্বচ্ছ কৰ ব্যৱস্থা-দায়বদ্ধ কৰদাতাক সন্মান শীৰ্ষক মঞ্চৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 13 AUG 2020 12:38PM by PIB Guwahati

দেশত চলি থকা গাঁথনিমূলক সংস্কাৰ ব্যৱস্থাই আজি এক নতুন পৰ্যায়ত উপনীত হৈছে৷ স্বচ্ছ কৰ ব্যৱস্থা-দায়বদ্ধ কৰদাতাক সন্মান, ২১ শতিকাৰ কৰ ব্যৱস্থাৰ এই নতুন ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰা হৈছে৷

এই মঞ্চত অজ্ঞাত মূল্যায়ন, অজ্ঞাত আপীল আৰু কৰদাতাৰ চনদৰ দৰে বৃহ সংস্কাৰ কৰা হৈছে৷ অজ্ঞাত মূল্যায়ন আৰু কৰদাতাৰ চনদ আজিৰে পৰা কাৰ্যকৰী ব৷ ইফালে, অজ্ঞাত আপীল ২৫ ছেপ্টেম্বৰত দীন দয়াল উপাধ্যায় জীৰ জন্মদিনৰ পৰা সম্পূৰ্ণ দেশৰ নাগৰিকৰ বাবে উপলব্ধ ব৷ এতিয়া কৰ ব্যৱস্থা অজ্ঞাত হৈছে যদিও কৰদাতাসকলক সুস্থ আৰু অৰ্ভয় বিশ্বাস প্ৰদান কৰিব৷

মই সকলো কৰদাতাক ইয়াৰ বাবে বহুত বহুত অভিনন্দন জনাইছো আৰু আয়কৰ বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীক বহুত বহুত শুভকামনা জনাইছো৷

বন্ধুসকল,

বিগত বছৰত আমি নিৰাপত্তাহীন লোকসকলক বেংকিঙৰ জৰিয়তে নিৰাপত্তা দিয়া আৰু পুঁজিহীনসকলক পুঁজি যোগান ধৰাৰ দিশত গুৰুত্ব আৰোপ কৰিছো৷ আজি এক কথাত এয়া নতুন যাত্ৰা আৰম্ভ হৈছে৷ দায়বদ্ধ কৰদাতাক সন্মান৷ দেশৰ দায়বদ্ধ কৰদাতাসকলে ৰাষ্ট্ৰনিৰ্মাণত বৃহ ভূমিকা পালন কৰে৷ যেতিয়া দায়বদ্ধ কৰদাতাৰ জীৱন সহজ হৈ পৰে, তেওঁলোক আগুৱাই যায়, তেতিয়াই দেশৰো বিকাশ হয়, দেশো আগুৱাই যায়৷

বন্ধসকল,

আজিৰে পৰা আৰম্ভ হবলগীয়া এই নতুন ব্যৱস্থা, নতুন সুবিধাই ন্যূনতম চৰকাৰ, সৰ্বাধিক প্ৰশাসনৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিব৷ এয়া দেশবাসীৰ জীৱনত চৰকাৰৰ দখল কম কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ৷

বন্ধুসকল,

বৰ্তমান সকলো নিয়ম-কানুন, প্ৰতিটো নীতিৰ প্ৰক্ৰিয়া আৰু ক্ষমতাকেন্দ্ৰিক দৃষ্টিভংগীৰ পৰা বাহিৰ হৈ আহি, তাক জনতাকেন্দ্ৰিক আৰু জনতা অনুকূল কৰি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়া নতুন ভাৰতৰ নতুন প্ৰশাসনিক আৰ্হিৰ প্ৰয়োগ আৰু ইয়াৰ সুখজনক ফল দেশবাসীয়ে লাভ কৰিছে৷ বৰ্তমান প্ৰতিগৰাকী ব্যক্তিৰে অনুভৱ হৈছে যে শ্বৰ্টকাট ঠিক নহয়, ভুল ব্যৱস্থা গ্ৰহণ কৰা ভাল নহয়৷ সেই ব্যৱস্থা এতিয়া পিছুৱাই গল৷ এতিয়া দেশত এনে পৰিৱেশ গঢ় লৈ উঠিছে যে সকলোৱে নিজক কৰ্তব্যক সৰ্বোপৰি বুলি গণ্য কৰিছে৷

এইখিনিতে প্ৰশ্ন হয়, এই পৰিৱৰ্তন কিদৰে সম্ভৱ হৈছে? এয়া কঠোৰতাৰ বাবে হৈছে নেকি? শাস্তি প্ৰদানৰ বাবে আহিছে নেকি? এনেকুৱা একো নহয়৷ ইয়াৰ চাৰিটা ডাঙৰ কাৰণ আছে৷

প্ৰথমতে, নীতিৰে চালিত প্ৰশাসন৷ যেতিয়া নীতি স্পষ্ট হয়, তেতিয়া মটীয়া এলেকা ন্যূনতম হয় আৰু সেইবাবেই ব্যৱসায়ত ব্যাখ্যা কম হয়৷

দ্বিতীয়তে, সাধাৰণ লোকৰ দায়বদ্ধতাৰ ওপৰত বিশ্বাস৷

তৃতীয়তে, চৰকাৰী ব্যৱস্থাত মানুহৰ মধ্যস্থতা কম কৰাৰ প্ৰযুক্তিৰ ব্যাপক হাৰত ব্যৱহাৰ৷ আজি চৰকাৰী সামগ্ৰী ক্ৰয় কৰাই হওক. চৰকাৰী নিবিদাই হওক বা সেৱা প্ৰদানেই হওক সকলোতে প্ৰযুক্তিৰ মধ্যস্থাৰে সেৱা আগবঢ়োৱা হৈছে৷

চতুৰ্থতে, আমাৰ যি চৰকাৰী ব্যৱস্থা আছে, যিসকল আমোলা আছে, তেওঁলোকৰ সক্ষমতা, ঐক্যবদ্ধতা, আৰু সচেতনতা ইত্যাদি গুণৰ বাবে পুৰস্কাৰ দিয়া হৈছে৷

বন্ধুসকল,

এটা সময় আছিল, সংস্কাৰৰ সন্দৰ্ভত বিভিন্ন আলোচনা হৈছিল৷ কেতিয়াবা জোৰ জৱৰদস্তি কেতবোৰ সিদ্ধান্ত লৈছিল, কেতিয়াবা চাপৰ ফলত কেতবোৰ সিদ্ধান্ত লৈছিল, তাকে সংস্কাৰ বুলি কৈছিল৷ সেইবাবে ইপ্সিত ফল পোৱা নাছিল৷ এতিয়া এই চিন্তাধাৰা আৰু দৃষ্টিভংগী দুয়োটাই সলনি হৈছে৷

আমাৰ বাবে সংস্কাৰ মানে হৈছে সংস্কাৰ নীতি আধাৰিত হওক, বিভাজিত নহওক, কৰ্ষমূলক হওক, এটা সংস্কাৰ আনটোৰ আধাৰ হওক, নতুন সংস্কাৰৰ পথ প্ৰশস্ত কৰক৷ এয়া ধাৰাবাহিকভাৱে চলা প্ৰক্ৰিয়া৷ বিগত কেইটামান বৰ্ষত দেশত ডেৰ হাজাৰতকৈ অধিক আইন নিৰ্মূল কৰা হৈছে৷

সহজ ব্যৱসায় কৰাৰ পৰিৱেশৰ ৰেংকিঙত ভাৰত আজিৰ পৰা কেইটামান বছৰৰ পূৰ্বে ১৩৪ স্থানত আছিল৷ বৰ্তমান ভাৰতৰ ৰেংকিং ৬৩লৈ উন্নীত হৈছে৷ এই উন্নয়নৰ মূলতে হৈছে বিগত বছৰসমূহত লোৱা সংস্কাৰ তথা নীতি-নিয়মৰ বৃহ পৰিৱৰ্তন৷ সংস্কাৰৰ ক্ষেত্ৰত ভাৰতত এই প্ৰতিশ্ৰুতি দেখি বিদেশী বিনিয়োগকাৰীৰ বিশ্বাস ভাৰতৰ ক্ষেত্ৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ কৰোনাৰ এই সংকটৰ মাজতো ভাৰতত অভিলেখ পৰিমাণৰ এফডিআইৰ প্ৰবাহ ইয়াৰে এক অন্যতম উদাহৰণ৷

বন্ধুসকল,

ভাৰতৰ কৰ ব্যৱস্থাত মৌলিক আৰু গাঁথনিগত সংস্কাৰৰ এইবাবেই প্ৰয়োজন আছিল, কিয়নো আমাৰ এই ব্যৱস্থা পৰাধীনতাৰ কালৰ পৰা প্ৰস্তুত কৰা হৈছিল আৰু পিছত লাহে লাহে মানুহৰ মাজত সোমাই পৰিছিল৷ স্বাধীনতাৰ পাছত ইয়াৰ কেতবোৰ দিশত পৰিৱৰ্তন কৰা হৈছে, কিন্তু সেইবোৰৰ প্ৰভাৱ মাত্ৰাধিক আছিল৷

ইয়াৰ ফলত যিসকল কৰদাতা ৰাষ্ট্ৰ নিৰ্মাণৰ এক শক্তিশালী স্তম্ভ, যি দেশক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়ায়, তেওঁলোকক কাঠগড়াত ঠিয় কৰাবলৈ ধৰিলে৷ আয়কৰৰ জাননী চমনৰ দৰে হৈ পৰিল৷ দেশৰ সৈতে প্ৰৱঞ্চনা কৰা একাংশ লোকক পৰিচয়ৰ বাবে বহু লোকক অশান্তিৰে দিন কটাব লগীয়া হল৷ কৰদাতাৰ সংখ্যা গৌৰৱেৰে প্ৰকাশ কৰাৰ সলনি সকলোকে একেশাৰীত ৰাখিবলৈ ধৰিলে৷

এই বিসংগতিৰ মাজত কলা উদ্যোগে ঠন ধৰি উঠিছিল৷ এই ব্যৱস্থাই দায়বদ্ধতাৰে ব্যৱসায় কৰা সকলক, সংস্থাপন দিয়া সকলক আৰু দেশৰ যুৱশক্তিক উসাহিত কৰাৰ বিপৰীতে তেওঁলোকৰ ওপৰত চাপ দিবলৈ ধৰিলে৷

বন্ধুসকল,

ত জটিলতা থাকে, তাত বাধ্যবাধকতাতো জটিলতাই দেখা দিয়ে৷ ন্যূনতম আইন হওক, যি আইন

, সেয়া স্পষ্ট হওক, তেতিয়াই কৰদাতা আৰু দেশো সুখী হয়৷ কিছু বছৰ পূৰ্বৰ পৰা এই কামেই কৰি থকা গৈছে৷ এতিয়া যিদৰে ডৰ্জন ডৰ্জন কৰৰ ঠাইত জিএছটি আহি গল৷ ৰিটাৰ্ণৰ পৰা ৰিফাণ্ডলৈকে সকলো অনলাইনযোগে কৰা হৈছে৷

যি নতুন শ্লেব পদ্ধতি আহিছে, তাৰ জৰিয়তে অযথা কাগজ আৰু আৱেদন সংগ্ৰহৰ জটিলতাৰ পৰা মু্ক্তি দিয়া হৈছে৷ কেৱল ইমানেই নহয়, আগতে ১০লাখতকৈ ওপৰৰ বিবাদৰ বাবে চৰকাৰে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈকে যাব লগা হৈছিল৷ এতিয়া উচ্চ ন্যায়ালয়ত ১ কোটিতকৈ অধিক আৰু উচ্চতম ন্যায়ালয়ত ২ কোটিতকৈ অধিক টকাৰ বিবাদৰ সীমা নিৰ্ধাৰণ কৰা হৈছে৷ বিবাদৰ পৰা বিশ্বাসৰ দৰে আঁচনিৰ জৰিয়তে এই প্ৰচেষ্টা হাতত লোৱা হৈছে যে অধিক হাৰত গোচৰ আদালতৰ বাহিৰতে সমাধান কৰা হৈছে৷ ইয়াৰ ফলত যথেষ্ট কম সময়তে প্ৰায় ৩ লাখ গোচৰ মীমাংসা কৰিব পৰা হৈছে৷

বন্ধুসকল,

প্ৰক্ৰিয়াৰ জটিলতাৰ সমান্তৰালভাৱে দেশত কৰো কম হৈছে৷ লাখ টকালৈকে আয়কৰ এতিয়া শূন্য হৈছে৷ বাকী শ্লেবতো কৰ কম কৰা হৈছে৷ কৰ্পৰেট কৰৰ ক্ষেত্ৰত আমি বিশ্বৰ ভিতৰতে কম কৰ আৰোপ কৰিছো৷

বন্ধসকল,

আমাৰ প্ৰচেষ্টা এই যে আমাৰ কৰ ব্যৱস্থা মসৃণ হওক, যন্ত্ৰণাহীন হওক, অজ্ঞাত হওক৷ মসৃণ অৰ্থা কৰ প্ৰশাসন, প্ৰতিগৰাকী কৰদাতা আকৰ্ষণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সমস্যা সমাধানৰ দিশত কাম কৰা৷ যন্ত্ৰণাহীন অৰ্থা প্ৰযুক্তিৰ আৰম্ভ কৰি নীতি-নিয়মলৈকে সকলো সৰল হওক৷ অজ্ঞাত অৰ্থা কৰদাতা কোন আৰু কৰ বিষয়া কোন, ইয়াৰ লগত কোনো কথা নাই৷ আজিৰে পৰা কাৰ্যকৰী হোৱা এই সংস্কাৰ এই ধৰণৰ চিন্তাধাৰাৰে আগবাঢ়ি যোৱা৷

বন্ধুসকল,

আগতে এনে হৈছিল যে যিখন চহৰত আমি থাকো, সেই চহৰৰ কৰ বিভাগে আমাৰ কৰৰ সৈতে জড়িত সকলো কথা চম্ভালিছিল৷ পৰীক্ষণেই হওক, জাননীয়েই হওক অথবা বাজেয়াপ্ত কৰা হওক, এই ক্ষেত্ৰত সেই চহৰৰ আয়কৰ বিভাগৰ বিষয়াই মুখ্য ভূমিকা পালন কৰিছিল৷ এতিয়া এই ভূমিকা এক কথাত অন্ত পৰিছে, এতিয়া ইয়াক প্ৰযুক্তিৰ জৰিয়তে সলনি কৰা হৈছে৷

এতিয়া পৰীক্ষণৰ ক্ষেত্ৰত দেশত যিকোনো ক্ষেত্ৰত যিকোনো বিষয়াই ৰেণ্ডম পদ্ধতিৰে আৱণ্টিত কৰা হব৷ এতিয়া মুম্বাইৰ যিকোনো কৰদাতাৰ ৰিটাৰ্ণৰ সৈতে জড়িত কোনো বিষয়া আহিলে, তেতিয়া ইয়াৰ তদন্তৰ দায়িত্ব মুম্বাইৰ বিষয়াৰ ওচৰলৈ নাযায়, বৰঞ্চ চেন্নাই অজ্ঞাত টীমৰ ওচৰলৈ যাব৷ তাৰ পৰা যি নিৰ্দেশ প্ৰকাশ হ, তাৰ পৰ্যালোচনা আন কোনো চহৰ, যেনে জয়পুৰ বা বাংগালুৰুৰ টীমে কৰিব৷ এই প্ৰক্ৰিয়া প্ৰতি বছৰে সলনি কৰা হব৷

বন্ধুসকল,

এই ব্যৱস্থাৰ দ্বাৰা কৰদাতা আৰু আয়কৰ বিভাগৰ চিনাকী গঢি তোলা, প্ৰভাৱ আৰু চাপ সৃষ্টিৰ কোনো সূযোগ নাথাকে৷ সকলোৱে নিজৰ নিজৰ দায়িত্ব হিচাপ মতে কৰিব৷ বিভাগৰ ইয়াৰ দ্বাৰা অনাৱশ্যক মোকৰ্দমাত যাব লগা নহয়৷ আনটো হৈছে ট্ৰান্সফাৰ-পোষ্টিঙৰ জড়িত অনাৱশ্যক শক্তিৰ পৰাও এতিয়া ৰেহাই পাব৷ সেইদৰে, কৰৰ সৈতে জড়িত গোচৰৰ তদন্তৰ লগতে আপীলো এতিয়া অজ্ঞাত হব৷

বন্ধুসকল,

কৰদাতা চনদেও দেশৰ বিকাশ যাত্ৰাত বৃহ ভূমিকা পালন কৰে৷ ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ কৰদাতাৰ অধিকাৰ আৰু কৰ্তব্যক নৈতিক সমৰ্থন দিয়া হৈছে, ইয়াক মান্যতা দিয়া হৈছে৷ ইয়াৰ জৰিয়তে কৰদাতাৰ এনে পৰ্যায়ৰ সন্মান আৰু সুৰক্ষা দিয়া দেশসমূহত তালিকাত অন্তৰ্ভূক্ত হল ভাৰত৷

এতিয়া কৰদাতাক উচিত, বিনম্ৰ আৰু যুক্তিসংগত ব্যৱহাৰৰ আশ্বাস দিয়া হৈছে৷ অৰ্থা আয়কৰ বিভাগে এতিয়া কৰদাতাৰ মৰ্যাদা, সংবেদনশীলতাৰ প্ৰতি ধ্যান দিব লাগিব৷ এতিয়া কৰদাতাৰ কথাত বিশ্বাস কৰিব লাগিব, বিভাগে তেওঁলোকক বিনা কাৰণত সন্দেহৰ চকুৰে চাব নোৱাৰিব৷ যদি কোনো ধৰণৰ সন্দেহ আহে, তেনে ক্ষেত্ৰত কৰদাতাক আপীল আৰু সমীক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে৷

বন্ধুসকল,

অধিকাৰ সদায় দায়িত্বৰ সৈতে আহে, কৰ্তব্যৰ সৈতে আহে৷ এই চনদতো কৰদাতাৰ পৰা কেতবোৰ আশা কৰা হৈছে৷ কৰদাতাৰ বাবে কৰ দিয়া অথবা চৰকাৰৰ বাবে কৰ লোৱা, এয়া কোনো অধিকাৰৰ কথা নহয়, বৰঞ্চ এই দুয়োটাই দায়িত্ব৷ কৰদাতাসকলে কৰ এই বাবেই দিব লাগে, কিয়নো তাৰ দ্বাৰা চৰকাৰ চলে, দেশৰ এক বৃহসংখ্যক লোকৰ প্ৰতি দেশে নিজৰ দায়বদ্ধতা পালন কৰিব পাৰে৷ এই কৰৰ জৰিয়তে কৰদাতাই নিজৰ উন্নতিৰ বাবে, প্ৰগতিৰ বাবে, উন্নত সুবিধা আৰু আন্তঃগাঁথনি পাবলৈ সক্ষম হয়৷ সেইদৰে চৰকাৰৰো দায়িত্ব এই যে কৰদাতাসকলে দিয়া কৰৰ পাই-পাই সদ্ব্যৱহাৰ কৰা৷ দৰাচলতে আজি কৰদাতাসকলে সুবিধা আৰু সুৰক্ষা লাভ কৰিছে, সেয়ে দেশৰ প্ৰতিগৰাকী কৰদাতাৰ জৰিয়তে নিজৰ দায়িত্বৰ প্ৰতি অধিক সজাগ হোৱাটো আশা কৰিছো৷

বন্ধুসকল,

দেশবাসীৰ ওপৰত ভৰসা, এই ভাৱনাৰ প্ৰভাৱ কিদৰে ভূমিৰ প্ৰতি দৃষ্টি নিবদ্ধ হয়, এয়া বুজি পোৱাটো বহুত জৰুৰী৷ ২০১২-১৩ বৰ্ষত যিমান টেক্স ৰিটাৰ্ণ হৈছিল, তাৰ ০.৯৪ শতাংশ পৰীক্ষণ হৈছিল৷ ২০১৮-১৯ বৰ্ষত এই সংখ্যা হ্ৰাস পাই ০.২৬শতাংশ হয়৷ অৰ্থা কেচৰ পৰীক্ষণ প্ৰায় ৪ গুণ কম হল৷ চাৰিগুণ পৰীক্ষণ কম হোৱাটোৱে পৰিৱৰ্তন কিমান ব্যাপক হাৰৰ হৈছে তাৰে আভাস দিয়ে৷

বন্ধুসকল,

বিগত বছৰত ভাৰতে কৰ ব্যৱস্থাত প্ৰশাসনৰ এক নতুন আৰ্হি বিকশিত হোৱা দেখিবলৈ পাইছে।

আমি জটিলতা হ্ৰাস কৰিছো, কৰ হ্ৰাস কৰিছো, মোকৰ্দমা হ্ৰাস কৰিছো, স্বচ্ছতা বৃদ্ধি কৰিছো, কৰ সন্মতি বৃদ্ধি কৰিছো, কৰদাতাৰ আস্থা বৃদ্ধি কৰিছো।

বন্ধুসকল,

এই সকলো প্ৰচেষ্টাৰ মাজত বিগত - বছৰত আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ প্ৰায় আঢ়ৈ কোটি বৃদ্ধি হৈছে। এই বৃদ্ধিতো যথেষ্ট বেছি, কিন্তু এই কথা আণি অস্বীকাৰ কৰিব নোৱাৰো যে ১৩০কোটিৰ দেশ ভাৰতত এই পৰিমাণ বহুত কম। ইমান বৃহ এখন দেশত মাত্ৰ ডেৰ কোটি লোকেহে আয়কৰ জমা দিয়ে।  মই আজি দেশবাসীক আহ্বান জনাব বিচাৰো, যিসকল সক্ষম তেওঁলোকৰ লগতে উদ্যোগ জগতৰ সংগঠনসমূহকো আহ্বান জনাব বিচাৰো যে এই বিষয়ত আমি সকলোৱে চিন্তা কৰাৰ প্ৰয়োজন আছে। আমি সকলোৱে আত্মচিন্তন কৰা উচিত। আমাৰ এই আত্মচিন্তনে আত্মনিৰ্ভৰ ভাৰতৰ বাবে আৱশ্যক আৰু অনিবাৰ্য। এই দায়িত্ব কেৱল মাত্ৰ কৰ বিভাগৰ নহয়,এই দায়িত্ব প্ৰতিগৰাকী ভাৰতীয়ৰ আছে। যিসকল কৰ দিবলৈ সক্ষম হয়, কিন্তু এতিয়া কৰৰ আওতাৰ ভিতৰত নপৰে, তেওঁলোকে স্বপ্ৰেৰণাৰে নিজৰ আত্মাক শুধক, আগুৱাই আহক আৰু দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰাসকলৰ কথা স্মৰণ কৰক, তেতিয়া আপোনালোকে অনুভৱ কৰিব যে হয় ময়ো কিবা নহয় কিবা দিয়া উচিত।

আহক, বিশ্বাস, অধিকাৰ, দায়িত্বৰ এই মহত্বপূৰ্ণ ভাৱনাক সন্মান জন্মাই, এই প্লেটফৰ্মৰ সন্মান জনাই, নতুন ভাৰত-আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পক পৰিপূৰণ কৰো। পুনৰ এবাৰ দেশৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ কৰদাতাসকলক বহুত বহুত অভিনন্দন জনাইছো। আয়কৰ বিভাগৰ বিষয়াসকলকো মই শুভকামনা জ্ঞাপন কৰিছো। যদি আয়কৰ বিভাগৰ বিষয়াসকল এইদৰে আগুৱাই আহে তেতিয়া কোনেনো গৌৰৱ নকৰিব? প্ৰতিগৰাকী দেশবাসী গৌৰৱান্বিত হোৱা উচিত। এতিয়া কৰ আদায়ৰ বাবে এক আকৰ্ষণীয় পথ তৈয়াৰ কৰা হৈছে। সেয়ে, আহক আমি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এই ব্যৱস্থাৰ লাভ উঠাই এই ব্যৱস্থাৰ সৈতে জড়িত বলৈ আগুৱাই যাও। মই পুনৰ এবাৰ সকলোকো বহুত বহুত ধন্যবাদ জনাইছো, অনেক শুভকামনা জ্ঞাপন কৰিছো। নিৰ্মলাজী আৰু তেওঁৰ সমগ্ৰ দলটোকো বহুত বহুত ধন্যবাদ জনাইছো যে তেওঁলোকে দেশ উজ্জ্বল ভৱিষ্যতৰ বাবে এটাৰ পিছত এটা সুদূৰপ্ৰসাৰী অনেক ইতিবাচক পদক্ষেপ হাতত লৈছে।  মই সকলোকে পুনৰ এবাৰ অভিনন্দন জনালো আৰু সকলোকে ধন্যবাদ জনালো।

বহুত বহুত ধন্যবাদ৷

*********

VRRK/KP/NS/DB/MS



(Release ID: 1645507) Visitor Counter : 208