প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আইচিএমআৰৰ তিনিটা পৰীক্ষাগাৰত উচ্চমানৰ ক’ভিড-১৯ পৰীক্ষা সেৱা উদ্বোধনৰ পাছত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
27 JUL 2020 6:05PM by PIB Guwahati
নমস্কাৰ!
দেশৰ কোটি কোটি নাগৰিকে ক’ৰোনা বিশ্ব মহামাৰীৰ বিৰুদ্ধে অতি সাহসিকতাৰে যুঁজ দিছে৷
আজি যিকেইটা অত্যাধুনিক পৰীক্ষাগাৰ উদ্বোধন হ’ল সেইবোৰ জৰিয়তে পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু উত্তৰপ্ৰদেশত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ আৰু অধিক শক্তিশালী হৈ উঠিব৷
বন্ধুসকল,
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, মুম্বাই আৰু কলকাতা-দেশৰ আর্থিক কাম-কাজৰ বৃহৎ কেন্দ্ৰসমূহৰ অন্যতম৷ ইয়াত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে তেওঁলোকৰ বৃত্তি, তেওঁলোকৰ সপোন বাস্তবায়িত কৰাৰ বাবে আহে৷ এতিয়া এই তিনিখন চহৰত ক’ৰোনা পৰীক্ষাৰ যি ক্ষমতা আছে তাৰ লগতে এতিয়াৰে পৰা আৰু ১০ হাজাৰতকৈ অধিক পৰীক্ষাৰ ক্ষমতা যোগ হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷
এতিয়া এই চহৰসমূহ ক’ৰোনাৰ নমুনা পৰীক্ষা আৰু দ্রুতগতিত কৰা সম্ভৱ হ’ব৷ আটাইতকৈ ভাল কথাটো হ’ল যে এই অত্যাধুনিক গবেষণাগাৰসমূহত কেৱল ক’ৰোনা পৰীক্ষাৰ ক্ষেত্রত সীমাবদ্ধ নহয়৷ ভৱিষ্যতে হেপাটাইটিছ ‘বি’ আৰু ‘চি’, এইচআইভি, ডেংগুকে ধৰি বহু ৰোগৰ পৰীক্ষা ইয়াত কৰাটো সম্ভৱ হ’ব৷
এই সেৱা গঢ়ি তোলাৰ বাবে মই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ লগতে বন্ধুসকলকো বহুত বহুত শুভেচ্ছা জনাইছো৷
বন্ধুসকল,
দেশত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত আজি তাৰ ফলস্বৰূপে ভাৰতে অন্যান্য দেশসমূহৰ তুলনাত বহুত নিয়ন্ত্রিত পৰিস্থিতিত আছে। আজি আমাৰ দেশত ক’ৰোনাৰ ফলত হোৱা মৃত্যু বহু ডাঙৰ ডাঙৰ দেশৰ তুলনাত যথেষ্ট কম। সেইদৰে আমাৰ দেশত সুস্থ হোৱাৰ হাৰো অন্যান্য দেশৰ তুলনায় যথেষ্ট বেছি আৰু প্ৰতি মুহূৰ্তত এই হাৰ উন্নীত হৈছে৷ আজি ভাৰতত ক’ৰোনা সংক্ৰমণৰ পাছত সুস্থ হৈ উঠা লোকৰ সংখ্যা প্রায় ১০ লাখ হৈছে৷
বন্ধুসকল,
ক’ৰোনাৰ বিৰুদ্ধে ইমান বৃহৎ তথা দীঘলীয়া যুঁজৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ আছিল দেশৰ ভিতৰত দ্রুতগতিত ক’ৰোনা বিশিষ্ট স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা। সেইবাবে আৰম্ভণিৰে পৰাই কেন্দ্রীয় চৰকাৰে ১৫,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে৷
আইছ’লেচন চেণ্টাৰৰ পৰা আৰম্ভ কৰি ক’ভিড বিশিষ্ট হাস্পতাল, ‘পৰীক্ষা, চিনাক্ত আৰু ট্ৰেকিং’ৰ নেটৱর্ক ভাৰতে অতি দ্রুতগতিত নিজৰ সক্ষমতাৰে এই আন্তঃগাঁথনি গঢ়ি তুলিছে। আজি ভাৰতত ১১,০০০তকৈও অধিক ক’ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা আৰু ১১ লাখতকৈও অধিক আইছ’লেচন বেড আছে৷
বন্ধুসকল,
জানুৱাৰী মাহত যিসময়ত আমাৰ দেশত ক’ৰোনা পৰীক্ষাৰ উপযোগী একমাত্ৰ পৰীক্ষাগাৰ আছিল, তেনে সময়ত আজি সমগ্ৰ দেশত প্রায় ১,৩০০তকৈও অধিক পৰীক্ষাগাৰত কাম চলি আছে। আজি ভাৰতত প্ৰতিদিনে ৫ লাখতকৈও অধিক ক’ৰোনাৰ নমুনা পৰীক্ষা হৈছে৷ অহা সপ্তাহসমূহত প্ৰতিদিনে ১০ লাখ নমুনা পৰীক্ষা কৰাৰ চেষ্টা কৰা হৈছে৷
বন্ধুসকল,
ক’ৰোনা বিশ্ব মহামাৰীৰ সময়ত প্ৰত্যেকে কেৱল এটাই সংকল্প লৈ কাম কৰিছে যে প্ৰতিগৰাকী ভাৰতীয়ক ৰক্ষা কৰিব লাগিব৷ এই সংকল্পই ভাৰতক অভূতপূর্ব সাফল্য আনি দিছে৷ বিশেষকৈ ব্যক্তিগত সুৰক্ষা সঁজুলি, মাস্ক আৰু টেষ্টিং কিট উৎপাদনৰ ক্ষেত্রত ভাৰতে যি কৰিছে, সেয়া এক ডাঙৰ সাফল্য বুলি ক’ব পাৰি৷ ক’ৰোনাকালৰ পূৰ্বে ভাৰতত এটাও ব্যক্তিগত সুৰক্ষা সঁজুলি কিট প্ৰস্তুত কৰা নহৈছিল৷ আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ব্যক্তি সুৰক্ষা সঁজুলি কিট প্ৰস্তুতকাৰক দেশ৷
মাত্ৰ ছমাহ পূৰ্বে দেশত এটাও ব্যক্তিগত সুৰক্ষা সঁজুলি কিট প্ৰস্তুতকাৰক নাছিল৷ আজি ১,২০০তকৈও অধিক প্ৰস্তুতকাৰকে প্ৰতিদিনে ৫লাখতকৈও অধিক ব্যক্তিগত সুৰক্ষা সঁজুলি কিট উৎপাদন কৰিছে৷ এসময়ত ভাৰতে এন-৯৫ মাস্কো বিদেশৰ পৰা আমদানি কৰিবলগীয়া হৈছিল৷ আজি ভাৰতত প্ৰতিদিনে ৩ লাখতকৈও অধিক এন-৯৫ মাস্ক উৎপাদন সম্ভৱ হৈছে৷
এটা সময় আছিল যেতিয়া ভাৰতে ভেণ্টিলেটৰৰ বাবে অন্যান্য দেশৰ ওপৰত নির্ভৰশীল আছিল। আজি ভাৰতে প্ৰতি বছৰত ৩ লাখ ভেণ্টিলেটৰ উৎপাদনৰ ক্ষমতা গঢ়ি তুলিছে। এই সময়ছোৱাৰ ভিতৰতে মেডিকেলত অক্সিজেন চিলিণ্ডাৰৰ উৎপাদনো বহুত বৃদ্ধি পাইছে। প্ৰত্যেকৰ সামগ্রিক প্ৰচেষ্টাৰ ফলত আজি দেশত যিমান লোকৰ জীৱন ৰক্ষা সম্ভৱ হৈছে, সিমানেই যিসমূহ সঁজুলি আমি আমদানি কৰিছিলো এতিয়া সেই সঁজুলি ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷
বন্ধুসকল,
ইমান কম সময়ত ইমান ডাঙৰ আন্তঃগাঁথনি গঢ়ি তোলা কিমান ডাঙৰ প্ৰত্যাহ্বান আছিল সেয়া আপোনালোক সকলোৱে জানে৷ আন এটা ডাঙৰ প্ৰত্যাহ্বান আছিল ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে দেশত প্ৰশিক্ষিত মানৱসম্পদ প্ৰস্তুত কৰা৷ যিমান কম সময়ত আমাৰ পেৰা-মেডিকেল কর্মী, স্বাস্থ্যকর্মী, আশাকর্মী, সহকাৰী নাৰ্ছ আৰু অংগনৱাড়ী তথা অন্যান্য স্বাস্থ্য আৰু অসামৰিক কর্মীসকলৰ প্ৰশিক্ষিত কৰা হৈছে, সেয়াও অভূতপূর্ব৷
আজি যিদৰে ভাৰতৰ ক’ৰোনা বিৰোধী যুঁজ দেখি বিশ্ববাসীয়ে অবাক হৈছে, ডাঙৰ ডাঙৰ আশংকা যিদৰে ভুল প্ৰমাণিত হৈছে তাৰ ডাঙৰ কাৰণটো হ’ল আমাৰ এই অগ্ৰণী ক’ৰোনা যোদ্ধাসকল৷
বন্ধুসকল,
ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আজি আমি সেই পৰিস্থিতিত উপনীত হৈছো, য’ত আমাৰ সজগতাৰ অভাৱ নাই, বৈজ্ঞানিক তথ্য দ্রুত প্ৰচাৰ হৈছে আৰু সম্পদো বৃদ্ধি পাইছে৷
এতিয়া আমি ৰাজ্যিক পৰ্যায়, জিলা, ব্লক আৰু গ্ৰামীণ পৰ্যায়ত চাহিদা আৰু যোগানৰ ব্যৱস্থাপনাক আৰু অধিক শক্তিশালী কৰিব লাগিব৷
আমিৰ সকলোৱে একেলগ হৈ নতুন স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব৷ আমাৰ গাঁৱে গাঁৱে যি চৰকাৰী আৰু বেচৰকাৰী ডিছপেন্সৰী আৰু ক্লিনিক আছে, সেইবোৰৰ ক্ষমতা আৰু বৃদ্ধি কৰিব লাগিব৷ এয়া আমিৰ এই বাবেই কৰিব লাগিব, যাতে আমাৰ গাঁওসমূহত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দুর্বল নহয়। এতিয়ালৈকৈ দেশৰ গাঁওসমূহে এই ক্ষেত্রত যথেষ্ট ভাল দৃষ্টি ৰাখিছে৷
ইয়াৰ সমান্তৰালভাৱে আমি এইটোও মনত ৰাখিব লাগিব যে আমাৰ ক’ৰোনা যোদ্ধাসকলে যেন কোনোধৰণৰ নিৰ্যাতনৰ চিকাৰ নহয়৷ আমাৰ নৱীন আৰু অৱসৰপ্রাপ্ত বৃত্তিধাৰীসকলেও স্বাস্থ্য ব্যৱস্থাৰ সৈতে একেলগ হৈ নিয়মীয়াকৈ কাম কৰি যাব লাগিব৷
বন্ধুসকল,
অনাগত দিনসমূহত আমাৰ দেশত বহুত উৎসৱ আহি আছে। আমাৰ এই উৎসৱসমূহ যেন উল্লাসৰ কাৰণ হৈ থাকে, এইবোৰৰ সুযোগতে যেন সংক্ৰমণ নিবিয়পে সেই ক্ষেত্ৰত সকলোৱেই সাৱধান হ’ব লাগিব৷ আমি এইটোও চাব লাগি হ’ব যাতে এই উৎসৱৰ সময়ত দুখীয়া পৰিয়ালসমূহ কোনো সমস্যাৰ সন্মুখীন নহয়৷
‘প্ৰধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনা’ৰ সুবিধা যাতে প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰে, আমি সেইটো সুনিশ্চিত কৰিব লাগিব৷
বন্ধুসকল,
আমাৰ দেশৰ কৃতী বৈজ্ঞানিকসকলে ক’ৰোনা ভেকচিন আৱিষ্কাৰৰ বাবে দ্রুতগতিত কাম কৰি আছে৷ কিন্তু যেতিয়ালৈকে কোনো কার্যকৰী ঔষধ অথবা ভেকচিন প্ৰস্তুত নহয়, তেতিয়ালৈকে এই মাস্ক নিয়মীয়াকৈ পিন্ধা, দুই গজ দূৰত্ব ৰক্ষা কৰা আৰু সঘনে হাত দুটা ছেনিটাইজ কৰাই আমাৰ একমাত্ৰ বিকল্প। আমি নিজেও বাছি থাকিব লাগিব আৰু পৰিয়ালৰ সৰু আৰু জ্যেষ্ঠ সকলো আত্মীয়-স্বজনক বছাই ৰাখিব লাগিব৷
মোৰ দৃঢ় বিশ্বাস, ক’ৰোনাৰ বিৰুদ্ধে যুঁজত আমি সকলোৱে মিলি যুঁজ দিম আৰু জয়ী হ’ম৷ পুনৰবাৰ এই অত্যাধুনিক সেৱাসমূহৰ বাবে বহুত বহুত শুভেচ্ছা জনালো৷
আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা জনাইছো৷
*****
VRRK/KP/DB
(Release ID: 1642143)
Visitor Counter : 204
Read this release in:
Punjabi
,
Gujarati
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam