স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
প্ৰায় ৩০,০০০ৰে দেশত এদিনত সৰ্বাধিক আৰোগ্যৰ অভিলেখ, মুঠ আৰোগ্যৰ সংখ্যাই অতিক্ৰমিলে ৭.৮২লাখৰ ঘৰ
प्रविष्टि तिथि:
23 JUL 2020 2:21PM by PIB Guwahati
একেৰাহে দ্বিতীয়টো দিনৰ বাবে দেশত ক’ভিড-১৯ আক্ৰান্তৰ আৰোগ্যৰ সংখ্যাই এটা দিনৰ অভিলেখ ভংগ কৰিছে। শেহতীয়া ২৪ ঘণ্টাত দেশত মুঠ ২৯,৫৫৭গৰাকী লোকে আৰোগ্য লাভ কৰাৰ লগতে হাস্পটালৰ পৰা ঘৰলৈ ওভতাৰ অনুমতি লাভ কৰিছে। ইয়াকে ধৰি এই পৰ্যন্ত দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭,৮২,৬০৬গৰাকী হৈছেগৈ। শেহতীয়া হিচাপত আৰোগ্যৰ হাৰ ৬৩.১৮শতাংশ হৈছেগৈ।
আজিৰ তাৰিখত দেশত আক্ৰান্ত ৰোগীৰ সংখ্যাতকৈ আৰোগ্যৰ সংখ্যাৰ ব্যৱধান ৩,৫৬,৪৩৯গৰাকী হৈছেগৈ।
ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ, আক্ৰান্তৰ আবদ্ধকৰণ আৰু চিকিত্সা প্ৰবন্ধনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সহযোগিতাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থালীৰ সু-সমন্বিত প্ৰয়াসৰ সুবাদতে এই সাফল্য অৰ্জন কৰিব পৰা গৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষজ্ঞসকলৰ লগতে এইমছ-দিল্লীৰ বিশেষজ্ঞ চিকিত্সকৰ সহযোগিতাৰে গঠিত যুটীয়া নিৰীক্ষণ গোট, আইচিএমআৰ, এনচিডিচি দৰে উত্কৰ্ষতাৰ কেন্দ্ৰ সদৃশ সংস্থাৰ নীতি-নিৰ্দেশনাৰে পৰিচালিত কাৰ্যক্ৰমৰ জৰিয়তে এয়া সম্ভৱ হৈছে। এই সকলোৰে সমন্বিত প্ৰয়াসৰ সুবাদত আজিৰ তাৰিখত দেশত ক’ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ ২.৪২শতাংশলৈ নমাৰ লগতে এই পৰিমাণ আৰু অধিক অৱনমিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
ইফালে, এই মুহূৰ্তত দেশত ৪,২৬,১৬৭গৰাকী ক’ভিড আক্ৰান্ত লোক বিভিন্ন চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে।
ক’ভিড-১৯ সংক্ৰান্তীয় সবিশেষ, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্যৰ বাবে https://www.mohfw.gov.in/ and @MoHFW_INDIA ত লগ ইন কৰিব পাৰে।
কাৰিকৰী তথ্যৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু অন্যান্য তথ্যৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva .
অন্যান্য তথ্যৰ বাবে +91-11-23978046 or 1075 (Toll-free). ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ বাবে লগ ইন কৰক
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .
****
MV/SG/KB
(रिलीज़ आईडी: 1640695)
आगंतुक पटल : 245
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Punjabi
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam