স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

যোৱা ২৪ঘণ্টাত সৰ্বাধিক সংখ্যক ৰোগীৰ আৰোগ্য লাভ;২৮,৪৭২ গৰাকী ৰোগীক হাস্পতালৰ পৰা মুকলি

এতিয়ালৈকে ৭.৫লাখতকৈ অধিক কভিড ৰোগীৰ আৰোগ্য লাভ

১৯ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৬৩.১৩শতাংশতকৈ অধিক

Posted On: 22 JUL 2020 12:34PM by PIB Guwahati

দেশত এটা দিনত এতিয়ালৈকে সৰ্বাধিক ২৮,৪৭২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এয়া যোৱা ২৪ঘণ্টাত আৰোগ্য হোৱা/হাস্পতালৰ পৰা মুকলি হোৱা কভিড-১৯ ৰোগীৰ সৰ্বাধিক সংখ্যাও। ইয়াৰ সৈতে আৰোগ্য হোৱা ৰোগীৰ মুঠ সংখ্যা ৭,৫৩,০৪৯ গৰাকী হল। ইয়ে কভিড-১৯ ৰোগীৰ আৰোগ্যৰ হাৰ ৬৩.১৩শতাংশলৈ বৃদ্ধি কৰিলে।

 

আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধিয়ে সক্ৰিয় ৰোগী(আজি ৪,১১,১৩৩)ৰ সৈতে থকা ব্যৱধান ৩,৪১,৯১৬লৈ বঢ়াই তুলিলে।এই ব্যৱধান        ক্ৰমশঃ বৃদ্ধি পাই আছে।

 

ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে। আনহাতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অধিক।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম

আৰোগ্যৰ হাৰ

দিল্লী

৮৪.৮৩%

লাডাখ(কেন্দ্ৰীয় শাসিত অঞ্চল)

৮৪.৩১%

তেলেংগানা

৭৮.৩৭%

হাৰিয়ানা

৭৬.২৯%

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

৭৫.০০%

ৰাজস্থান

৭২.৫০%

গুজৰাট

৭২.৩০%

চত্তীশগড়

৭১.৮১%

অসম

৭১.০৫%

উৰিস্যা

৭০.৯৬%

তামিলনাডু

৭০.১২%

মণিপুৰ

৬৯.৪৮%

চণ্ডীগড়

৬৮.৯৭%

উত্তৰাখণ্ড

৬৭.৯৯%

পঞ্জাৱ

৬৭.৮৬%

মধ্য প্ৰদেশ

৬৭.৪৭%

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ

৬৫.৬৭%

হিমাচল প্ৰদেশ

৬৪.৭২%

বিহাৰ

৬৩.৯৫%

 

কেন্দ্ৰই গ্ৰহণ কৰা নানা কৌশল যথাযথভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে  প্ৰয়োগ কৰাৰ বাবে প্ৰত্যাশিত ফলাফল পোৱা গৈছে। ঘৰে ঘৰে সমীক্ষাৰ জৰিয়তে আগতীয়াকৈ ৰোগ ধৰা পেলোৱা, সংক্ৰমিতৰ স্পৰ্শলৈ অহাসকলৰ ওপৰত নজৰ দিয়া, কাৰ্যকৰী কণ্টেইনমেণ্ট আঁচনি, স্পৰ্শকাতৰ এলেকাত পৰীক্ষা কৰাৰ লগতে নমুনা পৰীক্ষা বৃদ্ধি কৰা আদি বিষয়ত প্ৰধানতঃ গুৰুত্ব দিয়া হৈছে। তিনি তৰপীয়া স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি আৰু ৰোগীসকলৰ যত্ন লোৱাৰ বাবে মানি চলিবলগীয়া বিধি সুন্দৰভাৱে পালন কৰাৰ কাৰ্যই হাস্পতাল আৰু হোম আইচোলেচনত থকা লোকসকলৰ সু-চিকিত্সাত সহায় কৰিছে।

 

নতুন দিল্লীৰ এইমছৰ সৈতে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উত্কৰ্ষ কেন্দ্ৰই আইচিইউত থকা ৰোগীৰ জৰুৰীকালীন সেৱা আৰু ক্লিনিকেল ট্ৰিটমেণ্টক শক্তি যোগাইছে, যাৰ ফলত ভাৰতত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা গৈছে। নতুন দিল্লীৰ এইমছৰ ই-আইচিইউ কাৰ্যসূচী কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতাৰ আন এক পথ যাৰ উদ্দ্যশ্য মৃত্যুৰ হাৰ হ্ৰাস কৰা। সপ্তাহত দুবাৰকৈ আয়োজন কৰা এই টেলি-পৰামৰ্শ বৈঠকে আইচিইউত থকা ৰোগীৰ চিকিত্সা ব্যৱস্থাত ক্ষেত্ৰ বিশেষজ্ঞসকলৰ অভিজ্ঞতা আৰু কাৰিকৰী পৰামৰ্শ শ্বেয়াৰৰ জৰিয়তে ৰাজ্যসমূহৰ বৃহত্ কভিড-১৯ হাস্পতালসমূহক মাৰ্গদৰ্শন আৰু সহযোগ কৰে। স্বাস্থ্যকৰ্মীসকলৰ সমৰ্পিত প্ৰচেষ্টাৰ বাবে আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃতকৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস হৈছে, যি বৰ্তমান ২.৪১শতাংশ।

 

 

সকলোধৰণৰ বিশ্বাসযোগ্য আৰু শেহতীয়া কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতিগত নিৰ্দেশাৱলী আৰু পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি নিয়মীয়াকৈ https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA দৰ্শন কৰক।

 

মনত উদয় হোৱা কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন technicalquery.covid19[at]gov[dot]inলৈ প্ৰেৰণ কৰিব পাৰে আৰু অন্য প্ৰশ্ন ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

 

কভিড-১৯ সম্পৰ্কীয় জানিবলগীয়া যিকোনোধৰণৰ তথ্যৰ বাবে অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ হেল্পলাইন নম্বৰঃ +91-11-23978046  নাইবা 1075(টল ফ্ৰী)ত কল কৰক।কভিড-১৯ৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdfতো উপলব্ধ হব।

 

 ***************************************************************

MV/SG/KG



(Release ID: 1640547) Visitor Counter : 237