PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 22 JUL 2020 6:21PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

বিগত ২৪ ঘণ্টাত সৰ্বাধিক সংখ্যক লোকে লাভ কৰিছে আৰোগ্য; মুকলি হৈছে ২৮,৪৭২ জন ৰোগী; এই পৰ্যন্ত ৭.৫ লক্ষাধিক ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰে ৬৩%ৰ সীমা অতিক্ৰম কৰিছে; ১৯ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ আৰোগ্যৰ হাৰ হ’ল ৬৩.১৩%

এটা দিনতে ২৮,৪৭২ জন ৰোগীয়ে আৰোগ্য লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে৷ ইয়াৰ জৰিয়তে ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা মুঠ ৰোগীৰ সংখ্যা হ’ল ৭,৫৩,০৪৯ জন৷ আৰোগ্যৰ হাৰ ৬৩.১৩%লৈ বৃদ্ধি পাইছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে লাভ কৰিলে ছিংগাপুৰৰ টেমাছেক ফাউণ্ডেচনৰ ৪,৪৭৫টা অম্লজান কনচেট্ৰেটৰ্ছৰ প্ৰথমটো ট্ৰেন্স

ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে আজি ছিংগাপুৰৰ টেমাছেক ফাউণ্ডেচনৰ পৰা অহা ৪,৪৭৫ অম্লজান কনচেনট্ৰেটৰ্ছৰ প্ৰথমটো ট্ৰেন্স লাভ কৰিছে৷ এই ফাউণ্ডেচনে ভাৰতলৈ মুঠ ২০,০০০ অম্লজান কনচেনট্ৰেটৰ্ছ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

এছএনবিএনচিবিএছৰ দ্বাৰা নিৰ্মিত এক্টিভ ৰেছপাইৰেটৰ মাস্ক আৰু নেন’-ছেনিটাইজাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায় কৰিব পাৰে

ক’ভিড-১৯ মহামাৰীৰ ফলত মুখৰ মাস্কক দৈনন্দিন জীৱনৰ অংগ কৰি তুলিছে৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত এছএনবিএনচিবিএছ শীৰ্ষক এক স্বতন্ত্ৰ গৱেষণা প্ৰতিষ্ঠানে আৰামদায়ক আৰু স্বাস্থ্যসন্মত এক্টিভ ৰেছপাইৰেটৰ মাস্ক আৰু নেন’-ছেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে৷

অধিক বিৱৰণৰ বাবে

জল জীৱন অভিযানঃ ৰাজ্যসমূহে নিজৰ মাজতে গঢ়ি তুলিছে প্ৰতিদ্বন্ধিতা; ৭ খন ৰাজ্যই ২০২০-২১ৰ মুঠ লক্ষ্যৰ ১০%ত কৈও অধিক সিদ্ধি লাভ কৰিছে

২০১৯ চনৰ আগষ্ট মাহত মুকলি হোৱা জল জীৱন অভিযানৰ দ্বাৰা ২০১৯-২০ বৰ্ষত প্ৰায় ৮৫ লাখ গ্ৰামীণ পৰিয়ালক পানীৰ নলৰ সংযোগ প্ৰদান কৰিছিল৷ ক’ভিড-১৯ৰ বিভীষিকাৰ মাজতো ২০২০-২১ বৰ্ষৰ বাবে প্ৰায় ৫৫ লাখ পানীৰ নলৰ সংযোগ প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতত আনলক আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱন আৰু জীৱিকাৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে আহ্বান জনালে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

তীখা আৰু পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি তীখা মন্ত্ৰালয়ে আয়োজন কৰা ‘‘ৱৰ্কিং ইন ক’ভিড-১৯ টাইমছ’’ শীৰ্ষক এক ৱেবিনাৰত ভাষণ প্ৰদান কৰে৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত জীৱন আৰু জীৱিকাৰ ভাৰসাম্যতা ৰক্ষাৰ প্ৰয়োজন বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে এখন কেন্দ্ৰীয় কাৰাগাৰ আৰু তিনিখন জিলা কাৰাগাৰক নতুন পুৰুষ কাৰাবন্দীৰ বাবে বিশেষ কাৰাগাৰ হিচাপে (অস্থায়ী কাৰাগাৰ) ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যখনৰ ৰাজ্যপালে কয় যে মহামাৰীৰ সময়ছোৱাত কৃষিখণ্ডক বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন৷
  • কেৰালাঃ বৰ্তমানে ৮,০৫৬ জন ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৫৪ লাখ লোক চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৮০,৬৪৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১,৩৪৪ জন৷ মৃত্যু হৈছে ২৬২৬ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৯৫২ জন৷ 
  • কৰ্ণাটকঃ কালি ৩৬৪৭ জন নতুন ৰোগী আৰু ৬১ জন লোকৰ মৃত্যুৰ প্ৰতিবেদন দাখিল হৈছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪,১৪০ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৮,৬৬৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২,৩৩৬ জন৷ ৭৫৮ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৭,৭০৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৮৯১ জন৷ ৪২৯ জনৰ মৃত্যু হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,২৭,০৩১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৩২,২৩৬ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যাই ৫০,০০০ৰ সীমা অতিক্ৰম কৰিছে৷ মুঠ ২,২০১ জন লোকৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩১,৫৯৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮১২৯ জন৷ ২২,৮৮৯ জনে আৰোগ্য লাভ কৰিছে আৰু ৫৮১ জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৪,০৯৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০৮২ জন৷ ১৬,২৫৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫৮৮ জন৷
  • গোৱাঃ আজিৰ তাৰিখ পৰ্যন্ত গোৱাত ১৫৫২ জন সক্ৰিয় ৰোগী আছে৷ বিগত ২৪ ঘণ্টাত ১৭৪ জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷
  • অৰুণাচল প্ৰদেশঃ মুখ্য সচিবে কয় যে পাপুমপাৰেৰ মিডপুত থকা ক’ভিড উৎসৰ্গিত চিকিৎসালয় চলিত মাহৰ শেষৰ পৰা কাৰ্যকৰী হ’ব৷ 
  • মেঘালয়ঃ মেঘালয় চৰকাৰে ১৮৬খন পিএইচচি আৰু চিএইচচিত ৭৫ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • মণিপুৰঃ মণিপুৰৰ ইম্ফলৰ আৰআইএমছে জ্বৰ আৰু কাহৰ লক্ষণ থকা কৰ্মচাৰীসকলক কাৰ্যালয়লৈ আহিবলৈ মানা কৰিছে৷
  • মিজোৰামঃ সুৰক্ষাবাহিনীৰ মাজত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ লুংলেই জিলাৰ প্ৰশায়ন তথা সুৰক্ষাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে এই সন্দৰ্ভত এক এছঅ’পি কঠোৰভাৱে পালন কৰা হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে৷
  • নাগালেণ্ডঃ মন জিলা প্ৰশাসনে প্ৰয়োজনুসাৰে ক’ভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকৰ তথ্য বাধ্যতামূলকভাৱে নথিভুক্ত কৰিবলৈ এক জাননী জাৰি কৰিছে৷



(Release ID: 1640493) Visitor Counter : 151