PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 19 JUL 2020 6:16PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত আগবঢ়োৱা শেহতীয়া তথ্যঃ বিগত ২৪ ঘণ্টাত আৰোগ্য লাভ কৰিছে ২৩,৬০০ত কৈও অধিক লোকে; সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱাৰ লোকৰ সংখ্যাৰ ব্যৱঝান ৩ লক্ষাধিক হৈছে; প্ৰতি মিলিয়নত পৰীক্ষণ সংখ্যা ১০,০০০ৰ ওচৰ চাপিছে

বিগত ২৪ ঘণ্টাত ২৩,৬৭২ জন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱাৰ লোকৰ সংখ্যাৰ ব্যৱধান ৩,০৪,০৪৩ জন হৈছে৷ এই পৰ্যন্ত ৬,৭৭,৪২২ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫২.৮৬%৷ বৰ্তমানে ৩,৭৩,৩৭৯ জন সক্ৰিয় ৰোগী আছে৷

অধিক বিৱৰণৰ বাবে

প্ৰথমবাৰলৈ ভাৰতত মৃত্যুৰ হাৰ (চিএফআৰ) ২.৫%লৈ হ্ৰাস হৈছে; ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশে ৰাষ্ট্ৰীয় গড়ৰ তুলনাত নিম্ন মানৰ চিএফআৰ প্ৰদৰ্শিত কৰিছে

কাৰ্যকৰী নিয়ন্ত্ৰণ কৌশল, আক্ৰমণাত্মক পৰীক্ষণ আৰু মানসম্পন্ন ক্লিনিকেল ব্যৱস্থাপনা প্ৰট’ক’লৰ জৰিয়তে দেশত ক’ভিড-১৯ৰ পৰা মৃত্যু হোৱা লোকৰ সংখ্যা উল্লেখযোগ্য ধৰণে হ্ৰাস পাবলৈ ধৰিছে৷ বৰ্তমানে এই হাৰ হ’ল ২.৪৯%৷ ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশে দেশৰ গড় হাৰতকৈও কম হাৰ প্ৰদৰ্শিত কৰিছে৷ ৫ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ চিএফআৰ হ’ল শূন্য৷ ১৪কন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ চিএফআৰ ১%ত কৈও কম৷

অধিক বিৱৰণৰ বাবে

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ৩য় জি২০ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংক গৰ্ভণৰৰ সন্মিলনত অংশগ্ৰহণ কৰে

বিত্ত মন্ত্ৰীয়ে ক’ভিড-১৯ক পৰাভূত কৰিবলৈ জি২০ কাৰ্যকৰী পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে৷ এইবাৰৰ জি২০ কাৰ্যকৰী পৰিকল্পনাত স্বাস্থ্য, অৰ্থনীতি, আন্তৰ্জাতিক বিত্তীয় সহযোগিতা সন্দৰ্ভত কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে  

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ জনসাধাৰণৰ সাৰথি হোৱা সংবাদ মাধ্যমক উপ ৰাষ্ট্ৰপতিৰ প্ৰশংসা

ভাৰতৰ উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম ভেংকয়া নাইডুয়ে জনসাধাৰণক মহামাৰী সন্দৰ্ভত প্ৰয়োজনীয় তথ্য, বিশ্লেষণ আদি আগবঢ়োৱা বাবে সংবাদ মাধ্যমক প্ৰশংসা কৰে৷  এই সন্দৰ্ভত ফে’চবুকৰ এটা পোষ্টত তেওঁ এইদৰে লিখে, ‘‘সংবাদ মাধ্যমঃ ক’ৰোনাৰ সময়ছোৱাত আমাৰ বান্ধৱ’’৷

অধিক বিৱৰণৰ বাবে

পিপিই কিটৰ পৰীক্ষণ আৰু স্বীকৃতিকৰণ বাবে চিপেটে লাভ কৰিলে এনএবিএলৰ অনুমোদন

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিষ্ঠান চিপেটে পিপিই কিটৰ পৰীক্ষণ আৰু স্বীকৃতিকৰণ কৰাৰ বাবে এনএবিএলৰ পৰা অনুমোদন লাভ কৰিছে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত তথা আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্য বাস্তৱায়িত কৰাৰ দিশত এয়া চিপেটৰ এক অন্যতম সাফল্য হিচাপে বিবেচনা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

দুৰ্গাপুৰৰ চিএছআইৰ-চিএমইআৰআইয়ে কৰ্মক্ষেত্ৰসমূহৰ বাবে মুকলি কৰি ক’ভিড নিৰাপত্তা ব্যৱস্থা (চিঅ’পিএছ)

দুৰ্গাপুৰৰ চিএছআইআৰ-চিএমইআৰআইয়ে কৰ্মক্ষেত্ৰসমূহত কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে ক’ভিড নিৰাপত্তা ব্যৱস্থা (চিঅ’পিএছ) মুকলি কৰিছে৷ ইয়াত থাকিব সৌৰশক্তিযুক্ত ইণ্টেলিজেণ্ট মাস্ক অট’মেটেড ডিছপেন্সিং ইউনিট আৰু থাৰ্মেল স্কেনাৰ, টাচ্চলেচ ফ’চেট আৰু ৩৬০ কাৰ ফ্লাশ্বাৰ৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ সময়ছোৱাত শিক্ষাৰ্থীসকলক অনলাইন শিক্ষা প্ৰদান কৰাৰ বাবে পাঞ্জাৱ চৰকাৰে এক অভিযান মুকলি কৰিছে৷
  • হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশৰ ৰাজ্যপালে জিলা প্ৰশাসন, উদ্যোগ সংস্থা আৰু প্ৰধান ঔদ্যোগিক সংস্থাসমূহৰ মুৰব্বীৰ সৈতে ৰাজভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সিং যোগে ক’ভিড-১৯ সন্দৰ্ভত বাৰ্তালাপ কৰে৷
  • কেৰালাঃ বৰ্তমানে ৬,৪১৬ জন ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে আৰু মুঠ ১.৭৩ লাখ লোক বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬৫,৭১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯,৪৫২ জন৷ মৃত্যু হৈছে ২৪০৩ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৯৯৭ জন৷
  • কৰ্ণাটকঃ কালিলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৬,৬৩১ জন৷ ১২৪০ জনৰ মৃত্যু হৈছে৷ ২১,৭৭৫ জন লোকক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪,৬০৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,২৬০ জন৷ মৃত্যু হৈছে ৫৮৬ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৩,৭৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৭৬৫ জন৷ ৪০৯ জনৰ মৃত্যু হৈছে৷ ৩০,৬০৭ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যাই ৩,০০,৯৩৭ জনৰ সংখ্যা স্পৰ্শ কৰিছে৷ মুম্বাইত শনিবাৰে আক্ৰান্তৰ সংখ্যা ১ লাখৰ সীমা অতিক্ৰম কৰে৷
  • গুজৰাটঃ গুজৰাটত ১৩,৫০০ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৮,৬৯৩ জন৷ ইয়াৰে ২১,২৬৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৫৫৬ জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ১২৯জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যা হৈছে ৬০৩৫ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪৮৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪২৫ জন আৰু ২০৩৮ জনে আৰোগ্য লাভ কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশ চৰকাৰে ইটানগৰ অঞ্চলত ৩ আগষ্ট ২০২০ তাৰিখলৈ লকডাউন বৃদ্ধি কৰিছে৷ ৰাজ্যখনত প্ৰৱেশ কৰা সকলো লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষণ কৰা হৈছে৷
  • অসমঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতি তথা বাঘজানৰ তৈল কূপৰ পৰিস্থিতিৰ খতিয়ান ফোনযোগে লোৱা বুলি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰত প্ৰকাশ কৰিছে৷ অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান লয়৷ এই সন্দৰ্ভত তেওঁ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে এক বৈঠকতো মিলিত হয়৷
  • মণিপুৰঃ মণিপুৰ ৰাজ্য চৰকাৰে অংগনৱাড়ী আৰু আশা কৰ্মীসকলৰ দ্বাৰা জিৰিবামত এক নিৰীক্ষণ অভিযানৰ আয়োজন কৰিছে৷
  • মেঘালয়ঃ ২জন লোক ক’ভিড-১৯ৰ ফলত মৃত্যু হৈছে বুলি ৰাজ্যখনে প্ৰকাশ কৰিছে৷  ইয়াৰে এজন বিএছএফৰ আৰু আনজন কলকাতাত কৰ্মৰত ভাৰতীয় ভূতত্ব গৱেষণা প্ৰতিষ্ঠানৰ কৰ্মী যি ৫ জুলাই তাৰিখে মেঘালয়লৈ উভতি আহিছিল৷
  • মিজোৰামঃ ১৯০০ত কৈও অধিক লোক কোৱাৰেণ্টিনত আছে৷ ইয়াৰে ১৩১৯ জন চৰকাৰী কোৱাৰেণ্টিনত আছে আৰু বাকীসমূহ পেইড অথবা হোম কোৱাৰেণ্টিনত আছে৷
  • নাগালেণ্ডঃ আজি ১০ জন ক’ভিড-১৯ত আক্ৰান্ত হোৱা  বুলি নিশ্চিত কৰা হয়৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৮৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৫৬ জন আৰু ৪৩২ জনে আৰোগ্য লাভ কৰিছে৷

 



(Release ID: 1639835) Visitor Counter : 273