PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 18 JUL 2020 6:11PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ দেশত বৰ্তমানে ৩,৫৮,৬৯২ জন সক্ৰিয় ৰোগী আছে; আৰোগ্য হোৱা লোকৰ সংখ্যা ৬,৫৩,৭৫০ লৈ বৃদ্ধি পাইছে

ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সময়মতে গ্ৰহণ কৰা পদক্ষেপৰ ফলত দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ক’ভিড ৰোগীৰ সংখ্যা৷ আজি পৰ্যন্ত দেশত ৩,৫৮,৬৯২ জন সক্ৰিয় ৰোগী আছে৷ আৰোগ্য হোৱা লোকৰ সংখ্যা ৬,৫৩,৭৫০ জনলৈ বৃদ্ধি পাইছে৷  সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ ব্যৱধান ২,৯৫,০৫৮ জন হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ৬৩%৷ এই পৰ্যন্ত মুঠ ১,৩৪,৩৩,৭৪২টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ECOSOCৰ উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে ভাষণ; •          আমাৰ তৃণমূল পৰ্যায়ৰ স্বাস্থ্য ব্যৱস্থাপনাই ভাৰতক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠতম আৰোগ্যৰ হাৰ বৃদ্ধিত সহায় কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ এক উচ্চস্তৰীয় বৈঠকত কালি ভাষণ প্ৰদান কৰে৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিকাশৰ মূলমন্ত্ৰ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

 

ৰাষ্ট্ৰসংঘৰ ৭৫তম বৰ্ষপূৰ্তিত ECOSOCত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

 

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ মহামাৰীৰ সময়ত কৰদাতাসকলক সহায় কৰাৰ বাবে চিবিডিটিয়ে ৭১,২২৯ কোটি টকা ৰিফাণ্ড কৰিছে

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে ১১ জুলাই ২০২০ তাৰিখ পৰ্যন্ত ২১.২৪ লক্ষাধিক কেছৰ বাবে ৭১,২২৯ কোটি টকাৰ ৰিফাণ্ড জাৰি কৰিছে৷ ইয়াৰ জৰিয়তে মহামাৰীৰ সময়ছোৱাত কৰদাতাসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড মহামাৰীৰ সময়ছোৱাত মধুমেহ ৰোগীয়ে কঠোৰভাৱে শৰ্কৰা নিয়ন্ত্ৰণ কৰাটো আৱশ্যকঃ ডঃ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি কয় যে ক’ভিড মহামাৰীৰ সময়ছোৱাত মধুমেহ ৰোগীয়ে কঠোৰভাৱে শৰ্কৰা নিয়ন্ত্ৰণ কৰাটো আৱশ্যক৷ ক’ৰোনাৰ সময়ছোৱাত এই লোকসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ কৌশলগত শক্তি সহযোগিতাৰ যুটীয় বিবৃতি

আজি আমেৰিকান শক্তি বিভাগৰ সচিব ডেন ব্ৰুইলেটে আৰু ভাৰতৰ পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আমেৰিকা-ভাৰত কৌশল শক্তি সহযোগিতাৰ এক মন্ত্ৰালয় পৰ্যায়ৰ ভাৰ্চুৱেল বৈঠকত সভাপতিত্ব কৰে আৰু সহযোগিতাৰ উত্তৰণৰ খতিয়ান গ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • পাঞ্জাৱঃ ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে আগন্তুক কেইটামান মাহৰ বাবে অনা অত্যাৱশ্যকীয় কৰ্তব্যত আৰক্ষীৰ আৱণ্টন বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে৷
  • হাৰিয়ানাঃ আনলক-২ৰ সময়ছোৱাত জনসাধাৰণক মাস্ক পিন্ধিবলৈ সজাগ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক বিশেষ অভিযানৰ সূচনা কৰিবলৈ নিৰ্দেশ দিছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যপাল শ্ৰী বান্দাৰু দত্তাত্ৰেয়ই চলিত বৰ্ষৰ স্বাধীনতা দিৱসত ৰাজ ভৱনত ‘এট হোম’ কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৯২,৫৮৯ জন৷ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১১,৪৫২ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৬,৪৪৯ জন৷ বিগত ২৪ ঘণ্টাত ১২,৮০০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭,৭৮৬ জন৷ আৰোগ্য লাভ কৰিছে ২০,৬২৬ জনে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত ৰাজহুৱা স্থানত থু পেলোৱা আৰু হোম কোৱাৰেণ্টিন তথা সামাজিক ব্যৱধানৰ নীতি উলংঘা কৰা লোকসকলৰ পৰা ১০০ টকাৰ পৰা ১০০০ টকালৈ জৰিমনা আদায় কৰা হৈছে৷  মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪২৯ জন৷
  • কেৰালাঃ মুঠ নিশ্চিত ৰোগীৰ সংখ্যা হ’ল ১১,০৬৬ জন৷ বৰ্তমানে ৬০২৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬০,৯০৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭,৭৮২ জন৷ মৃত্যু হৈছে ২৩১৫ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৫,১১৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৩,২০৫ জন৷ মৃত্যু হৈছে ১১৪৭ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪,৬০৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,২৬০ জন৷ ২১,৭৬৩ জনক মুকলি কৰি দিয়া হৈছে৷ মৃত্যু হৈছে ৫৮৬ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪২,৪৯৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৩৮৯ জন৷ ৪০৩ জনৰ মৃত্যু হৈছে৷ ২৮,৭০৫ জনক মুকলি কৰি দিয়া হৈছে৷
  • অৰুণাচল প্ৰদেশঃ এই পৰ্যন্ত ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ৩৫০০০ত কৈও অধিক নমুনা সংগ্ৰহ কৰা হৈছে৷ ৰাজ্যখনলৈ ১৬০০০ তকৈও অধিক লোক উভতি আহিছে৷
  • অসমঃ অসমত জিএমচিএইচত দহ গৰাকী ক’ভিড-১৯ পজিটিভ মাতৃয়ে ৪জনী কন্যা সন্তান আৰু ৬টা ল’ৰা সন্তান জন্ম দিছে৷ অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য টুইটাৰত প্ৰকাশ কৰিছে৷
  • মণিপুৰঃ মণিপুৰৰ আৰআইএমছৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চিকিৎসক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত ফিজিঅ’ল’জী আৰু জৈৱ ৰসায়ন বিভাগ বন্ধ কৰি দিয়া হৈছে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৮২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২১ জন৷ ১৬১ জনে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৭৩ জন৷ আৰু ৪০৫ জনে আৰোগ্য লাভ কৰিছে৷

ছিক্কিমঃ ছিক্কিমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জিলাসমূহত বৰ্ধিত ক’ভিড-১৯ৰ ৰোগীৰ পৰিপ্ৰেক্ষিতত সন্মান ভৱনত এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে৷

 



(Release ID: 1639708) Visitor Counter : 204