PIB Headquarters
ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
17 JUL 2020 6:24PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যঃ সমগ্ৰ দেশতে কেৱল ৩.৪২ লাখ ক’ভিড-১৯ ৰোগীহে আছে; ৬.৩৫ লাখ লোকে আৰোগ্য লাভ কৰিছে;
সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ৩,৪২,৭৫৬ জন ৰোগী আছে৷ এই পৰ্যন্ত ৬.৩৫ লক্ষাধিক লোকে (৬৩.৩৩%) আৰোগ্য লাভ কৰিছে৷ প্ৰায় ৮০% ৰোগীয়ে বিলক্ষণযুক্ত আৰু সামান্য লক্ষণযুক্ত, তেওঁলোকক চিকিৎসকৰ নিৰীক্ষণত ঘৰতে আচুতীয়াকৈ থকাৰ পৰামৰ্শ দিয়া হৈছে৷
অধিক বিৱৰণৰ বাবে
খাৰিফ শস্যৰ ৰোপণ ক্ষেত্ৰ বিগত বৰ্ষতকৈ ২১.২% অধিক হৈছে
১৭.০৭.২০২০ তাৰিখ পৰ্যন্ত বিগত বৰ্ষৰ ৫৭০.৮৬ লাখ হেক্টৰ ক্ষেত্ৰৰ বিপৰীতে এইবাৰ ৬৯১.৮৬ লাখ হেক্টৰ ক্ষেত্ৰ খাৰিফ শস্য ৰোপণ কৰা হৈছে৷ ফলত বিগত বৰ্ষৰ তুলনাত ২১.২০% ৰোপণ ক্ষেত্ৰ বিগত বৰ্ষৰ তুলনাত অধিক হৈছে৷
দেশত পৰ্যাপ্ত পৰিমাণে মজুত আছে চিকিৎসা অম্লজানৰ নিৰ্মাণ, যোগান আৰু সঞ্চয় ক্ষমতা৷
ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কালি সমগ্ৰ দেশতে চিকিৎসা অম্লজানৰ যোগান আৰু সঞ্চয় ক্ষমতাৰ সম্প্ৰসাৰণৰ খতিয়ান গ্ৰহণ কৰে৷ দুৰ্গম স্থানতো চিকিৎসা অম্লজানৰ উপলব্ধতা নিশ্চিত কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এআৰচিআই আৰু ভেহেণ্ট টেকন’ল’জীয়ে টালি-টোপোলাৰ স্কেন বীজাণুনাশকৰণৰ বাবে ঐক্যৱদ্ধভাৱে নিৰ্মাণ কৰিলে ইউভি প্ৰযুক্তি
ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱত ঘৰুৱা আৰু আন্তৰ্জাতিক ভ্ৰমণসমূহে বাৰুকৈয়ে অৰিহণা যোগাইছে৷ এনে পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ টালি-টোপোলাসমূহৰ বীজাণুনাশকৰণৰ বাবে এআৰচিআই আৰু নইডাৰ ভেহেণ্ট টেকন’ল’জীয়ে KritiScan® UV Baggage Disinfection System শীৰ্ষক এক প্ৰযুক্তি নিৰ্মাণ কৰি উলিয়াইছে৷
অধিক বিৱৰণৰ বাবে
ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰৰ নিৰ্বাচন আৰু উপ নিৰ্বাচনসমূহৰ বাবে আগন্তুক ভৱিষ্যতত লজিষ্টিক বাধা, মানৱ সম্পদ আৰু ক’ভিড-১৯ৰ সুৰক্ষা প্ৰট’ক’লৰ বাবে ৬৫ৰ ঊৰ্ধৰ মতদাতাসকললৈ ডাক বেলটৰ সুবিধা প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
ভাৰতীয় নিৰ্বাচন আয়োগে বিহাৰৰ নিৰ্বাচন আৰু উপ নিৰ্বাচনসমূহৰ বাবে আগন্তুক ভৱিষ্যতত লজিষ্টিক বাধা, মানৱ সম্পদ আৰু ক’ভিড-১৯ৰ সুৰক্ষা প্ৰট’ক’লৰ বাবে ৬৫ৰ ঊৰ্ধৰ মতদাতাসকললৈ ডাক বেলটৰ সুবিধা প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
অধিক বিৱৰণৰ বাবে
চৰকাৰে দেশক এই বিশ্বজনীন মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সাহায্য প্ৰদান কৰিছে; প্লাষ্টিক উদ্যোগক ৰক্ষা কৰিবলৈ যথাসম্ভৱ প্ৰয়াস কৰিবঃ মাণ্ডব্য
ৰাজ্যিক ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱ্যই ক’ভিড-১৯ৰ পৰা প্লাষ্টিক উদ্যোগক সুৰক্ষিত কৰিবলৈ চৰকাৰে যথাসম্ভৱ প্ৰয়াস কৰিব বুলি নিশ্চিতি প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে কালি ৱেবিনাৰযোগে অনুষ্ঠিত এখন বৈঠকত এই মন্তব্য কৰে৷
অধিক বিৱৰণৰ বাবে
জৈৱ প্ৰযুক্তি বিভাগ আৰু ইয়াৰ গৱেষণা প্ৰতিষ্ঠানসমূহে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুত, চিকিৎসাৰ দিশত অগ্ৰগতি লাভ কৰিছে
জৈৱ প্ৰযুক্তি বিভাগ আৰু ইয়াৰ ১৬টা গৱেষণা প্ৰতিষ্ঠানে ক’ভিড-১৯ৰ সংকটৰ পৰা মুক্ত হ’বলৈ নিৰৱচ্ছিন্নভাৱে ইয়াৰ সমাধান সন্ধানৰ দিশত অগ্ৰসৰ হৈছে৷ এই সন্দৰ্ভত তেওঁলোকে থলুৱা প্ৰযুক্তিৰে কিছুমান চিকিৎসা পদ্ধতিও বিকশিত কৰিছে৷
১৫ জুলাই ২০২০ তাৰিখ পৰ্যন্ত ২৮খন ৰাজ্যলৈ বিত্ত মন্ত্ৰালয়ে ২.৬৩ লাখ গ্ৰামীণ স্থানীয় সংস্থাক ১৫১৮৭.৫০ কোটি টকাৰ সাহায্য প্ৰদান কৰিছে
পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি খোৱা পানী আৰু অনাময় বিভাগ তথা জল শক্তি মন্ত্ৰালয়ে ২৮ খন ৰাজ্যৰ ২.৬৩ লাখ গ্ৰামীণ স্থানীয় সংস্থাক ১৫১৮৭.৫০ কোটি টকাৰ সাহায্য প্ৰদান কৰিছে৷ এই ধনৰাশি বিত্ত মন্ত্ৰালয়ে মুকলি কৰি দিছে৷
অধিক বিৱৰণৰ বাবে
ভাৰতীয় কৃষি গৱেষণা পৰিষদে উদযাপন কৰিলে ৯২তম প্ৰতিষ্ঠা দিৱস
ভাৰতীয় কৃষি গৱেষণা পৰিষদে কালি ইয়াৰ ৯২তম প্ৰতিষ্ঠা দিৱস পালন কৰে৷ এই সন্দৰ্ভত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আইচিএআৰৰ বিজ্ঞানীসকলৰ প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে৷
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ বাবে চলিত বৰ্ষৰ ১৪ ডিচেম্বৰলৈ চলিব পূব ৰে’লৱেৰ পাৰ্চেল এক্সপ্ৰেছ ৰে’ল
ক’ভিড-১৯ৰ বাবে বলৱৎ কৰা লকডাউনৰ বাবে সামগ্ৰীসমূহৰ উপযুক্ত যোগানৰ বাবে পূব ৰে’লৱেয়ে টাইম টেবুলড পাৰ্চেল এক্সপ্ৰেছ ৰে’লৰ চলাচল কৰোৱাইছে৷ এই ৰে’লসমূহ ১৪ ডিচেম্বৰ ২০২০ তাৰিখলৈ চলাচল কৰিব৷
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- পাঞ্জাৱঃ চলিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত পাঞ্জাৱ চৰকাৰে ব্যক্তিগত চিকিৎসালয়সমূহৰ ক’ভিড চিকিৎসাৰ হাৰসমূহ ঠিক কৰিছে৷
- হাৰিয়ানাঃ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত দিব্যাংগসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে হাৰিয়ানা চৰকাৰে নিৰ্দেশনাৱলী জাৰি কৰিছে৷
- মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৮৪,২৮১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,১৪,৬৪৮ জন৷ আৰোগ্য লাভ কৰিছে ১,৫৮,১৪০ জনে আৰু ১১,১৯৪ জন লোকৰ মৃত্যু হৈছে৷
- গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৫,৪৮১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,২৮৯ জন৷ ৩২,১০৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
- ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭,৩৩৩ জন৷ আৰোগ্য লাভ কৰিছে ২০,০২৮ জন ৰোগীয়ে৷
- মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০,৩৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৫৬২ জন৷ ১৪,১২৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
- চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৭৫৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৮২ জন৷
- গোৱাঃ বৃহস্পতিবাৰে ১৫৭টা নমুনা পৰীক্ষণ কৰা হয়৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১০৮ জন৷
- অসমঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক আৰু নাৰ্চসকলৰ সৈতে বাৰ্তালাপ কৰে৷ তেওঁ উপাযুক্ত, পৰিদৰ্শক আৰু অন্যান্য জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতেও ক’ভিডৰ নিয়ন্ত্ৰণ পৰিমাপসমূহৰ উত্তৰণ সন্দৰ্ভত আলোচনা কৰে৷
- মণিপুৰঃ মইজিং আৱাং লেইকাই, থৌবাল জিলাত ঘৰে ঘৰে ৰেপিড এণ্টিজেন পৰীক্ষণ আৰম্ভ কৰা হৈছে৷
- মিজোৰামঃ মিজোৰামত ১৯৪ টা গীৰ্জা ঘৰ কোৱাৰেণ্টিনৰ সুবিধা কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হৈছে৷
- নাগালেণ্ডঃ নাগালেণ্ডত আৰএছইটিআই ভৱন আৰু পৰ্যটক লগ হাটসমূহ ক’ভিড কেয়াৰ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰাৰ লগতে ছেণ্ট জেভিয়াৰ কলেজ প্ৰেক্ষাগৃহ আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলক আইচ’লেচন কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰা হৈছে৷
- কেৰালাঃ মুঠ ৫৩৭২ জন লোকে চিকিৎসাধীন অৱস্থাত আছে৷ ১.৮৩ লাখ লোকে বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
- তামিলনাডুঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫৬,৩৬৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৭১৪ জন৷ মৃত্যু হৈছে ২২৩৬ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,০৩৮ জন৷
- কৰ্ণাটকঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৫১,৪২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০,৬৫৫ জন৷ ১০৩২ জনৰ মৃত্যু হৈছে৷
- অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪০,৬৪৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯,৮১৪ জন৷ ৫৩৪ জনৰ মৃত্যু হৈছে৷
- তেলেংগানাঃ এই পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৪১,০১৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৩২৮ জন৷ ৩৯৬ জনৰ মৃত্যু হৈছে৷ ২৭,২৯৫ জনে আৰোগ্য লাভ কৰিছে৷
(Release ID: 1639496)
Visitor Counter : 193
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam