PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 JUL 2020 6:27PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ বিগত ২৪ ঘণ্টাত ২০,০০০ত কৈও অধিক লোকে আৰোগ্য লাভ কৰিছে, আৰোগ্যৰ হাৰ হৈছে ৬৩.২৪%; আৰোগ্যৰ হাৰৰ সংখ্যা ৬ লাখৰ ওচৰ চাপিছে; সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হ’ল ৩,১৯,৮৪০ জন

বিগত ২৪ ঘণ্টাত ২০,৫৭২ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য পোৱা লোকৰ সংখ্যা হ’ল ৫,৯২,০৩১ জন৷ আৰোগ্যৰ হাৰে ৬৩.২৪%ৰ সীমা স্পৰ্শ কৰিছে৷ এই পৰ্যন্ত ৩,১৯,৮৪০ লোক সক্ৰিয়ভাৱে ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে৷ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ব্যৱধান হৈছে ২,৭২,১৯১ জন৷

অধিক বিৱৰণৰ বাবে

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিদিনে প্ৰতি মিলিয়ন জনসংখ্যাত ১৪০টাকৈ পৰীক্ষণৰ বাবে পৰামৰ্শ দিয়াৰ বিপৰীতে ভাৰতৰ ২২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে প্ৰতি দিনে প্ৰতি মিলিয়নত ১৪০টাতকৈও অধিক পৰীক্ষণ অনুষ্ঠিত কৰিছে; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যাই ৮৯৯৪প সীমা অতিক্ৰম কৰিছে

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতিদিনে প্ৰতি মিলিয়ন জনসংখ্যাত ১৪০টাকৈ পৰীক্ষণৰ বাবে পৰামৰ্শ দিয়াৰ বিপৰীতে ভাৰতৰ ২২খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে প্ৰতি দিনে প্ৰতি মিলিয়নত ১৪০টাতকৈও অধিক পৰীক্ষণ অনুষ্ঠিত কৰিছে৷

States testing more than 140 per day per million.jpg

৮৬৫টা চৰকাৰী গৱেষণাগাৰ আৰু ৩৫৮টা ব্যক্তিগত গৱেষণাগাৰৰ সৈতে আজিৰ তাৰিখ পৰ্যন্ত দেশত মুঠ গৱেষণাগাৰৰ সংখ্যা হৈছে ১২২৩টা৷  বিগত ২৪ ঘণ্টাত ৩,২০,১৬১ টা নমুনা পৰীক্ষণ কৰা হৈছে৷  এই পৰ্যন্ত ১,২৪,১২,৬৬৪ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে মুকলি কৰিলে আইআইটি দিল্লীয়ে প্ৰস্তুত কৰি উলিওৱা বিশ্বৰ সবাতোকৈ ব্যয়সাধ্য ক’ভিড-১৯ চিকিৎসা কিট

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি আইআইটি দিল্লীৰ দ্বাৰা প্ৰস্তুত তথা আইচিএমআৰ আৰু ডিচিজিআইৰ দ্বাৰা প্ৰত্যয়িত বিশ্বৰ সবাতোকৈ ব্যয়সাধ্য ক’ভিড-১৯ চিকিৎসা কিট মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে যুৱ সমাজক দক্ষ, পুনৰ দক্ষ আৰু অধিক দক্ষ হ’বলৈ আহ্বান জনায়

বিশ্ব যুৱ দক্ষতা দিৱস আৰু ‘দক্ষ ভাৰত’ অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আজি অনুষ্ঠিত ডিজিটেল স্কিল কনক্লেভলৈ বাৰ্তা প্ৰেৰণ কৰি, প্ৰধানমন্ত্ৰীয়ে ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত বাণিজ্যিক বাতাবৰণ আৰু বজাৰ পৰিস্থিতিৰ সৈতে খাপ খাবলৈ যুৱশক্তিক দক্ষ, পুনৰাই দক্ষ আৰু অধিক দক্ষ হোৱাৰ পৰামৰ্শ প্ৰদান কৰে। এই উপলক্ষত তেওঁ দেশৰ যুৱ সমাজক অভিনন্দন জ্ঞাপন কৰে আৰু সকলো সময়তে নতুন দক্ষতা লাভ কৰিবলৈ সামৰ্থ্য অৰ্জন কৰাৰ বাবে এই বিশ্বখন যুৱশক্তিৰ বাবে বুলি কয়।

অধিক বিৱৰণৰ বাবে

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

১৫তম ভাৰত-ইউৰোপ (ভাৰ্চুৱেল) সন্মিলনঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা মুকলি ভাষণ

অধিক বিৱৰণৰ বাবে

এলক’হলযুক্ত হেণ্ড ছেনিটাইজাৰৰ ক্ষেত্ৰত জাৰি কৰা জিএছটি সন্দৰ্ভত স্পষ্টীকৰণ

এলক’হলযুক্ত হেণ্ড ছেনিটাইজাৰত প্ৰযোজ্য কৰা জিএছটি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমে প্ৰতিবেদন দাখিল কৰিছে৷ হেণ্ড ছেনিটাইজাৰসমূহত ১৮% জিএছটি লাগু কৰা হৈছে৷ ছেনিটাইজাৰসমূহ চাবোনজাতীয় সামগ্ৰী হোৱা হেতুকে ই ১৮%ৰ জিএছটিৰ ভিতৰত পৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ সমাধানৰ সৈতে ষ্টাৰ্ট-আপসমূহৰ সমৰ্থনৰ বাবে মন্ত্ৰী মণ্ডলৰ সৈতে দল বান্ধিলে অটল উদ্ভাৱন অভিযানে

ক’ভিড-১৯ মহামাৰীয়ে বিশ্বৰ অৰ্থনীতিলৈ সংকট নমাই অনাৰ মুহূৰ্ততে নিটি আয়োগৰ ধ্বজ্বাবাহী আঁচনি অটল উদ্ভাৱন অভিযানে মন্ত্ৰীমণ্ডলৰ সহযোগিতাত দেশৰ ক’ভিড-১৯ৰ সমাধান প্ৰদান কৰা ষ্টাৰ্ট-আপসমূহৰ সমৰ্থনৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে পুনৰ উল্লেখ কৰিলে শ্ৰী পীয়ুষ গোৱেলে

১৪ জুলাই ২০২০ তাৰিখে টেলিফোনিক বাৰ্তালাপযোগে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ চিইঅ’ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকখনত যুটীয়াভাৱে সভাপতিত্ব কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আৰু আমেৰিকাৰ তৰফৰ পৰা সভাপতিত্ব কৰে আমেৰিকান বাণিজ্য সচিব উইলবাৰ ৰ’ছে৷

অধিক বিৱৰণৰ বাবে

ঘোষণা হ’ল চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল; ত্ৰিবান্দ্ৰম অঞ্চলে লাভ কৰিলে সৰ্বাধিক নম্বৰ

আজি চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ ত্ৰিবান্দ্ৰম অঞ্চলৰ পৰা ৯৯.২৮%ৰ সৈতে সৰ্বাধিক নম্বৰ প্ৰাপ্ত হোৱাৰ বিপৰীতে ৯৮.৯৫%ৰ সৈতে দ্বিতীয় স্থানত থাকে চেন্নাই৷ আৰু ৯৮.২৩%ৰ সৈতে বেংগালুৰু থাকে তৃতীয় স্থানত৷

অধিক বিৱৰণৰ বাবে

গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে ছয়খন ৰাজ্যৰ প্ৰতিনিধিসকলৰ সৈতে গৰিব কল্যাণ ৰোজগাৰ অভিযান যোজনাৰ খতিয়ান গ্ৰহণ কৰে

গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছয়খন ৰাজ্যৰ প্ৰতিনিধিসকলৰ সৈতে গৰিব কল্যাণ ৰোজগাৰ যোজনাৰ অগ্ৰগতি সন্দৰ্ভত খতিয়ান লয়৷ ২০ জুন ২০২০ত মুকলি কৰা এই অভিযান বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা আৰু ৰাজস্থানৰ ১১৬খন জিলাত প্ৰণয়ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী কিৰেণ ৰিজিজুৱে এনৱাইকেএছ, এনএছছ স্বেচ্ছাসেৱীসকলৰ জৰিয়তে ৰাজ্যসমূহত আত্মনিৰ্ভৰ ভাৰতৰ বিষয়ে সজাগতা সৃষ্টিৰ আহ্বান জনায়

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী কিৰেণ ৰিজিজুৱে ১৮খন ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মন্ত্ৰী তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কালি ভিডিঅ’ কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয়৷  বৈঠকত তেওঁ নেহৰু যুৱ কেন্দ্ৰ সংগঠন আৰু নেচনেল ছাৰ্ভিচ স্কীমৰ স্বেচ্ছাসেৱীসকলৰ জৰিয়তে ৰাজ্যসমূহত আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত সজাগতা প্ৰদানৰ বাবে আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে শ্ৰম সচিবক এইবুলি নিৰ্দেশ দিছে যে কোনো ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা শ্ৰমিকক যাতে পুনৰ তেওঁৰ কৰ্মক্ষেত্ৰত যোগদানৰ পৰা উভতাই পঠিওৱা নহয়৷
  • পাঞ্জাৱঃ ৭২ ঘণ্টাতকৈও কম সময়ৰ বাবে যিসকলে পাঞ্জাৱলৈ উভতি আহিছে তেওঁলোকক বাধ্যতামূলক হোম কোৱাৰেণ্টিনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰ পৰিৱৰ্তে সীমাৰ চেক পোষ্টত এক আনুষ্ঠানিক পৰীক্ষণ কৰা হৈছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ প্ৰত্যাহ্বানক সুযোগ হিচাপে গণ্য কৰিছে আৰু বিভিন্ন ঔদ্যোগিক তথা অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰে হোৱা এক বৈঠকত ক’ভিড-১৯ৰ বিৰুদ্ধে ৰাজ্যখনত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬৭,৬৫৫ জন৷ ইয়াৰে ১.৪৯ লাখ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,০৭,৯৬৩ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৩,৭২৩ জন৷ ২০৭১ জনৰ মৃত্যু হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৮০৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬০৮০ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৯,০০৫ জন৷ আৰোগ্য হোৱাৰ লোকৰ সংখ্যা হ’ল ১৩,৫৭৫ জন৷ ৬৭৩ জনৰ মৃত্যু হৈছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৩৭৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৮৪৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭৫৩ জন৷ ১৬০৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১২৮ জন৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলা প্ৰশাসনে আজি নিশা ১০ বজাৰ পৰা ২৩ তাৰিখৰ পুৱা ৫ বজালৈ লকডাউন বলৱৎ কৰিছে৷
  • অসমঃ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি টিয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক সাক্ষাৎ কৰে৷ অসম চৰকাৰে বিভিন্ন জিলাত স্থাপন কৰা ১৯৮টা সাহায্য শিবিৰত বৰ্তমানে প্ৰায় ৪৪,০০০ লোকে আশ্ৰয় গ্ৰহণ কৰি আছে৷
  • মণিপুৰঃ কাকচিঙৰ পাল্লেল বজাৰৰ ইউনাইটেড পিপল’ছ প্ৰশাসনীয় আয়োগৰ সহযোগিতাত কোৱালিচন এগেইনষ্ট ড্ৰাগ এণ্ড এলক’হল কাকচিং জিলা পৰিষদে ক’ভিড-১৯ সন্দৰ্ভত সজাগতা প্ৰচাৰ কৰিছে৷
  • মিজোৰামঃ মিজোৰাম শিক্ষা পৰিষদে কালি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে৷ ৭৮.৫২% শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে৷
  • কেৰালাঃ বৰ্তমানে ৪৪৫৪ জন ৰোগী চিকিৎসাধীন হৈ আছে আৰু বিভিন্ন জিলাত ১,৮১,৮৪৭ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৪৭,৩২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭,৯১২ জন৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা ১৫,৮১৪ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪,০৭৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫,৮৩৯ জন৷ মৃত্যু হৈছে ৮৪২ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩,০১৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,১৪৪ জন৷ মৃত্যু হৈছে ৪০৮ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৭,৭৪৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৫৩১ জন৷ ৩৭৫ জনৰ মৃত্যু হৈছে৷ ২৪,৮৪০ জনক মুকলি কৰি দিয়া হৈছে৷

 



(Release ID: 1638913) Visitor Counter : 209