প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে ভাষণ আগবঢ়াব

प्रविष्टि तिथि: 14 JUL 2020 9:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে ভিডিঅৰ মাধ্যমেৰে ভাষণ আগবঢ়াব। স্কিল ইণ্ডিয়া অভিযান মুকলিৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে এই দিৱসৰ আয়োজন কৰা হয়। দিৱস উপলক্ষে দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰদ্বাৰা এক ডিজিটেল অভিৱৰ্তনৰ আয়োজন কৰা হৈছে।

পটভূমিঃ

স্কিল ইণ্ডিয়া হল ভাৰত চৰকাৰে দেশৰ যুৱ প্ৰজন্মক শক্তিশালী কৰিবলৈ মুকলি কৰা এক পদক্ষেপস্কিল ইণ্ডিয়াৰ অধীনত কেইবাটাও খণ্ডত পাঠ্যক্ৰম আগবঢ়োৱা হয়, যিবোৰ ৰাষ্ট্ৰীয় স্কিল কোৱালিফিকেচন ফ্ৰেমৱৰ্কৰ অধীনত প্ৰস্তুত কৰা হৈছে। এই পাঠ্যক্ৰমে এগৰাকী ব্যক্তিক কৰ্মক্ষেত্ৰৰ বাবে বাস্তৱিকভাৱে সাজু কৰি তোলে। কোম্পানীয়ে তেওঁৰ প্ৰশিক্ষণৰ বাবে বিনিয়োগ কৰাৰ প্ৰয়োজন নাথাকে।

******

VRRK/SH/MS


(रिलीज़ आईडी: 1638690) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam