PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 14 JUL 2020 7:14PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্য

বিগত ২৪ ঘণ্টাত ২,৮৬,২৪৭ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ১,২০,৯২,৫০৩ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ ৬৩.০২% আৰোগ্য হাৰৰ সৈতে দেশত ক’ভিড-১৯ৰ পৰা আৰোগ্য পোৱা লোকৰ সংখ্যা হ’ল ৫,৭১,৪৫৯ জন৷ দেশত মুঠ ২,৫৯,৮৯৪ জন লোকে চিকিৎসাধীন অৱস্থান আছে৷

সংকটক ৰূপান্তৰ কৰক সুযোগলৈ- অষ্ট্ৰেলিয়াৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে ডাঃ হৰ্ষ ৱৰ্ধনৰ দ্বিপাক্ষিক স্বাস্থ্য সহযোগিতাৰ বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি অষ্ট্ৰেলিয়াৰ স্বাস্থ্য মন্ত্ৰী গ্ৰেগৰী এণ্ড্ৰিউৰ সৈতে দ্বিপাক্ষিক স্বাস্থ্য সহযোগিতা সন্দৰ্ভত ডিজিটেল মাধ্যমৰ জৰিয়তে বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতা পৰস্পৰৰ দেশত ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

সুৰক্ষিত ভ্ৰমণৰ নিশ্চিতিৰ বাবে ভাৰতীয় ৰে’লৱেয়ে প্ৰস্তুত কৰিলে পোষ্ট-ক’ভিড দবা

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় ৰে’লেৱেয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱেয়ে কাপুৰথালাত ৰে’লৰ দবা নিৰ্মাণ কাৰখানাত পোষ্ট ক’ভিড-১৯ দবা প্ৰস্তুত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে ভাৰ্চুৱেলি মুকলি কৰিলে ডিজিটেল শিক্ষাৰ প্ৰজ্ঞাত নিৰ্দেশনাৱলী

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি নতুন দিল্লীত ডিজিটেল শিক্ষাৰ প্ৰজ্ঞাত নিৰ্দেশনাৱলী মুকলি কৰে৷  ইয়াত পৰ্যায়ক্ৰমে উদাহৰণৰ সৈতে ডিজিটেল শিক্ষাৰ প্ৰণয়নৰ বিষয়ে উল্লেখ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য কৰ্মীসকলৰ বাবে পিএমজিকেপিৰ অধীনত ঘোষণা কৰা বীমা আঁচনিৰ প্ৰণয়নৰ খতিয়ান ল’লে বিত্ত মন্ত্ৰীয়ে

বিত্ত মন্ত্ৰী শ্ৰী মতী নিৰ্মলা সীতাৰমণে কালি প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজৰ অধীনত স্বাস্থ্য কৰ্মীসকলৰ বাবে ঘোষণা কৰা বীমা আঁচনিৰ প্ৰণয়নৰ খতিয়ান লয়৷ বৈঠকৰ সময়ছোৱাত বিত্ত মন্ত্ৰীয়ে আঁচনিখনৰ তৎকালীন নিষ্পত্তিৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে খতিয়ান গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ

বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কালি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰণয়নৰ বিষয়ে খতিয়ান লয়৷ এই আঁচনিখনৰ সন্দৰ্ভত সজাগতা প্ৰদানৰ পোষকতা কৰে শ্ৰীমতী সীতাৰমণে৷

অধিক বিৱৰণৰ বাবে

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে; চিবিএছইয়ে ‘অনুত্তীৰ্ণ’ শব্দটোৰ পৰিৱৰ্তে ‘অত্যাৱশ্যকীয় পুনৰাবৃত্তি’ শব্দ ব্যৱহাৰ কৰিছে

কালি চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ মুঠ ১১,৯২,৯৬১ জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়, ইয়াৰে ১০,৫৯,০৮০ জন শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হয়৷ উত্তীৰ্ণৰ হাৰ আছিল ৮৮.৭৮%৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে ৰাজহুৱা স্থানত গোট খোৱা, ৫ জনতকৈ অধিক লোক গোট নোখোৱা আৰু বিবাহ অনুষ্ঠানত ৩০ জনতকৈ অধিক লোক গোট নোখোৱা সন্দৰ্ভত জাননী জাৰি কৰে৷
  • অৰুণাচল প্ৰদেশঃ ইটানগৰৰ ৰাজভৱনত ক’ভিড-১৯ৰ পৰীক্ষণ অনুষ্ঠিত কৰা হয়৷
  • অসমঃ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ বানপানী আৰু খহনীয়াত আক্ৰান্ত জোনাইৰ সুৰক্ষিত এলেকাত জলসম্পদ বিভাগৰ চলিত প্ৰকল্পৰ খতিয়ান লয়৷
  • মণিপুৰঃ লকডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে মণিপুৰ আৰক্ষী বিভাগে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
  • মিজোৰামঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪ জন আৰু ১৫৯ জনে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ ক’ভিড-১৯ৰ সংক্ৰমণৰ শৃংখলা ধ্বংস কৰিবলৈ ক’হিমা জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে৷
  • ছিক্কিমঃ ৰংগিল মহকুমাত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ভিড-১৯ৰ পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙে আজি এক জৰুৰীকালীন বৈঠকৰ আয়োজন কৰে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬০,৯২৪ জন৷  সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,০৫,৬৩৭ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪২,৮০৮ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৯৪৫ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,০৩৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৭৫৯ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮,২০৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৩৩৬ জন৷ ১৩,২০৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪২৬৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০৪৪ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫৮৩ জন৷ বৰ্তমানে ১০২৬ জন সক্ৰিয় ৰোগী আছে৷
  • কেৰালাঃ এই পৰ্যন্ত ৪,০২৮ জন সক্ৰিয় ৰোগী আছে৷ কালি ৭১৩ জন ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৪২,৭৯৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৮,১৯৬ জন৷ ২০৩২ জন লোকৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ লোকৰ সংখ্যা হ’ল ৪১,৫১৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪,৫৭২ জন৷ ৭৫৭ জন লোকৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩,০১৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,১৪৪ জন৷ ১৭,৪৬৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৪০৮ জন লোকৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা আছিল ৩৬,২২১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,১৭৮ জন৷ ৩৬৫ জনৰ মৃত্যু হৈছে৷ ২৩,৬৭৯ জনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷



(Release ID: 1638647) Visitor Counter : 153