প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীৰ বেচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰে বৈঠকত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 09 JUL 2020 1:25PM by PIB Guwahati

হৰ হৰ মহাদেৱ৷


কাশীৰ পূণ্য ভূমিত আপোনালোকৰ দৰে পূণ্যাত্মা ব্যক্তিসকলক প্ৰণাম জনাইছো৷ এতিয়া শাওন মাহ চলি আছে। এই সময়ছোৱাত প্ৰত্যেকেই বাবাৰ চৰণলৈ অহাৰ ইচ্ছা কৰে৷ কিন্তু যেতিয়া বাবাৰ নগৰীত আপোনালোকৰ মুখামুখি হোৱাৰ সুযোগ পাইছো, তেতিয়াই মোৰ এনে লাগে যেন আজি মোৰ বাবাকে দর্শন কৰাৰ সৌভাগ্য হৈছে৷ সৰ্বপ্ৰথমে আপোনালোক সকলোকে ভগৱান ভোলানাথৰ এই প্রিয় মাহৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷

ভগৱান ভোলানাথৰ আশীর্বাদতে ক’ৰোনাৰ এই সংকটকালতো মোৰ কাশীবাসী আশা-আকাংক্ষা আৰু সাহেৰে পৰিপূর্ণ হৈ আছে৷ এইটো সঁচা যে আজি কালি দর্শনার্থীসকলে বাবা বিশ্বনাথ ধামলৈ আহিব পৰা নাই, শাওন মাহতো আহিব পৰা নাই৷ মই আপোনালোকৰ মনৰ কষ্ট বুজিব পাৰিছো৷ এইটো ঠিক যে মানস মন্দিৰ, দুর্গাকুণ্ড, সংকটমোচনৰ শাওন মেলা; সকলো বাতিল কৰা হৈছে। একোৱেই আয়োজন কৰিব পৰা নগ’ল৷ তথাপিটো এই অভূতপূর্ব সংকটৰ সময়ত মই আৰু মোৰ কাশী, আমাৰ কাশীবাসীয়ে ইয়াৰ মোকাবিলা কৰিছে৷ আজিৰ এই কাৰ্যসূচীও এই শৃঙ্খলাৰ অন্তর্গত। যিমান ডাঙৰ বিপদ নহওকক কিয়, কোনেও কাশীৰ জনগণৰ প্রাণশক্তিৰ অভাৱ ঘটাব নোৱাৰে৷ যি চহৰে বিশ্বক গতি প্ৰদান কৰে তাৰ সন্মুখত ক’ৰোনা যে একোৱেই নহয়, সেয়া আপোনালোকে দেখুৱাই দিছে৷

মোক কোৱা হৈছে যে ক’ৰোনাৰ সময়ত... কাশীৰ যি বিশেষত্ব, এই ক’ৰোনাৰ ফলত কাশীতে সেই চাহৰ আড্ডাও জনশূণ্য হৈছে, কিন্তু এতিয়া কাশীত ডিজিটেল আড্ডা আৰম্ভ হৈ গৈছে। বিভিন্ন ক্ষেত্রৰ পাৰদর্শী লোকসকলে এই আড্ডা পৰম্পৰাক এনেদৰেই জীৱন্ত কৰি ৰাখিছে৷ যি সংগীত পৰম্পৰাক বিছমিল্লা খাঁ জী, গিৰিজা দেৱী জী, হীৰালাল যাদৱ জীৰ দৰে মহান সাধকসকলে সমৃদ্ধ কৰিছে; সেই পৰম্পৰাকে আজি কাশীৰ সন্মানীয় শিল্পীসকল, নতুন প্ৰজন্মৰ শিল্পীসলে আগুৱাই নিছে৷ এই ধৰণৰ বহু কাম বিগত - মাহত কাশীত নিৰন্তৰ চলি আছে।

এই সময়ত মোৰ সৈতে যোগীজীৰ নিয়মীয়া সম্পর্ক আছে৷ উত্তৰপ্ৰদেশ চৰকাৰৰ বিভিন্ন লোকৰ সৈতে সম্পর্ক আছে৷ কাশীৰ যিবোৰ খবৰ মোৰ ওচৰলৈ আহে, তেওঁলোকে কি কৰা উচি, কি কৰা অনূচি, এইবোৰ বিষয়ক লৈ কথাবার্তা চলি আছে৷ আপোনালোকৰ ভিতৰত বহুতে বাৰাণসীৰ পৰা মোৰ সৈতে নিয়মীয়াকৈ ফোনত কথা পাতে৷ সুখ-দুঃখৰ কথা কয়। আপোনালোকৰ সম্পর্কে জানিব পাৰো, আপোনালোকৰ প্ৰতিক্রিয়া জানিব পাৰো৷ আজিৰ এই কর্মসূচীক লৈও মই ভালদৰে জানো, আপোনালোকে ক’ত ক’ত বহিছে, যিসকলৰ সৈতে মোৰ ফোনত কথা হয় তেওঁলোকে আজিৰ কর্মসূচীত কোন ক’ত বহি আছে সেয়া মই চাব পাৰিছো৷

সংক্ৰমণ প্ৰতিৰোধৰ বাবে কোনে কি ধৰণৰ পদক্ষেপ লৈছে, চিকিসালয়সমূহৰ পৰিস্থিতি কেনেকুৱা, নতুন কি পদক্ষেপ লোৱা হৈছে, কোৱাৰেণ্টিন ক’ত হৈছে, বাহিৰৰ পৰা অহা শ্ৰমিকসকলৰ থকাৰ ব্যৱস্থা ক’ত কৰা হৈছে-এই সকলো খা-খবৰ মই নিয়মিত লৈ আছো৷

বন্ধুসকল,

আমাৰ কাশীত বাবা বিশ্বনাথ, মা অন্নপূর্ণা উভয়েই সদা বিৰাজমান। পুৰণি জনবিশ্বাস মতে এটা সময়ত মহাদেৱে নিজে মা অন্নপূর্ণাৰ কাষত ভিক্ষা কৰিছিল৷ তেতিয়াৰে পৰা কাশীৰ ওপৰত বিশেষ আশীর্বাদ আছে যে ইয়াত কোনেও খালী পেটে নোশোৱে৷ মা অন্নপূর্ণা আৰু বাবা বিশ্বনাথে সকলোৰে খোৱাৰ ব্যৱস্থা কৰি দিব৷

আপোনালোক সকলো সংগঠনৰ বাবে, আমাৰ সকলোৰে বাবেও এয়া অত্যন্ত সৌভাগ্যৰ বিষয় যে এবাৰ দুখীয়া লোকসকলৰ সেৱাৰ বাবে মাধ্যম হিচাপে ভগৱানে আমাৰ সকলোকে পঠিয়াইছে, বিশেষকৈ আপোনালোক সকলোকে পঠিয়াইছে৷ এফালৰ পৰা আপোনালোক সকলোৱে মা অন্নপূর্ণা আৰু বাবা বিশ্বনাথৰ দূত হৈ প্ৰতিগৰাকী অসহায় লোকৰ কাষত উপস্থিত হৈছে৷

ইমান কম সময়ত ফুড হেল্পলাইনৰ পৰা আৰম্ভ কৰি সামূহিক ৰন্ধনশালৰ ব্যাপক নেটৱর্ক গঢ়ি তোলা, হেল্পলাইনৰ বিকাশসাধন, ডেটা ছায়েন্সেছৰ আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ সহায় লৈ বাৰাণসী স্মার্ট চিটীৰ কন্ট্রোল এণ্ড কমাণ্ড চেণ্টাৰৰ সেৱাক এই কামত যথাসম্ভৱ ব্যৱহাৰ কৰা৷ অর্থা, প্ৰতিটো স্তৰত সকলোৱেই দুখীয়া লোকসকলৰ সহায়ৰ বাবে সম্পূর্ণ ক্ষমতা ব্যৱহাৰ কৰি কাম কৰিছে৷ আৰু মই এইটোও ক’ব পাৰো, আমাৰ দেশত সেৱাভাৱ নতুন একো নহয়৷ এয়া আমাৰ শিষ্টাচাৰৰ মাজতে আছে৷ কিন্তু এইবাৰ যি সেৱাৰ কাম হৈছে, সেয়া সামান্য সেৱাৰ কাম নাছিল৷ ইয়াত কেৱল দুখীয়াসকলৰ চকুৰ পানী মছা বা কোনো দুখীয়াক খাদ্য প্ৰদানৰ দৰে কাম নাছিল৷ এইবাৰৰ কাম আছিল ক’ৰোনাৰ দৰে ৰোগক সন্মুখৰ পৰা প্ৰতিৰোধ কৰাৰ ক্ষতিশংকা৷ যিসকলে অগ্ৰণী ভূমিকা লৈছে, তেওঁলোকে যিকোনো সময়েতে ক’ৰোনাত আক্রান্ত হ’লহেতেন। সেইবাবে যিসকলে সেৱা কৰিছে, তেওঁলোকে সেৱাৰ লগতে ত্যাগ আৰু আত্মবলিদানৰ বাবে প্ৰস্তুতি আছিল। সেইবাবে ভাৰতৰ প্ৰতিটো কোণত যিসকলে ক’ৰোনা সংকটকালত কাম কৰিছে, তেওঁলোকৰ কাৰোৰ কাম সামান্য নাছিল৷ তেওঁলোকে কেৱল নিজৰ দায়িত্ব পালন কৰা নাই; এটা ভয় আছিল, সংকটৰ সন্মুখত থিয় হৈ ইয়াৰ মোকাবিলা কৰা আৰু স্বইচ্ছাই কৰা৷ এয়াই আছিল এইবাৰৰ সেৱাৰ নতুন ৰূপ।

মোক কোৱা হৈছে যেতিয়া জিলা প্ৰশাসনৰ ওচৰত খাদ্য বিতৰণৰ বাবে যানবাহন কম হৈছে, তেতিয়া ডাক বিভাগে তেওঁলোকৰ ডাক কঢ়িওৱা বাহনসমূহ এই কামত ব্যৱহাৰ কৰিবলৈ দিছে। এবাৰ ভাৱকছোন। আগতে চৰকাৰৰ এটা বিভাগে আন এটা বিভাগৰ সাহায্য চাইলত প্ৰথমে প্ৰত্যেক কামতেই না কৰি দিব পাৰিলেহেতেন৷ এয়াতো তোমাৰ বিভাগৰ কাম, তোমাক এইটো দিলে মই কেনেকৈ কাম কৰিম? তুমি কোন যে তোমাক দিবই লাগিব? এনেকুৱা ঠেলাঠেলি চলে৷ কিন্তু এইবাৰ আমি দেখিছো যে স্বইচ্ছাই সকলো আগুৱাই গৈ পৰস্পৰক সহায় কৰিছে৷ এই ঐক্যবদ্ধতা, এই একতা, এই সামগ্রিকতাৰ ভাৱনাই আমাৰ কাশীক আৰু মহান কৰি তুলিছে। এনে মানৱীক ব্যৱস্থাৰ বাবে ইয়াৰ স্থানীয় প্ৰশাসনৰ পৰা আৰম্ভ,

কৰি গায়ত্রী পৰিয়ালৰ সৃষ্টিশীল ট্রাষ্ট, ৰাষ্ট্রীয় ৰুটি বেংক, ভাৰত সেৱাশ্ৰম সংঘ, আমাৰ সিন্ধ্রি সমাজৰ ভাই-ভনীসকল, ভগৱান অৱধুত ৰাম কুষ্ঠ সেৱাশ্ৰম, সর্বেশ্বৰী সংঘ, বেংকৰ কর্মচাৰীসকল, কোট-পেণ্ট-টাই এৰি গলিয়ে গলিয়ে দুখীয়া লোকসকলৰ দৰ্জাত গৈ থিয় দিছে৷ সমগ্ৰ ব্যৱসায় সমিতি তথা আমাৰ আনোৱাৰ আহমেদজীয়ে কিমান সুন্দৰকৈ কৈছে, এনে কিমান সংখ্যক মানুহ, মইটো কেৱল ৫-৭ জনৰ কথা উল্লেখ কৰিছো৷ কিন্তু এনে হাজাৰ হাজাৰ মানুহে কাশীৰ গৌৰৱ বৃদ্ধি কৰিছে৷ শ শ প্ৰতিষ্ঠানে নিজৰ সম্পূর্ণ সময় ইয়াত ব্যয় কৰিছে৷ সকলোৰে সৈতে মই কথা ক’ব পৰা নাই৷ কিন্তু মই আজি প্ৰত্যেকৰ কামক প্ৰণাম জনাইছো৷ এই কামৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক মই প্ৰণাম জনাইছো৷ আজি আপোনালোকৰ সৈতে কথা পাতি বহু নতুন নতুন তথ্য জানিব পাৰছো আৰু আপোনালোকৰ পৰা প্রেৰণাও লৈছো৷ আপোনালোকৰ যিসকলে এই সংকটত কাম কৰিছে, তেওঁলোকৰ পৰা আশীর্বাদ লৈ মইও বহুত কাম কৰিব বিচাৰো৷ মোৰ প্রার্থনা যে বাবা বিশ্বনাথ আৰু মা অন্নপূর্ণাই আপোনালোকক আৰু অধিক সামর্থ্য দিয়ক, আৰু শক্তি প্ৰদান কৰক৷

বন্ধুসকল,
ক’ৰোনাৰ এই সংকটকালত বিশ্বৰ যাৱতীয় চিন্তা-ভাৱনা, কাম-কাজ, খাদ্য প্ৰদান কৰা ইত্যাদি সকলো নিয়ম, পদ্ধতি সলনি হৈছে৷ যিদৰে আপোনালোক সেৱা আৰু এই সেৱাৰ জৰিয়তে সমাজ জীৱন অতি প্ৰভাৱিত হৈছে, মই বিয়লি শুনিছো এগৰাকী স্বর্ণকাৰে সৰু সোণৰ সামগ্ৰী প্ৰস্তুত কৰি ঘৰে ঘৰে বিক্রী কৰিছিল, নিজৰ ঘৰতে কাম কৰিছিল, সামান্য কেইটামান পৰিয়ালৰ কাম কৰি তেওঁৰ সংসাৰ চলিছিল৷ কিন্তু সেই মহাশয়ৰ এটা অভ্যাস আছিল, তেওঁ বজাৰৰ পৰা দাঁতোন কিনিছিল৷ আগতে এতিয়াৰ দৰে ব্রাছ ব্যৱহাৰ কৰা নহৈছিল, সকলোৱে দাঁতোন ব্যৱহাৰ কৰিছিল৷ সেইই স্বর্ণকাৰ ভদ্ৰলোকে বিয়লি বজাৰৰ পৰা বহুত দাঁতন কিনি হাস্পতালত গৈ ৰোগীৰ লগতে তেওঁলোকৰ সৈতে থকা আত্মীয়ক বিনামূলীয়াকৈ দাঁতোন দি আহিল৷ তাৰপাছত গোটেই  দিন স্বর্ণকাৰৰ কাম কৰিছিল৷ আপোনালোকে শুনিলে অবাক হ’ব যে এই হাস্পতালত নিয়মীয়াকৈ বিনামূলীয়া দাঁতোন যোগানৰ ফলত গোটেই এলেকাত তেওঁৰ এনে এক ভাৱমূর্তি গঢ়ি উঠে, তেওঁৰ সেৱাৰ কথা সকলোতে ইমান বিয়পি পৰিল যে সকলো লাহে লাহে তেওঁৰ দোকানত সোণৰ সামগ্ৰী বনাবলৈ আহিব ধৰিলে৷ কাৰণ, তেওঁৰ সেৱাভাবৰ পৰা মানুহৰ মনত তেওঁৰ প্ৰতি অগাধ বিশ্বাস জন্মিছিল। তেওঁ কিন্তু এইবোৰ ভাৱি সেৱা কৰা নাছিল৷ কিন্তু সেই সেৱাই সমগ্ৰ এলেকাত তেওঁৰ বিশ্বস্ততাৰ ভিত্তি হৈ উঠে। তেওঁৰ প্ৰসাৰ বৃদ্ধি পায়৷ অর্থা আমাৰ সমাজে এনেধৰণৰ, সেৱাভাবৰ পৰা কোনো কাম যদি কোনো কৰে, তেতিয়াহ’লে তেওঁ আচলতে যি, মানুহ তেওঁত তাৰ পৰা বহুত বেছি বিশ্বাস দৃষ্টিৰে চায়৷ এই বিশ্বস্বতাৰ পৰা গঢ়ি উঠা জনগণৰ মনৰ এই ভাবে সেই সেৱা পৰায়ণ ব্যক্তিক আৰু অধিক কাম কৰাৰ বাবে প্রেৰণা যোগায়। আৰু এই প্ৰক্ৰিয়া চলি থাকে। এই মানৱীয় সম্পর্কই সমাজক প্রেৰণা যোগায়।

আপোনালোকে হয়তো শুনিছে ১০০ বছৰ পূৰ্বে এনে এক ভয়ানক মহামাৰী হৈছিল৷ পুনৰ ১০০ বছৰ পাছত হ’ল৷ তেতিয়া ভাৰতৰ জনসংখ্যা বহুত কম আছিল। কিন্তু সেই সময়তো মহামাৰীত বিশ্বৰ যিবোৰ দেশত আটাইতকৈ বেছি মানুহৰ মৃত্যু হৈছিল, সেই দেশসমূহৰ ভিতৰত ভাৰতো আছিল। কেইবা কোটি মানুহৰ মৃ্ত্যু হৈছিল। সেইবাবে এইবাৰ যেতিয়া বিশ্বব্যাপী মহামাৰী আহিছে, তেতিয়া সমগ্ৰ বিশ্ব ভাৰতৰ নাম ল’বলৈকে ভয় কৰিছিল৷ তেওঁলোকে ভাবিছিল, ভাই ১০০ বছৰ পূৰ্বে ভাৰতৰ বাবে ইমান সর্বনাশ হৈছিল, ভাৰতত ইমান মানুহ মৰিছিল আৰু এতিয়াতো ভাৰতেৰ জনসংখ্যা ইমান বেছি, ভাৰতীয়সকলৰ কাৰণে আমি বিপদত পৰিম৷ ডাঙৰ ডাঙৰ বিশেষজ্ঞই এইবোৰ কথা কৈছিল আৰু ভাৰতৰ সন্মুখত প্ৰশ্নচিহ্ন তুলি ধৰিছিল৷ কিন্তু প্ৰকৃতাৰ্থত কি হ’ল? আপোনালোকে দেখিছে ২৩-২৪ কোটি জনসংখ্যাৰ ৰাজ্য আমাৰ উত্তৰপ্ৰদেশ। এই ৰাজ্যৰ বাবে মানুহৰ মনত বহুত আশংকা, দুশ্চিন্তা আছিল। ৰাজ্যখনৰ মানুহবোৰ কিদৰে বাঁচিব? বহুতে কৈছিল যে উত্তৰপ্ৰদেশত বহুত দুখীয়া লোক আছে৷  ৰাজ্যখনৰ পৰা বহুত শ্ৰমিক ডাঙৰ ডাঙৰ চহৰত কাম কৰিবলৈ যায়৷ তেওঁলোকে দুগজ দূৰত্ব পালন কৰিব পাৰিবন নে নোৱাৰে? তেওঁলোকে ক’ৰোনাত নমৰিলেও নাখায় মৰিব৷ কিন্তু আপোনালোকৰ সহযোগিতাত, উত্তৰপ্ৰদেশবাসীৰ পৰিশ্ৰম আৰু পৰাক্ৰমে এই সকলো আশংকা নস্যা কৰি দিলে৷

বন্ধুসকল,

ব্রাজিলৰ দৰে ডাঙৰ দেশ যাৰ জনসংখ্যা প্রায় ২৪ কোটি, তাত ক’ৰোনা সংক্ৰমণত ৬৫,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছে৷ কিন্তু সমসংখ্যক জনসংখ্যাৰ আমাৰ উত্তৰপ্ৰদেশত প্রায় ৮০০ মানুহৰ মৃত্যু হৈছে৷ অর্থা, উত্তৰপ্ৰদেশত ক’ৰোনাৰ সংক্ৰমণত যি হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ সম্ভাৱনা দেখা দিছিল, তেওঁলোকক ৰক্ষা কৰাটো সম্ভৱ হৈছে৷ আজি পৰিস্থিতি এনেকুৱা হৈছে যে উত্তৰপ্ৰদেশে কেৱল সংক্ৰমণৰ গতিকে নিয়ন্ত্ৰণ কৰা নাই, ইয়াত যিমানজনৰ ক’ৰোনা হৈছে, প্রায় প্ৰত্যেকৰে দ্রুতগতিত সুস্থ হৈ উঠিছে৷ এই সাফল্যৰ অন্তৰালত আটাইতকৈ বেছি অৱদান আপোনালোক দৰে বহুত মহানুভৱসকলৰ সজাগতা, সেৱাভাৱ আৰু সক্রিয়তা। আপোনালোক দৰে সামাজিক, ধার্মিক আৰু পৰোপকাৰী সংস্থাৰ এই সেৱাভাৱ, আপোনালোকৰ এই সংকল্প, আপোনালোকৰ শিষ্টাচাৰ; যি এই কঠিন সময়ত, অধিক জটিল সময়ত সমাজৰ প্ৰত্যেক ব্যক্তিক ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি দিছে, বহুত ডাঙৰ সহায় কৰিছে৷

 

বন্ধুসকল,

আমি কাশীবাসী মানুহ৷ আমাৰ কবীৰ দাসজীয়ে কৈছিল

সেৱকে ফল নিবিচাৰে, দিনে-ৰাতিয়ে সেৱা কৰে৷

সেৱা যিসকলে কৰে, তেওঁলোকে কোনো ফলৰ বাবে নকৰে৷ দিনে-ৰাতিয়ে নিঃস্বার্থভাবেৰে সেৱা কৰে৷ আনৰ নিঃস্বার্থ সেৱাৰ এই শিষ্টাচাৰে বৰ্তমানৰ কঠিন সময়ত দেশবাসীৰ কামত লাগিছে। এই ভাৱনা লৈয়ে কেন্দ্রীয় চৰকাৰেও নিৰন্তৰ প্ৰচেষ্টা অব্যহাত ৰাখিছে যাতে ক’ৰোনাৰ সময়ত সাধাৰণ লোকৰ দুঃখ-যন্ত্ৰণাক সকলোৱে মিলি ভাগ কৰি ল’ব পাৰো৷ যথাসম্ভৱ সমাধানৰ চেষ্টা কৰিব পাৰো৷ দুখীয়াসকলে যাতে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী পায়, তেওঁৰ পকেটত যাতে সামান্য ধন থাকে, তেওঁ যেন কিছু উপাৰ্জন কৰিব পাৰে, নিজৰ কামৰ বাবে ঋণ ল’ব পাৰে ইত্যাদি দিশবোৰ লক্ষ্য ৰখা হৈছে৷

বন্ধুসকল,

আজি ভাৰতত ৮০ কোটিতকৈও অধিক লোকক বিনামূলীয়াকৈ খাদ্য-সামগ্ৰী প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা মোৰ বাৰাণসীৰৰ অসংখ্য দুখীয়া লোক তথা শ্ৰমিকসকল লাভৱান হৈছে৷ আপোনালোকে কল্পনা কৰিব পাৰে যে ভাৰতে আমেৰিকাৰ দুগুণ জনসংখ্যাৰ লোকক এক পইচাও নোলোৱাকৈ তেওঁলোকক ভৰণ-পোষণ কৰিছে৷ এতিয়াতো এই আঁচনি নৱেম্বৰৰ শেষলৈকে অর্থা, দীপাৱলী আৰু ছট পুজালৈকে বৃদ্ধি কৰা হৈছে৷ আমাৰ চেষ্টা আছিল যাতে সৱৰ সময় কোনো দুখীয়ালোকৰ খোৱা-বোৱাৰ সমস্যা নহয়। বিনামূল্যে খাদ্য-সামগ্ৰী বিতৰণৰ লগতে লকডাউনৰ সময়ত দুখীয়ালোকসকলক ৰন্ধন গেছৰ সমস্যা নোহোৱাকৈ উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক যোৱা তিনি মাহ ধৰি বিনামূলীয়া গেছ চিলিণ্ডাৰ দিয়া হৈছে৷
বন্ধুসকল,
দুখীয়ালোকসকলৰ জন ধন একাউণ্টত কেইবা হাজাৰ কোটি জমা কৰাৰ পৰা আৰম্ভ কৰি দুখীয়া শ্ৰমিকসকলৰ কর্মসংস্থাপনৰ চিন্তা, ক্ষুদ্ৰ ব্যৱসায়ী, ঠেলাৱালা, পদপথৰ দোকানীসকলক সহজ ঋণৰ ব্যৱস্থা কৰা, পশুপালন, মীনপালন আৰু অন্যান্য কামৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণএনে বহু প্ৰচেষ্টা চৰকাৰে হাতত লৈ আহিছে৷

কিছুদিন পূৰ্বে ২০,০০০ কোটি টকাৰস্য সম্পদা যোজনাত অনুমোদন জনোৱা হৈছে৷ ইয়াৰ ফলত এই অঞ্চলৰ মীনপালকসকল উপকৃত হ’ব৷ তদুপৰি, কিছুদিন পূৰ্বে উত্তৰপ্ৰদেশত ৰোজগাৰ আৰু স্বৰোজগাৰৰ এক বিশেষ অভিযান চলোৱা হৈছে৷ ইয়াৰ জৰিয়তে আমাৰ হস্তশিল্পী আৰু অন্যান্য কাৰিগৰসকলৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি অহা আমাৰ শ্ৰমিক বন্ধুসকলৰ দৰে লাখ লাখ শ্ৰমজীৱি লোকৰ বাবে ৰোজগাৰৰ ব্যৱস্থা কৰা হৈছে৷

বন্ধুসকল,

ক’ৰোনাৰ এই সমস্যা ইমান ডাঙৰ যে ইয়াৰ প্ৰতিৰোধত একেৰাহে কাম কৰি যাব লাগিব৷ আমি আত্মসন্তুষ্টিত ভুগিলে নহ’ব৷ আমাৰ শিপীনি ভাই-ভনীসকলৰ পৰা আৰম্ভ কৰি নৌকাৰ মাঝি, ব্যৱসায়ী, সকলোকে আমি আশ্বস্ত কৰিব বিচাৰো যে আমি প্ৰতিনিয়ত সকলোৰে সমস্যা সমাধানৰ বাবে চেষ্টা কৰি আহিছো৷ বাৰাণসী আগুৱাই যাবই লাগিব৷ মই কেইদিনমান পূৰ্বে বাৰাণসীৰ উন্নয়নমূলক কামক লৈ প্ৰশাসনৰ সৈতে, চহৰৰ প্ৰতিগৰাকী বিধায়কৰ সৈতে প্ৰযুক্তিৰ মাধ্যমে দীর্ঘসময় ধৰি আলোচনা কৰিছো৷ বহু বিস্তৃত কথাবার্তা হৈছো৷ প্ৰত্যেকটো বিষয় মই প্ৰযুক্তি আৰু ড্রোন পদ্ধতিৰ মাধ্যমেৰে তদাৰক কৰিছো৷ আমাৰ পথ, বিদ্যু, খোৱাপানীৰ দৰে যাৱতীয় প্ৰকল্পৰ লগতে বাবা বিশ্বনাথ ধামৰ প্ৰকল্পৰ অগ্ৰগতি লৈও মোক বিস্তাৰিত তথ্য দিয়া হৈছে৷ মই এই ক্ষেত্রত প্ৰয়োজনীয় পৰামর্শও আগবঢ়াইছো৷ কিছু সমস্যা আছিল, সেইবোৰ দূৰ কৰাৰ বাবে য’ত য’ত ক’ব লাগে, মই কৈ দিছো৷ এই সময়ত কেৱল কাশীত প্রায় হাজাৰ কোটি টাকাৰ বিভিন্ন প্ৰকল্পৰ কাম দ্রুতগতিতে চলি আছে। হাজাৰ কোটি টকাৰ কাম যেতিয়া চলি আছে, বুজিব পাৰিছে ইয়াৰ মাধ্যমে বহুতে কর্মসংস্থাপন হৈছে৷ যেতিয়া পৰিস্থিতি স্বাভাৱিক হ’ব, তেতিয়া কাশীত দ্রুতগতিত আকৌৰ আগৰ প্রাণচঞ্চলতা ঘূৰি আহিব৷

সেইবাবে আমি এতিয়াৰে পৰাই প্ৰস্তুতি ল’ব লাগিব৷ পর্যটনৰ সৈতে জড়িতসকলে প্ৰকল্প যেনে ক্রুজ টুৰিজম, লাইট এণ্ড ছাউণ্ড শ্ব’, দশাশ্বমেধ ঘাটৰ নবীকৰণ, গংগা আৰতিৰ বাবে অডিঅ’-ভিডিঅ’ স্ক্রিন লগোৱাৰ কাম, ঘাটে ঘাটে আৰু সুব্যৱস্থাপনাৰ কামএনে প্ৰতিটো প্ৰকল্প দ্রুতগতিত সম্পন্ন কৰাৰ দিশত লক্ষ্য কৰা হৈছে৷

বন্ধুসকল,

কাইলৈ আমি সকলোৱে কাশীক আত্মনির্ভৰ ভাৰত অভিযানৰ এক ডাঙৰ কেন্দ্ৰ হিচাপে চাব বিচাৰো৷ আৰু এইটো আমাৰ সকলোৰে দায়িত্ব। চৰকাৰৰ শেহতীয়া সিদ্ধান্তসমূহৰ পাছত ইয়াৰ শাৰী, ইয়াৰ অন্যান্য হস্তশিল্প, ইয়াৰ দুগ্ধপাম, মীনপালন, মৌ-পালন আৰু ব্যৱসায়ৰ বাবে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব৷ বিশ্বচ মমৰ যথেষ্ট চাহিদা আছে৷ আমি মমৰ চাহিদা পূৰণৰ চেষ্টা কৰিব পাৰো৷

মই কৃষকসকল, যুৱ বন্ধুসকলক অনুৰোধ জনাইছো যে এই ধৰণৰ ব্যৱসায়ত যিমান পাৰি অংশীদাৰিত্ব সুনিশ্চিত কৰক৷ আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ কাশী ভাৰতৰ এক ডাঙৰ ৰপ্তানি হাব হিচাপে বিকশিত হ’ব পাৰে আৰু আমি এইটো কৰা উচি৷ কাশীক আমি আত্মনির্ভৰ ভাৰত অভিযানৰ এক প্রেৰণাস্থলী ৰূপে বিকশিত কৰাৰ লগতে প্ৰতিষ্ঠিত কৰিম৷

বন্ধুসকল,
মোৰ যথেষ্ট ভাল লাগিছে যে আপোনালোক সকলোৰে সৈতে দেখা হ’ল আৰ শাওন মাহত কাশীবাসীৰ সৈতে দেখা হোৱাটো সৌভাগ্যৰ কথা। আপোনালোকে যি ধৰণৰ সেৱাভাৱ লৈ কাম কৰিছে, ইয়াতো যি ঐকান্তিকতাৰে কাম কৰি গৈছে, মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত কৃতজ্ঞতা জনাইছো৷

পৰোপকাৰ আৰু সেৱাভাৱ লৈ কাম কৰি আপোনালোকে সকলোকে প্রেৰণা যোগাইছে৷ ভৱিষ্যতেও প্রেৰণা যোগাব৷ কিন্তু হয়, এটা কথা মই বাৰে বাৰে কও যে যিটো প্ৰত্যেকেই কৰিব লাগিব, নিজে কৰি দেখাব লাগিব৷ আমি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা মুক্তি বিচাৰো৷ এই অভিযান আমি পাহৰিলে নহ’ব৷ আমি যিসকলে বাৰাণসীৰ পান খাও, তেওঁলোকে পথত থু পোলোৱাৰ অভ্যাস এৰিব লাগিব৷ দুই গজ দূৰত্ব, গামোছা বা ফেছ মাস্ক তথা বাৰে বাৰে হাত ধোঁৱাৰ অভ্যাস এৰিলে নহ’ব, আনেও যাতে এই অভ্যাস এৰি নিদিয়ে, সেয়া সুনিশ্চিত কৰিব লাগিব৷ এই অভ্যাস এতিয়া আমি শিষ্টাচাৰত পৰিণত কৰিব লাগিব, স্বভাৱত পৰিণত কৰিব লাগিব৷

বাবা বিশ্বনাথ আৰু মা গংগাৰ আশীর্বাদ আপোনালোক সকলোৰে ওপৰত বর্ষণ হৈ থাকক, এই কামনাৰে মোৰ বক্তব্য সামৰণী মাৰিলো৷ পুনৰবাৰ আপোনালোকৰ এই মহান সেৱা কার্যক প্ৰণাম জনাইছো৷

বহুত বহুত ধন্যবাদ!

হৰ হৰ মহাদেৱ!!!

***

वी.आर.आर.के./के.पी./एन.एस./DB



(Release ID: 1638007) Visitor Counter : 152