PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 JUL 2020 6:49PM by PIB Guwahati

((বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ ৬২.৪২%লৈ বৃদ্ধি হৈছে; ১৮খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৰাষ্ট্ৰীয় গড়তকৈ আৰোগ্যৰ হাৰ অধিক; মৃত্যুৰ হাৰ ২.৭২%লৈ নিম্ন হৈছে

বিগত ২৪ ঘণ্টাত ১৯,১৩৮ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ৪,৯৫,৫১৫ জন৷  আজি পৰ্যন্ত সমগ্ৰ দেশত আৰোগ্যৰ হাৰ হ’ল ৬২.৪২%৷ এই পৰ্যন্ত ২,৭৬,৮৮২ জন ৰোগীয়ে চিকিৎসকৰ নিৰীক্ষণত আছে৷

অধিক বিৱৰণৰ বাবে

৪১ হাজাৰতকৈও অধিক আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই (এবি-এইচডব্লিউচি)য়ে বিশেষকৈ ক’ভিড-১৯ৰ সময়ছোৱাত বিশ্বজনীন আৰু ব্যাপক প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰিছে

২০২২ চনৰ ভিতৰত ১,৫০,০০০ উপ স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক এইচডব্লিউচিলৈ ৰূপান্তৰিত কৰা হ’ব৷ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাৰে পৰা এইচডব্লিচিসমূহত ৬.৫৩ লাখ যোগ আৰু কল্যাণ কেন্দ্ৰৰ আয়োজন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰলৈ বুলি উচৰ্গা কৰিলে ৰেৱা আলট্ৰা মেগা সৌৰ শক্তি প্ৰকল্প

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰলৈ বুলি ৰেৱা আলট্ৰা মেগা সৌৰ শক্তি প্ৰকল্প উচৰ্গা কৰে৷ ই এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ শক্তি প্ৰকল্প হিচাপে বিবেচিত হৈছে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰবাসীক উৎসৰ্গা কৰি ৭৫০ মেগাৱাটৰ ৰেৱা সৌৰ প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে মুকলি কৰিলে এআই-ভিত্তিক ASEEM ডিজিটেল প্লেটফ’ৰ্ম

দক্ষ কৰ্মশক্তিৰ বজাৰখনত যোগান ব্যৱধান হ্ৰাস আৰু তথ্য প্ৰৱহন নিৰন্তৰ কৰাৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে আজি ‘আত্মনিৰ্ভৰ দক্ষ নিয়োজক কৰ্মচাৰী মেপিং (ASEEM)’ শীৰ্ষক এক প’ৰ্টেল মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কোৰিয়া গণৰাজ্যৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি কোৰিয়া গণৰাজ্যৰ প্ৰতিৰক্ষা মন্ত্ৰী জিঅং কিয়ং-ডুৰ সৈতে টেলিফোনত ক’ভিড-১৯ সন্দৰ্ভত বাৰ্তালাপ কৰে৷

অধিক বিৱৰণৰ বাবে

মে’ ২০২০ৰ ঔদ্যোগিক উৎপাদন আৰু ব্যৱহাৰভিত্তিক সূচাংকৰ তৎকালীন হিচাপ 

অধিক বিৱৰণৰ বাবে

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ অধীনত আৱণ্টিত বিনামূলীয়া খাদ্য শস্য আৰু গোটা চানাসমূহৰ বিতৰণ ৩১ আগষ্ট ২০২০ৰ ভিতৰত সম্পন্ন কৰিব পাৰে

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএমজিকেএৱাই আৰু এএনবিএ শীৰ্ষক দুটা খাদ্য শস্য বিতৰণৰ বৃহৎ আঁচনি প্ৰৱৰ্তন কৰিছে যাতে ক’ভিড-১৯ৰ সময়ছোৱাত কোনো এজন লোকে ভোকত থাকিবলগীয়া নহয়৷

অধিক বিৱৰণৰ বাবে

ইভি চাৰ্জিং ইউনিট আৰু সম্পৰ্কীয় আন্তঃগাঁথনি স্থাপনৰ বাবে NOIDA প্ৰাধিকৰণৰ সৈতে ইইএছএলে চুক্তি স্বাক্ষৰিত কৰিছে

শক্তি মন্ত্ৰালয়ৰ অধীনত এক ৰাজহুৱা সংস্থা এনাৰ্জী এফিচিয়েন্সী ছাৰ্ভিচেছ লিমিটেডে (ইইএছএল)

নিউ অখলা ইণ্ডাষ্ট্ৰীয়েল ডেভেলপমেণ্ট অথ’ৰিটী (নইডা)ৰ সৈতে বৈদ্যুতিক বাহন আৰু ৰাজহুৱা ইভি চাৰ্জিং ষ্টেচন তথা সম্পৰ্কীয় আন্তঃগাঁথনিসমূহ স্থাপন কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পিছত ভাৰতৰ অৰ্থনীতিত বাঁহ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হ’বঃ ডঃ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি কয় যে ক’ভিড-১৯ৰ পিছত ভাৰতৰ অৰ্থনীতি বাঁহ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে  বিবেচিত হোৱাৰ থল আছে৷  তেওঁ কয় যে বাঁহে কেৱল উত্তৰ পূৰ্বাঞ্চলৰ ক’ভিড-১৯ৰ পিছৰ অৰ্থনীতিক উজ্জীৱিত কৰাই নহয়, বৰঞ্চ প্ৰধানমন্ত্ৰীৰ ‘ভ’কেল ফ’ৰ ল’কেল’ বীক্ষণকো বাস্তৱায়িত কৰিব৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সময়ৰ ভিতৰতে ১৫ জুলাই ২০২০ তাৰিখে চণ্ডীগড়ত বিশ্ব যুৱ দক্ষতা দিৱস পালন কৰা হ’ব৷
  • পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ক’ভিড প্লাজমা চিকিৎসাৰ বাবে প্লাজমা বেংক স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷
  • হাৰিয়ানাঃ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰিবলৈ হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগৰ দ্বাৰা এক অভিযানৰ সূচনা কৰা হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যাই ২.৩০ লাখৰ সীমা অতিক্ৰম কৰিছে৷ আৰোদ্য হৈছে ১.২৭ লাখ৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৩,৬৫২ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৯,২৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৫২৮ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২,৬৭৮ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬৩৪১ জন৷ সক্ৰিয় ৰোগী ৩৪৭৫ জন৷ আৰোগ্য লাভ কৰিছে ১২,২৩২ জনে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৬৬৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪৮ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২১৫১ জন৷ ইয়াৰে ৮৬৯ জন হ’ল সক্ৰিয় ৰোগী৷
  • অসমঃ জিএমচিএইচৰ আইচিঅইউত ভৰ্তি হোৱা ৪ জন ক’ভিড-১৯ ৰোগীৰ আজি মৃত্যু হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে আজি টুইট কৰে৷
  • মণিপুৰঃ জেএনআইএমএছৰ আজি এগৰাকী মহিলা চিকিৎসক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • মেঘালয়ঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২১ জন৷ ৪৫ জনে আৰোগ্য লাভ কৰিছে৷
  • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩ জন৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৩২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪২৮ জন৷
  • কেৰালাঃ মুঠ ২৭৯৫ জন ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে আৰু বিভিন্ন জিলাত ১,৮৫,৯৬০ জন লোক কোৱাৰেণ্টিন হৈ আছে৷
  • তামিলনাডুঃ কালিলৈকে মুঠ লোকৰ সংখ্যা ১,২৬,৫৮১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,৬৫২ জন৷ ১৭৬৫ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩১,১০৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭,৭৮২ জন৷ ৪৮৬ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৪২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৯৩৬ জন৷ মৃত্যু হৈছে ২৯২ জনৰ৷ আৰোগ্য লাভ কৰিছে ১৩,১৯৪ জনে৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০,৯৪৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৪২৩ জন৷ মৃত্যু হৈছে ৩৩১ জনৰ৷ ১৮,১৯২ জনে আৰোগ্য লাভ কৰিছে৷

 

ফেক্ট চেক



(Release ID: 1637886) Visitor Counter : 214