প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডিয়ান গ্ল'বেল উইক অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাষণ

বৈশ্বিক পুনৰুজ্জীৱনত ভাৰতে এক নেতৃত্ব বহনকাৰী ভূমিকা পালন কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 09 JUL 2020 3:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ইণ্ডিয়ান গ্ল'বেল উইক অধিৱেশনৰ আৰম্ভণিত উদ্বোধনী ভাষণ দিয়ে। সংকটৰ বৰ্তমান সময়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, 'বিশ্বৰ পুনৰুজ্জীৱনত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰিব।' তেওঁ কয় যে এই দুটা কাৰকৰ সৈতে বিশ্ব ঘনিষ্ঠভাৱে সম্পৰ্কযুক্ত। প্ৰথমটো হ'ল, ভাৰতীয় প্ৰতিভা আৰু দ্বিতীয়টো হ'ল, সংস্কাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ক্ষমতা। তেওঁ ব্যাখ্যা কৰি কয় যে সমগ্ৰ বিশ্বত ভাৰতৰ মেধা-শক্তি, বিশেষকৈ ভাৰতীয় প্ৰযুক্তি, শিল্প আৰু প্ৰযুক্তিৰ বৃত্তিধাৰীসকলৰ অবদানক স্বীকৃতি দিয়া হৈছে।

 

তেওঁ ভাৰতক এনে এখন প্ৰতিভাশালী শক্তিধৰ দেশ হিচাপে বৰ্ণনা কৰে যি সকলো সময়তে বিশেষ ভূমিকা পালন কৰিবলৈ আগ্ৰহী। তেওঁ লগতে কয় যে ভাৰতীয়সকল সহজাত সংস্কাৰক আৰু ইতিহাসেই সেই কথা প্ৰমাণ কৰিছে। ভাৰতলৈ সামাজিক বা অৰ্থনৈতিক যি সমস্যাই নাহক কিয়, প্ৰতিটো সমস্যাকে সমাধান কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে যি পুনৰুজ্জীৱনৰ কথা কৈছে সেয়া হ'ল- যত্নসহকাৰে পুনৰুজ্জীৱন, সহানুভূতিৰে পুনৰুজ্জীৱন আৰু পৰিৱেশ আৰু অৰ্থনীতি উভয় ক্ষেত্ৰতে পুনৰুজ্জীৱন।

 

প্ৰধানমন্ত্ৰীয়ে বিগত ছবছৰত লাভ কৰা সাফল্যৰ কথা উল্লেখ কৰে। যেনে- সাৰ্বিক আৰ্থিক অন্তৰ্ভুক্তি, বহুসংখ্যক আৱাসন আৰু পৰিকাথামো নিৰ্মাণ, সহজে ব্যৱসায় আৰু পণ্য পৰিসেৱা কৰসহ কৰৰ ক্ষেত্ৰত সংস্কাৰ ইত্যাদি।

 

শ্ৰী মোদীয়ে কয় যে ভাৰতীয়সকলৰ অদম্য ইচ্ছা শক্তিৰ বাবেই ইতিমধ্যে অৰ্থনৈতিক পুনৰুজ্জীৱনৰ সবুজ ৰেখাই দেখা দিবলৈ আৰম্ভ কৰিছে।

 

তেওঁ কয় যে প্ৰযুক্তিৰ সহায়ত প্ৰতিজন উপভোক্তাৰ ওচৰলৈ চৰকাৰৰ সহায় পোনপটীয়াকৈ লৈ যোৱা হৈছে। ইয়াৰ মাজত আছে বিনামূলীয়া ৰন্ধন গেছ, বেংক একাউণ্টত নগদ অৰ্থ প্ৰদান, লাখ লাখ মানুহক বিনামূলীয়া খাদ্য শস্য সৰবৰাহ আৰু বহুতো দিয়া হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিশ্বৰ অন্যতম উন্মোক্ত অৰ্থনীতিৰ দেশ আৰু সকলো বহুজাতিক সংস্থাক ভাৰতত তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতক বহু সম্ভাৱনাময় আৰু সুবিধা থকা দেশ হিচাপে বৰ্ণনা কৰে।

 

তেওঁ কৃষি ক্ষেত্ৰত আৰম্ভ হোৱা বিভিন্ন সংস্কাৰৰ বৰ্ণনা দিয়ে আৰু কয় যে ই বিশ্বব্যাপি শিল্প সংস্থাৰ বাবে এটি আকৰ্ষণীয় বিনিয়োগৰ সুযোগ আনি দিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সৰ্বশেষ সংস্কাৰবিলাকে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া শিল্প ক্ষেত্ৰত উৎসাহ প্ৰদান কৰিব আৰু বৃহৎ শিল্পৰ ক্ষেত্ৰত পৰিপূৰক হৈ উঠিব।

 

তেওঁ কয় যে প্ৰতিৰক্ষা আৰু মহাকাশ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ আছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই মহামাৰীয়ে পুনৰ দেখুৱাই দিছে যে ভাৰতৰ ঔষধ শিল্প কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এটা সম্পদ। বিশেষকৈ উন্নয়নশীল দেশসমূহৰ ঔষধৰ ক্ষেত্ৰত ব্যয় হ্ৰাসত ই অগ্ৰণী ভূমিকা পালন কৰিছে।

 

তেওঁ কয়, 'আত্মনিৰ্ভৰ ভাৰত' মানে কেৱল স্বয়ং সম্পূৰ্ণ অথবা বিশ্বৰ ওচৰাওচৰি হোৱা নুবুজায়, বৰং স্ব-নিৰ্ভৰশীল আৰু স্ব-উৎপাদনকাৰী দেশ হিচাপে গঢ়ি উঠা।

 

এয়া এনে এখন ভাৰত য'লৈ সংস্কাৰ, অংশগ্ৰহণ আৰু ৰূপান্তৰ আহিছে। এয়া এনে এখন ভাৰত যি নতুন অৰ্থনীতিৰ সুযোগ আনি দিছে। এয়া এনে এখন ভাৰত যি উন্নয়নৰ ক্ষেত্ৰত মানৱ কেন্দ্ৰিক আৰু অন্তৰ্ভুক্তিমূলক পদ্ধতি অবলম্বন কৰিছে। তেওঁ কয় যে ভাৰতে আপোনালোকৰ সকলোৰে বাবে অপেক্ষা কৰিছে।

 

তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সৌন্দৰ্যক বিশ্বৰ ওচৰত যি উপস্থাপন কৰিছিল সেই পণ্ডিত ৰবি শংকৰৰ ১০০তম জন্ম বাৰ্ষিকীও পালন কৰিছে এই সংস্থাই। 'নমস্তে' শুভেচ্ছাৰ এটা ৰূপ হিচাপে বিশ্বব্যাপি কেনেদৰে চলিছে, সেই কথাও তেওঁ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বব্যাপি মংগল আৰু সমৃদ্ধিৰ বাবে ভাৰতে যি কৰিব পাৰে, সেয়া কৰিবলৈ সাজু হৈ আছে।

 

******

 

VRRK/AK



(Release ID: 1637613) Visitor Counter : 220