প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ বাৰাণসীৰ এনজিঅ’ৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

লকডাউনৰ সময়ছোৱাত এনজিঅ’সমূহৰ খাদ্য বিতৰণ আৰু অন্যান্য সাহায্যমূলক কৰ্মৰ প্ৰয়াসক আলোকপাত কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 08 JUL 2020 2:17PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ছোৱাত বাৰাণসীবাসী আৰু সামাজিক সংস্থাৰ সদস্যসকলে তেওঁলোকৰ নিজা প্ৰয়াসৰ দ্বাৰা, লগতে জিলা প্ৰশাসনৰ সহযোগত সকলোৱে যাতে প্ৰয়োজনীয় খাদ্য লাভ কৰিব পাৰিছে তাৰ নিশ্চিতি প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ’ কনফাৰেন্সিং যোগে সেই সামাজিক সংস্থাসমূহৰ অভিজ্ঞতাৰ বিষয়ে সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিব৷

লকডাউনৰ সময়ছোৱাত বাৰাণসীৰ শতাধিক সংস্থাই প্ৰায় ২০ লাখ খাদ্যৰ পেকেট আৰু ২ লাখ শুকান খাদ্যৰ পেকেট জিলা প্ৰশাসনৰ খাদ্য গোটৰ দ্বাৰা তথা ব্যক্তিগত পৃষ্ঠপোষকতাত বিতৰণ কৰা হৈছে৷ 

খাদ্য বিতৰণৰ উপৰিও এই সংস্থাসমূহে মাস্ক, ছেনিটাইজাৰ ইত্যাদিও বিতৰণ কৰিছে৷ তেওঁলোকক জিলা প্ৰশাসনে ‘ক’ৰোনা যোদ্ধা’ হিচাপে অভিহিত কৰিছে৷

উল্লেখ্য, উক্ত সংস্থাসমূহে শৈক্ষিক, ধৰ্মীয়, স্বাস্থ্য, হোটেল/ছ’চিয়েল ক্লাব আৰু অন্যান্য ক্ষেত্ৰসমূহৰ সৈতে জড়িত হৈ আছে৷


 

 

*******

VRRK/SH/MANN



(Release ID: 1637489) Visitor Counter : 163