প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় সেনা বাহিনীৰ সৈতে মত-বিনিময়ৰ বাবে লাডাখৰ নিমুত উপস্থিত প্ৰধানমন্ত্ৰী

ভাৰতৰ শত্ৰুৱে আমাৰ সেনা বাহিনীৰ সাহসৰ পৰিচয় পাইছে। - প্ৰধানমন্ত্ৰী

শেহতীয়াকৈ কেইটামান সপ্তাহত দেশৰ সশস্ত্ৰ সেনা বাহিনীৰ অদম্য সাহসৰ বাবেই সমগ্ৰ বিশ্বই ভাৰতৰ শক্তিৰ উমান পাইছে। - প্ৰধানমন্ত্ৰী

শান্তিৰ প্ৰতি থকা ভাৰতৰ প্ৰতিজ্ঞাবদ্ধতাক ভাৰতৰ দুৰ্বলতা বুলি ভাবিব নালাগে। - প্ৰধানমন্ত্ৰী

সম্প্ৰসাৰণবাদৰ সময় এতিয়া উকলি গৈছে। এয়া হৈছে উন্নয়নৰ শতিকা, উন্নয়নৰ অধ্যায় এয়া। - প্ৰধানমন্ত্ৰী

সীমান্ত আন্তঃগাঁথনিৰ উত্তৰণৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ পৰিমাণ পূৰ্বতকৈ তিনিগুণ বৃদ্ধি কৰা হৈছে। - প্ৰধানমন্ত্ৰী

Posted On: 03 JUL 2020 2:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাতেই লাডাখৰ নিমু ভ্ৰমণ কৰে। বিশেষকৈ উক্ত স্থানত থকা ভাৰতীয় সেনা বাহিনীৰ সৈতে মত-বিনিময় কৰিবৰ বাবেই প্ৰধানমন্ত্ৰীয়ে লাডাখৰ নিমু ভ্ৰমণ কৰে। উল্লেখ্য যে ইণ্ডাছ নৈৰ পাৰত থকা নিমুক আৱৰি ৰাখিছে জংস্কাৰ পৰ্বতমালাই। ইয়াতেই আজি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়ববীয়া সকলক সাক্ষাৎ কৰে আৰু ইয়াৰ পিছতেই সেনা, বায়ু সেনা আৰু ইণ্ডো তিব্বতীয়ান সীমান্ত আৰক্ষীৰ সৈতেও মত বিনিময় কৰে।

সেনা জোৱানৰ ত্যাগক স্মৰণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্ৰধানমন্ত্ৰী মোদীয়ে আজি আমাৰ দেশৰ সেনাবাহিনীলৈ তেওঁলোকৰ ত্যাগৰ কথা সুঁৱৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে আৰু কয় যে ভাৰত মাতালৈ তেওঁলোকৰ শ্ৰদ্ধা আৰু অৱদান অতুলনীয়। তেওঁ উল্লেখ কৰে যে আজি দেশবাসীয়ে এক শান্তিময় জীৱন যাপন কৰিব পাৰিছে বা শান্তিৰে দিন অতিবাহিত কৰিব পাৰিছে, কিয়নো তেওঁলোকে জানে যে আমাৰ দেশৰ সশস্ত্ৰ বাহিনীসমূহে তেওঁলোকৰ সুৰক্ষাৰ বাবে, দেশৰ সুৰক্ষাৰ বাবে অতন্দ্ৰ প্ৰহৰী হৈ থিয় হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ কেইটামান সপ্তাহত দেশৰ সশস্ত্ৰ সেনা বাহিনীৰ অদম্য সাহসৰ বাবেই সমগ্ৰ বিশ্বই ভাৰতৰ শক্তিৰ উমান পাইছে।

গালৱান উপত্যাকাত ত্যাগৰ স্মৰণ

গালৱান উপত্যাকাত দেশৰ বাবে প্ৰাণাহুতি দিয়া দেশৰ গৰ্বিত সৈনিকসকলৰ কথা প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয় যে যিসকল লোক শ্বহীদ হল তেওঁলোক আছিল দেশৰ বিভিন্ন প্ৰান্তৰ, আৰু ইয়েই আমাৰ দেশৰ সাহসিকতাক প্ৰতীয়মান কৰে।

তেওঁ পুনৰ নিশ্চয়তা দি কয় যে লেহ-লাডাখেই হওঁক, কাৰ্গিলেই হওঁক অথবা ছিয়াছেন গ্লেছিয়াৰেই হওঁক, সেয়া সুউচ্চ পৰ্বতেই হওঁক অথবা বৰফাবৃত নৈয়েই হওঁক, সকলো স্থানতেই অদম্য সাহসিকতাৰে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে দেখুৱাই গৈছে কৰ্মপৰায়ণতাৰ পৰিচয়। ইতিমধ্যেই ভাৰতৰ শত্ৰুৱে আমাৰ সেনা বাহিনীৰ সাহসৰ পৰিচয় পাইছে বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে দুগৰাকী মাতৃলৈ শ্ৰদ্ধা নিবেদন কৰে, এগৰাকী হৈছে ভাৰত মাতা আৰু আনগৰাকী হৈছে দেশক একান্ত শ্ৰদ্ধাৰে অতুলনীয়ভাৱে সেৱা আগবঢ়াই যোৱা সাহসী বীৰ সৈনিকসকলৰ মাতৃ।

শান্তিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আমাৰ দুৰ্বলতা নহয়

প্ৰধানমন্ত্ৰীয়ে কয় যে অনাদি কালৰে পৰা শান্তি, বন্ধুত্ব আৰু সাহস সদায়েই ভাৰতৰ সংস্কৃতিৰ অংশ হৈ আহিছে। তেওঁ পুনৰ স্মৰণ কৰি কয় যে ভাৰতৰ শান্তি আৰু প্ৰগতিৰ অনবদ্য পৰিৱেশক বাধা প্ৰদান কৰিবলৈ বিচৰাসকলক ভাৰতে সদায়েই যোগ্য প্ৰত্যুত্তৰ দি আহিছে।

তেওঁ নিশ্চয়তা প্ৰদান কৰি কয় যে ভাৰত সদায়েই বন্ধুত্ব আৰু শান্তিৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ, কিন্তু শান্তিৰ প্ৰতি এই প্ৰতিজ্ঞাবদ্ধতাক ভাৰতৰ দুৰ্বলতা বুলি ভাবিব নালাগে। সম্প্ৰতি ভাৰত যথেষ্ট শক্তিশালী হৈ উঠিছে, সেয়া লাগিলে নৌ বাহিনীৰ দিশেৰেই হওঁক, মহাকাশ বা বায়ু সেনাৰ দিশেৰেই হওঁক বা আমাৰ স্থল সেনাবাহিনীৰ দিশেৰেই হওঁক। মাৰণাস্ত্ৰসমূহৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নীতকৰণে আমাৰ প্ৰতিৰক্ষাৰ সামৰ্থ্যক বহুমুখী ৰূপ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে স্মৰণ কৰে যে বিশ্বৰ সেনা শক্তিৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ সাহসিকতা আৰু শৌৰ্যৰ এক সুদীৰ্ঘ ইতিহাস আছে, সেয়া ইতিমধ্যেই দুখনকৈ বিশ্বযুদ্ধত ভাৰতীয় সৈন্যই দেখুৱাই থৈছে।

উন্নয়নৰ এক অধ্যায়

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সম্প্ৰসাৰণবাদৰ সময় এতিয়া উকলি গৈছে। এয়া হৈছে উন্নয়নৰ শতিকা, উন্নয়নৰ অধ্যায় এয়া। তেওঁ স্মৰণ কৰি কয় যে দেশত এই সম্প্ৰসাৰনবাদৰ মনোভাৱে ই্তিমধ্যেই যথেষ্ট ক্ষতি কৰি গৈছে।

তেওঁ লগতে কয় যে বিগত কেইটামান বৰ্ষত দেশৰ সুৰক্ষা বাহিনীসমূহৰ কল্যাণাৰ্থে আৰু দেশৰ সুৰক্ষা-নিৰাপত্তাৰ দিশটো টনকিয়াল কৰিবৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত সন্নিৱিষ্ট আছে অত্যাধুনিক মাৰণাস্ত্ৰৰ উপলব্ধতা, সীমান্তত আন্তঃগাঁথনিৰ সুবিধাৰ উত্তৰণ, সীমান্ত এলেকাবোৰৰ উন্নয়ন আৰু পথ নেটৱৰ্ক ব্যৱস্থা বৃদ্ধি ইত্যাদি। তেওঁ লগতে কয় যে সীমান্ত আন্তঃগাঁথনিৰ উত্তৰণৰ ক্ষেত্ৰত হোৱা ব্যয়ৰ পৰিমাণ পূৰ্বতকৈ তিনিগুণ বৃদ্ধি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে ৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালীকৰণৰ কথা আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ কল্যাণকামী দিশবোৰ নিশ্চিত কৰাৰ কথা প্ৰসংশাৰে উল্লেখ কৰে। তেওঁ চৰকাৰৰ শেহতীয়া কাৰ্যাৱলী যেনে চিডিএছ সৃষ্টি, বৃহৎ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণ, কেবা দশকৰ পিছত OROP কাৰ্যকৰীকৰণ আৰু সশস্ত্ৰ সেনানীৰ পৰিয়ালসমূহৰ কল্যাণ নিশ্চিতকৰণৰ বাবে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে।

লাডাখৰ সংস্কৃতিলৈ শ্ৰদ্ধাঞ্জলি

এই বাৰ্তালাপৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে লাডাখৰ শিল্প সংস্কৃতিৰ মহান ঐতিহ্যৰ স্মৰণ কৰে আৰু তাৰ লগতে কুশক বকুলা ৰিম্পচেৰ মহান শিক্ষাৰ কথাও স্মৰণ কৰে। তেওঁ লাডাখৰ ত্যাগৰ ভূমি হিচাপে উল্লেখ কৰে আৰু কয় যে এই লাডাখে বহু দেশপ্ৰেমীৰ জন্ম দিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে লকতে নিশ্চিতি দি কয় যে ভাৰতৰ জনসাধাৰণ গৌতম বুদ্ধৰ শিক্ষাৰে বিঢৌত হৈ আছে, যাৰ বাবে সাহস মানেই ত্যাগ আৰু আত্মবলিদান আছিল।

*****

VRRK/SH/RD



(Release ID: 1636199) Visitor Counter : 437